অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দন্তক্ষয়

দন্তক্ষয়

  • চেনি আৰু চেনিৰ পৰা তৈয়াৰী খাদ্য মাত্ৰাধিক পৰিমাণে খালে দন্তক্ষয় হ’ব পাৰে। এচিডলৈ ৰূপান্তৰ হৈ চেনিয়ে দাঁতৰ ক্ষতি কৰে।
  • আগৰ দিনত মানুহবোৰৰ দন্তক্ষয় ৰোগ কম হৈছিল, কিয়নো তেওঁলোকে খুব কম পৰিমাণে চেনি খাইছিল। আনকি এতিয়াও কম পৰিমাণে মিঠা খোৱা মানুহৰ দন্তক্ষয় ৰোগ কম হয়।
  • দন্তক্ষয়ৰ পৰা হাত সৰাৰ আটাইতকৈ সহজ উপায়টো হ’ল- প্ৰতিবাৰ আহাৰৰ পিছত, বিশেষকৈ চেনি বা চেনিৰ পৰা উদিত বস্তু খোৱাৰ পিছত দাঁত ভালকৈ পৰিষ্কাৰ কৰা।
  • প্ৰতিবাৰে টুথ ব্ৰাছেৰে দাঁত পৰিষ্কাৰ কৰাটো সম্ভৱ নহ’লে পৰিষ্কাৰ পানীৰে মুখখন কুলু কুলু কৰি, হাতৰ আঙুলিৰে দাঁত আৰু দাঁতৰ আলু মালিচ কৰিব।
  • খোৱাপানীত সামান্য পৰিমাণৰ ফ্লৰাইড থাকিলেও দন্তক্ষয় প্ৰতিৰোধত সহায়ক হয়।
  • ফ্লৰাইডযুক্ত টুথপেষ্টৰ বাহিৰে আনবোৰ টুথপেষ্ট দন্তক্ষয় প্ৰতিৰোধত প্ৰত্যক্ষভাৱে সহায় কৰে। অৱশ্যে এনে টুথপেষ্টে দাঁতৰ মাজৰ ফাঁকবোৰত সোমাই থকা খোৱাবস্তুবোৰ ওলাই অহাত সহায় কৰে, যিবোৰ পিছলৈ দন্তক্ষয়ৰ কাৰক হ’ব পাৰে।

উৎস: জিএনআৰচি।

শেহতীয়া উন্নীতকৰণ: : 7/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate