অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্তনৰ কৰ্কট ৰোগ

স্তনৰ কৰ্কট ৰোগ

স্তনৰ কৰ্কট ৰোগ বিশ্বব্যাপী মহিলাৰ কৰ্কটজনিত মৃত্যুৰ প্ৰধান কাৰণ। তথ্য অনুসৰি মহিলাৰ কৰ্কটজনিত মৃত্যুৰ ১৩.৭ শতাংশই হয় স্তনৰ কৰ্কট ৰোগৰ বাবে। সেয়ে স্বাস্থ্য সচেতন প্ৰতিগৰাকী ব্যক্তিয়েই স্তনৰ কৰ্কট প্ৰতিৰোধ সম্ভাৱনীয়াতা সম্পৰ্কে জানিবলৈ আগ্ৰহী হোৱাটো স্বাভাৱিক। সহজভাৱে যিবোৰ কাৰকে ইয়াৰ সম্ভৱনা বঢ়ায়, সেইবোৰ ৰোধ কৰিব পৰা গ’লেই ৰোগ প্ৰতিৰোধ সম্ভৱ হ’ব পাৰে। গতিকে পোনতে আমি কাৰকসমূহ জানি ল’ব লাগিব।

স্তনৰ কৰ্কট ৰোগৰ সম্ভাৱনা বঢ়োৱা কাৰকসমূহক আমি দুই ভাগত ভগাব পাৰো-

(ক) অপৰিৱৰ্তনীয়(Non-Modifisble): যিবোৰৰ ওপৰত আমাৰ হাত নাই আৰু

(খ) স্ংশোধনযোগ্য(Modifiable): যিবোৰৰ স্ংশোধনেৰে কৰ্কটৰ আশ্ংকা হ্ৰাস কৰা সম্ভৱ।

মহিলা হোৱাটোৱেই প্ৰথমটো অপৰিৱৰ্তনীয় কাৰক বুলি ক’ব পাৰি। নাৰীত্বৰ বাবে প্ৰয়োজনীয় বিভিন্ন হৰমোন আদি স্তনৰ কৰ্কটৰ বাবে দায়ী। ক্ৰমবৰ্দ্ধমান বয়স আন এটা অপৰিৱৰ্তনীয় কাৰক-বয়স বঢ়াৰ লগে লগে স্তনৰ কৰ্কটৰ আশ্ংকাও বঢ়ি গৈ থাকে। দেখা গৈছে যে দুই তৃতীয়াংশ ৰোগীয়েই ৫৫ বছৰ বা তাৰ ওপৰৰ বয়সৰ। পৰিয়ালৰ কাৰোবাৰ পূৰ্বতে এই ৰোগ হোৱাৰ নজিৰ থাকিলে, বিশেষকৈ প্ৰথম শৰীৰৰ সম্পৰ্কীয় (মাক, ভনীয়েক-বায়েক বা জীয়েক) ব্যক্তিৰ এই ৰোগ হোৱাৰ নজিৰ থাকিলে, যিকোনো মহিলাৰ ক্ষেত্ৰত আশ্ংকা অইনতকৈ দুগুণ বেছি বুলি ধৰিব পাৰি। কিছুদিন আগেয়ে স্তনৰ কৰ্কট ধৰা পৰা বাংলদেশী লেখিকা তছলিমা নাচৰিণৰ মাতৃও এই ৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিছিল। জেনেটিক গঠন অন্য এক কাৰক, ৫ৰ পৰা ১০ শতাংশ স্তনৰ কৰ্কট বিশেষধৰণৰ অস্বাভাৱিক জেনেটিক গঠনৰ বাবে হয় আৰু এই প্ৰৱণতা এটা প্ৰজন্মৰ পৰা আনটোলৈ প্ৰবাহমান হৈ থাকে। মহিলা এগৰাকীৰ এটা স্তন আক্ৰান্ত হ’লে আনটো স্তনো আক্ৰান্ত হোৱাৰ আশ্ংঅকা ৩ৰ পৰা ৪ গুণ বেছি হয়। জনগোষ্ঠীগতভাৱে বগা ছালৰ মহিলাৰ আশ্ংকা বেছি। শান্তি বা তোলনী ১২ বছৰতকৈ কম বয়সত হ’লে বা ৰজোনিবৃতি ৫৫ বছৰৰ অধিক বয়সত হ’লে স্তনৰ কৰ্কট হোৱাৰ সম্ভৱনা বেছি বুলি বুজিব লাগে। গৱেষণাৰ পৰা দেখা গৈছে যে যিসকল মহিলাৰ স্তন তুলনামূলকভাৱে কঠিন হয়, তেওঁলোকৰ কৰ্কট হোৱাৰ সম্ভাৱনা স্বাভাৱিক কোমল স্তনৰ মহিলাতকৈ প্ৰায় ছয়গুণ অধিক।

ওপৰত উল্লেখিত কাৰকসমূহ আমি সলাব নোৱাৰো। কিন্তু এনে কেতবোৰ কাৰকো আছে যিবোৰৰ কিছু পৰিৱৰ্তন বা স্ংশোধনৰ দ্বাৰা স্তনৰ কৰ্কটৰ সম্ভৱনা লাঘৱ কৰাটো সম্ভৱ। প্ৰথমেই উল্লেখ কৰিব পাৰি মেদবহুলতা বা শৰীৰৰ বেছি ওজন। স্বভাৱিক ওননৰ সু-স্বাস্থ্যৰ মহিলা এগৰাকীতকৈ অধিক ওজনৰ মেদবহুল মহিলা এগৰাকীৰ স্তনৰ কৰ্কট হোৱাৰ সম্ভৱনা বেছি। সেয়ে শৰীৰৰ ওজন বয়স আৰু উচ্চতা অনুসাৰে নিৰ্দিষ্ট স্বাস্থ্যসন্মত সীমাৰ ভিতৰত ৰাখিবলৈ যত্ন কৰিব লাগে। কেঁচুৱাক কৰোৱা স্তন্যপানে স্তনৰ কৰ্কটৰ সম্ভাৱনা হ্ৰাস কৰে। যিমানে বেছি স্তন্যপান কৰোৱা হয়-সিমানে মহিলাগৰাকীৰ বাবে ভাল। মদ্যপান একেবাৰে বৰ্জন কৰা উচিত, এয়া সন্দেহাতীতভাৱে প্ৰমাণ হৈছে যে অইন কেতবোৰ সমস্যাৰ লগতে মদ্যপানৰ অভ্যাসে স্তনৰ কৰ্কটৰ আশ্ংকাও বঢ়ায়। টেমুনা বা লডা থকা স্তনত কৰ্কট হোৱাৰ সম্ভাৱনা টেমুনা বা লডাহীন মসৃন স্তনতকৈ বেছি। সেয়ে স্তনত কিবা লডা(Lump)আদি উত্পত্তি হৈছে নেকি সেয়া নিয়মীয়াকৈ নিজেই পৰীক্ষা কৰি থাকিব লাগে আৰু লডা বা টেমুনাৰ অৱস্থিতি গম পালে চিকিতসকৰ পৰামৰ্শ গ্ৰহন কৰাত পলম কৰিব নালাগে। ৰেডিঅ’থেৰাপি বা এক্স ৰে’ আদিৰ সংস্পৰ্শলৈ, বিশেষকৈ ৩০ বছৰৰ বয়সৰ পূৰ্বে আহিলে স্তনৰ কৰ্কট হোৱাৰ সম্ভাৱনা বাঢ়ে। কৈশোৰাৱস্থাত লেজাৰ বিকিৰণৰ দ্বাৰা শালমইনাৰ চিকিৎতসা কৰালে পিছৰ কালত স্তনৰ কৰ্কট হোৱাৰ সম্ভাৱনা বাঢ়ে। মহিলাৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ চিকিত্সাত ব্যৱহৃত কিছুমান হৰমোনেও স্তনৰ কৰ্কট কৰাব পাৰে। শাৰীৰিক পৰিশ্ৰমহীন জীৱন শৈলী এক অন্যতম কাৰক- দেখা গৈছে যে নিয়মিয়াকৈ দৈনিক কমেও এঘণ্টা মধ্যমীয়াৰ পৰা কঠোৰ কায়িক পৰিশ্ৰম কৰিলে স্তনৰ কৰ্কটৰ সম্ভাৱনা লাঘৱ হয়। ধূম্ৰপানে  বিশেষকৈ কম বয়সীয়া মহিলাৰ স্তনৰ কৰ্কট কৰাব পাৰে। ভিটামিন ডিৰ অভাৱে সম্ভাৱনা বঢ়ায়। নিশাভাগত অধিক সময় কৃত্ৰিম পোহৰত থকা অভ্যাস পৰিত্যাগ কৰিব লাগে। গৰ্ভাৱস্থাত সেৱন কৰা DES আদি ঔষধ গৰ্ভস্থ সন্তানৰ বাবে এক আশ্ংকাৰ কাৰক। কিছুমান ৰাসায়নিক পদাৰ্থৰ স্ংস্পৰ্শই স্তনৰ কৰ্কট ৰোগৰ কাৰকৰুপে কাম কৰিব পাৰে। বিভিন্ন প্ৰসাধন দ্ৰব্য যেনে মেক আপ, মইশ্চৰাইজাৰ, চেৱিং ক্ৰীম আদিত প্ৰিজাৰ্ৱেটিভ হিচাপে ব্যৱহাৰ হোৱা পাৰাবেন(paraben)নামৰ ৰাসায়নিক পদাৰ্থৰ উপৰি নখ পালিচ, চুলিৰ কৃত্ৰিম ৰ্ং, স্প্ৰে আদিত থকা থেলেট (Phthalate) শ্ৰেণীৰ ৰাসায়নিক পদাৰ্থৰ স্ংস্পৰ্শই কৰ্কট কৰাব পাৰে হেতুকে ইয়াৰ পৰা পৰাপক্ষত আঁতৰি থকাই যুগুত। আধুনিক জীৱন যাত্ৰাৰ অৱিচ্ছেদ্য প্ৰায় হৈ পৰা প্লাষ্টিকত থকা বিচফেনন–এ(BPA)আদি ৰাসায়নিক পদাৰ্থয়ো স্তনৰ কৰ্কট কৰাব পাৰে। গতিকে প্লাষ্টিকৰ মোনা, অন্যান্য সজুলি আদি যিমান পাৰি কমকৈ ব্যৱহাৰ কৰা ভাল। খাদ্যবস্তুত ব্যৱহৃত বিভিন্ন কীটনাশক, প্ৰতিজৈৱিক আৰু উৎপাদন বঢ়াবলৈ ব্যৱহাৰ কৰা হৰমোন আদিয়েও অন্যান্য সমস্যাৰ লগতে স্তনৰ কৰ্কটৰ সমস্যাও বঢ়াব পাৰে। ৰ’দৰপৰা বাচিবলৈ ব্যৱহাৰ কৰা ছানস্ক্ৰীণ লোচনত থকা কিছুমান ৰাসায়নিক পদাৰ্থয়ো বিপদ বঢ়ায়, গতিকে অতিমাত্ৰা সমৰ্থনযোগ্য নহয়।

এই আলোচনাৰ পৰা দেখিলো যে তথাকথিত সভ্যতা আৰু আধুনিকতাৰ নামত মহিলাসকলে ক্ৰমে আঁকোৱালি লোৱা বহুবোৰ প্ৰকৃতিবিৰুদ্ধ আঁচৰণে তেওঁলোকক স্তনৰ কৰ্কট ৰোগৰ বলি বনাই আহিছে। সেইবাবেই হয়তো বিশ্বৰ তথাকথিত অধিক উন্নত, শিক্ষিত ধনী সমাজবোৰত স্তনৰ কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি। ভাৰতৰ ক্ষেত্ৰতো চহৰাঞ্চলৰ মহিলাৰ স্তনৰ কৰ্কটেই সৰ্বাধিক হোৱা কৰ্কট ৰোগ। বিশ্ববিখ্যাত অভিনেত্ৰী ইনগ্ৰিড বৰ্গমেন, এঞ্জেলিনা জ’লি, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰ’ণাল্‌ড ৰীগানৰ পত্নী নেন্সী ৰীগান, গায়িকা অলিভিয়া নিউটন জন, ভাৰতীয় অভিনেত্ৰী মমতাজ, মনীষা কৈৰালা আৰু শেহতীয়াভাৱে বাংলাদেশী লেখিকা তছলিমা নাচৰিণ আদি বিখ্যাত মহিলা স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত। সম্পূৰ্ণৰুপে প্ৰতিৰোধ কৰাটো যদিও সম্ভৱ নহয়, ব্যক্তিগত আৰু সমাজ জীৱনৰ কেতবোৰ প্ৰকৃতিবিৰুদ্ধ আচৰণ স্ংশোধনৰ যোগেদি স্তনৰ কৰ্কট ৰোগৰ ক্ৰমবৰ্দ্ধমান হাৰ আমি নিশ্চয় কমাব পৰো।

ডাo ৰমেন কুমাৰ কাকতি, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 7/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate