মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / হৃদৰোগৰ সৈতে খাদ্যৰ সম্পৰ্ক:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হৃদৰোগৰ সৈতে খাদ্যৰ সম্পৰ্ক:

হৃদৰোগৰ সৈতে খাদ্যৰ সম্পৰ্ক লিখা হৈছে

হৃদবোৰ হোৱাৰ এটা প্ৰধান কাৰণ হ’ল শৰীৰৰ বাবে প্ৰয়োজনীয় পৰিমাণতকৈ অধিক খাদ্য খোৱা বা অতিভোজন কৰা। অতি ভোজনৰ ফলত হৃদৰোগৰ উপৰি আন কেতবোৰ ৰোগ হোৱাৰ আশংকাই দেখা দিয়ে, সেই ৰোগবোৰে আকৌ হৃদৰোগ হোৱাৰ ক্ষেত্ৰত ‘ট্ৰিগাৰ’ হিচাপে কাম কৰে। আমাৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আমি যিদৰে একোটা নিৰ্দিষ্ট গণ্ডী বা সীমাৰেখাৰ ভিতৰত থাকিব লাগে, সেইদৰে খোৱা-বোৱাৰ ক্ষেত্ৰতো আমি এক সীমাৰেখা মানি চলিব লাগে, সেই সীমাৰেখা অতিক্ৰম কৰি গ’লেই সমস্যাৰ সূত্ৰপাত হয়।

এনে বহু লোক আছে, যিসকলে নিয়ন্ত্ৰণহীনভাৱে খাদ্য খোৱাৰ বিপৰীতে শাৰীৰিক শ্ৰম বা ব্যায়াম কৰাত সিমান গুৰুত্ব নিদিয়ে। এনে লোক সহজেই মেদবহুল হৈ পৰে আৰু মেদবহুলতাৰ ফলত ইটোৰ পিছত সিটোলৈ বিবিধ ৰোগে শৰীৰত বাহ ল’বলৈ ধৰে। মেদবহুল লোকসকল মধুমেহ, উচ্চ ৰক্তচাপ, মেটাবলিক চিণ্ড্ৰম(Metabolic Syndrome) প্ৰভৃতি গুৰুতৰ শাৰীৰিক সমস্যাত আক্ৰান্ত হোৱাৰ প্ৰবল আশংকা থাকে।

সাম্প্ৰতিক কালত ফাষ্টফুডজাতীয় খাদ্যৰ জনপ্ৰিয়তা অভাৱনীয়ভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এই ধৰণৰ খাদ্যবোৰ শৰীৰক প্ৰচুৰ পৰিমাণৰ কেলৰি প্ৰদান কৰে। সেয়েহে এনে খাদ্য খালে শকত হোৱাৰ প্ৰৱণতা বৃদ্ধি পায়। সাম্প্ৰতিক কালত স্বাস্থ্যৰ পৰিপন্থী খাদ্যাভ্যাসৰ বাবেই অনেক মানুহৰ শৰীৰত এল.ডি.এল বা বেয়া কলেষ্টেৰলৰ মাত্ৰা বিপজ্জনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ বিপৰীতে শাৰিৰীক পৰিশ্ৰম বা ব্যায়াম নকৰাৰ ফলত শৰীৰত এইচ.ডি.এল বা ভাল কলেষ্টেৰলৰ মাত্ৰা নিম্নগামী হ’বলৈ ধৰিছে। আকৌ সমাজত অবাধ গতিত বাঢ়ি আছে বিড়ি, চিগাৰেট, মদ আদি নিচাজাতীয় দ্ৰব্যৰ প্ৰচলন। উল্লিখিত কাৰকবোৰে দ্ৰব্যৰ প্ৰচলন। উল্লিখিত কাৰকবোৰে সন্মিলিতভাৱে ক্ৰিয়া কৰি, সাম্প্ৰতিক বিশ্বত হৃদৰোগীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি কৰিবলৈ ধৰিছে।

বৰ্তমান মানুহৰ জীৱন-যাপন প্ৰণালীত দ্ৰুত পৰিৱৰ্তন হোৱাৰ ফলত কায়িক শ্ৰম কৰাৰ প্ৰয়োজনীয়তা অভাৱনীয়ভাৱে হ্ৰাস পাইছে। এতিয়াৰ অনেক মানুহে লিখা-পঢ়া বা কম্পিউটাৰৰ কাম কৰিয়েই অধিকাংশ সময় অতিবাহিত কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত খাদ্যৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰা কেলৰিৰ বহুলাংশে দহন(Burn) নোহোৱাকৈ শৰীৰত থাকি যায়। ফলস্বৰূপে দেখা দিয়ে ‘চেন্ট্ৰেল অ’বেচিটি’য়ে(Central Obesity) অৰ্থাৎ শৰীৰৰ সামগ্ৰিক ওজনৰ তুলনাত আপেক্ষিকভাৱে শৰীৰৰ মধ্য অংশত অৰ্থাৎ পেটৰ ওজন বৃদ্ধি পায়। এই চেন্ট্ৰেল অ’বেচিটিৰ সৈতে ডায়েবেটিছ, উচ্চ ৰক্তচাপ বা তেজত বেয়া কলেষ্টেৰল পজমা হ’লে যি পৰিস্থিতিৰ উদ্ভৱ হয়- তাকেই ‘মেটাবলিক চিণ্ড্ৰম’ বোলে। আমাৰ দেশত মেটাবলিক চিণ্ড্ৰ’মত আক্ৰান্ত লোকৰ সংখ্যা যথেষ্ট বেছি হোৱাৰ পৰিপ্ৰেক্ষিতত ‘ইস্কেমিক হাৰ্ট ডিজিজ(Ischaemic heart disease) আক্ৰান্তৰ সংখ্যাও দ্ৰুত গতিত বৃদ্ধি হৈ আছে। বিশ্বৰ যিকেইখন দেশত ইস্কেমিক হাৰ্ট ডিজিজত আক্ৰান্তৰ সংখ্যা আটাইতকৈ বেছি সেইকেইখনৰ ভিতৰত ভাৰত অন্যতম।

ডায়েবেটিছ, উচ্চ ৰক্তচাপ, মেদবহুলতা, মেটাবলিক চিণ্ড্ৰ’ম, ধূমপান, শাৰীৰিক পৰিশ্ৰম তথা ব্যায়াম নকৰা, শৰীৰত অত্যধিক কলেষ্টেৰল জমা হোৱা আদি হ’ল হৃদৰোগৰ প্ৰধান কাৰক(Risk Factor) আৰু এই কাৰকবোৰৰ ‘ট্ৰিগাৰ’ হিচাপে কাম কৰে উচ্ছৃংখল জীৱন যাপন, স্বাস্থ্যৰ পৰিপন্থী খাদ্যাভ্যাস তথা শাৰীৰিক শ্ৰম বা ব্যায়াম কৰাৰ প্ৰতি অৱহেলা বা এলাহ।

হৃদৰোগৰ উল্লিখিত কাৰকবোৰ প্ৰতিৰোধ কৰাৰ জৰিয়তে হৃদপিণ্ড সুস্থ কৰি ৰাখিব পাৰে যায়। হৃদৰোগৰ কাৰকবোৰ প্ৰতিৰোধ কৰাৰ অৰ্থ হ’ল সুনিয়ন্ত্ৰিত জীৱন যাপন আৰু অতি ভোজন কৰাৰ পৰা বিৰত থাকি, প্ৰতিদিনে পৰিমিত তথা সুষম আহাৰ গ্ৰহণ কৰা। ডায়েবেটিছ বা উচ্চ ৰক্তচাপত আক্ৰান্ত হ’লে হাৰ্ট এটেক হোৱাৰ আশংকা দুই-তিনি গুণ বৃদ্ধি পায়।

এটা কথা আমি মনত ৰখাটো নিতান্তই প্ৰয়োজনীয় যে কেৱল খোৱা-বোৱা নিয়ন্ত্ৰণ কৰাৰ জৰিয়তে হৃৎপিণ্ড সুস্থ সবল কৰি ৰখাটো সম্ভৱ নহয়। হৃদৰোগৰ কাৰকবোৰ নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ হ’লে আমি পৰিমিত মাত্ৰাত সুষম আহাৰ খোৱাৰ লগতে নিয়মিত ব্যায়াম কৰিবও লাগিব। আটাইতকৈ ভাল ব্যায়াম হ’ল খোজকঢ়া আৰু সাঁতোৰা। প্ৰদূষণৰ প্ৰভাৱৰ পৰা যিমান দূৰ সম্ভৱ মুক্ত হৈ থাকিবলৈ যত্ন কৰাটোও প্ৰয়োজনীয়। ৰাতি বেছি দেৰিলৈকে সাৰে নথকাই ভাল। হৃৎপিণ্ড ভালে ৰাখিবলৈ হ’লে নিয়মিত পৰ্যাপ্ত সময় শোৱাটো প্ৰয়োজনীয়। মানসিক চাপ, দুশ্চিন্তা, খং প্ৰভৃতি নেতিবাচক আবেগ-অনুভূতিবোৰে আমাৰ স্বাস্থ্যৰ গুৰুতৰ ক্ষতি সাধন কৰাৰ লগতে হৃৎপিণ্ডৰ ওপৰতো কুপ্ৰভাৱ পেলায়। সেয়েহে এই নেতিবাচক আৱেগ-অনুভূতিৰে পৰিপূৰ্ণ মন এটাৰ অধিকাৰী হৈ থাকিবলৈ আমি নিৰন্তৰ প্ৰয়াস চলাই থকা উচিত। কৰি ভাল পোৱা কামত ব্যস্ত হৈ থাকি সময় অতিবাহিত কৰিব পাৰিলে, মনটো যথেষ্ট চাপমুক্ত তথা প্ৰফুল্লিত হৈ থাকে। মুঠ কথা, হৃৎপিণ্ড সুস্থ-সবল কৰি ৰাখিবলৈ হ’লে নিয়ন্ত্ৰিত খাদ্যাভ্যাসৰ লগতে নিয়ন্ত্ৰিত জীৱন যাপনৰ বিকল্প নাই।

হৃৎপিণ্ডৰ বাবে উপকাৰী খাদ্য:

  • শাক-পাচলি আৰু ফল-মূল অধিক মাত্ৰাত খাব লাগে।
  • অধিক আঁহযুক্ত খাদ্য, ভিটামিন-‘ই’যুক্ত খাদ্য আৰু ‘ওমেগা-৩’ ফেটি এচিড থকা খাদ্য নিয়মিত খালে হৃদৰোগত আক্ৰান্ত হোৱাৰ আশংকা হ্ৰাস পায়।
  • ভিটামিন-‘এ’, ভিটামিন-‘বি’ কমপ্লেক্স, ভিটামিন-‘চি’, ভিটামিন-‘ডি’ আৰু আয়োডিন শৰীৰে যাতে নিয়মিতভাৱে পৰ্যাপ্ত মাত্ৰাত পাই থাকে, তাৰ প্ৰতি লক্ষ্য ৰখা উচিত।
  • হৃৎপিণ্ড ভালে ৰখাৰ ক্ষেত্ৰত ‘ম’ন’- আন চেছুৰেটেড চৰ্বি’য়ে(Mono-unsaturated) যথেষ্ট সহায় কৰে, ই শৰীৰত বেয়আ কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে। ম’ন’আনচেছুৰেটেড ফেটৰ এটা প্ৰধান উৎস হ’ল আখৰোট।
  • শৰীৰে যাতে নিয়মিতৰূপে যাৱতীয় খনিজ লৱণ পাই থাকে, তাৰ প্ৰতি আমি লক্ষ্য ৰখা উচিত।
  • পৰ্যাপ্ত মাত্ৰাত দানাজাতীয় শস্যৰ পৰা প্ৰস্তুত কৰা খাদ্য খোৱা উচিত।
  • শুকান ফল, যেনে- খেজুৰ, আখৰোট আদি খাব লাগে।
  • গৱেষণাৰ পৰা জানিব পৰা গৈছে যে ডাৰ্ক চকলেট হৃৎপিণ্ডৰ বাবে অতি উপকাৰী। ডাৰ্ক চকলেটত থকা ফ্লেভ’নয়ডে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। তদুপৰি ডাৰ্ক চকলেটে হৃৎপিণ্ডলৈ তেজ সৰবৰাহ কৰা ধমনীত তেজ ডকা বন্ধাত বাধা দিয়ে আৰু ইয়াত থকা প্ৰতিজাৰকে(Antioxident) দেহত বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে।

হৃৎপিণ্ডৰ বাবে অপকাৰী খাদ্য:

  • সংশোধিত খাদ্য(Processed Food), ফাষ্ট ফুড তথা জাংক ফুড খোৱাৰ পৰা পৰাপক্ষত বিৰত থকা উচিত।
  • প্ৰচুৰ পৰিমাণে কেলৰি থকা খাদ্য নোখোৱাই ভাল।
  • তেল, মছলা প্ৰয়োগ কৰি প্ৰস্তুত কৰা বিলাসী খাদ্য আৰু ভজা খাদ্য যিমান দূৰ সম্ভৱ খোৱাৰ পৰা বিৰত থকা উচিত।
  • সঘনাই চাহ-কফি খোৱাৰ অভ্যাস থাকিলে, সেই অভ্যাস ত্যাগ কৰক।
  • অধিক চৰ্বিযুক্ত তথা অধিক তেল থকা খাদ্য খাব নালাগে।
  • ৰঙা মাংস(Red meat), মাছৰ কণী, কণীৰ কুহুম, ঘিউ, মাখন, চীজ প্ৰভৃতি শৰীৰত কলেষ্টেৰল বৃদ্ধি কৰাত প্ৰধান ভূমিকা লোৱা খাদ্যবোৰ খোৱাৰ পৰা যিমান দূৰ সম্ভৱ বিৰত থকা উচিত।
  • নিচাজাতীয় দ্ৰব্য সেৱন কৰা অনুচিত।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

2.82857142857
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top