অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৰ্কট ৰোগ

কৰ্কট ৰোগ

জীৱ মৰণশীল। এয়া চিৰন্তন সত্য যদিও প্রকৃতিয়ে পাহৰাই ৰাখি যাবলৈ সুবিধা দিয়ে। কিন্তু যেতিয়া বিপদৰ সন্মুখীন হয় বা সাংঘাতিকভাৱে ৰোগগ্রস্ত হয়, তেতিয়া সেই প্রকৃতিয়েই আমাক বিপদৰ সন্মুখীন হ'বলৈ বা বিপদ প্রতিবোধ কৰিবলৈ আমাৰ জীৱন যে ক্ষণস্থায়ী সেই কথা মনলৈ আনি সতর্ক কৰি দিয়ে। আৰু সেই সতর্কবাণী অনুসৰি আমি বিপদ বা বেমাৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্রহণ কৰে।

কর্কট ৰোগ সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰীয়ে কৰা ঘোষণাই ৰোগী আৰু ৰোগীৰ পৰিয়ালক সকাহ দিব বুলি ভালোঁ। স্বাস্থ্য মন্ত্ৰীয়ে ঘোষণা কৰাৰ দৰে যদি প্ৰতিখন চৰকাৰী চিকিৎসালয়ত (প্রশিক্ষণপ্রাপ্ত কর্মচাৰীৰ সৈতে) এটা কৰ্কট ৰোগকক্ষ স্থাপন কৰা হয়, তেতিয়া অসমৰ নিচিনা কৰ্কট ৰোগৰ প্রৱণতা থকা ৰাজ্যৰ বাবে বৰ সুখৰ কথা হ’ব। আকৌ কর্কট ৰোগ, বৃক্কৰ ৰোগ আদিত ভোগাজনক বছৰত দুই লাখ টকাৰ চিকিৎসা সাহায্য দিয়াৰ কথাও কৈছে। নৱেম্বৰ মাহটো কর্কট ৰোগ সজাগতা মাহ হিচাপে পালন কৰাটো অসমৰ দৰে কৰ্কট ৰোগপ্রৱণ ৰাজ্যৰ বাবে অতি আৱশ্যক। আন বহু অসুখৰ দৰে কৰ্কট ৰোগ হোৱাৰ বাবে কোনো এটা কাৰকক দায়ী কৰিব নোৱাৰি। এই ৰোগৰ বিভিন্ন কাৰণ দেখা যায়, শৰীৰৰ বিভিন্ন অংগত হোৱা কেতিয়াবা কাৰণসমূহৰ এটাও নোহোৱাকৈও এই ৰোগত আক্রান্ত হোৱা দেখা যায়।

এই ৰোগৰ প্ৰথম আৰু প্রধান কাৰণ হিচাপে ধঁপাত সেৱনকে দায়ী কৰা হয়। নিজে ধূমপান নকৰিলেও ওচৰত থকা আন ব্যক্তিয়ে সেৱন কৰা ধঁপাতৰ ধোঁৱাৰ পৰাও এই ৰোগ হ’ব পাৰে বুলি কোৱা হয়। অন্যান্য বেছি শকত আৰু বেছি ওজনৰ ব্যক্তি, উপযুক্ত আহাৰ গ্ৰহণ নকৰা, পৰিশ্রমবিমুখ, অত্যধিক সুৰাপান, কিছুমান সোঁচৰা ৰোগত ভোগা ব্যক্তি, উন্মুক্ত আয়’নাইজিং বিকিৰণৰ মুখামুখি হোৱা, দুযিত বায়ুমণ্ডল, কিছু কিছু ক্ষেত্ৰত হেপাটাইটিচ, ‘বি’ বা হেপাটাইটিচ 'চি'ত ভূগিলে। বংশানুক্রমিক ফালৰ পৰা খুব কম সংখ্যক মানুহক এই ৰোগত ভোগা দেখা যায়।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ম’বাইল ফ’নৰ পৰা হোৱা বিকিৰণ, বৈদ্যুতিক শক্তি পৰিবহণৰ ফলত উদ্ভৱ হোৱা বিকিৰণ আৰু এনেকুৱা আন বিকিৰিত উৎস সম্ভাব্য কর্কট ৰোগৰ কাৰণ। অৱশ্যে ম’বাইল ফ’ন আৰু কৰ্কট ৰোগৰ মাজত কোনো সম্বন্ধ এতিয়ালৈকে হোৱা অধ্যয়নত ধৰা পৰা নাই। কিছুমান বাহ্যিক কাৰণেও (Physical agent) এই ৰোগ হোৱাৰ ক্ষেত্ৰত সহায় কৰে। উদাহৰণস্বৰূপে এছবেষ্টছ বা কোনো ধাতুৰ গুড়ি উশাহৰ লগত মানৱ দেহত প্রৱেশ কৰি এই ৰোগ ঘটাব। পাৰে।

অন্যান্য ৰোগৰ দৰে কৰ্কট ৰোগৰ ক্ষেত্ৰতো প্রতিৰোধী ব্যৱস্থা গ্রহণ কৰিব পাৰি। ধঁপাত আৰু সুৰা ব্যৱহাৰ নকৰি এই বেমাৰৰ ক্ষতিৰ সম্ভাৱনা কমাব পাৰি। ওজন বৃদ্ধি আৰু বেছি শকত নহ’বৰ বাবে চেষ্টা কৰিব লাগে। ইয়াৰ বাবে নিয়মিত শাৰীৰিক পৰিশ্রম বা ব্যায়াম কৰা উচিত। উপযুক্ত পৰিমাণে আহাৰ গ্ৰহণ কৰিব লাগে। দুষিত বায়ুমণ্ডল এৰাই চলিব নোৱাৰি যদিও নোৱাৰি যদিও নিজে বাস কৰা ঘৰটো আৰু ঘৰৰ চৌহদ দোষমুক্ত কৰাৰ চেষ্টা কৰিব লাগে। ঘৰৰ ভিতৰত মহ-মাখি, পইতাচোৰা আদি থকাৰ পৰিৱেশ হ’বলৈ দিব নালাগে। কাৰণ এইসমূহ খেদিবলৈ ব্যৱহাৰ কৰা দ্রব্যসমূহ নিৰাপদ নহয়। ফল-মূল, কেঁচা শাক-পাচলি প্ৰচুৰ পৰিমাণে খাব লাগে। সুবিধা থাকিলে এইবোৰ ঘৰত উৎপাদন কৰিব পাৰিলে ভাল। কাৰণ মাত্ৰাধিক ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ আৰু কীটনাশকে এই ৰোগ হোৱাত অৰিহণা যোগায়। সোঁচৰা ৰোগৰ প্ৰতিষেধক সময় মতে ল’ব লাগে। সংৰক্ষণ কৰা মাংস আৰু ৰঙা মাংস (Red meat) ব্যৱহাৰ কৰিব নালাগে। চোকা ৰ’দত দীর্ঘ সময় থাকিব নালাগে।

কাচিৎহে এই ৰোগ আৰম্ভণিতে ধৰা পাৰে, কাৰণ প্রথম অৱস্থাত ইয়াৰ লক্ষণসমূহ ইমান সাধাৰণ যে লক্ষ্য কৰিব লগা নহয়েই। যেতিয়া লক্ষ্য কৰিব লগা হয়, তেতিয়া ৰোগ পুৰণা হয়।

অসমৰ যিকেইখন ঠাইত এই ৰোগৰ প্ৰাদুৰ্ভাৱ সেই ঠাইসমূহৰ লগত এই ৰোগ নথকা ঠাইৰ বিভিন্ন কাৰকৰ এটা তুলনামূলক অধ্যয়ন হ’লে হয়তো কিছু তথ্য পোৱা যাব পাৰে আৰু এই তথ্যৰ সহজ হ'ব। তুলনামূলক অধ্যয়ন কৰোঁতে বিভিন্ন কাৰক, যেনে- ভূগৰ্ভৰ পানী, দৈনিক গ্ৰহণ কৰা খাদ্যৰ ধৰণ যেনে- কিছুমান মানুহৰ বাঁহী খাদ্যৰ খোৱা অভ্যাস, অসমীয়া মানুহে ব্যৱহাৰ কৰা খাৰ, টেঙা আদি, তামোল-পাণ খোৱা, বায়ুমণ্ডলত থকা অশুদ্ধি, অসমৰ প্রায়বোৰ মানুহৰে সঘনাই হোৱা পেটৰ অসুখৰ পৰা উপশম পাবলৈ ব্যৱহাৰ কৰা বিভিন্ন ঔষধ ইত্যাদি অধ্যয়নৰ আওতালৈ আনিব লাগিব।

বিকল্প চিকিৎসাৰ দ্বাৰা এই ৰোগ আৰোগী কৰিব পাৰি নেকি এই বিষয়েও গবেষণা হোৱা ভাল।

দেশৰ অন্য ৰাজ্যতকৈ অসমৰ জনসাধাৰণে ভেজাল খাদ্য বেছি পৰিমাণে গ্রহণ কৰে। ইয়াৰ কাৰণ আমাৰ দৈনন্দিন প্ৰয়োজন হোৱা খাদ্যৰ সকলোখিনি আমি বজাৰৰ পৰা আহৰণ কৰিব লাগে। ব্যৱসায়ীসকলে লাভ বেছি হ’বলৈ বিভিন্ন অখাদ্য খাদ্য সামগ্ৰীত মিহলাই ব্যৱসায়িক, খেতিয়কসকলে উৎপাদন বৃদ্ধি কৰিবলৈ বিভিন্ন ৰাসায়নিক সাৰ আৰু কীটনাশক দ্রব্য মাত্ৰাধিক পৰিমাণে ব্যৱহাৰ কৰে। দুগ্ধ উৎপাদকসকলে গাখীৰৰ উৎপাদন বৃদ্ধি হ’বলৈ আৰু গাখীৰ খীৰোৱাৰ পাছত পৰিমাণ বঢ়াবলৈ মানৱ দেহৰ বাবে বিষাক্ত দ্রব্য ব্যৱহাৰ কৰে। চালানী মাছৰ বাদেও স্থানীয় মাছতো বহু সময়ত সতেজ হৈ থাকিবৰ বাবে বিষাক্ত বাসায়নিক দ্রব্য ব্যৱহাৰ কৰা হয়।

সাধাৰণ গ্রাহকে এই খাদ্য সামগ্ৰীবোৰ চিনি নাপায় আৰু পালেও উপায় নাই, কিনিবতো লাগিবই। গতিকে চৰকাৰৰ ফালৰ পৰা এই ভেজাল দ্রব্যসমূহ চিনাক্ত কৰি শুধৰণিৰ ব্যবস্থা গ্রহণ কৰিব লাগিব। তাকে নকৰিলে কর্কট ৰোগ বা অসমত ক্ৰমান্বয়ে বাঢ়ি অহা বৃক্কৰ ৰোগৰ ক্ষেত্ৰত যিমানেই চৰকাৰে টকা-পইচা খৰচ নকৰক ই ফুটা পাত্ৰত পানী ভৰোৱাৰ নিচিনাহে হ’ব।

লিখক: প্ৰভাত কুমাৰ বৰঠাকুৰ, দৈনিক জনমভূমি।

শেহতীয়া উন্নীতকৰণ: : 2/27/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate