অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আপোনাৰ দাঁতযুৰি

মানৱ জীৱন অতি সুন্দৰ আৰু শ্ৰেষ্ঠ। মানুহে লাভ কৰা শৰীৰটোৰ ভিন ভিন অংগি মানুহক ব্যতিক্ৰমী তথা ইতিবাচক প্ৰাণীৰুপে পৰিচিত কৰাইছে। মানৱ শৰীৰত থকা ভিন ভিন অংগৰ ভিতৰত দাঁত অন্যতম।

দাঁত হৈছে মানৱ শৰীৰৰ এনে এবিধ গুৰুত্বপূৰ্ণ অংগ, যিয়ে মানৱ শৰীৰটোক দেখনিয়াৰ কৰি গঢ়ি তুলিছে। সেয়ে আমি প্ৰত্যেকেই আমৰ দাঁতযুৰিক সবল-সতেজ কৰি তোলাৰ বাবে নিম্নোক্ত দিশসমূহ মানি চলা দৰকাৰ।

নিয়মীতভাৱে দাঁত পৰিস্কাৰ কৰা

দাঁতযুৰিক সবল-সতেজ কৰি তোলাৰ বাবে নিয়মীয়াভাৱে দাঁতযুৰিক পৰিস্কাৰ কৰা দৰকাৰ। দৈনিক দুবাৰকৈ (ৰাতি আহাৰ খোৱাৰ পিছত আৰু পুৱা শুই উঠাৰ পিছত) দাঁত ব্ৰাছ কৰাটো শৰীৰ তথা দাঁতযুৰিৰ বাবে এক ইতিবাচক পদক্ষেপ। কিন্তু দাঁতযুৰি কেৱল যধে-মধে ব্ৰাছ কৰাৰ পৰিৱৰ্তে থিয়কৈ ব্ৰাছ কৰা উচিত। ব্ৰাছ কৰোঁতে লাহে লাহে ব্ৰাছ কৰিব লাগে, যাতে ব্ৰাছে দাঁতৰ আলুবোৰৰ ক্ষতি কৰিব নোৱাৰে।

নিয়মীয়াকৈ ফল খোৱাৰ অভ্যাস কৰক

দাঁতযুৰি সবল-সতেজ কৰি ৰখাৰ বাবে নিয়মীয়াকৈ ফল খোৱাৰ অভ্যাস কৰা উচিত। তাৰ ভিতৰত কুঁহিয়াৰ, নাৰিকল, তাল, মধুৰিয়াম, টকৌ আদি প্ৰধান। এনে ফল খাব পাৰিলে ই দাঁযুৰিক মজবুত কৰাত সহায় কৰে।

নিমখ-তেলেৰে দাঁত পৰিস্কাৰ কৰা

এঙাৰ নিমখ আৰু তেলে দাঁতযুৰিক পৰিস্কাৰ কৰি তোলাত বিশেষ সহায় কৰে। সেয়ে সপ্তাহৰ এটি বা দুটি দিনত এঙাৰ অথস্বা নিমখ-তেলেৰে দাঁত মজা দৰকাৰ। সস্ময়ে সময়ে কৰা এনে দাঁত মাজোনে দাঁতযুৰিক সবল কৰি তোলে।

দাঁতৰ ব্যায়াম

দাঁতযুৰিক সুস্থ কৰি তোলাৰ বাবে দাঁতৰ ব্যায়াম কৰা উচিত। ইয়াৰ ভিতৰত মল ত্যাগ কৰাৰ সময়ত দাঁতযুৰিক হেচা দিব লাগে। ই একধৰণৰ ব্যায়াম। নিয়মীয়াভাৱে এই ব্যায়াম কৰিলে দাঁতৰ গঠন ভাল হয়।

মুখ পৰিস্কাৰ কৰা

দাঁতযুৰিক সুন্দৰ কৰি তোলাৰ বাবে মুখ পৰিস্কাৰ কৰাটোও অতি জৰুৰী। আহাৰ খোৱাৰ পূৰ্বে আৰু আহাৰ খোৱাৰ পিছত মুখখন সুন্দৰকৈ পৰিস্কাৰ কৰিব লাগে। নহ’লে আহাৰৰ অৱশিষ্ট খুদখিনি দাঁতত লাগি ৰৈ দাঁত নষ্ট কৰাত সহায় কৰে।

আহাৰ ভালদৰে চোবাই খোৱা

আহাৰ চোবাই খোৱাত দাঁতৰ অৱদান কোনোপধ্যে নুই কৰিব নোৱাৰি। দাঁতযুৰি সবল-সতেজ কৰি ৰখাৰ বাবে প্ৰতিবিধ বস্তু ভালকৈ চোবাই খোৱাৰ অভ্যাস কৰক। জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল-“আমি খোৱা প্ৰতিবিধ আহাৰ ৩২ বাৰ চোবাই খাব লাগে।” গান্ধীজীয়ে এই উক্তিৰ মাজেৰে স্বাস্থ্য ৰক্ষাৰ লগতে দাঁতৰ যত্নৰ কথাও উনুকিয়াই দিছিল।

প্ৰাকৃতিক দাঁতোনৰ ব্যৱহাৰ

তাহানিৰ ঋষি-মুনি-সিদ্ধাচাৰ্যসকলে দাঁতযুৰিক সবল কৰি ৰখাৰ বাবে নানা প্ৰকাৰৰ প্ৰাকৃতিক দাঁতোন ব্যৱহাৰ কৰিছিল। তাৰ ভিতৰত সৌৰাৰ ঠাৰিয়েই প্ৰধান। আজিৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই নানা দাঁতোন উদ্ভাৱন কৰিলেও সেইবিলাক কেতিয়াও প্ৰাকৃতিক দাঁতোনৰ দৰে হ’ব নোৱাৰে, সেয়ে দাঁতযুৰিক সতেজ কৰি তোলাৰ বাবে ওপৰোক্ত দিশসমূহ মানি চলিব পাৰিলেহে আমি অযুৰি সুন্দৰ দাঁতৰ অধিকাৰী হ’ব পাৰিম।

লেখক: দিগন্ত বৈশ্য, স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 10/5/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate