অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৰ্কট ৰোগ নিৰ্ণয়ৰ নতুন যন্ত্ৰঃ

কৰ্কট ৰোগ নিৰ্ণয়ৰ নতুন যন্ত্ৰঃ

চমু বিৱৰণ

‘কেঞ্চাৰ ন’ এনছাৰ’ বুলি বহুলভাৱে আমাৰ সমাজত এটি ধাৰণা প্ৰচলন হৈ আছে যদিও বৰ্তমান উন্নত ৰোগ নিৰ্ণয় পদ্ধতি, উন্নতমানৰ ঔষধ, কেমোথেৰাপী ইত্যাদিৰ সহায়ত বহু ধৰণৰ কৰ্কট ৰোগ নিৰ্মূল কৰা সম্ভৱ হৈছে। কৰ্কট ৰোগ নিৰ্ণয়ত বিলম্ব হ’লে জটিলতাৰ সৃষ্টি হয়। বিশ্বজুৰি আটাইতকৈ বেছি গৱেষণা চলি আছে কৰ্কট ৰোগৰ নিৰ্ণয়, চিকিত্সা ইত্যাদিৰ বাবে।

কৰ্কট ৰোগ নিৰ্ণয়ৰ নতুন প্ৰযুক্তি

জাপানৰ কৰ্কট ৰোগ বিজ্ঞানীৰ এটি দলে আধুনিক প্ৰযুক্তি বিজ্ঞানৰ সহায়ত কৰ্কট ৰোগ নিৰ্ণয়ৰ এটি নতুন প্ৰযুক্তি উদ্ভাৱন কৰিবলৈ সমৰ্থ হৈছে। বহু জটিল যন্ত্ৰপাতিৰ সহায় নোলোৱাকৈ ৰোগীৰ শ্বাস-প্ৰশ্বাস পৰীক্ষাৰ দ্বাৰাই অতি সহজে কৰ্কট ৰোগ চিনাক্ত কৰিব পৰাৰ ব্যৱস্থা। জাপানী বিজ্ঞানীৰ দলটোৱে এটি চেন্সৰ নিৰ্মাণ কৰিছে। এই চেন্সৰ স্মাৰ্টফোন বা অন্য তেনেধৰণৰ ডিভাইচৰ লগত সংযুক্ত কৰি কৰ্কটৰ উপৰি স্বাস্থ্যবিষয়ক নানা ধৰণৰ পৰীক্ষা কৰা সম্ভৱ হ’ব। এনে ধৰণে স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা হ’লে ৰোগ নিৰ্ণয় পদ্ধতি সহজে হ’ব আৰু জনসাধাৰণ উপকৃত হ’ব। এই যন্ত্ৰ জাপানৰ নেচনেল ইনষ্টিটিউট ফৰ মেটেৰিয়েল ছায়েন্সত প্ৰস্তুত কৰা হৈছে। এই যন্ত্ৰই মানুহৰ শ্বাস-প্ৰশ্বাসৰ পৰীক্ষা কৰি উচ্চমানৰ নিৰ্ভুলভাৱে ৰোগ নিৰ্ণয় কৰিবলৈ সমৰ্থ হ’ব। এই প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছে কিয়োছেৰা কৰ্পৰেচন, এন ই চি, ছুমিতোমো ছেইকা কেমিকেল, ওছকা বিশ্ববিদ্যালয় ইত্যাদি। গৱেষকসকলে চেন্সৰৰ লগতে এটি ফিল্মো তৈয়াৰ কৰিছে, ইয়াত আছে এটি সৰু চিপ। কেই মিলিমিটাৰ আকাৰৰ বৰ্গকাৰ এই চিপত শ্বাস-প্ৰশ্বাস পৰীক্ষাৰ পৰা বিশেষকৈ কৰ্কট ৰোগ আছে নে নাই তাক ভালদৰে চালি-জাৰি চাব পৰা যায়। ইয়াক স্মাৰ্টফোন বা তেনে ধৰণৰ ডিভাইচৰ লগত সংযুক্ত কৰা হয়। ইয়াত গ্ৰাফৰ দ্বাৰা তথ্য পৰিৱেশন কৰিব এই যন্ত্ৰই। গৱেষণা প্ৰতিষ্ঠানে জনোৱা মতে আৰু কিছু উন্নত কৰি মাথোঁ শ্বাস-প্ৰশ্বাস পৰীক্ষা কৰি এই চেন্সৰৰ পৰাই জানিব পৰা যাব ৰোগীৰ কেনেধৰণৰ কৰ্কট ৰোগ আছে। বৰ্তমান অৱস্থাত এই বিশেষ চেন্সৰ তৈয়াৰ কৰোঁতে বহুল পৰিমাণৰ ধন ব্যয় হ’ব। অৱশ্যে যেতিয়া ইয়াক বহুলভাৱে প্ৰস্তুত কৰা হ’ব তেতিয়া ইয়াক কম দামতে সকলোৱে ব্যৱহাৰ কৰিবৰ বাবে দিব পৰা যাব। জাপানত হেজাৰ হেজাৰ লোকৰ মৃত্যুৰ কাৰণ কৰ্কট ৰোগ। জাপানত প্ৰতিবছৰে ৪ লক্ষ মানুহৰ অকল কৰ্কট ৰোগতে মৃত্যু হয়। ভাৰতবৰ্ষতো কৰ্কট ৰোগৰ মৃত্যুৰ হাৰ আন ৰোগতকৈ অধিক।

এই শ্বাস-প্ৰশ্বাসৰ পৰাই কৰ্কট ৰোগ নিৰ্ণয়ৰ বহুল ব্যৱহাৰ ৰোগ নিৰ্ণয়ত সহায়ক হোৱাৰ উপৰি ৰোগীৰ কৰ্কট ৰোগ নিৰ্ণয়ৰ ব্যয় কমিব। যিমান সোনকালে এই যন্ত্ৰটি বজাৰত উপলব্ধ হ’ব সিমানেই মানুহৰ উপকাৰ হ’ব।

উৎসঃ অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 6/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate