অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কলাজ্বৰ

কলাজ্বৰ কি?

  • লেচমেনিয়া প্ৰজাতিৰ প্ৰট’জোৱা পেৰাচাইটৰ পৰা এই ৰোগ হয়। এই ৰোগত লাহে লাহে মানুহৰ দেহ প্ৰভাৱিত হয়।
  • ভাৰতত এই ৰোগৰ একমাত্ৰ লেচমেনিয়া ডনভালি নামৰ পেৰাচাইট বিধহে পোৱা যায়।
  • এই পেৰাচাইটে মানুহৰ দেহত প্ৰথমতে ৰেটিকুলাৰেণ্ডঠিয়াল প্ৰক্ৰিয়াত সংক্ৰমণ ঘটায়। ৰাজহাড়ৰ মজ্জা, প্লিহা আৰু যকৃততো এই পৰজীৱি যথেষ্ট পৰিমাণত থাকিব পাৰে।
  • পোষ্ট কলাজ্বৰ ডাৰ্মল লেইছমানিছিছ (পিকেডিএল)- এনে এটা অৱ্স্থা যেতিয়া লেইছমানিছিছে ছালৰ কোষত আক্ৰমণ কৰে। তাতেই ডাৰ্মল লেইছমানিছিছৰ প্ৰকাশ ঘটে আৰু পৈনত হয়।
  • কিছুমান ক্ষেত্ৰত বহুবছৰৰ কলাজ্বৰৰ চিকিৎসাৰ পাছতো পিকেডিএল হোৱা দেখা যায়। সম্প্ৰতি এইটো বিশ্বাস কৰা হৈছে যে, শৰীৰৰ অন্তআন্ত্ৰীয় প্ৰক্ৰিয়াৰ মাজেৰে নোযোৱাকৈও পিকেডিএল ৰ প্ৰকাশ ঘটিব পাৰে। পিকেডিএল সম্পৰ্কীয় বহুবোৰ কথা আৰু তথ্য এতিয়াও জানিবলৈ বাকী আছে।

কলাজ্বৰৰ লক্ষণ আৰু উপসৰ্গবোৰ কি?

  • মাজে মাজে অতিপাত জ্বৰ হোৱা। শৰীৰৰ উত্তাপ অস্বাভাৱিক বৃদ্ধি পোৱা।
  • আভোক, শেঁতা পৰা, ওজন কমি যোৱা, লাহে লাহে ৰুগীয়া হৈ পৰা।
  • প্লিহা: প্লিহা লাহে লাহে বাঢ়ি যায়। ই অতি বিশাল ৰূপ ধাৰণ কৰে। পিত্তথলী কোমল আৰু বেদনাহীন হয়।
  • যকৃত্‍: যকৃত্‍ বাঢ়ি যায় যদিও প্লিহাৰ সমান নহয়। কোমল, মসৃণ আৰু কাষবোৰে ধৰাল ৰূপ লয়।
  • লিম্ফাডেন’পেথী: ভাৰতত সচৰাচৰ এইটো দেখা নাযায়।
  • ছাল: ছাল শুকান, পাতল আৰু তৰপ তৰপকৈ ফাটি যায়। গাৰ নোম সৰি যাব পাৰে। হাত, ভৰি, পেট, মুখমণ্ডলৰ ছালবোৰ ছায় বৰণৰ হৈ পৰে। সেইবাবেই এই ৰোগটোক কলাজ্বৰ নামাকৰণ কৰা হৈছে।
  • অতি বেছিকৈ ৰক্তহীনতাই দেখা দিয়ে।
  • আক্ৰান্ত ব্যক্তি দূৰ্বল হৈ পৰে।

ৰক্তহীনতা আৰু গ্ৰছ স্পেলমেগ’লীয়ে আক্ৰান্ত ব্যক্তিক এটা বিশেষ ৰূপলৈ পৰিৱৰ্তিত কৰে

পোষ্ট কলাজ্বৰ ডাৰ্মেল লেইছমানিছিছ কি?

