অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দাঁতৰ যতন :

দাঁতৰ যতন :


দেহৰ অন্নান্য অঙ্গৰ লগতে দাঁত দুপাৰী পৰিস্কাৰ আৰু নিৰোগী কৰি ৰাখিবলৈ সকলোৱে যত্ন কৰোহক। আগৰ দিনত বিভিন্ন প্ৰকাৰৰ দাতোন বা ছাই এঙাৰেৰে দাঁত মজা দিন দুই এজনক বাদ দি আজিৰ ব্যস্ত সমাজত উকলিল বুলিবই লাগিব ।
আজিকালি দেখিছো সৰু লৰাছোৱালিহতক দাঁত গজা আৰম্ভ হলেই মাক দেউতাকে ব্ৰাচদাল কিনি দিয়ে । ইমান যতনৰ পিচতো আমাৰ দাঁতৰ ৰোগ হৈয়ে আছে । হয়তো কোনেও দাঁতৰ ৰোগত নুভুগাকৈ থকা নাই ।
আজিৰ সভ্য সমাজে দাঁত মাজনৰ পুৰনী পদ্ধতিৰ বিষয়ে কবলৈ গলে হয়তো কোনোবাই হাঁহিব । তথাপি কিছু উনুকিয়াবলৈ সাহস কৰিছো। কোনোবাই ভাল বুলি ভাবিলে ঘহিব ।
ইংৰাজসকলৰ আগমনৰ পুৰ্বে ভাৰতত টুথ পেস্ট বা টুথ ব্ৰাচ কি বস্তু নাজানিছিল । তেতিয়া আঙুলি বা দাঁতৰ ৰোগ প্ৰতিষেধক দাতোনেৰেই দাঁত ঘহিছিল । কিন্তু ইংৰাজ সকলক দেখি আমাৰ ভদ্ৰসমাজে বা আজিৰ দিনত আমি সকলোৱে ব্ৰাচ হাতত ললোহি । টুথ ব্ৰাচ আৰু পেস্টৰ বহু দেশী বিদেশী কোম্পানি গঢ়ি উঠিছে । সেইবোৰে সদায়ে ভাল বেয়াৰ প্ৰতিযোগিতামুলক বিজ্ঞাপনেৰে আমাক ভুলাই বছৰে লাখ লাখ কোটি কোটি টকা ঘটি আছে ।
নিজে অনুমান কৰক -আনুমানিক দিনে এটকাকৈ গাইপতি ব্যয় ধৰিলে বুঢ়াকাললৈ আপোনাৰ কিমান খৰছ দাঁতৰ যতনৰ বাবে হব পাৰে  অইন প্ৰসাধনৰ কথাতো তেনেকৈ হিচাব কৰকচোন !
আগৰ দিনত ব্যৱহৃত ঔষধী দাতোন বা ছাই এঙাৰ সহ আঙুলীৰে দাঁত ঘহা বিনামুলীয়া পদ্ধতি আৰু ফলাফলসমুহ চাওচোন –

১। মহানিমৰ ঠাৰি –

২। সৌৰাগছৰ ঠাৰি-
৩।ভেৰেনা বা ভতৰা বা ভেন্দেৰা ৪। কেচা তামোলৰ বাকলি ৫।এৰা গছৰ ঠাৰি ৬। পচতিয়া
এইবোৰ আটাইবোৰে দাঁত পৰিস্কাৰক আৰু দাঁতৰ সৰ্ব ৰোগ প্ৰতিষেধক । তাৰোপৰি মাজে মাজে এঙাৰ , নিম বা বকুল গছৰ চালৰ পোৰা ছাই,নিমখ+হালধী+সৰিয়হ তেল মিহলাই ঘহা দাঁতৰ যতন আৰু বিভিন্ন ৰোগৰ বাবে উত্তম ব্যৱস্থা।
দাঁতৰ বিভিন্নৰোগত বকুল ,আদা,লং,ভীমকলৰ ঠাৰি,বাহৰ কুমলীয়া এচাৰি,মধুৰিআমৰ পাত, হিং ফিটকিৰি ,বিষ হৰি,কৰ্দৈৰ শিপাৰ ৰস,পিপলী আদি উৎকৃষ্ট ঔষধী ।
এনেবোৰ নানাবিধ বিনামুলীয়া সুন্দৰ ব্যৱস্থা থকা স্বত্বেও আমি অনিহা ,অৱহেলা বা অনিচ্ছাৰে এইবোৰক দুৰলৈ ঠেলি দিছো out dated বুলি ।
টুথ ব্ৰাচ টুথ পেস্তসমুহৰ বেচিভাগ কোম্পানিৰ মুলশিপা বিদেশৰ । সেইবোৰৰ মুনাফা ভাৰতৰ ব্যৱসায়ীৰ লগতে বিদেশেও নিশ্চয় পায়।

লেখক: যতীন দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 6/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate