অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মেদবহুলতা আৰু কৰ্কট ৰোগ

মেদবহুলতা আৰু কৰ্কট ৰোগ

মেদবহুলতাৰ সমস্যাত ভোগাসকল বাবে এটি দুঃখবৰ কঢ়িয়াই আনিছে ‘লেঞ্চেট’ নামৰ মেডিকেল জাৰ্নেলখনে। জাৰ্ণালখনত প্ৰকাশ পোৱা এটি গৱেষণামূলক নিবন্ধৰ মতে শকত ব্যক্তিৰ দহ প্ৰকাৰৰ বিভিন্ন ধৰণৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। এই কথা জানিব পাৰে ‘লণ্ডন স্কুল অব্‌ হাইজিন এণ্ড ট্ৰপিকেল মেডিচিন’ৰ গৱেষকৰ এটি দলে কৰা অধ্যয়নৰ জৰিয়তে। ৫০ লাখ লোকক সামৰি কৰা বৰ্তমানলৈকে সৰ্ববৃহৎ এই গৱেষণাৰ জৰিয়তে গৱেষকগণে কৰ্কট ৰোগ আৰু স্থুলকায়ৰ মাজত কিবা সম্পৰ্ক থাকিব পাৰে নেকি, সেই বিষয়ে জানিবলৈ চেষ্টা কৰিছিল। অধ্যয়নৰ কালত গৱেষকগণে জানিব পাৰি যে বৃটেইনত কৰ্কট ৰোগত আক্ৰান্ত প্ৰায় ১২,০০০ জনৰ ৰোগবিধ হোৱাৰ এটি অন্যতম কাৰণ আছিল মেদবহুলতা। তেওঁলোকৰ মতে মানুহৰ শৰীৰত ওজন ১৩ৰ পৰা ১৬ কিলোগ্ৰাম বৃদ্ধি পোৱা মানে ৬ ধৰণৰ কৰ্কট ৰোগ হোৱাৰ আশংকা বাঢ়ি যোৱা। স্থুলকায়ৰ ফলত সৰ্বাধিক হোৱা কৰ্কট ৰোগবিধ হ’ল গৰ্ভাশয়ৰ কৰ্কট ৰোগ। ইয়াৰ পিছতে পিত্তাশয়, বৃক্ক, থাইৰয়ড আৰু ৰক্ত কৰ্কট ৰোগ হোৱাৰ আশংকা বৃদ্ধি পায়। স্থুলকায়ৰ সমস্যাত ভোগাসকলৰ যকৃত, মলাশয়, ডিম্বাশয় আৰু স্তন কৰ্কট ৰোগ হোৱাৰো পূৰ্ণ আশংকা থাকে। অৱশ্যে স্থুলকায়ৰ সমস্যাই কৰ্কট ৰোগ হোৱাত কেনেদৰে অৰিহণা যোগায়, সেই বিষয়ে জানিবলৈ আৰু অধিক গৱেষণা কৰাৰ প্ৰয়োজন হ’ব বুলিও লগতে প্ৰকাশ কৰিছে গৱেষকজনে।

লিখকঃ চন্দন কুমাৰ কলিতা, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 4/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate