মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ৰোগৰ অধিকাংশ কাৰন, যেতিয়াই তেতিয়াই খোৱা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰোগৰ অধিকাংশ কাৰন, যেতিয়াই তেতিয়াই খোৱা

ৰোগৰ অধিকাংশ কাৰন, যেতিয়াই তেতিয়াই খোৱাৰ বিষয়ে লিখা হৈছে ।

জ্ঞানীজনে কয়:- "ভোকত ভাত পিয়াহত পানী তাক নাখালে হয় স্বাস্থ্যহানি"। হয়, ভোক পিয়াহৰ সময়ত কিবা এটা নাখালে সকলো জীৱৰে দেহৰ ক্ষতি হোৱাতো স্বাভাৱিক। প্ৰকৃতিৰ চন্দ্ৰ সূৰ্য্য, গ্ৰহ নক্ষত্ৰৰ নিচিনাকৈ আমাৰ দেহৰ সকলো অংগ প্ৰত্যংগসমুহৰ ক্ৰীয়া কৰ্মৰ একো একোটা নিৰ্দিষ্ট সময় নিৰ্ধাৰিত থাকে।

যেনে :- আমি যি আহাৰ খাও তাক পাচন বা হজম কৰাই পাচকৰস সমুহ দেহৰ বিভিন্ন অংগলৈ পথোৱা কাৰ্য্য জথৰ অগ্নিৰ জৰিয়তেহে হয়। জথৰাগ্নি সক্ৰিয় হোৱাৰ সময়-ৰাতিপুৱা সূৰ্য্য উদয়ৰ পৰা সূৰ্য্য অস্তৰ আগমুহুৰ্তলৈ। ইয়াৰ ভিতৰত জথৰাগ্নি ৰাতিপুৱা অতি তীব্ৰ শক্তি, দুপৰীয়া মধ্যম, সন্ধিয়ালৈ ক্ষীন, আৰু নিশালৈ অতি ক্ষীন হৈ পৰে।

সেয়ে নিশাচৰ আৰু পোহনীয়া জীৱজন্তুক বাদ দি প্ৰকৃতিৰ সকলো জীৱজন্তু, চৰাই চিৰিকতিয়ে সুৰ্যোদয়ৰ পিচতে প্ৰথমে পানী তাৰ পিচত ভোকত যতে যি মিলে তাকে খায়, তাৰ পিচত কিচু জিৰনি লৈ দু্পৰীয়া আৰু সুৰ্যাস্তৰ আগে আগে অলপ খাই ৰাতিতো জিৰনি লয়। এয়া সৃস্টিকৰ্তাই জীৱৰ বাবে বান্ধি দিয়া ভোজনৰ প্ৰাকৃতিক নিয়ম।

আমি মানুহ নামৰ চতুৰ ,বুধিয়ক আৰু অতি জ্ঞানী জীৱই জথৰাগ্নিৰ পাচন বা হজমক্ৰীয়াৰ নিৰ্দিষ্ট সময়সুচীৰ বিপৰীতে ৰাতিপুৱা কম, দুপৰীয়া বেচি আৰু নিশা ১০ – ১২ বজালৈ মাছে মঙহে দকচী খাও। মানে প্ৰকৃতিৰ অন্য জীৱৰ ওলোটা।

যাৰ ফলত সৰুৰে পৰা হজম ক্ৰীয়া দুৰ্বল হৈ হৈ ৪০-৫০ বছৰৰ পিচত জগতৰ নানা ৰোগত ৰুগীয়া হৈ পৰো। প্ৰকৃতিৰ আন জীৱবোৰ সদায়ে শক্তিশালী, কেৱল সম্পু্ৰ্ন বৃদ্ধ বয়সতহে কিছু দুৰ্বল হৈ মৃত্যুবৰন কৰে।

নেজডালক বাদ দি মানুহৰ নিচিনা একেই বনৰ জীৱ -বান্দৰ চিম্পাঞ্জী আদি কোনোদিনেই ৰুগীয়া নহয়। চিনি খাব নোৱাৰা ডায়েবেটিচ, কেঞ্চাৰ, গেছৰ প্ৰব্লেম বান্দৰ, বাঘ ভালুকৰ কাহানিও নহয়।

কিন্তু মানুহৰ?

  • প্ৰাচীন কালত মানুহৰো আহাৰ খোৱাৰ ৰীতি, নীতি, সময় থিকেই আছিল। সন্ধিয়াৰ পিচত জিৰনিৰ বাহিৰে ৰাতিৰ সময়চোৱাত কোনো আহাৰ বিহাৰ নকৰিছিল। অন্ততঃ বৃটিচ সকলৰ আগমনৰ আগৰ কালত।
  • টিচসকলে আমাক পৰাধীন কৰাই লুটিপুটি নিয়াই নহয় আমাৰ জীৱনধাৰনৰ ভাৰতীয় সঠিক ৰীতি নীতি, চিকিৎসা, জ্ঞান গৰিমা,ধৰন কৰনকো মষিমুৰ কৰি সকলোদিশে পঙ্গু কৰি গল।

আজি তেওলোকৰ পৰা আমি স্বাধীন বুলি ভাবো যদিও নিজস্ব পাহৰি জীৱনধাৰনৰ বিদেশী পদ্ধতিৰ সতে চিৰদিনেই বৈশ্য।

পৃথিৱীৰ অতি শীতপ্ৰধান অঞ্চল অৰ্থাত বৃটিচৰ দেশত বছৰটোত সূৰ্য উদয়/অস্তৰ কোনো ঠিকনা নাই, কাচিৎহে কেতিয়াবা ৰাতিপুৱাৰ ৰ'দ দেখে। আৰু সেইদিনাই হয় তেওলোকৰ GOOD MORNING, তাকে শুনি আমিও নমস্কাৰৰ সলনি গুদ মৰ্নিং, গুদ নাইত আওৰাও।
পাচ হেজাৰ বছৰীয়া ভাৰতীয় আয়ুৰ্ব্বেদক দলিয়াই দুই আঢ়ৈ বছৰীয়া এলোপেথিক দৰৱক বৰপীৰা পাৰি দিছো ।আৰু যে কত কি.....।

সুৰ্য্য নেদেখা বৃটিচ সকলে যেতিয়াই তেতিয়াই খায় ,ঠান্ডা দেশত হজমো হয় সেইদৰে। আমিও সেই পথেই লৈছো। কিন্তু সুৰ্য্য প্ৰধান আমাৰ দেশত তেওলোকক দেখি যেতিয়াই তেতিয়াই খালে হজম হব জানো?

মুঠেও নহয়। ৰোগৰ প্ৰধান কাৰন সিও এটা। সেয়ে সম্ভৱত ১০০জন ভাৰতীয়ৰ এজন লোকো সম্পুৰ্ন সুস্থ্য নহয়, দিনক দিনে আয়ুসো কমিবলৈ ধৰিছেহি।

সেয়ে  ৰাতিপুৱা শুই উঠিয়েই পানী খাব। ৰ'দ প্ৰখৰ হোৱাৰ আগে আগে ৮-/১০ বজাৰ ভিতৰত প্ৰধান আহাৰ, ফল, মিঠাই, মাছমাংস যি মন যায় খাওক। ৪ ঘন্টা পিচত দুপৰীয়া পাতল আহাৰ খাওক আৰু সন্ধিয়া যিমান পাৰি সোনকালে পাতল লঘুপাক আহাৰ খাওক।

পাৰিলে শোৱাৰ আগেয়ে এগিলাচ এৱা গাখীৰ, দিনত আহাৰৰ পিচত দৈ বা নেমু বা ফলৰ জুচ আৰু ৰাতিপুৱা ফল খাব।

অধিক ৰাতিকৈ কেতিয়াও আহাৰ নাখাব। সোনকালে শোৱক, চৰাইৰ নিচিনা সোনকালে উঠক। লাহে লাহে অভ্যাস কৰিব চোন।

ঠাণ্ডা দেশ্ সমুহত চাঁহ খোৱাতো উপকাৰী যদিও আমাৰ দেশত সঘনাই খোৱাতো অত্যন্ত অপকাৰী। সেয়ে চাঁহ যেতিয়াই তেতিয়াই নাখাব ।

লেখক :- শ্ৰী যতীন দাস

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top