পিকেডিএল এনে অৱস্থা য’ত লেচভানিয়া ড’নভানি পৰজীৱি আক্ৰান্ত ব্যক্তিৰ ছালত পোৱা যায়। ভাৰতবৰ্ষত কলাজ্বৰ হোৱা ব্যক্তিৰ সুস্থ হোৱাৰ পিছতো ১-২ বছৰ বা তাতকৈ পিছতো পিকেডিএল হোৱা দেখা যায়। কলাজ্বৰ নোহোৱা ব্যক্তিৰ গাঁতো কম পৰিমাণে এই পৰজীৱি পোৱা যায়।

এইছ আই ভি আৰু কলাজ্বৰৰ সহ সংক্ৰমণ

  • এইছ আই ভি আৰু তেনে ধৰণৰ ৰোগত আক্ৰান্ত ব্যক্তিৰ ক্ষেত্ৰত ভিচেৰাল লেইছয়ানিয়ছিছ (ভিএল) সহজতে সংক্ৰমণ হয়।
  • বিশ্বৰ ২৫ খন দেশত এহেজাৰতকৈও অধিক এইছ আই ভি আৰু ভিএল ৰ সংক্ৰমণ একেলগে পোৱা গৈছে। ভাৰতত অৱশ্যে এই সমস্যা এতিয়ালৈ হোৱা নাই।
  • এইছআইভি-১ ত আক্ৰান্ত লোকৰ প্ৰথমেই ভিএল ৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা অধিক।
  • এইডছৰ শেষ অৱস্থাৰ ফালেও এই সংক্ৰমণ হ'ব পাৰে।
  • এইছআইভি আৰু ভিএল ৰ সংক্ৰমিত সকলো ব্যক্তিৰ ৰোগৰ লক্ষণে দেখা নিদিবও পাৰে।
  • লক্ষণবোৰ অতি কম সময়ৰ বাবে দেখা যায়। জ্বৰ আৰু পিত্তৰ লক্ষণবোৰ নিৰ্ণয় কৰিব পৰা নহবওঁ পাৰে। লেইছয়ানিয়ছিছ এন্টিবডিবোৰ আনডিটাছটেবল’ হ'ব পাৰে।
  • পেৰিফেৰেল ব্লাড স্মেয়াৰ বাফিক’ট আৰু তেজ পৰীক্ষা কৰিলে সংক্ৰমণ বুজিব পৰা যায়।
  • চিকিৎসাই ভাল ফল নেদেখুৱায়। ঔষধৰ পাৰ্শ্বক্ৰিয়া বেছি হোৱাৰ সম্ভাৱনা থাকে। পুনৰ সংক্ৰমণ হ’ব পাৰে।

কলাজ্বৰ কিদৰে বিয়পে?

  • কলাজ্বৰ এটি বাহক বাহিত ৰোগ।
  • ভাৰতত কলাজ্বৰৰ বাহক হ’ল ফ্লেৱটমাছ নামৰ এবিধ মাখি।
  • ভাৰতত হোৱা কলাজ্বৰৰ এটা বৈশিষ্ট্য হ’ল কেৱল মানুহৰ দেহতে ইয়াৰ সংক্ৰমণ হয়।
  • মাইকী মাখিয়ে আক্ৰান্ত ব্যক্তিৰ গাৰপৰা এই পৰজীৱি কঢ়িয়াই আনে।
  • মাখিৰ দেহত পৰজীৱিবোৰৰ পৰিবৰ্তন হয়, বিকাশ হয় আৰু বৃদ্ধি হয়। পিছত ই মাখিৰ মুখৰ ফালে আহি জমা হয়।
  • নিৰোগী মানুহক এই বাহক মাখিয়ে কামুৰিলে ব্যক্তিজন সংক্ৰমিত হয়।

ভাৰতত কলাজ্বৰৰ বাহক

  • ফ্লেৱটমাছ আৰজেন্টিপেছ মাখিয়েই ভাৰতত কলাজ্বৰৰ একমাত্ৰ বাহক।
  • এই মাখি একেবাৰে ক্ষুদ্ৰ প্ৰানী। মহ এটাৰ চাৰিওভাগৰ এভাগ মান জোখৰ । এনে মাখি দীঘলে ১.৫ৰ পৰা ৩.৫ মিলিমিটাৰ।
  • পূৰ্ণবয়স্ক মাখি সৰু আৰু দেখাত সুন্দৰ। ঠিয় আৰু ডাঙৰ পাখি থাকে। পাখিসহ সম্পূৰ্ণ দেহ দীঘল নোমেৰে ঢাঁক খাই থাকে।
  • এই মাখিৰ জীৱনচক্ৰ কনী, পলুৰ চাৰিটা স্তৰ, পিউপা আৰু পূৰ্ণাংগ মাখি। জীৱনচক্ৰ সম্পূৰ্ণ হ’বলৈ এমাহতকৈ বেছি সময় লাগে, যদিও উষ্ণতা আৰু আন পাৰিবেশিক কাৰণত ইয়াৰ পৰিবৰ্তন হয়।
  • বেছি আদ্ৰৰ্তা থকা ঠাই, বেছি উত্তাপ, বোকামাটি, জংঘল জাতীয় ঠাই এই মাখিয়ে ভাল পায়।
  • এই মাখিয়ে সাধাৰণতে নিজৰ পচন্দৰ পাৰিৱেশিক অৱস্থাৰ মাজত কণী পাৰে যাতে পলুৰ বাবে প্ৰচুৰ খাদ্য পোৱা যায়।
  • এই মাখি পাৰিপাৰ্শ্বিকভাৱে অতি স্পৰ্শকাতঁৰ আৰু শুকান ঠাই সহ্য কৰিব নোৱাৰে।

কলাজ্বৰ কেনেকৈ চিনাক্ত কৰিব পাৰি ?

ক্লিনিকেল

জ্বৰ হ’লে এণ্টিবায়টিক আৰু মেলেৰিয়াৰোধক ঔষধ গ্ৰহণ কৰাৰ পাছতো যদি দুসপ্তাহলৈ কোনো পৰিবৰ্তন নহয়। এনিমিয়া, প্ৰগ্ৰেছিভ লিউক’পেনিয়া থ্ৰম্বচাইট’পেনিয়া আৰু হাইপাৰ গ্ৰামাগ্ল’বুলিনেমিয়া আদিবোৰ যদি লেবৰেটৰি পৰীক্ষাত পোৱা যায়।

পৰিক্ষাগাৰ

  • চেৰলজী পৰীক্ষা: কলাজ্বৰ চিনাক্ত কৰিবলৈ বিভিন্ন ধৰণৰ পৰীক্ষা আছে। যিবোৰ পৰীক্ষা সচৰাচৰ কৰা হয়, তাৰ ভিতৰত আছে- আপেক্ষিক প্ৰতিক্ৰিয়াশীলতা, স্বতন্ত্ৰভাৱে বা অপাৰেচনৰ যোগেদি ডাইৰেক্ট আগ্লুটিনেচন টেষ্ট, আৰকে৩৯ ডিপষ্টিক আৰু এলিছা পৰীক্ষা। এইবোৰ পৰীক্ষাৰ দ্বাৰা আইজিদি (IgG) এণ্টিবডি বিচৰা হয়, যিবোৰ বহু দিনলৈ জীয়াই থাকে। এলড্ৰিহাইড পৰীক্ষা সচৰাচৰ কৰা হয় যদিও এইটো কোনো বিশেষ কাৰণত কৰা পৰীক্ষা নহয়। আই জি এম চিনাক্ত কৰাৰ ওপৰত এতিয়াও পৰীক্ষা চলি আছে। কাৰ্য্যক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হোৱা নাই।
  • হাড়ৰ মজ্জা বা প্লিহা, লিম্ফনড এস্ৰিৰেচন বা উন্নত মাধ্যমত পৰজীৱি প্ৰতিপাদন হ’ল এই ৰোগৰ সাৰ্থক চিনাক্তকৰণ ব্যৱস্থা। শৰীৰৰ বিভিন্ন অংগৰ ওপৰত এস্ৰিৰেচনৰ প্ৰতিক্ৰিয়া নিৰ্ভৰ কৰে। প্লিহাৰ এস্ৰিৰেচনত প্ৰতিক্ৰিয়াশীলতা সকলোতকৈ বেছি হ’লেও উপযুক্ত চিকিৎসালয়ৰ এজন দক্ষ চিকিৎসকে এই কাম সঠিক আৰু সাৱধানতাৰে কৰিব পাৰে।

বিভিন্ন লক্ষণৰ পৰা ৰোগ নিৰ্ণয়

  • টাইফয়েড
  • মিলিয়াৰি টিউবাৰকুল’ছিছ
  • মেলেৰিয়া
  • ব্ৰুচেল’ছিছ
  • এমিঅ’বিক লিভাৰ এবছেছ
  • ইনফেকছিয়াছ মননুক্লিঅ’ছিছ
  • লিম্ফোমা লিউকেমিয়া
  • ট্ৰোপিকেল স্পিলেন’মেগালি
  • পৰ্টেল হাইপাৰ টেনচন

কলাজ্বৰৰ চিকিৎসা কি?

