মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / দাঁতৰ যত্ন / মুখৰ দুৰ্গন্ধ কাৰণ আৰু প্ৰতিকাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মুখৰ দুৰ্গন্ধ কাৰণ আৰু প্ৰতিকাৰ

মুখৰ দুৰ্গন্ধ কাৰণ আৰু প্ৰতিকাৰ

মুখৰ পৰা বেয়া গোন্ধ ওলোৱাটো সমাজৰ বহু লোকে ভুগি থকা এটি অস্বস্তিকৰ স্বাস্থ্য সমস্যা। চিকিৎসাশাস্ত্ৰৰ ভাষাত ইয়াক হেলিট’ছিছ বোলে। বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় ২০ শতাংশ লোকেই কম-বেছি পৰিমাণে কোনো ধৰণৰ মুখৰ গোন্ধৰ সমস্যাত ভোগে। মুখগহ্বৰৰ বাদেও নাক গহ্বৰ, নাকৰ চাইনাছ, ডিঙি, হাঁওফাঁও, খাদ্যনলী, পাকস্থলী, যকৃত আদি শৰীৰৰ বিভিন্ন অংগৰ কেতবোৰ অসুখৰ বাবে মুখৰ পৰা দুৰ্গন্ধ ওলাব পাৰে।

মুখৰ দুৰ্গন্ধৰ ৯০ শতাংশৰ ক্ষেত্ৰতে মুখগহ্বৰৰ জড়িত কাৰণ থকা দেখা যায়। মুখগহ্বৰৰ ভিতৰত প্ৰায় ৭০০ বিধ বিভিন্ন প্ৰজাতিৰ অণুজীৱ থাকে। জিভাৰ গুৰিৰ ফালৰ ওপৰ অংশ আৰু তাৰ আশে-পাশে থকা বেক্টেৰিয়াৰ দ্বাৰা দুৰ্গন্ধ সৃষ্টিকাৰী জৈৱিক আৱৰণ সৃষ্টি মুখৰ পৰা বেয়া গোন্ধ ওলোৱাৰ এটি মূল কাৰণ। খোৱা খাদ্য আৰু লেলাউটিত থকা ছালফাৰযুক্ত এমিনো এচিডৰ মুখগহ্বৰৰ বেক্টেৰিয়াৰ দ্বাৰা হোৱা বিভংগনৰ ফলত হাইড্ৰ’জেন ছালফাইড, মিথাইল মাৰ্কাপ্টেন, এলিল মিথাইল ছালফাইড, ডাই-মিথাইল ছালফাইড আদি দুৰ্গন্ধময় ৰাসায়নিক পদাৰ্থৰ উৎপত্তি হয়। দাঁতৰ ফাঁকত ৰৈ যোৱা খাদ্যাংশ, পূজ, অপৰিষ্কাৰ কৃত্ৰিম দাঁত আদিয়ে ইয়াত অৰিহণা যোগায়। দুৰ্গন্ধৰ তীব্ৰতা দিনটোৰ সময়ভেদে কম-বেছি হ’ব পাৰে। খোৱা খাদ্যৰ ওপৰতো ই বহুলাংশে নিৰ্ভৰ কৰে-পিঁয়াজ, নহৰু, মাছ, মাংস, কণী, পনীৰ জাতীয় খাদ্য গ্ৰহণৰ পিছত দুৰ্গন্ধ বেছি হোৱাৰ সম্ভাৱনা থাকে। উচ্চ মাত্ৰাৰ প্ৰ’টিন আৰু কম শ্বেতসাৰযুক্ত খাদ্য নিয়মীয়াকৈ বা সঘনাই খালে কিটোছিছ নামৰ পৰিপাকজনিত অৱস্থা অটিৰ উদ্ভৱ হ’ব পাৰে-য’ত শৰ্কৰাৰ সলনি চৰ্বিৰ দহন বেছিকৈ হয়। তেনে অৱস্থাত মুখৰ পৰা বেয়া গোন্ধ ওলায়। মুখ গহ্বৰৰ অন্য কেতবোৰ সমস্যা যেনে- পোকে খোৱা দাঁত, মুখগহ্বৰৰ সংক্ৰমণ, ভিটামিন বি ৰ অভাৱত জিভা, ওঁঠৰ ভিতৰভাগ বা দাঁতৰ আলু আদিত হোৱা ঘা ইত্যাদিও কেতবোৰ উল্লেখযোগ্য কাৰণ।

মুখগহ্বৰৰ পিছতে মুখ বেয়া গোন্ধোৱাৰ দ্বিতীয় মূল কাৰণ নাক। নাক গঠনকাৰী হাড়ৰ মাজত থকা গহ্বৰ বা চাইনাছসমূহৰ সংক্ৰমণৰ বাবে দুৰ্গন্ধ ওলাব পাৰে। টনছিলৰ অসুখ, যেনে-টনছিলাইটিছ, পূজ জমা হোৱা আদিৰ বাবে মুখ বেয়া গোন্ধায়। হায়াটাছ হাৰ্নিয়া, জেংকাৰছ ডাইভাৰ্টিকুলাম আদি খাদ্যনলীৰ অস্বাভাৱিকতাৰ বাবে পাকস্থলীৰ পৰা গেছ ওলাই বা খাদ্যবস্তু খাদ্যনলীত ৰৈ গৈ দুৰ্গন্ধ ওলাব পাৰে। বিড়ি, চিগাৰেট, হোকা, চিলিম আদিৰে কৰা ধূম্ৰপানে মুখগহ্বৰৰ ভিতৰত ৰাসায়নিক পদাৰ্থ কিছুমান এৰি দিয়ে। ইয়ে মুখৰ ভিতৰৰ পৰিৱেশ শুকান কৰি কম অম্লজানৰ পৰিৱেশ এটাৰ সৃষ্টি কৰে, য’ত এনেৰ’বিক শ্ৰেণীৰ বেক্টেৰিয়াই বংশবৃদ্ধি কৰিবলৈ সুবিধা পায়। মদ্যপানৰ আসক্তিয়ে কৰা পৰিচ্ছন্নতাৰ অভাৱ, পৰিপুষ্টিৰ অভাৱ, যকৃতৰ দুৰ্বলতা আদিয়ে মূৰকত মুখৰ দুৰ্গন্ধৰ উৎপত্তি ঘটায়। শৰীৰৰ অইন কেতবোৰ অসুখ, যেনে- যকৃতৰ বিকাৰ, হাঁওফাঁওৰ সংক্ৰমণ, বৃক্কৰ সংক্ৰমণ আৰু বিকলতা, কৰ্কট ৰোগ, মধুমেহ, উপবাস, উৎকন্ঠা বা মানসিক চাপ, মাদক দ্ৰব্য, কিছুমান ঔষধ ব্যৱহাৰ আৰু এচিড’ছিছ আদি মেটাব’লিক অসুখত মুখৰ দুৰ্গন্ধ হোৱা দেখা যায়। মহিলাৰ ঋতুস্ৰাৱ আৰু মাহ-চক্ৰৰ মধ্যকালত হৰম’নজনিত কাৰণত মুখ বেয়া গোন্ধাব পাৰে। কিছু সংখ্যক ব্যক্তিৰ আকৌ মুখৰ পৰা বেয়া গোন্ধ ওলোৱা বুলি এটা ভুল ধাৰণা দৃঢ়ভাৱে থাকে। মুখৰ দুৰ্গন্ধৰ বাবে চিকিৎসকৰ ওচৰ চপা ৰোগীসকলৰ প্ৰায় এক চতুৰ্থাংশই এনে ভ্ৰান্ত ধাৰণাৰ বশৱৰ্তী হৈ থাকে বুলি সমীক্ষাত প্ৰকাশ পাইছে। এনে ভ্ৰান্ত ধাৰণাক হেলিটোফ’বিয়া বুলি কোৱা হয়।

মুখৰ এই অস্বস্তিকৰ বেয়া গোন্ধত নুভুগিবৰ বাবে বা ভুগি থকাসকলে পৰিত্ৰাণ পাবৰ বাবে কিছুমান সাৱধানমূলক কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়। মুখগহ্বৰৰ সৰ্বপ্ৰকাৰৰ পৰিচ্ছন্নতা ইয়াৰ এক প্ৰাথমিক প্ৰয়োজনীয়তা। যিকোনো খাদ্য খোৱাৰ পিছত পানীৰে ভালদৰে মুখ আখলিব লাগে। দিনটোত কমেও দুবাৰ ভালদৰে দাঁত মাজিব লাগে আৰু অন্তত: এবাৰ ভালদৰে মুখ কুলিকুলি কৰিব লাগে। নিশা বিচনাত পৰাৰ আগেয়েই দাঁত আৰু মুখৰ ভিতৰ ভাগ পৰিষ্কাৰ কৰাটো নিতান্তই প্ৰয়োজনীয়। মুখৰ লেলাউটিৰ নি:সৰণ কমি যোৱাৰ ফলত মুখৰ ভিতৰত বীজাণুৱে বংশবৃদ্ধি কৰিবৰ সুবিধা পায়। তাতে যদি দাঁতৰ ফাঁক আদি ঠাইত খাদ্যবস্তুৰ অৱশিষ্ট থাকি যায়, দুৰ্গন্ধ সৃষ্টিকাৰী বীজাণুৰ বাবে সেয়া গাখীৰতে মহৰ খুঁটি যেন হয়। পানী প্ৰচুৰ পৰিমাণে খাব লাগে, ইয়ে মুখৰ ভিতৰভাগৰ আদ্ৰৰ্তা সঠিক মাত্ৰাত থকাটো নিশ্চিত কৰে। জলাল্পতা বা ডিহাইড্ৰেচন হৈ যাতে মুখগহ্বৰ শুকান নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। জিভাৰ ওপৰভাগ নিয়মীয়াকৈ পৰিষ্কাৰ কৰিব লাগে। জিভাৰ খহটা ওপৰভাগত মৃত কোষ, খাদ্যৰ অৱশিষ্ট, বেক্টেৰিয়া আৰু বিক্ৰিয়াজনিত উৎপন্নবোৰ জমা হৈ দুৰ্গন্ধ সৃষ্টিৰ পৰিৱেশ সুচল কৰি তোলে। সেয়ে দাঁত মজাৰ সময়ত জিভাৰ উপৰিভাগো মিহিকৈ ব্ৰাছ কৰা উচিত বুলি কোৱা হৈছে। বছৰি অন্তত: দুবাৰ নিয়মীয়াকৈ দন্ত চিকিৎসক স’তে পৰামৰ্শ, বিশেষ দন্ত পৰিষ্কৰণ আৰু আৱশ্যকীয় পৰীক্ষা আদি কৰি থাকিব লাগে। ধুম্ৰপান আৰু অতিপাত মদ্যপানৰ অভ্যাস থাকিলে সেয়া পৰিত্যাগ কৰাটো অপৰিহাৰ্য্য। মুখৰ বেয়া গোন্ধৰ সমস্যাত ভুগি থকাসকলে খোৱা খাদ্যৰ  প্ৰতি বিশেষ নজৰ দিব লাগে। আগতে উল্লেখ কৰি অহা মাংস, পনীৰ জাতীয় খাদ্য যিবোৰৰ দুৰ্গন্ধৰ সম্ভাৱনা বঢ়ায়, পাৰ্যমানে পৰিহাৰ কৰা উচিত। দেখা গৈছে যে উচ্চমাত্ৰাত ভিটামিন চি থকা খাদ্যবস্তু, যেনে-কমলা, নেমু, আমলখি আদিয়ে ইয়াৰ বীজাণুনাশক ক্ষমতাৰ গুণত মুখৰ বেয়া গোন্ধ নোহোৱা হোৱাত সহায় কৰে। গুৰু আহাৰ গ্ৰহণ কৰাৰ পিছত কোনো আঁহযুক্ত ফল খোৱাটো বেয়া গোন্ধ নিৰাময়ৰ এক অন্যতম উপায় বুলি কোৱা হৈছে। সেউজীয়া চাহ (গ্ৰীণ টী) নিয়মীয়াকৈ খালেও ইয়াৰ বীজাণুৰোধী গুণৰ বাবে মুখৰ বেয়া গোন্ধ আঁতৰে। কিছুসংখ্যক গৱেষকে প্ৰকাশ কৰা অনুসৰি সেউজীয়া শাক-পাচলি কেঁচাই খালে তাত থকা ক্ল’ৰ’ফিলে মুখৰ বেয়া গোন্ধ নোহোৱা হোৱাত সহায় কৰে। ছুইং গাম বা মিন্ট চোবালে দুৰ্গন্ধ নাশ নহয়, ই সামসিয়কভাৱে দুৰ্গন্ধ ঢাকি ৰাখে যদিও ঘনাই ব্যৱহাৰ কৰিলে ফল হিতে বিপৰীতহে হয়। ছুইং গাম বা মিন্টৰ সঘন ব্যৱহাৰে দুৰ্গন্ধকাৰী বীজাণুৰ বংশ বৃদ্ধিত সহায় কৰিব পাৰে।

যদিও কোনো গুৰুতৰ শাৰীৰিক সমস্যাৰ সৃষ্টি নকৰে, মুখৰ দুৰ্গন্ধই মানুহৰ ব্যক্তিগত সম্পৰ্ক, সামাজিক সম্পৰ্ক তথা মানসিক দিশত নেতিবাচক প্ৰভাৱ পেলায়, যাৰ ফল সুদূৰপ্ৰসাৰী হ’ব পাৰে। কম বয়সীয়া ল’ৰা-ছোৱালীৰ ব্যক্তিত্ব বিকাশত ই বিৰূপ প্ৰভাৱ পেলায়। অতি কম ক্ষেত্ৰত মুখৰ বেয়া গোন্ধ কোনো লুকাই থকা গুৰুতৰ ৰোগৰ বহি:প্ৰকাশ হ’ব পাৰে। এনেবোৰ দিশত গুৰুত্ব আৰোপ কৰি ১৯৯৬ চনত ‘আন্ত:ৰাষ্ট্ৰীয় প্ৰশ্বাস-গন্ধ গৱেষণা সমাজ’ স্থাপন কৰা হৈছে। ISBOR এ সময়ে সময়ে সংশ্লিষ্ট বিষয়ত আন্ত:ৰাষ্ট্ৰীয় স্তৰত গৱেষণামূলক আলোচনা-চক্ৰ আদি অনুষ্ঠিত কৰি আহিছে।

লিখক: ডা: ৰমেন কুমাৰ কাকতি, দৈনিক অসম।

3.0625
ডৰথি Nov 28, 2014 02:18 PM

মুখৰ দুৰ্গন্ধ আৰু প্ৰতিকাৰৰ বিষয়ে জানি ভাল লাগিল।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top