অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এইবোৰ খাদ্য কেন্সাৰৰ কাৰক

আমি দৈনিক এনে কিছুমান খাদ্য খাওঁ, যিবোৰ দেখাত সাধাৰণ যেন লাগিলেও সেইবোৰেই আমাৰ শৰীৰত কেন্সাৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। উদাহৰণস্বৰূপে কফিৰ কথাকেই ধৰক। ইন্টাৰনেচনেল এজেন্সি ফৰ্‌ৰিচাৰ্ছ অন কেন্সাৰ (IARC) অনুষ্ঠানটো হৈছে ৰাষ্ট্ৰসংঘৰ বিশ্ব স্বাস্থ্য সংস্থা (WHO) ৰেই এটা শাখা। উক্ত অনুষ্ঠানটোৱে চলোৱা গৱেষণাত ধৰা পৰিছে যে, কফিত কাৰচিনজেনিক বা কেন্সাৰ উৎপাদনকাৰী উপাদান থকা বুলি তেওঁলোকে কোনো প্রমাণ পোৱা নাই। পিচে অত্যাধিক গৰম কফি অথবা যিকোনো পানীয়ৰে যদি উষ্ণতা ৬৫ ডিগ্রী চেলছিয়াছৰ উৰ্ধত থাকে, তেন্তে কেন্সাৰ হোৱাৰ যথেষ্ট আশংকা থাকে। গৱেষণাটোৰ মতে এই উত্তপ্ত পানীয়বোৰে ডিঙিৰ ভিতৰৰ ছালৰ ক্ষতিসাধন কৰি থাকে আৰু এসময়ত খাদ্যনলীত কেন্সাৰৰ সৃষ্টি কৰে।

বর্তমান দহবিধ খাদাক কেন্সাৰৰ কাৰক বুলি চিনাক্ত কৰা হৈছে। তাৰ তালিকাখন তলত দিয়া হ’ল। এনে খাদ্যক আপোনালোকে যিমান পাৰে বৰ্জন কৰক।

প্ৰচ্ছেড বা সংৰক্ষণ কৰা মাংস

২০১৫ চনত ওপৰত উল্লেখ কৰা আই এ আৰ চি (IARC) অনুষ্ঠানটোৱে সংৰক্ষিত অথবা ৰান্ধি পেকেটত থোৱা মাংসক কেন্সাৰৰ (অতিপাত কাৰচিন'জেনিক) সৃষ্টিকাৰী কাৰক হিচাপে প্রথম স্থানত অন্তৰ্ভূক্ত কৰিছে। অনুষ্ঠানটোৰ গৱেষকসকলৰ মতে জুইত সেকা, নিমখত ৰখা, কিন্নন প্রক্রিয়াৰে সংৰক্ষিত বা ৰান্ধি ৰখা হট ডগ, হেম বা বেকন যদি দৈনিক ৫০ গ্রামো গ্রহণ কৰা হয়, তেনে ব্যক্তিৰ ১৮ শতাংশ অন্ত্ৰজনিত (কলৰেক্টেল) কেন্সাৰ হোৱাৰ আশংকা থাকে। সংৰক্ষিত মাংসত ছ’ডিয়াম নাইট্ৰেট আৰু ছডিয়াম নাইট্রেট নামৰ ৰাসায়নিক পদার্থবোৰে কেন্সাৰৰ সৃষ্টি কৰে। সেয়েহে সতেজ কটা মাংস বিশেষকৈ তৃণভোজী জন্তুৰ মাংসহে আহাৰৰ বাৰে গ্ৰহণ কৰা উচিত। তদুপৰি উক্ত অনুষ্ঠানটোৰ মতে ৰেড মিট বা পশুৰ মাংসত কাৰচিনজেন থাকে। এইবোৰৰ বিকল্পৰূপে ফল-মূল, আঁহজাতীয় শাক-পাচলি গ্রহণ কৰাটোহে অধিক উত্তম হ’ব।

মাইক্র’ৱেভ কৰা গোমধানৰ মাকৈ

গোমধানৰ মাকৈ ক্ষতিকাৰক খাদ্য নহয়। পিচে মাইক্ৰ’ৱেভ কৰা মাকৈত পাৰফ্লুৰুক্টানইক এচিড (PFoA) থাকে। ই হৈছে মানুহে সৃষ্টি কৰা ৰাসায়নিক দ্রব্য। তাতে যদি মাইক্ৰ’ৱেভ কৰা মাকৈত মাখন আৰু সুগন্ধি দ্রব্য যোগ দিয়া হয়, তেন্তে ই হাওঁফাওঁৰ কেন্সাৰ বা অন্য ৰোগ হোৱাৰ আশংকা বঢ়ায়। সেয়েহে উত্তম হ’ব যদিহে আপুনি প্রাকৃতিকভাবে সৃষ্টি কৰা গোমধানৰ মাকৈ গ্রহণ কৰে।

শোধন কৰা বগা ময়দাযুক্ত খাদ্য

বেছিভাগ পাওৰটী, কেক বা অন্যান্য সংৰক্ষিত বা সেকা খাদ্যত থকা বগা ময়দাত কোনো পৰিপুষ্টি সম্পন্ন উপাদান নাথাকে। তদুপৰি এইবোৰক ক্ল’ৰিন গেছ প্রয়োগ কৰি অধিক বগা কৰি তোলা হয়। ইয়াত গ্লাইচেমিক ইণ্ডেক্স নামৰ উপাদানবিধ অধিক পৰিমাণত থকাৰ কাৰণে ই তেজত চেনিৰ মাত্রা দ্রুতগতিৰে বঢ়াই তোলে। ইয়াৰ ফলত শৰীৰৰ কোষবোৰে ইনচুলিন উৎপাদনৰ ক্ষেত্ৰত বহুগুণে প্রতিৰোধী হৈ উঠে। এনে অৱস্থাত কেন্সাৰৰ সৃষ্টি হয় আৰু কেন্সাৰৰ কোষবোৰ দেহত সোনকালে বিয়পি পৰে৷ বগা ৰঙৰ ময়দাৰ সলনি ঘেঁহুৰ আটা, বাদামৰ আটা,চয়াবিনৰ আটাহে ব্যৱহাৰ কৰাটো উত্তম।

শোধন কৰা চেনি

শোধন কৰা চেনি, কৰ্ণ চিৰাপ বা ৰস (H FCS), অথবা শোধন কৰা চেনিবোৰ একেবাৰেই বর্জন কৰক কাৰণ এইবোৰেই হৈছে কেন্সাৰ সৃষ্টিকাৰী খাদ্য। শৰীৰৰ প্ৰতিটো কোষতে প্লুক’জ থাকে। কেন্সাৰৰ কোষবোৰে দেহৰ স্বাস্থ্যৱান কোষবোৰৰ তুলনাত ১০-১২ গুণ অধিক হাৰত গ্লুক’জৰ চেনি গ্রহণ কৰি থাকে। ১৯৩১ চনত জার্মানীৰ ন'বেল বঁটা প্রাপক অটো ৱাৰবাৰ্গ নামৰ বিজ্ঞানীজনৰ মতে কেন্সাৰৰ কোষবোৰে এক এচিডিক বা এচিড যুক্ত পৰিবেশত থাকে, য’ত PH নামৰ উপাদানবিধৰ মাত্রা হ’ল ৬°৪। চেনি হৈছে এবিধ উচ্চমাত্রাৰ এচিডযুক্ত দ্রব্য। অতিমাত্রা চেনি গ্রহণ কৰা ব্যক্তিসকল মেদবহুল হয় আৰু বেছিভাগ কেন্সাৰেই অতিমাত্রা মেদৰ বাবেই সৃষ্টি হয়। সেয়েহে চেনিৰ পৰিবর্তে গুৰ, মৌ, খেজুৰৰ চেনি অথবা ষ্টেভিয়া পাত খাওক।

নিমখত সংৰক্ষণ কৰা খাদ্য

নিমখ নামৰ দ্রবাবিধ যদিও আমাৰ শৰীৰৰ বাবে প্রয়োজনীয়, তথাপিও অত্যধিক বা বেছিকৈ নিমখ খালে পেটৰ ভিতৰত কেন্সাৰ হোৱাৰ আশংকা বাঢ়ি যায়। নিমখে বেক্টেৰিয়াম হেলিক’বাক্টৰ পাইলৰি নামৰ উপাদানবিধৰ ক্ৰিয়া-কলাপ বৃদ্ধি কৰে বুলি জনা গৈছে। উক্ত উপাদানবিধে পেটত জ্বলা-পোৰা কৰে, ঘাৰ  সৃষ্টি কৰে, যিবোৰে এসময়ত পেটৰ কেন্সাৰ ৰোগৰ কাৰক হৈ পৰে। তদুপৰি নিমখত সংৰক্ষণ কৰা খাদ্যত নাইট্রেট আৰু নাইট্রাইট নামৰ ৰাসায়নিক দ্রব্যবোৰ থাকে। সিহঁতে যদিও নিজে কেন্সাৰৰ কাৰক নহয়। তথাপিও কিছুমান পৰিবেশত সিহঁত এন-নাইট্র’ছ’ নামৰ এবিধ যৌগ পদাৰ্থলৈ পৰিণত হয়; এনে যৌগ পদার্থত নাইট্র’ছামাইনছ আৰু নাইট্র’ছমাইডছ উপস্থিত থাকে, যিবোৰে কেন্সাৰ ৰোগ হোৱাৰ আশংকা বৃদ্ধি কৰে৷ গতিকে পেকেটত ৰখা খাদ্য বর্জন কৰক আৰু চকুৰ সমুখত ৰন্ধা খাদ্যহে খাব। অৱশ্যে এনে সতেজ খাদ্যতো কিন্তু নিমখৰ মাত্রা বেছ কম হ'ব লাগিব। আনহাতে আপুনি নিজে ৰন্ধা খাদ্যতো দিয়া নিমখৰ মাত্রা কমাই তাৰ পৰিৱর্তে সেই খাদ্যত নেমু ৰস, সেউজীয়া আৰু সতেজ দ্রব্য যেনে দালচেনি, জিৰা, তুলসী, ধনিয়াপাত, জালুক আদি খাদ্যৰ জুতি বঢ়াই তুলিবলৈ চেষ্টা কৰক।

হাইড্ৰ’জেনযুক্ত তেল বা বনস্পতি

বিপদ মাতিব পৰা খাদাবোৰৰ ভিতৰত হাইড্ৰ’জেনযুক্ত তেলবোৰ হৈছে অন্যতম। হাইড্রজেনেৰেশ্যন পদ্ধতিত তেলবোৰক অধিক ডাঠ হ’বলৈ আৰু অধিক দিন ধৰি টিকি থকাৰ কাৰণে তেলবোৰত হাইড্ৰ'জেন গেছ ব্যৱহাৰ কৰা হয়। ভাৰতবৰ্ষত উৎপাদিত হোৱা বনস্পতি ঘিউবোৰ হ'ল হাইড্রজেনেৰেটেড কৰা পাচলিৰ তেলৰ এক অন্যতম উদাহৰণ। এনেধৰণৰ বনস্পতি তেলবোৰ সস্তীয়া হোৱাৰ কাৰণে ইয়াক মাখন আৰু ঘিউৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা হয়। হাইড্রজেনেৰেটেড তেলবোৰক ট্রান্স-ফেট হিচাপেও জনা যায়। এনে তেলক বিস্কুট আদি সংৰক্ষিত আহাৰবোৰক প্রস্তুতৰ ক্ষেত্ৰত ব্যবহাৰ কৰা হয়, আপুনি জানেনে যে, ট্রান্স-ফেট বা ট্রান্স চর্বি বৃদ্ধিয়ে মহিলাসকলৰ স্তন কেন্সাৰৰ আশংকা বঢ়াই তোলে?

মীন পামত থকা মাছবোৰ

জনা গৈছে যে, যিবোৰ চালমন মাছক মীন পামত ৰাখি প্রতিপালন কৰা হয়, সেইবোৰ চালমন মাছৰ দেহত পলিক্ল’ৰিনেটেড বাইফেনাইল থাকে বুলি জনা গৈছে৷ এইবিধ ৰাসায়নিক দ্রব্যই কেন্সাৰৰ সৃষ্টি কৰে। তদুপৰি পামত পোহা মাছবোৰক চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা কীটনাশক আৰু এন্টিবায়’টিক্স দৰববোৰ বিশেষকৈ কাৰ্চিন'জেনিক হয়।

চ’ডাযুক্ত পানীয়

চডাযুক্ত পানীয়বোৰত চেনি আৰু কেলৰি বহুত স্বাস্থ্যৰ বাবে অতিশয় ক্ষতিকাৰক। গৱেষণাৰ ফলত জনা গৈছে যে, এজন ব্যক্তিয়ে এসপ্তাহত যদি এনে চডাযুক্ত পানীয় সেৱন কৰে, তেন্তে তেওঁৰ শৰীৰৰ ভিতৰত থকা পেনক্রিয়াছ নামৰ অংগটোৱে উৎপাদন কৰা ইনচুলিনৰ পৰিমাণ অধিক পৰিমাণে বাঢ়ি যায়, যাৰ ফলত তেওঁৰ পেনক্রিয়াছত হোৱা কেন্সাৰ ৰোগৰ আশংকা দুগুণে বৃদ্ধি হয়।তদুপৰি কোমল পানীয়ত ব্যৱহাৰ কৰা ৰঙৰ বাৰে যিবোৰ কেৰামেল ৰং ব্যৱহৃত হয়, সেই ৰংবোৰ ৪-মিথাই লিমিডাজ’ল নামৰ এবিধ ৰাসায়নিক যৌগৰ পৰা আহৰণ কৰা হয়। সেইবিধ ৰাসায়নিক যৌগই কেন্সাৰ ৰোগ হোৱাৰ আশংকা বহুগুণে বঢ়াই তোলে।

জিন পৰিবর্তন কৰা খাদ্য

বর্তমান সঘনে প্রশ্ন হৈছে যে, যিবোৰ খাদ্যক উদ্ভিদ আৰু জীৱ-জন্তুৰ জিনৰ ডিএনএ সলনি কৰি প্রস্তুত কৰা হয়। সেইবোৰ খাদ্য কেন্সাৰ ৰোগৰ কাৰণ হয় নে নহয় ? এই বিষয়ৰ ওপৰত বহুদিন ধৰি বিতর্ক, সমালোচনা চলিয়েই আছে। ফ্রান্সত চলোৱা এক গৱেষণাত ধৰা পৰিছে পৰীক্ষাগাৰত ৰখা যিবোৰ এন্দুৰক জিন ৰূপান্তৰিত মাকৈ খাবলৈ দিয়া হৈছে, সিহঁতৰ বুকুত টিউমাৰ যে হৈছে, সিহঁতৰ যকৃৎ আৰু সলনি কৰা খাদ্যক বৰ্জন কৰি জৈৱিক সাৰত হোৱা মাংস খাওক।

ফ্রেন্স ফ্রাইজ

ফ্রেন্স ফ্রাইজ বুলি বিখ্যাত এবিধ মচমচীয়া আলু ভজা আৰু আলুৰ ছিপছবোৰক শৰীৰৰ কাৰণে বেছ ক্ষতিকাৰক বুলি কোৱা হয় কাৰণ, সেইবোৰত কেন্সাৰ সৃষ্টিকাৰী এক্রিলামাইড নামৰ ৰাসায়নিক উপাদানবিধ থাকে। এই একেবিধ ৰাসায়নিক উপাদানক চিগাৰেটৰ পৰা নিৰ্গত হোৱা ধোঁৱাতো পোৱা গৈছে। যেতিয়া এবিধ শর্কৰাযুক্ত খাদ্যক উচ্চমাত্ৰাৰ তাপ বা উষ্ণতাত ৰন্ধা হয়, তেতিয়া খাদ্যবিধত থকা চেনি আৰু এবিধ এমিনো এচিডৰ মাজত হোৱা ৰাসায়নিক উপাদানবিধৰ সৃষ্টি হয়। সেয়েহে মচমচীয়া ফ্রেন্স ফ্রাইজৰ বিকল্পস্বৰূপে আপুনি বাদাম আৰু ফল খাওক। আনহাতে আপুনি যদি আলুৰ ছিপছ খাবলৈ বৰ ইচ্ছা কৰে, তেন্তে সেকা আলুৰ ছিপছহে খাব।

লেখিকা: বন্দিতা ফুকন, সাদিন।

শেহতীয়া উন্নীতকৰণ: : 12/12/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate