অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মুখৰ দুৰ্গন্ধ

মুখৰ দুৰ্গন্ধ মানে হ’ল মানুহৰ মুখগহ্বৰৰ পৰা নিষ্কাসন হোৱা এক অস্বাভাৱিক কেচেমা গোন্ধ। ইংৰাজীত ইয়াক বেডব্ৰেথ অথবা হেলিট’চিছ বুলি কোৱা হয়। মুখৰ পৰা দুৰ্গন্ধ নিৰ্গত হোৱা বহু ব্যক্তিয়ে নিজেই লং, ইলাচি, চুইংগাম ব্যৱহাৰ কৰি আৰু কুলি কুলি কৰি খন্তেকীয়াভাৱে ইয়াক প্ৰতিৰোধ কৰে। কিন্তু চিকিৎসকৰ ওচৰ চাপি মুখৰ দুৰ্গন্ধৰ সঠিক কাৰণ নিৰ্ণয় কৰি, কাৰণ অনুযায়ী চিকিৎসা গ্ৰহণ কৰিলে আৰু কিছু প্ৰতিৰোধ ব্যৱস্থা ল’লে এই ৰোগৰ পৰা সম্পূৰ্ণভাৱে উপশম পাব পাৰি।

কাৰণসমূহ

মুগৰ দুৰ্গন্ধ ওলোৱাৰ বহুতো কাৰণ থাকিব পাৰে। সাধাৰণতে কেঁচা পিয়াঁজ, নহৰু, চিগাৰেট, ধপাত, মাছ-মাংস আৰু মাদক দ্ৰব্য সেৱন কৰাৰ পিছত ক্ষণস্থায়ীভাৱে মুখৰ দুৰ্গন্ধ ওলাব পাৰে। মুখত লাগি থকা এনে পদাৰ্থবোৰ আৰু তেজৰ সৈতে মিহলি হৈ যোৱা এই পদাৰ্থৰ গোন্ধ আমাৰ নিশ্বাসত ওলায়। কিছু সময়ৰ পিছত এই পদাৰ্থৰ নিষ্কাসন হয় বাবে মুখৰ গোন্ধ আঁতৰি যায়। ধূমপানৰ ফলত মুখৰ ভিতৰখন শুকাই যায় আৰু ধোঁৱাৰ গোন্ধ এটাৰ সৃষ্টি কৰে। ধঁপাত খোৱাসকলৰ দাঁত আৰু আলুৰ ৰোগ হোৱাৰ সম্ভাৱনা অধিক। ইয়াৰ বাবেও মুখৰ পৰা বেয়া গোন্ধৰ সৃষ্টি হয়। নিৰামিষভোজী মানুহৰ মুখৰ আমিষভোজীতকৈ বেছি হোৱা দেখা যায়। বহু সময়ত মানুহ পুৱা শুই উঠাৰ পিছত মুখৰ পৰা দুৰ্গন্ধ ওলাব পাৰে। ইয়াৰ মূল কাৰণ হ’ল বহু সময় শুই থকা বাবে মুখগহ্বৰত থকা লেলাউটি গ্ৰন্থিৰ পৰা কম লেলাউটি নিৰ্গত হোৱা। লেলাউটি কম নিৰ্গত হোৱাৰ ফলত মুখগহ্বৰখন ভালকৈ ধোৱা নাযায় আৰু শুকাই যায়। মুখৰ ভিতৰখন শুকান হ’লে জিভা, আলু আৰু গালৰ ভিতৰ ফালৰ মৃতকোষবোৰ জমা হৈ থাকে। এই কোষবোৰ পিছত পচি গৈ বেয়া গোন্ধৰ সৃষ্টি কৰে। সেই একে কাৰণতে বহু সময় লঘোণে থকা ব্যক্তিৰ মুখৰ পৰাও দুৰ্গন্ধ ওলাব পাৰে। ভালকৈ দাঁত ব্ৰাছ নকৰিলে, জিভা লেতেৰা হ’লে, জ্বৰ আদি ৰোগত ভুগিলে, অতিমাত্ৰা মছলা খালে আৰু কোষ্ঠকাঠিন্যতা ভুগিলেও মুখৰ পৰা দুৰ্গন্ধ ওলাব পাৰে।

মুখগহ্বৰ, দাঁতৰ আলু, দাঁতৰ গুৰি, টনছিলৰ সংক্ৰমণ আদিৰ বাবে মুখৰ দুৰ্গন্ধ ওলায়। প্ৰায় আশী শতাংশ মুখৰ পৰা দুৰ্গন্ধ ওলোৱা ব্যক্তিৰ ৰোগৰ কাৰণ দাঁতৰ আলুৰ ৰোগ। মুখগহ্বৰত ভগা দাঁত থাকিলে আৰু সেই দাঁত খাদ্য খোৱাৰ পিছত ভালদৰে ছাফা নকৰিলে খোৱা খাদ্য ভাগ দাঁতত ৰৈ যায়। পিছলৈ সেই খাদ্যৰ সৈতে মুখত থকা জীৱাণুবোৰ ক্ৰিয়া কৰি লাগি থকা খাদ্যকণাবোৰত বেক্টেৰিয়া জমা হয়। ইয়াৰ পৰা হাইড্ৰজেন ছালফাইড গেছ ওলাই থাকে। ইয়াৰ বাবেই নি:শ্বাসত গোন্ধ ওলায়। কৃত্ৰিম দাঁত লগোৱা ব্যক্তিয়ে কৃত্ৰিম দাঁত পৰিষ্কাৰ কৰি নাথাকিলেও মুখৰ দুৰ্গন্ধ ওলাব পাৰে। মুখত ঘাঁ থাকিলেও মুখৰ পৰা দুৰ্গন্ধ ওলাব পাৰে। শিশুৰ নাকত কিবা বস্তু সোমাই থাকিলে অথবা এডিনয়ড গ্ৰন্থি ডাঙৰ হোৱাৰ বাবে নাকৰ বিন্ধা বন্ধ হ’লে নাকেৰে শেঙুন ওলাব নোৱাৰে। তেতিয়া শেঙুন মুখেৰে ওলাব ধৰে বাবে মুখৰ দুৰ্গন্ধ ওলাব পাৰে। তদুপৰি ব্যক্তিৰ ছাইনাছাইটিছ ৰোগ, হাওঁফাওঁৰ সংক্ৰমণ হ’লেও মুখৰ পৰা দুৰ্গন্ধ ওলাব পাৰে। ডায়েবেটিছ ৰোগ, বৃক্কৰ ৰোগ, যকৃতৰ ৰোগ, যকৃত বৈকল্য ৰোগী, ফিছওদ’ৰ ছিণ্ড্ৰম ৰোগ আৰু মেটাব’লিক ৰোগ থকা ব্যক্তি আদিৰ মুখৰ পৰাও দুৰ্গন্ধ ওলাব পাৰে।

জটিলতা

মুখৰ দুৰ্গন্ধ ওলোৱা ৰোগত বহুদিন ভুগি থাকিলে ব্যক্তিৰ মানসিক ৰোগো হ’ব পাৰে। ইয়াক হেলিট’ফৰিয়া বুলি কোৱা হয়। এনে ৰোগত ভোগা ব্যক্তিৰ মুখৰ পৰা প্ৰকৃততে দুৰ্গন্ধ নোলালেও তেওঁৰ মুখৰ গোন্ধে আনক দিগদাৰি দিব, মুখৰ গোন্ধৰ বাবে তেওঁক মানুহে ঠাট্টা কৰিব বুলি ভাবি আনৰ লগত সহজ হ’ব নোৱাৰি সমাজৰ পৰা নিজকে আঁতৰাই ৰাখি ঘৰতে আৱদ্ধ হৈ থাকে। বেলেগ কাৰণত আনে মুখত ৰুমাল ল’লেও তেওঁৰ মুখৰ গোন্ধৰ বাবে লোৱা বুলি ভাবে। এওঁলোকে বাৰে বাৰে মুখ ধোঁৱে, জিভা পৰিষ্কাৰ কৰে, তেওঁৰ মুখৰ পৰা গোন্ধ ওলাইছে নেকি বাৰে বাৰে আনক সোধে, হতাশাত ভোগে, সামাজিক জীৱন ত্যাগ কৰে আৰু খিংখিঙিয়া হৈ পৰে। তেওঁলোকে আনকি শৰীৰৰ পৰাও দুৰ্গন্ধ ওলায় বুলি ভাবি বাৰে বাৰে গা ধোঁৱে, সঘনাই পাৰফিউম ব্যৱহাৰ কৰে।

নিজে কেনেকৈ জানিব

প্ৰত্যেক ব্যক্তিয়ে তেওঁৰ মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি তাক নিজেই পৰীক্ষা কৰি চাব পাৰে। জিভাৰে নিজৰ হাতখন অলপ চেলেকি চাই শুঙি চাব লাগে। যদি মুখৰ পৰা দুৰ্গন্ধ ওলায়, তেন্তে হাতখনৰ চেলেকি চোৱা ঠাইখিনিত দুৰ্গন্ধ পোৱা যাব। মুখৰ পৰা দুৰ্গন্ধ ওলোৱা ব্যক্তিয়ে নিজৰ হাতৰ পতাখন মুখৰ আগত ৰাখি মুখখন মেলি জোৰে জোৰে মুখেৰে নিশ্বাস এৰিলে গোন্ধ পাব। তেওঁ এখন পৰিষ্কাৰ চামুচেৰে জিভাৰ গুৰিৰ পৰা থুই অলপ আনি শুঙি চালেও গোন্ধ পাব।

চিকিৎসা

মুখৰ পৰা ওলোৱা দুৰ্গন্ধৰ প্ৰকৃত কাৰণটো সঠিককৈ থিৰাং কৰি লোৱা উচিত। কাৰণ থিৰাং কৰি সেইমতে উচিত চিকিৎসা ল’ব লাগে। দন্ত চিকিৎসক আৰু ডিঙি, কাণ আৰু নাক বিভাগৰ চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰিও মুখৰ দুৰ্গন্ধৰ কাৰণ থিৰাং কৰিব পাৰি। হেলিমিটাৰ আৰু গেছক্ৰ’মেটোগ্ৰাফী পৰীক্ষা কৰিও মুখৰ দুৰ্গন্ধৰ কাৰণ নিৰ্ণয় কৰিব পাৰি। Organaleptic Measurement নামৰ এবিধ বিশেষ স্কেলেৰে মুখৰ দুৰ্গন্ধৰ ঘনত্বৰ পৰিমাণ নিৰ্ণয় কৰিব পাৰি। মুখ আৰু দাঁতৰ ৰোগৰ বাবে মুখৰ পৰা দুৰ্গন্ধ ওলালে দন্ত চিকিৎসকৰ দ্বাৰা উচিত চিকিৎসা কৰাব লাগে। ভঙা দাঁত থাকিলে উভালি ল’ব লাগে। মুখৰ ঘাঁ থাকিলে চিকিৎসা কৰিব লাগে। ডিঙি, কাণ আৰু নাক বিভাগৰ চিকিৎসকৰদ্বাৰা পৰীক্ষা কৰাই মুখৰ গোন্ধৰ কাৰণ নিৰ্ণয় কৰি চিকিৎসকৰ দ্বাৰা উচিত চিকিৎসা কৰাব লাগে। তদুপৰি ডায়েবেটিছ বৃক্কৰ ৰোগ আৰু লিভাৰৰ ৰোগ থাকিলে আৰু শৰীৰৰ আভ্যন্তৰীণ কাৰণত মুখৰ দুৰ্গন্ধ ওলালে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা উচিত চিকিৎসা কৰাব লাগে। হেলিট’ফৰিয়া ৰোগীয়ে মানসিক চিকিৎসকৰ ওচৰত চিকিৎসা ল’ব লাগে।

প্ৰতিৰোধ

ফৰিয়া ৰোগীয়ে মানসিক চিকিৎসকৰ ওচৰত চিকিৎসা ল’ব লাগে।

প্ৰতিৰোধ

মুখৰ পৰা দুৰ্গন্ধ ওলোৱা প্ৰতিৰোধ কৰাৰ বাবে প্ৰতিদিনে দুবাৰকৈ দাঁত ব্ৰাছ কৰি জিভা, আৰু মুখগহ্বৰ পৰিষ্কাৰ কৰি আৰু নিমখ পানী অথবা এন্টিচেপ্টিক বা জীৱাণুনাশক মাউথৱাছেৰে কুলি কুলি কৰি দাঁত আৰু মুখগহ্বৰ ছাফা কৰি মুখগহ্বৰ আৰু জিভা পৰিষ্কাৰ কৰা অভ্যাস কৰিব লাগে। জিভাখন যিমান পাৰি ভিতৰলৈ পৰিষ্কাৰ কৰিব লাগে। প্ৰতিবাৰে আহাৰ খোৱাৰ পিছত দাঁত ব্ৰাছ কৰি মুখগহ্বৰ ধুব লাগে। নিশা বিচনাত পৰাৰ আগেয়ে দাঁত আৰু মুখৰ ভিতৰভাগ পৰিষ্কাৰ কৰিব লাগে। সুৰাপান আৰু ধঁপাত সেৱন ত্যাগ কৰিব লাগে। মুখেৰে উশাহ লোৱা বদঅভ্যাস ত্যাগ কৰিব লাগে। কম মছলাযুক্ত খাদ্য খাব লাগে। প্ৰচুৰ আঁহজাতীয় আৰু সুষম পুষ্টিকৰ আহাৰ খাব লাগে। প্ৰচুৰ আঁহজাতীয় আৰু সুষম পুষ্টিকৰ আহাৰ খাব লাগে। প্ৰচুৰ পানী খাব লাগে। ফল চুহি খাব লাগে। নিম গছৰ দাঁতোনৰ ব্যৱহাৰ কৰিব পাৰি। কৃত্ৰিম দাঁত লগালে নিয়মিতভাৱে পৰিষ্কাৰ কৰিব লাগে।

লিখক: ডা: ধৰ্মকান্ত কুম্ভকাৰ, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate