অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হৃদৰোগৰ পৰা ৰক্ষা পোৱাৰ উপায় :

হৃদৰোগৰ পৰা ৰক্ষা পোৱাৰ উপায় :

 

হৃদৰোগ নিয়ন্ত্ৰণত ৰাখিবলৈ প্ৰতিজন ব্যক্তিয়ে নিয়মিত ব্যায়াম কৰাটো অতি প্ৰয়োজনীয়। নিতৌ ৪০ মিনিট সাধাৰণ ব্যায়াম কৰিলেও হৃদৰোগ নিয়ন্ত্ৰণত ৰাখিব পাৰি।

কৰ’নেৰী আৰ্টাৰী ডিজিজ মানে জীৱনশৈলী সংক্ৰান্তীয় ৰোগত আক্ৰান্ত হোৱাৰ এটি উদাহৰণ। আমাৰ দেশত প্ৰতিবছৰে ৩০,০০০ লোক হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। সমীক্ষা অনুযায়ী, ২০২০ চনত ভাৰততে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা ৰোগীৰ সংখ্যা সৰ্বাধিক হ’ব। প্ৰায় ভাগ তথ্যৰ ভিত্তিত দেখা যায় যে আমাৰ দৈনন্দিন জীৱন যাত্ৰাত ৭০ শতাংশ সংশোধন কৰিব পাৰিলে প্ৰায় ৯০ শতাংশ হৃদৰোগ প্ৰতিৰোধ কৰিবলৈ সক্ষম হ’ম। আজি আমি হৃদৰোগৰ পৰা ৰক্ষা পোৱাৰ বাবে আপোনালোকলৈ দহটা উপায় আগবঢ়ালোঁ:

ধূমপান:

ধূমপান বা ধঁপাতজাতীয় সামগ্ৰী ব্যৱহাৰ কৰা ব্যক্তিসকল হৃদৰোগত আক্ৰান্ত হয়। সেয়েহে এইবোৰ সামগ্ৰী ব্যৱহাৰৰ পৰা সদায় আঁতৰি থাকিব লাগে।

মধুমেহ:

মধুমেহ ৰোগত আক্ৰান্ত ব্যক্তিৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা তিনিগুণ বৃদ্ধি পায়। সেয়েহে নিয়মিত কাৰ্যকলাপ বৃদ্ধি কৰি মধুমেহ ৰোগ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব লাগে।

লিপিডছ:

কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পালেও হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা চাৰে তিনিগুণ বৃদ্ধি পায়। সেয়েহে অত্যধিক চৰ্বিজাতীয় খাদ্য খোৱাৰ পৰা বিৰত থকা, ব্যায়াম তথা তেজৰ কলেষ্টেৰল প্ৰতিৰোধক ঔষধ ব্যৱহাৰ কৰিব লাগে। ষ্টেটিন নামৰ ঔষধবিধ লিপিডছ নিয়ন্ত্ৰণত ৰাখিবৰ বাবে সদায় ব্যৱহাৰ কৰিব পাৰে।

উচ্চ ৰক্তচাপ:

উচ্চ ৰক্তচাপত ভোগা ব্যক্তিসকলৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা তিনিগুণ বৃদ্ধি পায়। সেয়েহে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজন। খোৱা-লোৱাত বিশেষ মনোযোগ দিলে, ব্যায়াম, শাৰীৰিক পৰিশ্ৰম আৰু ঔষধ নিয়মিত ব্যৱহাৰ কৰিলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰি।

শাৰীৰিক ওজন:

ব’ডী মাস্ক ইনডেক্স গণনা কৰি শৰীৰৰ ওজনক উচ্চতাৰ দ্বাৰ ভাগ কৰিব লাগে। ১৮:২, ২৪:৯, ২৫-৩০ হ’লে তাক অ’ভাৰ ৱেইট বা অত্যধিক ওজন আৰু ৩৫ পাৰ হৈ গ’লে তাক এবেচিটী বুলি ধৰা হয়। সাধাৰণতে খাদ্যৰ যত্ন ল’লে, শাৰীৰিক ব্যায়াম আদি নিয়মিত কৰিলে সুফল পোৱা যায়।

ব্যায়াম:

হৃদৰোগ নিয়ন্ত্ৰণত ৰাখিবলৈ প্ৰতিজন ব্যক্তিয়ে নিয়মিত ব্যায়াম কৰাটো অতি প্ৰয়োজনীয়। নিতৌ ৪০ মিনিট সাধাৰণ ব্যায়াম কৰিলেও হৃদৰোগ নিয়ন্ত্ৰণত ৰাখিব পাৰি। পুৱাৰ কোমল ৰ’দ শৰীৰত লগাব পাৰিলে ভিটামিন ‘ডি’ৰ অভাৱ পূৰণ কৰিব পাৰি।

খোৱা-লোৱা:

প্ৰতিদিনে শাক-পাচলি, বতৰৰ ফলমূল, কম চৰ্বিযুক্ত আহাৰ গ্ৰহণ কৰিব লাগে। নিতৌ ৫ গ্ৰামতকৈ অধিক নিমখ খাব নালাগে। ৰন্ধা-বঢ়া কৰাটোও স্বাস্থ্যকৰ হ’ব লাগে। বাৰে বাৰে খাদ্য গৰম কৰাৰ পৰা বিৰত থাকিব লাগে। অলিভ অইল, কোনোলা আৰু সৰিয়হৰ তেল ব্যৱহাৰ কৰিব। গাখীৰ জাতীয় সামগ্ৰী কম পৰিমাণো খাব।

মানসিক উপাদান:

ইন্টাৰ হাৰ্ট ষ্টাডীৰ সমীক্ষা অনুসৰি মানসিক অশান্তিত ভুগিলেও বিভিন্ন ধৰণে হাৰ্টৰ সমস্যাত ভোগা সম্ভাৱনা থাকে। এজন ব্যক্তি মানসিক ৰোগত ভুগিলে দুইৰ পৰা ছয় শতাংশলৈকে হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। আৱেগ-অনুভূতি, অতিৰিক্ত চাপ, ডিপ্ৰেছন আদি নেতিবাচক চিন্তাধাৰা আদিৰ বাবেও হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক। সেয়েহে স্বাস্থ্যসমৃদ্ধ জীৱনৰ মূলমন্ত্ৰ ‘ড’ন্ট ৱৰী বী হেপী’ মানি চলিব লাগে।

মদ্যপান:

মদ্যপান শৰীৰৰ বাবে ক্ষতিকাৰক। আমেৰিকাৰ চিকিৎসকসকলে নিতৌ দুই পেগ মদ্যপান কৰাটো শৰীৰৰ কাৰণে ক্ষৰিকাৰক নহয় বুলি পৰামৰ্শ আগবঢ়াইছে। অৱশ্যে দুই পেগতকৈ বেছি খোৱাটো উচিত নহয়।

যোগাসন:

নিয়মিত যোগাসন কৰিলে ৰক্তচাপৰ মান কম কৰাৰ লগতে সূক্ষ্ম ধমনীসমূহো স্বাস্থ্যৱান হৈ উঠে। এগৰাকী প্ৰশিক্ষকৰ তত্ত্বাৱধানত যোগাসন কৰিলে সুফল পোৱা যায়।

লেখক: ডাঃ প্ৰবীৰ কুমাৰ গুপ্তা(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate