মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / হৃদৰোগৰ কাৰণ আৰু ইয়াৰ প্ৰতিৰোধৰ ব্যৱহাৰিক আঁচনি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হৃদৰোগৰ কাৰণ আৰু ইয়াৰ প্ৰতিৰোধৰ ব্যৱহাৰিক আঁচনি :

হৃদৰোগৰ কাৰণ আৰু ইয়াৰ প্ৰতিৰোধৰ ব্যৱহাৰিক আঁচনিৰ বিষয়ে লিখা হৈছে ।

 

হৃদৰোগৰ প্ৰতিৰোধ সম্বন্ধীয় সচেতনতাৰ সূত্ৰপাত হোৱা আজি প্ৰায় কেইদশকমানহে হৈছে। এইক্ষেত্ৰত আমি প’ল দাদলি হোৱাইটৰ নামেই প্ৰথমতে ল’ব লাগিব। আধুনিক হৃদৰোগ বিজ্ঞানৰ পিতৃতুল্য এইজনা চিকিৎসকৰ এষাৰ উক্তি এইক্ষেত্ৰত প্ৰণিধানযোগ্য।

তেখেতে কৈছিল, “আশীবছৰৰ আগতে হৃদৰোগ হোৱাটো প্ৰকৃততে আমাৰ ভুলৰহে পৰিণতি, ইশ্বৰ বা প্ৰকৃতিৰ ইচ্ছা নহয়”।

হোৱাইটৰ এই সচেতনতাক স্বীকৃতি দি NHLBI অৰ্থাৎ National Heart, Lungs and Blood Institute-ৰ সৌজন্যত ১৯৪৮ চনত প্ৰখ্যাত ‘ফ্ৰেমিংহাম হাৰ্ট ষ্টাডী’ নামৰ হৃদৰোগৰ প্ৰতিকাৰ সম্বন্ধীয় দীঘলীয়া গৱেষণা প্ৰকল্পটো আমাৰিকাৰ মাচাচুছেট্‌ছৰ ফ্ৰেমিংহাম নামৰ অঞ্চলত আৰম্ভ কৰা হৈছিল। এই গৱেষণাৰ ফলাফলবোৰেই বৰ্তমানৰ ‘প্ৰতিৰোধক হৃদবিজ্ঞান’ বা Preventive cardiology-ৰ প্ৰধান সমল ।

হৃদৰোগ আৰু ধমনীগত ৰোগ (Cardiovascular disease)-ৰ বিশ্বজনীন বিতৰণ -

উন্নত, উন্নয়নশীল আৰু অনুন্নত সকলো ৰাষ্ট্ৰতে হৃদ আৰু ধমনীগত ৰোগৰ ব্যাপক প্ৰসাৰ পৰিলক্ষিত হৈছে। ২০০১ চনত প্ৰায় ১৭ নিযুত লোক Cardiovascular disease-ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। তাৰে ৭ নিযুত লোকৰ হৃদপিণ্ডৰ ধমনীগত ৰোগ (Coronary artery disease)-ত মৃত্যু হয়।

এই ৭ নিযুত লোকৰ আকৌ শতকৰা ৭৫ ভাগেই নিম্ন আৰু মধ্যমীয়া উপাৰ্জন কৰা শাৰীৰ লোক। ইফালে দক্ষিণ এছীয় লোকসকলৰ মাজত হৃদৰোগৰ সম্ভাৱনা আৰু প্ৰসাৰ অতি ব্যাপক হোৱা দেখা গৈছে।

ছিংগাপুৰ, উগাণ্ডা, দক্ষিণ আফ্ৰিকা আৰু ফিজিত বেলেগে বেলেগে হোৱা কেইটামান অধ্যয়নত দেখা গৈছে যে সৈবোৰ ঠাইত থকা ভাৰতীয়সকলৰ হৃদৰোগৰ প্ৰৱণতা স্থানীয় লোকসকলতকৈ প্ৰায় ৩ গুণ বেছি। অকল প্ৰৱণতাই নহয়, দক্ষিণ এছীয়সকলৰ হৃদৰোগৰ আকাৰ আৰু প্ৰকাৰো বেছি ভয়াবহ।

ভাৰতৰ নগৰ অঞ্চলত ১৯৭০ চনত প্ৰায় ৪ নিযুত হৃদৰোগী থকাৰ বিপৰীতে ২০০০ চনত প্ৰায় ১৪ নিযুত হৃদৰোগী থকাৰ পৰিসংখ্যা পোৱা গৈছে।

ইফালে ভাৰতৰ গাঁও অঞ্চলত ১৯৭০ চনত ৪ নিযুত হৃদৰোগী থকাৰ বিপৰীতে ২০০০ চনত ই বৰ্দ্ধিত হৈ ৬.৫ নিযুত হৈছেহি।

হৃদৰোগৰ কাৰক বা বিপদসূচকসমূহ -

আমি আগতে উল্লেখ কৰি অহা ফ্ৰেমিংহাম হাৰ্ট ষ্টাডীকে প্ৰমুখ্য কৰি বিভিন্ন সময়ত হোৱা বিভিন্ন অধ্যয়নৰ ফলশ্ৰুতিত কিছুমান হৃদৰোগৰ কাৰক বা বিপদসূচক উপাদান (Risk factor)-ৰ বিষয়ে জানিব পৰা হৈছে।

হৃদৰোগৰ প্ৰধান কাৰক বা বিপদসূচকসমূহৰ বিষয়ে থুলমুলকৈ নজনাকৈ হৃদৰোগৰ প্ৰতিৰোধৰ বিষয়ে চিন্তা কৰাটো দুৰুহ। এই প্ৰধান বিপদসূচক উপাদানসমূহ হ’ল-

*বয়স,

*লিংগ,

*বংশানুক্ৰমিকতা,

*মুঠ কলেষ্টেৰল বা বৰ্দ্ধিত LDL (Low density lipoprotein) কলেষ্টেৰল,

*অৱদমিত HDL (High density lipoprotein) কলেষ্টেৰল,

*ধপাত সেৱন,

*উচ্চ ৰক্তচাপ,

*মধুমেহ ৰোগ,

*মেদবহুলতা আৰু

*অলস জীৱন-যাপন।

প্ৰতিৰোধী হৃদবিজ্ঞানৰ দৃষ্টিভংগীৰ পৰা পৰিৱৰ্তনীয় কাৰকসমূহহে গুৰুত্বপূৰ্ণ। ইয়াৰে কিছুমান কাৰক অপৰিৱৰ্তনীয় (Non-modifiable) আৰু কিছুমান পৰিৱৰ্তনীয় (Modifiable)।

অৰ্থাৎ যিবোৰ কাৰক আমি নোহোৱা কৰিব নোৱাৰিলেও নিয়ন্ত্ৰণ কৰিব পাৰোঁ (যেনে-ধূমপান, খাদ্যাভ্যাসৰ বিসংগতি, এলেহুৱা জীৱন নিৰ্বাহ, উচ্চ ৰক্তচাপ, তেজত কলেষ্টেৰলৰ মাত্ৰা ইত্যাদি) সেইবোৰকেই লক্ষ্য হিচাপে ল’ব লাগে।

(১) বয়স:

বয়স বাঢ়ি অহাৰ লগে লগে সচৰাচৰ হৃদৰোগ (কৰ’নেৰি আৰ্টেৰি ডিজিজ) হোৱাৰ সম্ভাৱনা বাঢ়ি আহে। ই অৱশ্যম্ভাৱী বা অপ্ৰতিৰোধ্য। কিন্তু সেইবুলি অন্যান্য বিপদসূচকসমূহ থকা-নথকাই নয়সত হৃদৰোগ হোৱা-নোহোৱাটো নিৰূপণ কৰিব। ৩০ৰ পৰা ৩৯ বছৰ বয়সীয়াসকলৰ ৯৮ শতাংশ লোকৰে পৰৱৰ্তী ১০ বছৰত হৃদৰোগ হোৱাৰ সম্ভাৱনা ১০ শতাংশতকৈ কম বুলি ধৰা হয়। কিন্তু ৭০ৰ পৰা ৭৯ বছৰীয়াসকলৰ ৫০ শতাংশৰে পৰৱৰ্তী ১০ বছৰত হৃদৰোগ হোৱাৰ সম্ভাৱনা ২০ শতাংশতকৈও বেছি থাকে। এয়া কেৱল বয়সৰ ভিত্তিত কোৱা কথা। ইয়াৰ লগত অন্যান্য বিপদসূচকসমূহ থাকিলে হৃদৰোগৰ সম্ভাৱনা আৰু বাঢ়ি যায়। বয়সকতো আমি বান্ধি ৰাখিব নোৱাৰোঁ। কিন্তু বয়স বাঢ়ি অহাৰ লগে লগে হৃদৰোগ প্ৰতিৰোধী ব্যৱস্থাসমূহৰ গুৰুত্ব বাঢ়ি আহে।

(২) লিংগ:

ঋতু বন্ধ হোৱাৰ আগৰ সময়ছোৱাত মহিলাৰ হৃদৰোগৰ সম্ভাৱনা সমবয়সীয়া পুৰুষতকৈ বহুত কম। কিন্তু ষষ্ঠ আৰু সপ্তম দশকত মহিলাৰ এই প্ৰতিৰোধ ক্ষমতাৰ চোক কমে। অৰ্থাৎ ৬০ বছৰীয়া এগৰাকী মহিলা আৰু ৬০ বছৰীয়া এজন পুৰুষৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা প্ৰায় একেই। তাতোকৈ বেয়া কথা হ’ল হাৰ্ট এটেক (হৃদৰোগৰ এক বিপদজনক পৰিণতি) হোৱাৰ পিছত মৃত্যুমুখত পৰাৰ সম্ভাৱনা ৬০ বছৰীয়া মহিলা এগৰাকীৰ সমবয়সীয়া পুৰুষৰ তুলনাত বেছি।

(৩) বংশানুক্ৰমিকতা:

যদিহে এজন ব্যক্তিৰ অতি ওচৰ সম্পৰ্কীয়ৰ (ভাই-ভনী বা পিতৃ-মাতৃ) হাৰ্ট এটেক হৈছিল তেন্তে তেওঁৰো হৃদৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। অৱশ্যে তেনে আত্মীয়ৰ অতি বেছি বয়সত হাৰ্ট এটেক হ’লে তাক বিপদসূচক বুলি ধৰা নহয়। মহিলা নিকটাত্মীয়ৰ (যেনে মাক) ৬৫ বছৰৰ আগতে হাৰ্ট এটেক হ’লে আৰু পুৰুষ নিকটাত্মীয়ৰ (যেনে দেউতাক, ককায়েক) ৫৫ বছৰৰ আগতে হাৰ্ট এটেক হ’লে হৃদৰোগ বঢ়াৰ সম্ভাৱনা বেছি বুলি গণ্য কৰা হয়।

(৪) বৰ্দ্ধিত মুঠ কলেষ্টেৰল বা বৰ্দ্ধিত LDL কলেষ্টেৰল:

আমাৰ তেজত মুঠ কলেষ্টেৰলৰ (Total cholesterol) আৰু এল ডি এল কলেষ্টেৰলৰ পৰিমাণ বাঢ়িলে হৃদৰোগৰ বিপদসূচক হিচাপে গণ্য কৰা হয়। এজন মানুহৰ তেজত মুঠ কলেষ্টেৰলৰ পৰিমাণ কিমান হোৱাটো বাঞ্চনীয়? সহজতে ক’বলৈ গ’লে এল ডি এল কলেষ্টেৰল ২০০ মি:গ্ৰা:/ডে:লি:তকৈ কম হোৱাটো বাঞ্চনীয়। অৱশ্যে এই ১০০ বা ২০০ বোৰ কোনো যাদুকৰী সংখ্যা নহয়। অন্যান্য বিপদসূচক উপাদানসমূহ থকা-নথকাৰ লগতো ইয়াৰ কথা আছে। উদাহৰণস্বৰূপে এজন উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগ থকা ৰোগীৰ বাবে এল ডি এল কলেষ্টেৰলৰ পৰিমাণ ১৩০ মি:গ্ৰা:/ডে:লি: হোৱা কথাটোৰ লগত এই দুবিধ ৰোগ নথকাজনৰ এল ডি এল কলেষ্টেৰল ১৩০ মি:গ্ৰা:/ডে:লি: হোৱা কথাটোৰ বহুত পাৰ্থক্য আছে।

আনহাতে এইচ্ছ ডি এল কলেষ্টেৰলৰ পৰিমাণ ৬০ মি:গ্ৰা:/ডে:লি:তকৈ বেছি হোৱাটোহে বাঞ্চনীয় কিয়নো এইবিধ কলেষ্টেৰলৰ বৃদ্ধিয়ে হৃদৰোগৰ প্ৰতিৰোধত সহায়হে কৰে।

(৫) ধপাত সেৱন:

পৰিৱৰ্তনীয় বিপদসূচকসমূহৰ ভিতৰত ধপাত সেৱন অন্যতম। ১ মিনিট ধূমপানে ১ মিনিট জীৱন চুটি কৰে। ৩০ বছৰ বয়সত ধূমপান বৰ্জন কৰিব পাৰিলে মানুহে আয়ুসৰ লগত তিনিৰ পৰা পাঁচ বছৰ যোগ দিব পাৰে। ধূমপান বৰ্জন কৰা ১ বছৰৰ পিছত হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা ৫০% কমি যায়। বৰ্জনৰ ৫ বছৰ পিছত হাৰ্ট এটেকৰ বিপজ্জনকতা অধূমপায়ীজনৰ সৈতে সমান হয়গৈ।

(৬) উচ্চ ৰক্তচাপ:

যিসকলৰ ৰক্তচাপ ১৪০/৯০ মি:মি: বা ততোধিক তেওঁলোকৰ হৃদৰোগৰ সম্ভাৱনা বাঢ়ি যায়। ৰক্তচাপৰ ওপৰৰ ঘৰৰ ৰাশিটোক (লৱৰ ঘৰৰ) আমি চিষ্টলিক (Systolic) আৰু তলৰ ঘৰৰ (হৰৰ ঘৰৰ) ৰাশিটোক ডাঅ’ষ্টলিক (Diastolic) বুলি কওঁ। ইয়াৰ ভিতৰত যিসকল হৃদৰোগী বৃক্কৰ বিকলতাত আক্ৰান্ত তেওঁলোকৰ ৰক্তচাপ ১৩০/৮০ মি:মি:ৰ তলত থকাটো বাঞ্চনীয়।

(৭) মধুমেহ ৰোগ (Diabetes Mellitus):

এজন মধুমেহ ৰোগীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সম্ভাৱনা তিনিৰ পৰা পাঁচ গুণ বেছি। বৰ্তমান মধুমেহ ৰোগ হোৱা মানেই হৃদৰোগ হোৱা বুলিয়েই ধৰা হয় আৰু সেইমতে দৰবো দিয়া হয়।

(৮) মেদবহুলতা:

হৃদৰোগৰ ই এটা প্ৰধান বিপদসূচক উপাদান। মেদবহুলতাক আকৌ তিনিটা সূচকেৰে চিহ্নিত কৰিব পাৰি:

(ক) বডি মাচ ইন্‌ডেক্স (Body Mass Index)-

ওজন (কেজি)/উচ্চতা (মিটাৰত লৈ তাৰ বৰ্গ)

অৰ্থাৎ এজন মানুহৰ ওজন যদি ৬০ কেজি আৰু তেওঁৰ উচ্চতা ১.৫ মিটাৰ, তেনেহ’লে তেওঁৰ বডি মাচ ইন্‌ডেক্স বা বি এম আই হ’ব- ৬০/১.৫ বা ৬০/২.২৫ বা ২৬.৬ । এজন ব্যক্তিৰ বি এম আই যদি ২৫ তকৈ বেছি হয় তেন্তে তেওঁক মেদবহুল বুলি ধৰা হয়।

(খ) কঁকালৰ পৰিধি-

এজন মতা মানুহৰ কঁকালৰ পৰিধি ৯০ ছে:মি:তকৈ বেছি হ’লে তেওঁক মেদবহুল বুলি গণ্য কৰিব পাৰি। নাৰীৰ ক্ষেত্ৰত ইয়াক ৮০ ছে:মি: বুলি ধৰা হয়।

(গ) কঁকাল আৰু তপিনাৰ অনুপাত (Waist-Hip ratio)-

পুৰুষৰ কঁকাল আৰু তপিনাৰ অনুপাত ০.৯৫তকৈ বেছি হ’লেও মেদবহুল বুলি ধৰা হয়।

(৯) অলস জীৱন যাপন:

অলস জীৱন যাপনকো হৃদৰোগৰ কাৰক বা বিপদসূচকৰূপে গণ্য কৰা হৈছে। অন্যহাতেদি পৰিশ্ৰমী জীৱনে আন সকলোবোৰ পৰিৱৰ্তনীয় বিপদসূচকৰ তীব্ৰতা হ্ৰাস কৰে। উদাহৰণস্বৰূপে পৰিশ্ৰমী জীৱনে শৰীৰৰ মেদবহুলতা কমায়, ৰক্তচাপ হ্ৰাস কৰে, তেজত চুগাৰ কমায়, তেজত কলেষ্টেৰলৰ পৰিমাণো হ্ৰাস কৰে।

হৃদৰোগৰ প্ৰতিৰোধৰ ক্ষেত্ৰত আমি ইতিমধ্যে কাৰকসমূহ আৰু লগতে খাদ্যাভ্যাস তথা জীৱন-নিৰ্বাহ প্ৰণালীৰ বিষয়ে আলোচনা কৰিলোঁ। কিন্তু বাস্তৱিকতে এজন ব্যক্তিয়ে কেনেকৈ হৃদৰোগ প্ৰতিৰোধ কৰিব পাৰে সেই কথা জনাটো গুৰুত্বপূৰ্ণ।

হৃদৰোগৰ প্ৰতিৰোধী আঁচনি এখন যুগুত কৰোঁতে বিশ্বৰ হৃদৰোগ সম্পৰ্কীয় বিভিন্ন সংস্থাসমূহে আগবঢ়োৱা নিৰ্দেশাৱলীসমূহো বিবেচনা কৰিবলগীয়া হয়। লগতে প্ৰাথমিক বা প্ৰথম শ্ৰেণীৰ প্ৰতিৰোধ আৰু দ্বিতীয় শ্ৰেণীৰ প্ৰতিৰোধ এই দুয়োটা দিশ ইয়াত অন্তৰ্ভুক্ত হ’ব লাগিব। যদিহে এজন ব্যক্তি হৃদৰোগত আক্ৰান্ত হোৱা নাই তেন্তে তেওঁৰ ক্ষেত্ৰত ইয়াক প্ৰথম শ্ৰেণীৰ বা প্ৰাথমিক প্ৰতিৰোধ বুলি কোৱা হয়। আনহাতে এবাৰ হৃদৰোগ হোৱাজনৰ ক্ষেত্ৰত দ্বিতীয়বাৰ নহ’বৰ বাবে লোৱা ব্যৱস্থা বা প্ৰতিৰোধী আঁচনিক দ্বিতীয় শ্ৰেণীৰ প্ৰতিৰোধ বুলি কোৱা হয়।

প্ৰাথমিক প্ৰতিৰোধ -

প্ৰাথমিক প্ৰতিৰোধৰ ক্ষেত্ৰত তলত দিয়া পদক্ষেপসমূহ গুৰুত্বপূৰ্ণ।

(১) ধূমপান বৰ্জন:

ধূমপান বৰ্জনৰ লক্ষ্য হ’ল সম্পূৰ্ণ বৰ্জন। এইক্ষেত্ৰত ধূমপায়ীজনৰ মানসিক শক্তিৰ লগতে পৰিয়াল, বন্ধু-বান্ধৱ আৰু সমাজৰ সহায়ৰ প্ৰয়োজন। বাস্তৱিক দৃষ্টিৰে চালে তলত দিয়া উপায়সমূহ গ্ৰহণ কৰিব পাৰি।

(ক) নিক’টিনযুক্ত দ্ৰব্যৰ প্ৰলেপ:

দিনে ২০টা চিগাৰেট সেৱন কৰাসকলৰ বাবে ২১ মিলিগ্ৰামৰ প্ৰলেপ আৰু ১০টা খোৱাসকলৰ বাবে ১৪ মি:গ্ৰা:ৰ প্ৰলেপৰ প্ৰয়োজন।

(খ) বিউপ্ৰ’প্ৰিয়ন নামৰ ঔষধ:

বিউপ্ৰ’প্ৰিয়ন নামৰ ঔষধ সেৱন কৰাৰ দুসপ্তাহৰ পিছত ধূমপানৰ প্ৰতি অনীহাই দেখা দিয়ে। ১৫০ মি:গ্ৰা:ৰ টেবলেট খাবলৈ দিব পাৰি। জিভা শুকোৱা, অনিদ্ৰা, মানসিক অস্থিৰতা, ৰক্তচাপ বৃদ্ধি আদি পাৰ্শ্বক্ৰিয়া থাকিলেও এইবিধ দৰবক ধূমপান এৰোৱাত উপযোগী আৰু নিৰাপদ দৰব বুলিয়েই ক’ব পাৰি। এইক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শৰ প্ৰয়োজন।

(গ) ভাৰেনিক্লিন (Varenicline) নামৰ ঔষধ:

এতিয়ালৈকে বিশেষ অধ্যয়ন নোহোৱা এই দৰববিধক ভৱিষ্যতে ধূমপান বৰ্জনত ব্যৱহাৰ কৰা হ’ব বুলি চিহ্নিত কৰা হৈছে।

(২) ৰক্তচাপ নিয়ন্ত্ৰণ:

প্ৰাথমিক লক্ষ্য হ’ল ৰক্তচাপ ১২০/৮০ৰ তলত ৰখা। যিসকলক উচ্চ ৰক্তচাপ থকা বুলি চিহ্নিত কৰা হৈছে তেওঁলোকৰ ৰক্তচাপৰ ১৮০/৯০ৰ তলত থকাটো বাঞ্চনীয়। মধুমেধ ৰোগ আৰু বৃক্কৰ ৰোগ থকাসকলৰ ৰক্তচাপ ১৩০/৮০ৰ তল হোৱাটো যুগুত।

প্ৰথমতে ওজন কমাই, খাদ্যত নিমখৰ পৰিমাণ কমাই (দৈনিক ৬ গ্ৰামতকৈ কম), প্ৰচুৰ পৰিমাণে ফলমূল, সেউজীয়া শাক-পাচলি খাই বা স্নেহ পদাৰ্থ কম থকা গাখীৰ (skimmed milk) খাই আৰু দৈনিক ৩০ মিনিট সময় শাৰীৰিক পৰিশ্ৰম কৰি চেষ্টা কৰিব লাগে।

নোৱাৰিলে চিকিৎসকৰ পৰামৰ্শমতে উপযুক্ত দৰবৰ সহায় ল’ব লাগে। এইক্ষেত্ৰত দৰবৰ পাৰ্শ্বক্ৰিয়াৰ ভয় অমূলক। কিয়নো ৰক্তচাপ বৃদ্ধিৰ পৰা হ’ব পৰা শাৰীৰিক ক্ষয়-ক্ষতিসমূহ দৰবৰ পাৰ্শ্বক্ৰিয়াৰ তুলনাত নগণ্য বুলি ধৰা হয়।

(৩) খাদ্যাভ্যাসৰ পৰিৱৰ্তন:

*শৰ্কৰাজাতীয় খাদ্য (চাউল, আটা আদি)ৰ পৰিমাণ দৈনিক ১০০ৰ পৰা ৩০০ গ্ৰামৰ ভিতৰত থাকিব লাগে।

*শৰ্কৰাখিনি হ’লগ্ৰেইন (Whole grain) আৰু কম গ্লাইচেমিক ইন্‌ডেক্সৰ হ’লে ভাল। যেনে- নকটা চাউল, ওখোৱা চাউল, ৰঙা আটাৰ পাউৰুটী, দাইল ইত্যাদি।

*সংপৃক্ত চৰ্বিযুক্ত খাদ্য পৰা দৈনিক প্ৰয়োজনীয় শক্তিৰ শতকৰা ৭ ভাগহে গ্ৰহণীয়। অৰ্থাৎ দৈনিক ১৫০০ কেল’ৰিৰ আহাৰ গ্ৰহণ কৰোঁতাজনে ১২ গ্ৰামতকৈ বেছি সংপৃক্ত চৰ্বি খোৱাটো অনুচিত। এই ১২ গ্ৰাম সম্পৃক্ত চৰ্বি গাক্গীৰ, মাংস, ঘিঁউ, মাখন আদিৰ পৰা আহিব। গতিকে এনেবোৰ খাদ্যবস্তুৰ ব্যৱহাৰ অতি সীমিত হ’ব লাগে ।

*খাদ্যত ট্ৰেন্সফেট কম থাকিব লাগিব। সৰহসময় তেলত ভজা চৰ্বি, কে’ক, বিস্কুট, বেকাৰীজাত     খাদ্য, পিজ্জা, ফাষ্ট ফুড, বনস্পতি তেল, চিংৰা, কচুৰী, পৰঠা ইত্যাদিত ট্ৰেন্স ফেট থাকে।

*অসংপৃক্ত চৰ্বি থকা খাদ্যৰ যোগেদি শৰ্কৰাৰ পৰিমাণ কমাব পাৰি। এক-অসংপৃক্ত ফেটী এচিড সৰহকৈ থকা খাদ্যসমূহ হ’ল মিঠাতেল, জলফাই তেল আদি। বাদাম, এলমণ্ড, কাজু, আখৰুট ইত্যাদিতো এক-অসংপৃক্ত ফেটী এচিড থাকে।

দৈনিক আহাৰৰ এটা বুজন অংশ এক-অসংপৃক্ত চৰ্বিৰ দ্বাৰা হ’ব লাগে (২০%)। বহু-অসংপৃক্ত ফেটী এচিডো খাদ্যত থকা বাঞ্চনীয় (১০%)। বহু-অসংপৃক্ত চৰ্বিৰ উদাৰহণ হ’ল ৰিফাইন তেল, তিলৰ তেল, চয়াবিন তেল, আখৰুট তেল আদি।

*গাখীৰ সম্পূৰ্ণৰূপে বাদ দিব নালাগে। কিন্তু চৰ্বিযুক্ত গাখীৰতকৈ কম চৰ্বিৰ গাখীৰ ভাল। ম’হৰ গাখীৰতকৈ গৰুৰ গাখীৰ ভাল।

*মাংসতো চৰ্বি থাকে। কিন্তু মাংসত অসংপৃক্ত চৰ্বিও থাকে।। সেইবাবে মাংস ব্যৱহাৰ কৰিলে কম চৰ্বি থকা (Lean meat) মাংস (যেনে পোৱালি কুকুৰা)হে ব্যৱহাৰ কৰিব লাগে। দৈনিক ১৫০ গ্ৰামতকৈ বেছি মাংস খোৱাটো যুগুত নহয়।

*সপ্তাহত ৩০০ গ্ৰাম তেলেতীয়া মাছ খাদ্যত থকাটো বাঞ্চনীয় (ছেলম’ন, হেৰিং, মেকাৰেল    ইত্যাদি টিনত থকা মাছ)। মাছত অ’মেগা-৩ নামৰ এবিধ অসংপৃক্ত ফেটী এচিড থাকে যি আমাক হৃদৰোগৰ পৰা বাচি থকাত সহায় কৰে। মাছ নাখালে বজাৰত পোৱা মাছৰ তেলৰ দৰবো (দৈনিক ২৫০ মি:গ্ৰা:) গ্ৰহাণ কৰিব পাৰে।

*ৰন্ধা তেলৰ ক্ষেত্ৰত মিঠাতেল, ৰিফাইন তেল, তিল তেলৰ সুষম ব্যৱহাৰ প্ৰয়োজনীয়। নাৰিকল তেল বৰ্জনীয়।

*প্ৰ’টিন জাতীয় খাদ্য‌ই দৈনিক প্ৰয়োজনীয় শক্তিৰ ২৫% যোগান ধৰিব লাগে।এই প্ৰ’টিন উদ্ভিদজাত প্ৰ’টিন (বিভিন্ন দাইল) হ’লে ভাল। নহ’লে কম চৰ্বিৰ মাংস ব্যৱহাৰ কৰিব পাৰে।

*বিভিন্ন ধৰণৰ বাদামজাতীয় খাদ্য যেনে এলমণ্ড, বাদাম, আখৰুট, পেষ্টা দৈনিক গ্ৰহণীয়। দৈনিক ৬০ গ্ৰাম বাদামজাতীয় খাদ্য খাব পাৰে।

*দৈনিক আধা কিলোগ্ৰাম সেউজীয়া শাক-পাচলি, বীন বা মটৰমাহ খাব লাগে। শাকপাচলি বেছিকৈ তেলত ভাজিব নালাগে।

* দৈনিক আধা কিলো ফলমূল গ্ৰহণীয়।

(৪) তেজত কলেষ্টেৰলৰ নিয়ন্ত্ৰণ:

এজন মানুহৰ হৃদৰোগৰ আশংকাৰ লগত সংগতি ৰাখি তেজত এল ডি এল কলেষ্টেৰলৰ নিয়ন্ত্ৰণ বাঞ্চনীয়। কম আশংকা (আশংকা নিৰূপণৰ বিষয়ে আগৰ সংখ্যাটোত কোৱা হৈছে) থকাজনৰ এল ডি এল কলেষ্টেৰল ১৬০ মি:গ্ৰা:/ডে:লি:তকৈ কম হ’ব লাগে।

উচ্চ আশংকা থকাজনৰ ১০০ মি:গ্ৰা:/ডে:লি:তকৈ কম হ’ব লাগে। কেতিয়াবা (যদি হৃদৰোগ ইতিমধ্যে হৈছে) ইয়াক ৭০ মি:গ্ৰা:/ডে:লি:তকৈ কমত ৰখাটো প্ৰয়োজন হৈ পৰে।

খাদ্যত সংপৃক্ত চৰ্বিৰ পৰা শক্তিৰ যোগান কমাব লাগে (<৭%)। উদ্ভিদজাত ষ্টেৰল বা দ্ৰৱণীয় আঁহ বাফাইবাৰ (বাৰ্লি, অ’ট্‌ছ আদি)ৰ পৰিমাণ বঢ়াইও বেয়া কলেষ্টেৰল কমাব পাৰি। শাৰীৰিক পৰিশ্ৰম আৰু ওজন হ্ৰাসেও ইয়াত সহায় কৰে।

ভাল কলেষ্টেৰল বা এইচ্ছ ডি এল কলেষ্টেৰল ৪০ মি:গ্ৰা:/ডে:লি:তকৈ বেছি হোৱাটো বাঞ্চনীয় আৰু ট্ৰাইগ্লিচাৰাইড ১৫০ মি:গ্ৰা:তকৈ কম থকাটো বাঞ্চনীয়।

ষ্টেটিন জাতীয় দৰবে (উদাহৰণ Atorvastatin) এইক্ষেত্ৰত সহায় কৰিব পাৰে। ট্ৰাইগ্লিচাৰাইড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত শাৰীৰিক পৰিশ্ৰম, সুৰাপান সীমিতকৰণ, ফাইব্ৰেট জাতীয় ঔষধ গ্ৰহণৰ সুফল আছে।

(৫) শাৰীৰিক পৰিশ্ৰম:

দৈনিক ৩০ মিনিট শাৰীৰিক পৰিশ্ৰমৰ প্ৰয়োজন। মিনিটত ১০০ খোজ কাঢ়িব পৰা বেগত খোজ কঢ়াটো এইক্ষেত্ৰত যথেষ্ট।

(৬) ওজন হ্ৰাস:

এজন মানুহৰ বডি-মাচ-ইন্‌ডেক্স (BMI) ১৮ৰ পৰা ২৫ৰ ভিতৰত থকাটো বাঞ্চনীয়। কঁকালৰ জোখ পুৰুষৰ ক্ষেত্ৰত ৯০ চে:মি:তকৈ কম আৰু নাৰীৰ ক্ষেত্ৰত ৮০ চে:মি:তকৈ কম হ’ব লাগে।

(৭) মধুমেহ ৰোগ নিয়ন্ত্ৰণ:

তেজত কিমান চেনি থাকিব লাগে সেয়া কোৱাতকৈ তেজত হিম’গ্ল’বিন এ ৱান চি (H A1c)ৰ পৰিমাণ ৭ শতাংশতকৈ কম থাকিব লাগে বুলি কোৱা ভাল। ই তেজত চুগাৰৰ দীৰ্ঘকালীন নিয়ন্ত্ৰণ সূচায়।

(৮) এছপিৰিন:

যদি এজন মানুহৰ আগন্তুক দহবছৰত হৃদৰোগ হোৱাৰ আশংকা ১০ শতাংশতকৈ বেছি বুলি ঠাৱৰ কৰা হয় তেন্তে তেওঁ হৃদৰোগ হোৱাৰ আগতেই প্ৰাথমিক প্ৰতিৰোধী ব্যৱস্থা হিচাপে দৈনিক ৭৫ মি:গ্ৰা:ৰ পৰা ১৫০ মি:গ্ৰা: জোখত এছপিৰিন নামৰ দৰববিধ খাই থাকিব লাগে।

দ্বিতীয় শ্ৰেণীৰ প্ৰতিৰোধ -

দ্বিতীয় শ্ৰেণীৰ প্ৰতিৰোধী আঁচনিখনত প্ৰাথমিক প্ৰতিৰোধৰ আঠটা পদক্ষেপৰ লগতে দুবিধ দৰবৰ নাম উল্লেখযোগ্য।

(১) বিটা ব্লকাৰ (Beta blocker) নামৰ ঔষধ:

এবাৰ হৃদৰোগ হোৱাজনে দ্বিতীয়বাৰ সেয়া নহ’বৰ বাবে আজীৱন এইবিধ দৰব খোৱাটো বাঞ্চনীয়। এইবিধ দৰবে হৃদৰোগীজনক পৰৱৰ্তী হৃদৰোগৰ পৰা নিৰাপত্তা দিয়াৰ লগতে ‘হঠাৎ-মৃত্যু’ (Sudden cardiac death)ৰ পৰাও ৰক্ষা কৰে।

(২) এ চি ই প্ৰতিৰোধী ঔষধ (ACE inhibitor):

এনালাপ্ৰিল, ৰেমিপ্ৰিল ইত্যাদি নামেৰে থকা এইবিধ ঔষধো এবাৰ হৃদৰোগ হোৱাজনৰ বাবে আজীৱন প্ৰয়োজনীয়।

লেখক: ডাঃ মৃগাংক শেখৰ চলিহা

উৎস: সাহিত্য.অৰ্গ

 

 

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top