  • কলাজ্বৰৰ ঔষধ ভাৰতত পোৱা যায়।
  • ছডিয়াম স্থিবগ্লুক’নেট (ভাৰতত প্ৰস্তুত, ব্যৱহাৰ আৰু বিক্ৰীৰ বাবে পঞ্জীকৃত)
  • পেন্টামাইডিন ইছেথিঅ’নেট (আমদানি কৰা, ব্যৱহাৰৰ বাবে)
  • এম্ফোটেৰিচিন বি (ভাৰতত প্ৰস্তুত, ব্যৱহাৰ আৰু বিক্ৰীৰ বাবে পঞ্জীকৃত)
  • লিপ’চমাল এম্ফোটেৰিচিন বি(আমদানি কৰা, ব্যৱহাৰৰ বাবে)
  • মিলটেফ’চিন(আমদানি কৰা, ব্যৱহাৰৰ বাবে)

পিকেডিএল ৰ চিকিৎসা

  • কলাজ্বৰৰ বাবে SSGৰ সাধানৰ মাত্ৰা ১২০ দিনলৈ দিব পৰা যায়।
  • যিবোৰ ৰোগীৰ ক্ষেত্ৰত SSG ব্যৰ্থ হয়, তেওঁলোকে এম্ফটেৰিচিন বি ৩-৪ কৰ্চ দিব পৰা যায়।

ভাৰতত কলাজ্বৰৰ বৰ্দ্ধিত সমস্যা কি?

  • প্ৰধানকৈ বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগত সংক্ৰমিত ৰোগ হিচাপে দেখা যায়।
  • ৪৮ খন জিলা সংক্ৰমিত। আন কিছুমান জিলাৰ পৰাও বিক্ষিপ্তভাৱে কলাজ্বৰৰ সংক্ৰমণৰ বাতৰি পোৱা যায়।
  • ৪ খন ৰাজ্যৰ ১৬৫.৪ নিযুত লোক ইয়াৰ বাবে বিপদৰ মুখামুখি হৈছে।
  • গাওঁ অঞ্চলত বিশেষকৈ বাস কৰা দৰিদ্ৰ লোকসকল এইৰোগত আক্ৰান্ত হয়।

ভাৰতত কলাজ্বৰ নিয়ন্ত্ৰণৰ প্ৰচেষ্টা

  • কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰি কলাজ্বৰ আক্ৰান্ত অঞ্চলত ১৯৯০-৯১ৰ পৰা প্ৰতিৰোধ অভিযান আৰম্ভ কৰা হৈছে।
  • ভাৰত চৰকাৰে কলাজ্বৰৰ ঔষধ, কীটনাশক, আৰু প্ৰযুক্তিৰ সাহাৰ্য্য প্ৰদান কৰে আৰু ৰাজ্য চৰকাৰে প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু জিলা/আঞ্চলিক আৰু ৰাজ্যিক মেলেৰিয়া নিয়ন্ত্ৰণ সমিতিবোৰৰ যোগেৰে এই অভিযান কাৰ্য্যকৰী কৰে। প্ৰয়োজনীয় খৰচো বহন কৰে।
  • এই অভিযানৰ ভিতৰত আছে

বছৰত দুবাৰ ডিডিটি ৰ লগত আইআৰএছ মিলাই মাটিৰ পৰা ৬ ফুট উচ্চতাৰ ভিতৰত থকা বাহকবোৰক নিয়ন্ত্ৰণ কৰা। শীঘ্ৰে ৰোগ নিৰ্ণয় আৰু সম্পূৰ্ণ চিকিৎসা ব্যৱস্থা।

তথ্য-শিক্ষা আৰু যোগাযোগ শক্তিশালী কৰা।

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 5/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate