অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দাঁতৰ স্কেলিং

দাঁতৰ স্কেলিং

দাঁত মুখৰ ৰোগৰ পৰা হাত সাৰি থকাৰ অতি সাধাৰণ আৰু সহজ উপায়টো হৈছে নিয়মিত দুবাৰকৈ-পুৱা শোৱাৰ পৰা উঠি আৰু নিশা শেষ আহাৰ গ্ৰহণ কৰি শুবলৈ যোৱাৰ আগেয়ে সঠিক পদ্ধতিৰে দাঁত ব্ৰাছ কৰাটো। কিন্তু যেতিয়া দাঁতৰ গুৰিত দীর্ঘম্যাদী বেক্টেৰিয়েল প্লাক বা কেলকুলাছ জমা হয়, তেতিয়া সাধাৰণ ব্ৰাছ কৰা পদ্ধতিৰে দাঁত ব্ৰাছ কৰিলে এই আঠালেটীয়া ডেণ্টেল প্লাক বা কেলকুলাছৰ দৰে কঠিন। পদাৰ্থবোৰ দাঁতৰ গুৰিৰ পৰা আঁতৰাব নোৱাৰি। তেনে ক্ষেত্ৰত বিশেষ আহিলা-পাতিৰ দ্বাৰা, সঠিক পদ্ধতিৰে দাঁতৰ গুৰিবোৰ পৰিষ্কাৰ কৰাৰ প্রয়োজন হৈ পৰে। বিশেষ আহিলা-পাতি বা স্কেলাৰ, যি সৰঞ্জাম ব্যৱহাৰ কৰি দাঁত চাফা কৰা হয়, সেই পদ্ধতিক “স্কেলিং কৰা বোলে। এই পদ্ধতিৰ দ্বাৰা দাঁতৰ গুৰিত জমা হোৱা ডেণ্টেল প্লাক, কেলকুলাছ আৰু দাঁতৰ পৃষ্ঠত সাধাৰণতে লগা চাহ, কফি, তামোল-পাণ, বিড়ি-চিগাৰেট, ধঁপাত আদিৰ ৰঙৰ দাগবোৰ আঁতৰ কৰা হয়। দাঁতৰ গুৰি বা পৃষ্ঠত জমা হোৱা ষ্টেইনছ বা কেলকুলাছবোৰ দাঁতবোৰ খহটা আৰু ডাঠ কৰি তোলে। খহটা পৃষ্ঠত ডেণ্টেল প্লাকবোৰ সহজতে লাগি ধৰে বা দ্রুতগতিত গঠন হয় আৰু সাধাৰণ ব্ৰাছ কৰা পদ্ধতিৰে সেইবোৰ আঁতৰ কৰিব নোৱাৰি। ফলত দাঁতৰ মাৰি বা আলুত সোনকালে সংক্ৰমণ হয়। স্কেলিং আৰু পলিছিঙৰ সহায়ত ষ্টেইনছ আৰু কেলকুলাছ আদি কাৰকবোৰ আঁতৰাই দাঁতৰ পৃষ্ঠ মসৃণ কৰি তোলা হয়, যাতে ডেণ্টেল প্লাক গঠন হ’ব নোৱাৰে আৰু হ’লেও তাক ব্ৰাছৰ সহায়ত সহজতে আঁতৰ কৰিব পৰা যায়।

স্কেলিং দুই প্ৰকাৰে কৰিব পাৰি—বিশেষ আহিলাৰ সহায়ত হাতেৰে নতুবা বিদ্যুৎচালিত যন্ত্ৰৰ সহায়ত মৃদু কম্পনৰ দ্বাৰা, যাক ‘আল্ট্ৰাছ’নিক স্কেলিং’ বোলা হয়। ৰোগৰ প্রসাৰণ, মাৰি বা আলুৰ অৱস্থা, সময়, খৰচ ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰি ‘হেণ্ড স্কেলাৰ’ বা আল্ট্ৰাছ’নিক স্কেলাৰৰ প্রয়োজনীয়তা ঠাৱৰ কৰা হয়। দন্ত চিকিৎসকৰ পৰামৰ্শ মতে প্রতি ছমাহৰ মূৰে মূৰে স্কেলিং কৰাব লাগে। নোৱাৰিলে অন্ততঃ বছৰত এবাৰ স্কেলিং কৰাটো প্ৰয়োজনীয়। বিশেষকৈ হার্ট আৰু শ্বাস-প্রশ্বাসত ভোগা ৰোগী, ডায়েবেটিছ ৰোগী, মুখৰ লালটি গ্রন্থিৰ ৰোগত ভোগা ৰোগী, কেন্‌ছাৰ ৰোগত ‘ৰডিয়েশ্যন থেৰাপী’ লোৱা ৰোগী আৰু বিশেষকৈ শাৰীৰিক আৰু মানসিকভাৱে বাধাগ্রস্ত ৰোগীসকলৰ মুখগহ্বৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাত যথেষ্ট গুৰুত্ব আৰোপ কৰা হয়। কিয়নো, দাঁতৰ মাৰি বা আলুৰ ৰোগত আক্ৰান্ত মাতৃসকলে সময়তকৈ আগেয়ে কম ওজনৰ সন্তান জন্ম দিয়ে বুলি সমীক্ষাত প্ৰতিপন্ন হৈছে। ধূমপান কৰা লোকসকলে বছৰত অন্ততঃ তিনিবাৰ স্কেলিং কৰোৱাটো উচিত।

দাঁতৰ গুৰিত যেতিয়া কেলকুলাছ জমা হয়, তেতিয়া দাঁতটো আৱৰি থকা হনুৰ হাড় লাহে লাহে ধ্বংস হয় বা ক্ষয়প্রাপ্ত হয়। দাঁতৰ গুৰিৰ পৰা এই অনিষ্টকাৰী পদাৰ্থবোৰ আঁতৰাই নিদিলে দাঁতক আৱৰি ৰখা কলাৰ সংক্রমণ ঘটি দাঁতবোৰ ঢিলা হৈ লৰিবলৈ ধৰে আৰু বেমাৰ পুৰণি হ’লে কেতিয়াবা দাঁতবোৰ আপোনা-আপুনি সৰি যোৱাও দেখা যায়। স্কেলিং কৰাৰ ফলত দাঁতবোৰ ঢিলা হৈ যোৱাটো এটা ভ্ৰান্ত ধাৰণা। দাঁতবোৰ ঢিলা হয় হনুৰ হাড় ক্ষয় হোৱা আৰু কলাৰ সংক্ৰমণৰ ফলতহে। স্কেলিঙৰ দ্বাৰা শিলৰ দৰে কঠিন পদাৰ্থবোৰ আঁতৰাই দিলে দাঁতবোৰ পাতল লাগে। দাঁতৰ ৰূট বা শিপা অংশ যিটো মুখৰ হনুৰ ভিতৰত সোমাই থাকে, সেই অংশ ডেণ্টিন আৰু চিমেণ্টাম নামৰ কিছু পৰিমাণৰ সংবেদনশীল কলাৰে গঠিত। স্কেলিং কৰি পাথৰবোৰ গুচাই দিয়াৰ ফলত দাঁতৰ গুৰিবোৰ কিছু পৰিমাণে সাময়িকভাৱে ওলাই যায় বা উদং হৈ পৰে। তেতিয়া গৰম বা ঠাণ্ডা খালে সিৰসিৰায় বা কিছু সময়ৰ বাবে অসুবিধা অনুভৱ কৰে। কিন্তু এইটো খন্তেকীয়া, সাময়িক। স্কেলিং কৰাৰ কিছুদিন পাছতে দাঁতৰ মাৰি বা দাঁতক আৱৰি ৰখা কলা সম্পূর্ণ ৰোগমুক্ত হৈ দাঁতত আকৌ লিপিট খাই লাগি ধৰে। তেতিয়া এই অসুবিধাবোৰ আপোনা-আপুনি নাইকিয়া হৈ পৰে। অভিজ্ঞ দন্ত চিকিৎসকৰ দ্বাৰা স্কেলিং পদ্ধতিৰে দাঁত পৰিষ্কাৰ কৰাটো এটা পার্শ্বপ্রতিক্রিয়াহীন সম্পূর্ণ বিজ্ঞানসন্মত ব্যৱস্থা।

লেখিকা: ডাঃ ৰুবী কটকী, দৈনিক জনমভূমি।

শেহতীয়া উন্নীতকৰণ: : 2/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate