অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দন্তক্ষয়

দন্তক্ষয়ৰ বিষয়ে লিখা হৈছে ।

 

আমাৰ দেশত দাঁতৰ দুবিধ ৰোগ অতি বেছিকৈ হোৱা দেখা যায় । তাৰে এবিধ দন্তক্ষয় কৰে । বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হৈ দাঁতত ক্ষয় হোৱাকে দন্তক্ষয় বা ডেণ্টেল কেৰিজ বুলি কোৱা হয় । আনবিধ ৰোগত দাঁতক মজবুতকৈ ধৰি ৰখা অংগবোৰ জীৱাণুৰ দ্বাৰা আক্ৰমিত হৈ নষ্ট হয় । ফলত দাঁতবোৰ দুৰ্বল হৈ পৰে । এইবিধক পেৰিঅ’ডণ্টাইটিছ বা সহজ ভাষাত পায়োৰিয়া ৰোগ বুলি কোৱা হয় । ডেন্টেল কেৰিজক আধুনিক সভ্য জগতৰ ৰোগ হিচাপে অভিহিত কৰা হৈছে । কাৰন আদিম যুগত এই ৰোগ পৰিলক্ষিত হোৱা নাছিল । অৱশ্যে প্ৰতিৰোধমূলক ব্যৱস্থা আৰু চিকিৎসা পদ্ধতিৰ উন্নতিকৰণৰ লগে লগে উন্নত দেশবোৰত ক্ৰমান্বয়ে এই ৰোগ হ্ৰাস পাই আহিছে । দুৰ্ভাগ্যবশত: যোৱা পাঁচটা দশকত এই ৰোগৰ সঘনতা আমাৰ ভাৰতবৰ্ষত ক্ৰমান্বয়ে বাঢ়ি আহিছে । পাঁচটা দশকত এই ৰোগৰ সঘনতা আমাৰ ভাৰতবৰ্ষত ক্ৰমান্বয়ে বাঢ়ি আহিছে । ১৯৪৭ চনত এই ৰোগৰ সঘনতা আছিল মাত্ৰ ৩৫ শতাংশ আৰু এতিয়া হৈ ৬৫ শতাংশলৈ বৃদ্ধি পাইছে । শৰীৰৰ অংগ-প্ৰত্যংগসমূহত দেখা দিয়া বিভিন্ন ৰোগৰ ভিতৰত ডেণ্টেল কেৰিজ সবাতোকৈ সঘনে হোৱা ৰোগ । ঠাই, জাতি, ধৰ্ম, বয়স, লিংগ নিৰ্বিশেষে সকলোৱে ডেণ্টেল কেৰিজত ভোগে ।

কাৰণসমূহ -

ডেণ্টেল কেৰিজৰ কাৰণসমূহ বৰ জটিল । কাৰন প্ৰত্যক্ষভাৱে জড়িত কাৰণকেইটাৰ উপৰি এই ৰোগৰ লগত বহু কাৰণ পৰোক্ষভাৱে জড়িত হৈ আছে । সি যি নহওক, ডেন্টেল কেৰিজ হ’বৰ কাৰণে আটাইতকৈ দৰকাৰী কাৰণকেইটা হৈছে-

১) ডেণ্টেল প্লাক

২) কাৰ্বোহাইড্ৰেটজাতীয় খাদ্য

৩) অনুভৱক্ষম দাঁতৰ ওপৰভাগ ।

এই কেইটা কাৰণৰ উপৰি লালটিৰ স্বভাৱ আৰু পৰিমানেও ডেণ্টেল কেৰিজ হোৱাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ।

ডেণ্টেল কেৰিজ আৰম্ভ হ’বৰ কাৰণে ডেণ্টেল প্লাক এক অপৰিহাৰ্য কাৰণ । ডেণ্টেল প্লাক সাধাৰণতে সূক্ষ্ম সূক্ষ্ম জীৱাণু, লালটিত থকা বিভিন্ন পদাৰ্থ (যেনে- মিউচিন), ডেচকোৱামেটেড এপিথেলিয়েল কোষ আদিৰে গঠিত । সাধাৰনতে যিবিলাক দাঁত ব্ৰাছৰ দ্বাৰা চাফা নহয়, সেই দাঁতৰ ওপৰত ডেণ্টেল প্লাকে লিকটা, পাতল তৰপ এটাৰ  তৈয়াৰ কৰে আৰু ২৪ ৰ পৰা ৪৮ ঘণ্টাৰ ভিতৰত পাতল তৰপটো বাঢ়ি এখন ডাঠ আৱৰণীৰ সৃষ্টি কৰে ।

ডেণ্টেল প্লাকত থকা ষ্ট্ৰেপ্তকক্কাই, লেক্ট’বেচিলাই, এক্টিন’মাইছেছ আৰু ভেইল’নেলা নামৰ বেক্টেৰিয়াবিলালে আমি গ্ৰহণ কৰা কাৰ্বোহাইড্ৰেটজ তীয় খাদ্যৰ ওপৰত ক্ৰিয়া কৰি বিভিন্ন অম্ল আৰু এন’জাইমৰ সৃষ্টি কৰে । অম্লবিলাকৰ ভিতৰত লেক্টিক, বিউটিৰিক, পিৰিউভিক, এচিটিক, ফৰ্মিক আৰু চাকচিনিকেই প্ৰধান । এই অম্লবিলাকে প্ৰথমতে আমাৰ দাঁতৰ অজৈৱিক অংশৰ ওপৰত ক্ৰিয়া কৰে । তাৰ পিচত ক্ৰমে দাঁতৰ জৈৱিক অংশৰ ওপৰত ক্ৰিয়া কৰি দাঁতৰ সবাতোকৈ ওপৰৰ তৰপ এনামেলৰ গঠনটো দুৰ্বল কৰি তোলে । ফলত খাদ্য চোবাওঁতে দাঁতৰ ওপৰত প্ৰয়োগ হোৱা হেঁচাৰ ফলত এনামেল ভাঙি দাঁতত গাঁতৰ সৃষ্টি কৰে । ঠিক এনামেলৰ ওপৰত কৰাৰ নিচিনাকৈয়ে বেক্টেৰিয়াৰ দ্বাৰা প্ৰস্তুত অম্ল আৰু এনজাইমে ডেণ্টিনৰ ওপৰতো ক্ৰিয়া কৰে আৰু দাঁতৰ ভিতৰৰ অংশলৈ প্ৰসাৰিত কেৰিজ হৈ গৈ থাকে ।

লক্ষণসমূহ -

প্ৰাথমিক অৱস্থাত ডেণ্টেল কেৰিজ সম্পূৰ্ণৰুপে বিষমুক্ত । সেয়ে এজন ৰোগীয়ে মুঠেও এই ৰোগ হোৱাটো অনুভৱ নকৰে । লাহে লাহে ডেণ্টেল কেৰিজ দাঁতৰ ভিতৰৰ ফালে বাঢ়ি গৈ থাকিলে ৰোগী এজনে ঠাণ্ডা , গৰম, মিঠা আৰু টেঙাজাতীয় খাদ্য বস্তু খোৱাৰ সময়ত বিপন্ন দাঁতত বিষ অনুভৱ কৰে । ডেণ্টেল কেৰিজ যেতিয়া ভিতৰৰ ফালে পাল্পলৈকে বিস্তৃত হয়, তেতিয়া কোনো উত্তেজক নোহোৱাকৈয়ে দাঁতত উগ্ৰ ধপধপাই থকা ধৰণৰ বিষ অনুভৱ কৰে । এই ধৰণৰ বিষ ৰোগীজনে শুই থকা অৱস্থাত বেছিকৈ অনুভূত হয় । যদি এই অৱস্থাত ৰোগী এজনে অৱহেলা কৰে, তেন্তে সময়ৰ লগে লগে পাল্প নষ্ট হৈ দাঁতৰ গুৰিত গাঁৰ সৃষ্টি হয় । শিশুৰ ক্ষেত্ৰত সাধাৰণতে ডেণ্টেল কেৰিজ খুব সোনকালে ভিতৰৰ ফালে প্ৰসাৰিত হয় আৰু পাল্পকলা আক্ৰান্ত হয় । সেয়ে যিমান সোনকালে সম্ভৱ সিমান সোনকালে শিশুৰ ক্ষেত্ৰত প্ৰতিকাৰ তথা প্ৰতিৰোধৰ ব্যৱস্থা হাতত ল’ব লাগে । যদি সোনকালে চিকিৎসা হাতত লোৱা নাযায়, তেন্তে নিৰ্দিষ্ট সময়তকৈ আগতেই গাখীৰ খোৱা (অস্থায়ী) দাঁত সৰাই দিব লগা হ’ব পাৰে । ফলত স্থায়ী দাঁত ওলোৱাত আউল আৰু নিজৰ অৱস্থান পৰা আঁতৰি বেঁকাবেঁকিকৈ মুখত ওলোৱাৰ সম্ভাৱনা থাকে ।

ডেণ্টেল কেৰিজৰ বিভিন প্ৰকাৰ -

পিট আৰু ফিছাৰ কেৰিজ

পিট আৰু ফিছাৰ হৈছে দাঁতত থকা কিছুমান গাঁথনিক সীমাৰেখা । পিট পিনৰ জোঙা আগটোৰ সমান দাঁতত থকা এটা পোটোকা আৰু ফিছাৰ হৈছে দীঘলীয়া লাইনৰ নিচিনা তৰাং পোটোকা । ই পিটৰ নিচিনা তীক্ষ্ণ নহয় । দাঁতৰ বাহিৰৰ সমান ভাগৰ ওপৰত থকা এনেধৰনৰ গাঁথনিক সীমাৰেখাবিলাকে খাদ্যবস্তুৰ অৱশিষ্ট অংশ আৰু বেক্টেৰিয়া লাগি ধৰাত সহায় কৰে, ফলত এনেবিলাক ঠাইত ডেণ্টেল কেৰিজ সোনকালে আৰম্ভ হয় । পিট আৰু ফিছাৰ ডেণ্টেল কেৰিজ দেখাত বাদামী বা ক’লা ৰঙৰ হয়, দাঁতৰ সেই অংশটো নৰম হয় আৰু ইনষ্ট্ৰুমেণ্ট এটা দাঁতৰ ওপৰ ভাগত ফুৰাই দিলে এই ডেণ্টেল কেৰিজৰ দ্বাৰা আক্ৰান্ত অংশত লাগি ধৰে । পিট আৰু ফিছাৰ ডেণ্টেল কেৰিজ সাধাৰণতে আমাৰ পিচফালৰ দাঁতৰ খাদ্য চোবোৱাৰ ওপৰ ভাগ, গালৰফালে থকা ভাগ আৰু সন্মুখৰ দাঁতৰ তালু, জিভাৰ ফালে থকা ভাগত হোৱা দেখা যায় ।

নাৰ্ছিং কেৰিজ

এনে ধৰণৰ কেৰিজ সাধাৰনতে অস্থায়ী দাঁততহে পৰিলক্ষিত হয় । কেঁচুৱা অৱস্থাত গাখীৰ, ফল-মূলৰ ৰস বা কোনো মিঠা পানীয় খাদ্যৰে পৰিপূৰ্ণ নাৰ্ছিং বটল নিশা শুই থকা অৱস্থাত বহু দীঘলীয়াকৈ মুখত লৈ থাকিলে এনেধৰণৰ ডেণ্টেল কেৰিজ হোৱা দেখা যায় । দীৰ্ঘদিনীয়াকৈ মাকৰ দুগ্ধপান কৰি থকা শিশুসকলৰো নাৰ্ছিং কেৰিজৰ মাত্ৰা বেছি হোৱা দেখা যায় । এই ধৰনৰ কেৰিজ সাধাৰণতে ওপৰৰ হনুৰ সন্মুখৰ ছেদক দাঁত চাৰিটাত দেখা যায় । তলৰ ছেদক দাঁতকেইটা জিভাখনৰ দ্বাৰা সংৰক্ষিত হৈ থাকে কাৰণে এইকেইটা দাঁতত সাধাৰণতে নাৰ্ছিং কেৰিজ হোৱা পৰিলক্ষিত নহয় ।

বাধিত কেৰিজ

কেতিয়াবা কেতিয়াবা কেৰিজ ৰোগ দাঁতত আৰম্ভ হৈ কিছু দূৰলৈকে প্ৰসাৰিত হোৱাৰ পিচত আৰু অগ্ৰসৰ হোৱাৰ কোনো আশা পৰিলক্ষিত নহয় । এনেধৰনৰ কেৰিজক বাধিত কেৰিজ বোলা হয় । প্ৰায় ০.৬ শতাংশৰ ক্ষেত্ৰত এনেধৰণৰ বাধিত ডেণ্টেল কেৰিজ দেখা যায় । বিপন্ন দাঁতটো দেখাত ডাঠমটীয়া বা ক’লা ৰঙৰ হয় । কেৰিজ আৰম্ভ হৈ এটা স্তৰত গৈ বাধিত হোৱাৰ কাৰণসমূহ ভালদৰে জনা নাযায় ।

প্ৰতিৰোধমূলক ব্যৱস্থা

বৰ্তমানকালত ডেণ্টেল কেৰিজ স্বাস্থ্য সম্বন্ধীয় এটা ডাঙৰ সমস্যা হিচাপে দেখা দিছে । কাৰণ এটি শিশুৰ অস্থায়ী দাঁতসমূহ অকালতে সৰাব লগা হোৱাৰ মূল কাৰণ হৈছে এই ৰোগ । আকৌ ডাঙৰৰ ক্ষেত্ৰত এই ৰোগ দাঁত সৰব লগা হোৱাৰ দ্বিতীয় কাৰণ হিচাপে পৰিগণিত হৈছে । বিভিন্ন ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থাৰ কঠোৰ পৰিপালনৰ কাৰণে এই ৰোগ উন্নত দেশসমূহত বৰ্তমান নিয়ন্ত্ৰণাধীন হৈছে । আনহাতে উন্নয়নশীল দেশসমূহ (যেনে- আমাৰ ভাৰতবৰ্ষ) ত বৰ্তমান আধুনিকতাৰ প্ৰভাৱৰ ফলত খাদ্যাভ্যাসত পৰিবৰ্তন ঘটিছে । ফলত ডেণ্টেল কেৰিজৰ ব্যাপকতা বৃদ্ধি পাইছে । তদুপৰি আমাৰ ভাৰতৰ নিচিনা ঘন জনবসতিপূৰ্ণ দেশত মানৱ শক্তি আৰু খৰচৰ কথা বিবেচনা কৰিলে , মুখগহ্বৰৰ সুস্বাস্থ্য বজাই ৰখাত যথেষ্টখিনি অসুবিধা দেখা যায় । সেয়ে প্ৰতিৰোধমূলক ব্যৱস্থাৰ দ্বাৰা এই ৰোগ প্ৰতিৰোধ কৰাটোহে ভাল কৌশল বুলিব পাৰি । ডেণেল কেৰিজ নিয়ন্ত্ৰণৰ কি ছুমান উপায় তলত আলোচনা কৰা হ’ল-

আহাৰৰ দ্বাৰা ডেন্টেল কেৰিজ নিয়ন্ত্ৰণ -

ডেণ্টেল কেৰিজৰ ব্যাপকতাৰ লগত কাৰ্বোহাইড্ৰেটজাতীয় আহাৰ গ্ৰহণৰ সম্পৰ্ক প্ৰত্যক্ষভাৱে পৰিলক্ষিত হয় । এইটো দেখা গৈছে যে কাৰ্বোহাইড্ৰেটজাতীয় খাদ্যৰ ভিতৰত চক্ৰুজে আটাইতকৈ বেছি ডেণ্টেল কেৰিজ সৃষ্টি কৰিব পাৰে । আমি খোৱা কাৰ্বোহাইড্ৰেটৰ তিনি ভাগৰ এভাগ চুক্ৰজ আৰু কেলৰি গ্ৰহণৰ ভিতৰত ছভাগৰ এভাগ চুক্ৰজ । মজবুত দাঁত গঠনৰ কাৰণে কেলছিয়াম , ফছফেট আৰু খাদ্যপ্ৰাণ ‘ঘ’ (ভিটামিন ডি ) ৰে পৰিপূৰ্ণ আহাৰৰ ভূমিকা নুই কৰিব নোৱাৰি । গৰ্ভত থকাৰ সময়তে এটা শিশুৰ অস্থায়ী দাঁতসমূহৰ গঠন হয় । সেয়ে গৰ্ভৱতী মহিলাৰ আহাৰৰ ওপৰত বিশেষ জোৰ দিয়া প্ৰয়োজন । স্থায়ী দাঁতসমূহৰ গঠনো শিশু অৱস্থাতে হয় । সেয়ে শিশুসকলকো কেলছিয়াম, ফছফেট আৰু খাদ্যপ্ৰাণ ‘ঘ’ ৰে পৰিপূৰ্ণ আহাৰৰ যোগান ধৰা দৰকাৰ । লিকটীয়া, আঠাজাতীয় খাদ্য দাঁতত বহু সময়লৈকে লাগি ধৰি থাকে আৰু ডেণ্টেল কেৰিজ হোৱাত অৰিহণা যোগায় । সেয়ে তেনেধৰণৰ খাদ্য বস্তু বৰ্জন কৰিব লাগে । গৱেষণাৰ পৰা এইটো জানিব পৰা গৈছে যে ডেণ্টেল কেৰিজৰ অন্যতম কাৰণ হৈছে চেনি । সেয়ে ঘনাই মিঠাজাতীয় খাদ্য গ্ৰহণ কৰে, সেইটোহে বেছি গুৰুত্বপূৰ্ণ ।

ডেণ্টেল প্লাক গঠনত ব্যাঘাত জন্মাই ডেণ্টেল কেৰিজ প্ৰতিৰোধ -

ডেণ্টেল কেৰিজৰ মূল কাৰণ হৈছে ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱানুবোৰ লগ লাগি দাঁতৰ ওপৰত গঠন কৰা ‘ডেন্টেল প্লাক’ নামৰ আৱৰণীখন । সেয়ে ডেণ্টেল প্লাকৰ গঠনত বাধা আৰোপ কৰি ডেণ্টেল কেৰিজ প্ৰতিৰোধ কৰিব পাৰি বুলি আশা কৰিব পাৰি । দুইধৰণৰ ব্যৱস্থাৰ দ্বাৰা এই উদ্দেশ্যত উপনীত হ’ব পাৰি-

১) যান্ত্ৰিক পদ্ধতি

২) ৰাসায়নিক পদ্ধতি

মুখৰ সুস্বাস্থ্য বজাই ৰাখিবৰ কাৰণে সাধাৰণতে ব্যৱহৃত ব্যৱস্থাবোৰকেই যান্ত্ৰিক পদ্ধতিৰ ভিতৰত ধৰা যায় । টুথব্ৰাছ আৰু পেষ্টৰ ব্যৱহাৰ এইক্ষেত্ৰত বিশেষভাৱে ফলদায়ক আৰু জনসাধাৰণৰ মাজত সঅমদৰো লাভ কৰিছে । সি যি কি নহওক দাঁত চাফা কৰাৰ কিছুমান থলুৱা পদ্ধতি, যেনে- দাঁতোন, নিম বা আম গছৰ ঠাৰিৰ ব্যৱহাৰেও বিশেষকৈ গাওঁ অঞ্চলত বিশেষ সমাদৰ পাই আহিছে । এইবোৰৰ ব্যৱহাৰে ডেণ্টেল প্লাক গঠনত বিশেষভাৱে বাধা জন্মায় । মুঠৰ ওপৰত সঠিক আৰু কাৰ্যকৰী পদ্ধতিৰে ব্ৰাছ কৰাটোহে আটাইতকৈ দৰকাৰী ।

দাঁতৰ প্ৰতিৰোধক ক্ষমতা বঢ়াই ডেণ্টেল কেৰিজৰ নিয়ন্ত্ৰণ -

ফ্ল’ৰাইডে দাঁত এটাক মজবুত কৰি ৰাখে আৰু ই ডেণ্টেল কেৰিজ হোৱাত বাধাৰ সৃষ্টি কৰে । সাধাৰণতে ফ্ল’ৰাইডে এনামেলৰ হাইড্ৰক্সিএপেটাইটত থকা হাইড্ৰ’ক্সিল আয়নক আঁতৰাই ফ্ল’ৰএপেটাইটৰ গঠন কৰে আৰু এই ফ্ল’ৰএপেটাইট বেক্টেৰিয়াৰ দ্বাৰা নি:সৰিত হোৱা অম্লত কম পৰিমাণে দ্ৰৱীভূত হয় । ফ্ল’ৰাইডৰ প্ৰয়োগ বহুধৰণে কৰা হয় । সেইবিলাকৰ ভিতৰত জনসাধাৰণৰ উমৈহতীয়া পানীৰ উৎসত ফ্ল’ৰাইড মিহলোৱা, স্কুলৰ পানীৰ উৎসত ফ্ল’ৰাইড মিহলোৱা, ফ্ল’ৰাইডযুক্ত মুখ কুলকুলি কৰা ঔষধ, ফ্ল’ৰাইডযুক্ত টুথপেষ্ট আৰু স্থানীয়ভাৱে ফ্ল’ৰাইড দাঁতৰ ওপৰত প্ৰয়োগ কৰা আদিয়েই প্ৰধান । এইবিলাকৰ উপৰি দন্ত চিকিৎসকৰ হতুৱাই দ্ৰ্ৱীভূত ২ শতাংশ ছডিয়াম ফ্ল’ৰাইড বা ফ্ল’ৰাইডযুক্ত বাৰ্নিছ দাঁতৰ ওপৰত প্ৰয়োগ কৰিলেও ডেণ্টেল কেৰিজ প্ৰতিৰোধ হয় । মনত ৰখা উচিত ফ্ল’ৰাইডযুক্ত টুথপেষ্ট ৬ বছৰৰ ওপৰৰ শিশুকহে ব্যৱহাৰ কৰিবলৈ দিব লাগে ।

লেখক :- ডা: স্বৰ্গজ্যোতি দাস

উৎস :- দেওবৰীয়া সম্ভাৰ

প্ৰকৃতিৰ আৰ্শীবাদ বতৰৰ শাক-পাচলি -

উৎকৃষ্ট আহাৰে শৰীৰটো নিৰোগী কৰি ৰাখে । যিহেতু জীৱ বা প্ৰাণীৰ দেহতে বিভিন্ন বেমাৰৰ উৎপত্তি হয় । জীৱৰ ভিতৰত মানুহকে শ্ৰেষ্ঠ বুলি কোৱা হয় । সেই শ্ৰেষ্ঠত্বৰ সুবাদতে মানুহে ভাল-বেয়া, উ ইত-অনুচিত, নীতি-দুৰ্নীতি আদি বিভিন্ন কাম কৰি আহিছে । সেই কাৰ্য হ’ব পাৰে অতি নিকৃষ্ট তথা জঘন্যতম বা শ্ৰেষ্ঠতম । ভালেই হওক বা বেয়াই হওক কামকৰিবলৈ মানুহক আহাৰ লাগে । আহাৰ খালেই নহ’ব, সেই আহাৰ হ’ব লাগিব পুষ্টিকৰ । শৰীৰত লগা বিভিন্ন উপাদানসমূহ শাক-পাচলিৰ পৰাই পোৱা যায় । মানুহে বিভিন্ন শাক-পাচলি নিজৰ সুবিধা অনুযায়ী ৰান্ধি, ভাজি, পুৰি, পাতত দি বা নিজ পদ্ধতিত ৰান্ধি খায় । বৰ্তমান মানুহ সুষম আহাৰৰ প্ৰতি  যথেষ্ট সজাগ যদিও শাকজাতীয় খাদ্যসমূহ বহুতে এৰাই চলে । অৱশ্যে কিছু গৃহিনী সজাগ হোৱা যেন দেখা গৈছে যদিও বাছি-বিচাৰি বুটলি আনিবলৈ এলাহ কৰে । প্ৰকৃতিপ্ৰদত্ত বনৰীয়া শাক-পাত বৰ্তমান যথেষ্ট উপলব্ধ । পাচলিৰ জুই-ছাই দামৰ দিনত এনেবোৰ শাক কিনি বা নিজে বুটলি আনি পৰিয়ালক এসাঁজ গৃহিণীগৰাকীয়ে জুতি লগাই ৰান্ধি খুৱাই নিপুণতাৰ পৰিচয় দিব পাৰে । ইয়াৰ বাবে খৰচী মা-মচলা বিচাৰিও হাবাথুৰি খাব লগা নহয় ।

প্ৰথমে শাকৰ কথাকে কোৱা যাওক । প্ৰতিবিধ শাকতে আছে বিভিন্ন উপাদান আৰু ঔষধি গুণ । উপাদানৰ ভিতৰত আছে- প্ৰ’টিন, কেলৰি, আঁহ, বিভিন্ন ভিটামিন, আইৰন, কাৰ্বহাইড্ৰেট, কেল ইয়াম, ফছফৰাছ আদি । অৱশ্যে বেলেগ বেলেগ শাকত বেলেগ বেলেগ উপাদান থাকে । তেনেকৈ প্ৰতিবিধ শাকৰ বেলেগ বেলেগ ঔষধি গুণো আছে । কোনোবিধে কাহ-কফ, কৃমি, ধাতু দুৰ্বলতা, গ্ৰহণী, পেট কামোৰণি আদি ভাল কৰে আৰু কোনোবিধে ছালৰ বেমাৰ, ৰক্তাল্পতা, বাতবিষ আদি বেমাৰ ভাল কৰে ।

শাক ৰান্ধিব জানিলে খাওঁতাজনক তুষ্টিৰ লগতে পুষ্টিও দিয়ে । স্বাদহীন আহাৰে সন্তুষ্টি দিব নোৱাৰে আৰু এনে খাদ্য শৰীৰৰ বাবে অপকাৰী । বৰ্তমান কৰ্মব্যস্ত কেৰিয়াৰসৰ্বস্থ যুগত মন থাকিলেও সময়ৰ নাটনিৰ বাবে গৃহিণীগৰাকীয়ে কিছুমান আহাৰৰ স্বাদ দিয়াৰ পৰা বঞ্চিত হয় । অৱশ্যে গৃহিণীগৰাকী সজাগ হ’লে সময়ৰ নাটনিৰ প্ৰশ্ন নুঠে । বৰ্তমান বজাৰত লাই, লফা, চুকা, ধনিয়া, ঢেৰুৱা আদি শাকেৰে ভৰি পৰিছে । অতিমাত্ৰাৰ মূল্যৰ বাবে সকলোৱে কিনি খোৱাটোও অসম্ভৱ । শাকনিডৰাত লাই-লফা আদিৰ মাজে মাজে আপোনা-আপুনি খুতুৰা, জিলমিল, মৰলিয়া, মানধনিয়া, মাটিকাদুৰি, মানিমুনি আদি বনৰীয়া শাক লহপহকৈ গজি উঠে । এই শাক বুটলি আনি মিহিকৈ কাটি বা মানিমুনি আদি মিক্সি বা পটাত পিছি লৈ ৰান্ধিবলৈ বৰ বেছি সময় নালাগে । কেৰাহীত পিঁয়াজ, নহৰু, মিথি বা শুকান জলকীয়াৰ ফোৰণ তেলত দি ভাজিলেই হয় । লাই, ঢেৰুৱা, মৰিচাৰ দৰে শাকত নমাবৰ সময়ত আদা অকণমান থেঁতেলিয়াই দিলে খাবলৈ ভাল হয় । আদা যে দিবই লাগিব তেনে নহয় আৰু সকলো শাকত আদা দিলে খাবলৈও ভাল নালাগে । নিজে নিজে হোৱা কচুশাকৰ জলা টেঙা আঞ্জা বা ঢেঁকীয়া শাকৰ আঞ্জাখনো বৰ জুতি লগা । ঢেঁকীয়া বা কচুশাকৰ ভাজিখনত বুট কেইটামান দিও খাব পৰা যায় । ঢেঁকীয়া ভাজি মিছা মাছ বা কণী এটা ভাঙি দিলেও খাবলৈ স্বাদযুক্ত হয় । ৰঙালাও, জাতিলাও, বৰপূৰৈ (বেলেগ বেলেগ), কলমৌ আদি শাক আলু বা মচুৰ দাইল দি কেৰাহীত সৰিয়হ বা মিথিগুটিৰ ফোৰণ দিও ৰান্ধি খাব পৰা যায় । শাকত জুতি অনুসৰি বিলাহীও দিব পৰা যায় । এনেবোৰ ভাজি থুপথুপীয়া হ’ব লাগে ।

কিছুমান শাক খাবলৈ তিতা । দ্ৰোণ (দোৰোণ), মনোৱা (হেলচী), ব্ৰাহ্মী, শুকলতি, মৰাপাট আদি শাক খাবলৈ তিতা । এই শাকো নহৰু বা মিথিগুটিৰ ফোৰণ দি সেমেকাকৈ ভাজিলে খাবলৈ ভাল । মিথি পাত অলপ তিতা যদিও দাইলত দিলে আঞ্জাখন খাবলৈ ভাল হয় । এই শাক শুকাই সংৰক্ষণো কৰিব পাৰি । শুকলতিও কাঠমাছৰ লগত বা শুকানকৈ ভাজি খাব পৰা যায় । শোকোতা তিতা, মৰাপাট গছৰ পাতৰ পৰা শুকাই কৰে । ব্ৰাহ্মী গৰু ঘিউ দি শুকানে ভাজি খালে ইয়াৰ গুণাগুণ সঠিকভাৱে পোৱা যায় । এই শাক স্মৃতিবৰ্ধক । অৱশ্যে অন্যান্য ৰোগৰ বাবেও বৰ উপকাৰী । দ্ৰোণ, মনোৱা আদি পাতত দিও খায় । নিমপাত নিমখ অকণমান সানি শুকান কেৰাহীত মচমচীয়াকৈ ভাজিলে বা ভাত দিও ভাজি খাবলৈ ভাল হয় । তিতা শাক বীজাণুনাশক আৰু ছালৰ মহৌষধ । ছালৰ বেমাৰ- খহু, খজুৱতি, বসন্ত আদি ৰোগৰ বাদেও মেলেৰিয়া ৰোগৰ প্ৰতিষেধক । বিশেষকৈ নিমগছ বায়ু প্ৰদূষণৰোধক । প্ৰায় সকলোবিধ তিতা কৃমিনাশক, কাহ-কফ, জ্বৰ, নিউম’নিয়া, যক্ষ্মা আদি ৰোগৰ বাবে উপকাৰী । তিতা শাকৰ পাতৰ উপৰি অমিতাৰ ফুল, শেৱালিৰ ফুল, তিতাবাহক আদি ফুল স্বাস্থ্যৰ বাবে উপকাৰী । এইবোৰ শুকুৱাই বছৰটোলৈ সংৰক্ষণো কৰিব পৰা যায় । চজিনাৰ পাত আৰু ফুলো বসন্তৰ প্ৰতিষেধক । ইয়াৰ পাত-ফুল থুপথুপীয়াকৈ বা বেছনত লেটিয়াই ভাজি খাবলৈ বৰ ভাল । প্ৰত্যেক বিধৰে ঔষধি গুণ আছে । বাহুল্য নকৰো, বেলেগ প্ৰবন্ধত প্ৰতিবিধৰে উপাদান, ঔষধি গুণ আদি সম্পৰ্কে যিহেতু আগতে প্ৰকাশ হৈ গৈছে ।

মাটিকাদুৰি, ভেদাইলতা, মানিমুনি আদি বনশাক কাঠমাছৰ লগত খাবলৈ জুতি লগা । পালেং, ভেদাইলতা, ৰঙালাও, জাতিলাও, শেৱালি, নৰসিংহ, চাহপাত আদি শাকৰ কোমল পাত বেছনত লেটিয়াই ভাজি আলহী আপ্যায়ন কৰিবলৈ ভাল । ইয়াৰ বাবে বৰ বেছি সময়ো নালাগে । পদিনা, ধনিয়া, মানধনিয়া আদি সুগন্ধি শাক । এই শাকৰ চাটনি খোৱাৰ উপৰি খাদ্য সুগন্ধী কৰিবলৈ ব্যৱহাৰ কৰা হয় । এনে খাদ্য প্ৰস্তুত কৰোতে কি দিব বা কি নিদিব, বৰ মূৰ ঘমায়ো থাকিব নালাগে । বেছনত মিলাবলৈ থাপতে পোৱা মচলা বা একো নাথাকিলে ৰুচিমতে নিমখ-হালধি দিলেই হৈ গ’ল । আলহী আহিলে একো দিব পৰা বস্তু নাথাকিলে বতৰৰ বিভিন্ন শাক মিহিকৈ কুটি বেছন বা পিঠাগুড়ি (আটা-ময়দাও দিব পাৰি) অকণ সানি ভাকিলেই হ’ল । অৱশ্যে কণী এটা ভাঙি দিব পাৰিলে বেছি জুতি লগা হয় । পালেং , লেটুচ, লাই আদিৰ চাটনি খাবলৈ ভাল ।

দাইলত নলটেঙা, মধুসোলেং, টেঙেচী, টেঙামৰা, লাই, লফা, চুকা আদি পাত দিব পৰা যায় । এনেদৰে ৰন্ধা দাইলত ধনিয়াপাত কেইটামান দিলে বেছি ভাল হয় । উল্লিখিত শাককেইবিধৰে ৰন্ধা মাছৰ জোলখন বৰ জুতি লগা হয় । দাইলত তিতামৰা, মিঠামৰাৰ পাত যুৰি বান্ধিও দিব পৰা যায় । কেৱল নিমখ, হালধি আৰু সামান্য পানী দি মধুসোলেং, নলটেঙা, চুকাশাক, টেঙামৰ আদি টেঙাজাতীয় শাক গুড় বা চেনি দি অমূল কৰিও খাব পাৰি । পিঁয়াজ পাতৰ লগত বাবৰি শাক কেৰাহীত পিঁয়াজৰ ফোৰণ দি ৰান্ধি লৈ খাবলৈ বৰ জুতি লগা হয় । এই ভাজিখন বৰ কম সময়তে হয় । কণবিলাহী, কচুথোৰ, মধুসোলেং বা টেঙামৰা একেলগে পাতত দিও খাবলৈ ভাল । বৰ্তমান কচু পাবলৈ টান । কথাতে কয় নহয়- কচু ওলাওঁতে খাবা আৰু সোমাওঁতে খাবা । খৰালি কচু খাবলৈ ভাল হয় । মছন্দৰীৰ লগতো কচু খাব পাৰি । মছন্দৰী শাক নহৰুৰ কোহৰ লগত ভাজি বা পাতত দি খাব পাৰি । অৱশ্যে দাইলতো দিব পৰা যায় । ঢেঁকীয়া শাকৰ মাছৰ টেঙা ৰন্ধাৰ উপৰি, এই শাকৰ লগত আফুগুটি বটা নাইবা ধনিয়া শাক, পিঁয়াজ পাত দি পাভ বা বৰালি মাছ পাতত দি খাবলৈ বৰ ভাল লাগে । পাযতত দিবলৈ যে জুই লাগিব এনে নহয় বা আধুনিক ৰন্ধন যন্ত্ৰৰো আৱশ্যক নাই । তাৱা বা তেনেজাতীয় সামগ্ৰীতে পাতত বান্ধি পুৰিব পৰা যায় । মাজে মাজে কামৰ মাজতে আহি ইলুটি-সুলিটি কৰি থাকিলে সময়ৰো অপচয় নহয় ।  এচাম চিকিৎসকে খাৰত কোনো গুণাগুণ নাই বুলি কোৱা শুনিছো । কিন্তু বিভিন্ন ঠাইত পঢ়িবলৈ পোৱা মতে কঅলখাৰত ফছফৰাছ, পটাছিয়াম, মেংগানিজ, লো, কেলচিয়াম, বিটা কেৰ’টিন, ছ’ডিয়াম আদি উপাদান আছে । ই হজম শক্তি বঢ়ায় । সেয়ে এচিডিটী, এনিমিয়াম আদি নহয় বুলিও ক’ৰবাত পঢ়িবলৈ পাইছিলো । খাৰনি ভাত খাবলৈ ভাল । মাত ভাগিলে এই ভাত খালে মাত ওলায় । খাৰৰ ব্যঞ্জন সদায় ভাত খাওঁতে অন্যান্য ব্যঞ্জন খোৱাৰ আগতে খাব লাগে । খাৰ তেজৰ শৰ্কৰা, শৌচ-প্ৰস্ৰাৱ নিয়মীয়া, গ্ৰহণী, অতিসাৰ, পেটউখহা, কোষ্ঠকাঠিন্য, মাংসপেশী তথা স্নায়ু সবল, ৰক্তচাপ নিয়ন্ত্ৰণ, দৃষ্টিশক্তি বৃদ্ধি, পাইলছ, যক্ষ্মা, জণ্ডিচ, ডায়েবেটিছ আদি ৰোগৰ বাবে উপকাৰী । ইয়াৰ বাদেও ছাল, কফ, ৰক্তহীনতা, হাড়-দাঁত মজবুত কৰে । ব্ৰংকাইটিছ, জণ্ডিচ আৰু কঁকালৰ বিষৰ বাবেও উপকাৰী । অৱশ্যে ইয়াৰ গুণাগুণ বেলেগ বেলেগ শাক-পাচলিৰ লগত বেলেগ বেলেগ হয় । ব্লাড প্ৰেছাৰ থকা ৰোগীৰ বাবে খাৰৰ আঞ্জা মহৌষধ ।

বিভিন্ন শাকত থকাৰ দৰে পাচলিতো বিভিন্ন উপাদান আৰু ঔষধি গুণ আছে । পাচলিত প্ৰ’টিন, শৰ্কৰা, কেলৰি, কাৰ্বহাইড্ৰেট, কেলচিয়াম, ফছফৰাছ, আইৰন, ভিটামিন, আঁহ আদি উপাদান আছে । প্ৰতিবিধ পাচলিৰ উপাদানো পৃথক । ইয়াৰ বাদেও কিছুমান পাচলিত জিংক, চৰ্বি, পানী, ফলিক এচিড, টাৰটাৰিক এচিড আদি আছে । প্ৰতিবিধ পাচলিৰে শাকৰ দৰে ঔষধি গুণো বেলেগ বেলেগ । কোনোটোৱে ভাল কৰে কোষ্ঠকাঠিন্য, মেদবহুলতা, গ্ৰহণী আৰু কোনোটো উপকাৰী কৰ্কট, বায়ু, পিত্ত, কফ, শ্বাসতন্ত্ৰৰ ৰোগ, চকুৰ ৰোগৰ বাবে ।

শৰীৰটো নিৰোগী আৰু দৈহিক বিঅকশৰ বাবেই খাদ্য লাগে । সুস্বাস্থ্যইহে মানুহক উজ্জীৱিত কৰি ৰাখে আৰু কৰ্মস্পৃহা বঢ়ায় । পৰাপক্ষত মা-মচলা বৰ্জন কৰিব পাৰিলে ভাল । প্ৰকৃতিৰ আশীৰ্বাদত মানৱ জাতিটোৱে বহুখিনি খাদ্য সম্ভাৰ প্ৰাকৃতিকভাৱে পাইছে । গতিকে প্ৰকৃতিৰ বদান্যতাত পোৱা শাক-পাচলিখিনিৰ সদ্ব্যৱহাৰ কৰি খালে বহুতো ৰোগৰ পৰা পৰিত্ৰাণ পাব পৰা যাব ।

লেখিকা :- ৰুণু তামুলী বৰা

উৎস :- জি এনআৰচি স্বাস্থ্য

 

 

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top