মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / হেপাটাইটিছ কেনেকৈ বিয়পে :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হেপাটাইটিছ কেনেকৈ বিয়পে :

হেপাটাইটিছ কেনেকৈ বিয়পে, ৰ বিষয়ে লিখা হৈছে ।

পঞ্চাশ বা ষাঠিৰ দশকৰ আগতে মানুহৰ মাজত হেপাটাইটিছৰ বিষয়ে কোনো আলোচনা হোৱা নাছিল আৰু ইয়াৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা তেনেই নগণ্য আছিল। কিন্তু বৰ্তমান বিশ্বত এই হেপাটাইটিছ ৰোগ জনসাধাৰণৰ মাজত অত্যধিক আলোচনাৰ বিষয়বস্তু হৈ পৰিছে। কাৰণ ই বৰ্তমান সময়ত মৃত্যু বিভীষিকাৰূপে বিশ্বত ত্ৰাসৰ সৃষ্টি কৰিছে। তথাপি যিধৰণে আলোচনা আৰু জনসচেতনতাৰ প্ৰয়োজন আছিল, এতিয়াও ঠিক সিমান হৈ উঠা নাই। হেপাটাইটিছ শব্দৰ উৎপত্তি ‘হেপাটিক’ শব্দৰ পৰা হৈছে আৰু ইয়াৰ পৰা গম পোৱা যায় এই ৰোগ যকৃৎ সম্পৰ্কীয়।

প্ৰত্যেক মানুহৰ দেহত থকা যকৃতটো যেতিয়া ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়, তেতিয়া ই ফুলি উঠে, বিষ আৰম্ভ হয়, ভোক কমি যায়। তেতিয়া তাকে হেপাটাইটিছ বুলি কোৱা হয়। সাধাৰণতে ছয়বিধ ভাইৰাছৰ দ্বাৰা যকৃতটো আক্ৰান্ত হোৱা দেখা যায়। এই ভাইৰাছ ছয়বিধ হৈছে এ, বি, চি, ডি, ই আৰু জি ভাইৰাছ। এই ছয়বিধ ভাইৰাছৰ ভিতৰত হেপাটাইটিছ ‘বি’ আৰু ‘চি’ অত্যন্ত মাৰাত্মক আৰু প্ৰাণনাশক।

সাধাৰন ৰাইজে ইয়াক ‘জণ্ডিচ’ বুলি জানে। আধুনিক গৱেষণা মতে পোৱা ছয়বিধ ভাইৰাছৰ ভিতৰত ‘এ’ ভাইৰাছৰ আক্ৰমণৰ পৰিসৰ অত্যন্ত ব্যাপক। বহু সময়ত ই মহামাৰীৰ ৰূপ ধাৰণ কৰে যদিও ইয়াৰ দ্বাৰা যকৃতৰ কোনো স্থায়ী ক্ষতি নহয়। সেয়ে ই ইমান মাৰাত্মক নহয়। এইবিধ ভাইৰাছৰ বিস্তাৰ ঘটে মানুহৰ মনৰ দ্বাৰা। ৰোগীৰ মলৰ সৈতে ওলাই অহা ভাইৰাছ সুস্থ মানুহৰ মুখেদি প্ৰৱেশ কৰে। পানী হ’ল সংক্ৰমণৰ মাধ্যম। ইয়াৰ উপৰি খাদ্য বা অন্যান্য বস্তুৰ সৈতে ৰোগীৰ মল বা খেঁকাৰৰ সংযোগ ঘটি এই ৰোগ বিয়পিব পাৰে। হেপাটাইটিছ ‘বি’ ভাইৰাছবিধৰ আক্ৰমণ অত্যধিক মাৰাত্মক আৰু ইয়াৰ ফলত মানুহৰ প্ৰাণনাশৰ সংখ্যা হেপাটাইটিছ ‘এ’ ভাইৰাছৰ তুলনাত নিচেই কম। ভাইৰাছ আক্ৰান্ত ব্যক্তিৰ তেজ সুস্থ মানুহৰ শৰীৰত প্ৰৱেশ কৰিলে সংক্ৰমণ ঘটে।

ইনজেকচনৰ জৰিয়তে নিচাযুক্ত দ্ৰব্য সেৱন কৰা ব্যক্তিসকল এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়। আজিকালি অসংখ্য মানুহে অসাৱধানভাৱে বেজীৰ দ্বাৰা নিচাযুক্ত ড্ৰাগছ আদি সেৱন কৰে। ফলত দেখা যায় ৪০ শতাংশ ড্ৰাগছ আসক্ত ব্যক্তি এই ৰোগৰ বীজাণুৰ প্ৰধান বাহক। গৰ্ভৱতী নাৰী যদি এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়াহ’লে গৰ্ভত থকা শিশুটিও এই ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়। যৌন মিলনৰ দ্বাৰা এই ভাইৰাছবিধৰ বিস্তাৰ ঘটে। থু-খেঁকাৰ, পুৰুষৰ বীৰ্য, নাৰীৰ স্ৰাৱজাতীয় ৰসে এই ৰোগৰ সংক্ৰমণ ঘটায়। এই কাৰণে সমকামী আৰু বহুকামী পুৰুষসকল এই ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়। এইডছ যেনেকৈ অচিনাকি যৌন সংগীৰ সৈতে যৌন সম্ভোগ কৰিলে হয়, বেজীৰ দ্বাৰা ড্ৰগছ সেৱন কৰিলে সংক্ৰমিত হ’ব পাৰে, ঠিক তেনেকৈ হেপাটাইটিছ ‘বি’ নামৰ ৰোগবিধো বিভিন্নজনৰ পৰা বিয়পিব পাৰে। বৰং হেপাটাইটিছ ‘বি’ এইডছতকৈ অধিক ভয়াৱহ। বৰ্তমান সময়ত এইডছ প্ৰতিৰোধৰ বাবে যিমান সচেতনতা, আলোচনা বা বিজ্ঞাপন আদিৰ ব্যৱস্থা কৰা হৈছে, কিন্তু হেপাটাইটিছ ‘বি’ৰ বিষয়ে সিমান সচেতনতা গ্ৰহণ কৰা হোৱা নাই। আনকি বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহেও এইক্ষেত্ৰত সিমান আগভাগ লোৱা নাই।

‘বি’ ভাইৰাছৰ তুলনাত ‘চি’ ভাইৰাছৰ সংক্ৰমণ তেজৰ দ্বাৰা বা যৌন সম্পৰ্কৰ দ্বাৰা হয়। তথাপি ইয়াৰ ব্যাপকতা সিমান নহয়। হেপাটাইটিছ ‘ডি’ ভাইৰাছেও নিজে ৰোগ সৃষ্টি কৰিব পাৰে, যদিহে ‘বি’ ভাইৰাছৰ সৈতে মানৱ দেহত প্ৰৱেশ কৰে, তেতিয়া মাৰাত্মক ৰোগ ধাৰণা কৰিব পাৰে।

হেপাটাইটিছ ‘ই’ ভাইৰাছ মহামাৰীৰ ৰূপত বিভন্নজনৰ দেহত সংক্ৰমিত হোৱা দেখা যায়। দূষিত পানীৰ দ্বাৰা এই ভাইৰাছৰ সৈতে মানৱ দেহত প্ৰৱেশ কৰে, তেতিয়া মাৰাত্মক ৰোগ ধাৰণ কৰিব পাৰে।

হেপাটাইটিছ ‘ই’ ভাইৰাছ মহামাৰীৰ ৰূপত বিভিন্নজনৰ দেহত সংক্ৰমিত হোৱা দেখা যায়। দূষিত পানীৰ দ্বাৰা কেই ভাইৰাছৰ সংক্ৰমণ ঘটে। ই খুব এটা মাৰাত্মক নহয় যদিও গৰ্ভৱতী মহিলাসকলক ইয়াৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়। তথাপি নতুনকৈ আৱিষ্কাৰ হোৱা হেপাটাইটিছ ‘জি’ ভাইৰাছ সিমান ভয়াৱহ নহয় যদিও ইয়াৰ বিষয়ে বৰ্তমান গৱেষণা চলি আছে। প্ৰধানতঃ দূষিত খাদ্যৰ দ্বাৰাই ইয়াৰ বিস্তাৰ ঘটে।

চিকিৎসা প্ৰণালী -

হেপাটাইটিছৰ বিভিন্ন ভাইৰাছসমূহৰ দ্বাৰা আক্ৰান্ত হ’লে মাত্ৰ ‘বি’ ভাইৰাছৰ বাহিৰে আন আন ভাইৰাছসমূহ সিমান মাৰাত্মক নহয়। কাৰণ ৰোগীক পৰ্যাপ্ত পৰিমাণে জিৰণি ল’বলৈ দিব লাগে আৰু প্ৰচুৰ পৰিমাণে কেলৰিযুক্ত খাদ্য দিব লাগে। যথেষ্ট পৰিমাণে গ্লুক’জযুক্ত খাদ্য যোগান ধৰিব লাগে। এই সময়ত বিশেষ দৰব দিয়া নহয়। কাৰণ এই সময়ত যকৃতৰ কোষবোৰ দুৰ্বল হৈ থাকে। সেয়েহে দৰব প্ৰয়োগ কৰিলে কোষবোৰৰ ক্ষতি হ’ব পাৰে। যিমান পাৰি এই সময়ত আইভি চেলাইন আদি প্ৰয়োগ কৰা হয়। হেপাটাইটিছ ‘বি’ৰ প্ৰতিষেধক হিচাপে আজিকালি ছিটা ওলাইছে। গামা গ্ল’ বিউলিন ইনজেকচন ল’লেও শৰীৰৰ ভিতৰত হেপাটাইটিছ ‘বি’ৰ বিপক্ষে কিছু প্ৰতিৰোধ গঢ়ি উঠে। এই দৰবসমূহ বিদেশী বজাৰত পোৱা যায়।

তথাপি আজিকালি কিছুমান নাৰ্ছিং হোম, ব্যক্তিগত ক্লিনিক আদি এই ছিটা দিয়াৰ ব্যৱস্থা কৰা হৈছে। আজিকালি জন্মৰ পিছতেই নৱজাতকক এই ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হৈছে। স্বাস্থ্য বিভাগৰ দ্বাৰা শিশুক দিয়া প্ৰতিষেধক প্ৰদানসূচীতো হেপাটাইটিছ ‘বি’ অন্তৰ্ভুক্ত কৰা হৈছে। সেয়ে জন্মৰ পিছতেই চিকিৎসালয়ত এই প্ৰতিষেধক প্ৰদান কৰি পিতৃ-মাতৃসকলে নিজৰ সন্তানক ভৱিষ্যতে হেপাটাইটিছ ‘বি’ৰ পৰা ৰক্ষা কৰিব পাৰে। কাৰণ হেপাটাইটিছ ‘বি’ৰ দ্বাৰা এবাৰ আক্ৰান্ত হ’লে মৃত্যু অনিবাৰ্য। ইয়াৰ কোনো চিকিৎসা নাই। প্ৰতিষেধকে ইয়াৰ একমাত্ৰ উপায়।

হাত সৰাৰ উপায় -

হেপাটাইটিছৰ পৰা হাত সাৰি থাকিবলৈ প্ৰথমেই গুৰুত্ব দিব লাগিব খোৱাপানী আৰু মল ত্যাগৰ সু-ব্যৱস্থাৰ ওপৰত। তেজ আৰু ৰক্তৰ মাজেদি বিস্তাৰ হোৱা বাবে ইনজেকচন লোৱা আৰু গ্ৰহণ কৰা তেজ ভালদৰে পৰীক্ষা কৰাই ল’ব লাগিব। খোৱা খাদ্যৰ ওপৰতো নজৰ ৰখাটো জৰুৰী। হোটেল, ৰেষ্টুৰেন্ট আদিত আহাৰ গ্ৰহণ কৰোঁতে সাৱধানতা অৱলম্বন কৰা উচিত।

হোটেলৰ খোৱাপানী আদি সেৱন কৰোঁতে সাৱধান হ’ব লাগে। খোৱাপানী সদায় কৰোঁতে সাৱধান হ’ব লাগে। খোৱাপানী সদায় উতলাই ঠাণ্ডা কৰি খোৱা দৰকাৰু। নহ’লে ভাল ফিল্টাৰৰ দ্বাৰা কৰিহে খোৱাপানী ব্যৱহাৰ কৰিব লাগে। মুকলিভাৱে ক্থকা কুঁৱা, নাদ, জান-জুৰিৰ পানী খোৱাটো বিপজ্জনক।

যৌন সম্পৰ্ক স্থাপন কৰোঁতে সদায় সাৱধান হ’ব লাগে আৰু অচিনাক্ত ব্যক্তিৰ লগত কেতিয়াও যৌন সম্পৰ্ক কৰিব নালাগে আৰু কৰিলে কনড’ম আদি ব্যৱহাৰ কৰা অতি জৰুৰী। মদ্যদান কৰা মানুহখিনিও এইক্ষেত্ৰত সাৱধান হোৱা উচিত। আক্ৰান্ত ব্যক্তিৰ পুনৰ মদ্যপান কৰিলে অধিক ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। তদুপৰি বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহ মানুহৰ মাজত সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত আগভাগ লোৱাটো জৰুৰী।

লেখক: ডাঃ আশ্বৰাফুল আলম(নিয়মীয়া বাৰ্তা)

3.07142857143
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top