সংপৃক্ত আৰু অসংপৃক্ত চৰ্বীসমূহ
পশুজ খাদ্য সামগ্ৰী আৰু তৈয়াৰী খাদ্য যেনে, বিশেষকৈ মাংস গাখীৰৰ পৰা তৈয়াৰী খাদ্য, আলুভজা, পেষ্ট্ৰি আদিত সংপৃক্ত চৰ্বী থাকে। ইয়াৰ ৰসায়নিক সজ্জা সম্পূৰ্ণভাৱে হাইড্ৰ’জেন অণুৰে ভৰি থাকে আৰু ইয়াত কাৰ্বনৰ অণু যুক্ত হৈ নাথাকে। সংপৃক্ত চৰ্বীসমূহ হৃদযন্ত্ৰৰ বাবে স্বাস্থ্যকৰ নহয়। কিয়নো এইবোৰে তেজত নিম্ন গাঢ় লিপ’প্ৰটিন কলেষ্ট্ৰেৰল (বেয়া কলেষ্ট্ৰেৰল)ৰ পৰিমাণ বৃদ্ধি কৰে।
আনহাতে অসংপৃক্ত চৰ্বী বিভিন্ন বাদাম, এভকাডাছ আৰু জলফাই আদিত পোৱা যায়। এইবোৰ কোঠাৰ উষ্ণতাত জুলীয়া আকাৰত থাকে আৰু ইয়াৰ ৰসায়নিক সজ্জাত দুটাকৈ বন্ধনীৰ দ্বাৰা যুক্ত হৈ থাকে। ইয়াৰ উপৰিও অধ্যয়ণৰ পৰা দেখা গৈছে যে, অসংপৃক্ত চৰ্বীসমূহ হৃদযন্ত্ৰৰ বাবে স্বাস্থ্যকৰ চৰ্বী। কাৰণ এইবোৰে এলডিএল কলেষ্ট্ৰেৰলৰ মাত্ৰা কমাই ৰাখে আৰু এইছডিএল কলেষ্ট্ৰেৰল(ভাল কলেষ্ট্ৰেৰল) মাত্ৰা বৃদ্ধি কৰে।
সংপৃক্ত আৰু অসংপৃক্ত চৰ্বীৰ মাজত পাৰ্থক্য
আমাৰ খাদ্যত থকা মূল চৰ্বী দুবিধেই হ’ল অসংপৃক্ত আৰু সংপৃক্ত। এই দুবিধৰ বিষয়ে জানি ল’লে শৰীৰত কলেষ্ট্ৰেৰলৰ মাত্ৰা কমাই ৰাখিব পৰা যায়। যিবোৰ খাদ্যত সংপৃক্ত আৰু অসংপৃক্ত দুয়োবিধ চৰ্বীয়েই থাকে, অধ্যয়নত দেখা গৈছে যে এনে ক্ষেত্ৰত দুয়োবিধ চৰ্বী সমান পৰিমাণত নাথাকে।
অসংপৃক্ত চৰ্বী হৃদযন্ত্ৰৰ বাবে লাভকাৰক আৰু সংপৃক্ত চৰ্বীবোৰে তেজত কলেষ্ট্ৰেৰলৰ মাত্ৰা বৃদ্ধি কৰি হৃদযন্ত্ৰত প্ৰভাৱ পেলাব পাৰে।
সেয়েহে, যদিহে আপুনি কলেষ্ট্ৰেৰলৰ মাত্ৰা কমাবলৈ আহাৰ গ্ৰহণ কৰিব বিচাৰে, তেন্তে অসংপৃক্ত চৰ্বী থকা খাদ্য গ্ৰহণৰ কৰিলে আপোনাৰ শৰীৰত কলেষ্ট্ৰেৰলৰ মাত্ৰা বৃদ্ধি নাপায়। আনহাতে আপুনি সংপৃক্ত চৰ্বী থকা আহাৰ গ্ৰহণৰ পৰা বিৰত থাকিব লাগিব।
একক অসংপৃক্ত আৰু বহু অসংপৃক্ত চৰ্বীৰ মাজত পাৰ্থক্য কি?
হৃদযন্ত্ৰৰ স্বাস্থ্য ভালে ৰখা অসংপৃক্ত চৰ্বীক মূলতঃ দুটা ভাগত ভাগ কৰিব পাৰি। সেয়া হ’ল- একক অসংপৃক্ত আৰু বহু অসংপৃক্ত চৰ্বী। এই দুবিধক ইহঁতৰ সজ্জাৰ ভিত্তিত পৃথক কৰা হৈছে। বহু অসংপৃক্ত চৰ্বীবোৰৰ সজ্জাত একোটা দ্বৈত বন্ধনী থাকে আৰু বহু অসংপৃক্ত চৰ্বীৰ সজ্জাত দুটা বা ততোধিক দ্বৈত বন্ধনী থাকে। খাদ্যত থকা সংপৃক্ত চৰ্বী আৰু ট্ৰান্স চৰ্বীসমূহক কেৱল একক অসংপৃক্ত আৰু বহু অসংপৃক্ত চৰ্বীয়েহে পৰিৱৰ্তন কৰি হৃদযন্ত্ৰৰ ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে। এই ক্ষেত্ৰত একক অসংপৃক্ত চৰ্বীতকৈ বহু অসংপৃক্ত চৰ্বী অধিক কাৰ্য্যকৰী বুলি অধ্যয়নত দেখা গৈছে। ৰাষ্ট্ৰীয় কলেষ্ট্ৰেৰল শিক্ষা কাৰ্য্যসূচী অনুসৰি বহু অসংপৃক্ত চৰ্বীত আপোনাক দৈনিক প্ৰয়োজন হোৱা মুঠ কেলৰীৰ ১০ শতাংশলৈকে থাকে। বাদাম, উদ্ভিদজ তেল আদিৰ পৰা বহু অসংপৃক্ত চৰ্বী পোৱা যায়।
কলেষ্ট্ৰেৰল কি?
আমাৰ যকৃতত প্ৰাথমিকভাৱে প্ৰস্তুত হোৱা কলেষ্ট্ৰেৰল এবিধ চৰ্বীজাতীয় পদাৰ্থ। আমি খোৱা বিভিন্ন খাদ্যতো ইয়াক পোৱা যায়। আমাৰ শৰীৰক প্ৰয়োজন হোৱা সকলোখিনি কলেষ্ট্ৰেৰলে শৰীৰে নিজে প্ৰস্তুত কৰি লয়। কিন্তু আমাৰ শৰীৰক নো কলেষ্ট্ৰেৰল কিহৰ পৰা লাগে? প্ৰকৃতাৰ্থত কলেষ্ট্ৰেৰলে বহুবোৰ কামৰ ভিতৰত তলত উল্লেখ কৰা গুৰুত্বপূৰ্ণ কামবোৰ সম্পাদন কৰে-
প্ৰতিদিনে কিমান পৰিমাণৰ কলেষ্ট্ৰেৰল গ্ৰহণ কৰিব লাগে?
অধিক পৰিমাণৰ কলেষ্ট্ৰেৰলে শৰীৰত বেয়া প্ৰভাৱ পেলালেও ই শৰীৰৰ বাবে অতি লাগতীয়াল গুৰুত্বপূৰ্ণ উপাদান। শৰীৰৰ বিভিন্ন কাম-কাজৰ বাবে কলেষ্ট্ৰেৰল দায়বদ্ধ। উদাহৰণস্বৰূপে, যৌন আৰু থাইৰড হৰমন প্ৰস্তুতিৰ বাবে কলেষ্ট্ৰেৰল অত্যাৱশ্যকীয়। দেহৰ প্ৰতিটো কোষৰ বেৰৰ গাঁঠনিত কলেষ্ট্ৰেৰল অপৰিহাৰ্য্য, ই কোষৰ সজ্জাত সহায় কৰে। আনকি আমাৰ স্নায়ুকোষক আৱৰি থকা মায়েলাইন চিয়থে প্ৰস্তুতিতো কলেষ্ট্ৰেৰলৰ প্ৰয়োজন হয়। উচ্চ মাত্ৰাৰ কলেষ্ট্ৰেৰলৰ ফলত হৃদযন্ত্ৰৰ ৰোগ হ’লেও আমাৰ শৰীৰৰ বাবে কলেষ্ট্ৰেৰল অপৰিহাৰ্য্য।
শৰীৰক বিভিন্ন কামৰ বাবে প্ৰয়োজন হোৱা মুঠ কলেষ্ট্ৰেৰলৰ ৮০ শতাংশ যকৃতত প্ৰস্তুত হয়। বাকী অংশ আমি গ্ৰহণ কৰা খাদ্যৰ পৰা আহে। এজন মানুহে দৈনিক গ্ৰহণ কৰা কলেষ্ট্ৰেৰলৰ পৰিমাণ ২০০ মিলিগ্ৰামতকৈ অধিক হ’ব নালাগে। যিহেতু যকৃতে শৰীৰক প্ৰয়োজন হোৱা প্ৰায় সকলোখিনি কলেষ্ট্ৰেৰলেই প্ৰস্তুত কৰি লয়-সেয়েহে খাদ্যৰ যোগে কলেষ্ট্ৰেৰল যোগান ধৰাৰ প্ৰয়োজন নাই।
আহাৰত থকা চৰ্বী
আগতেই উল্লেখ কৰা হৈছে যে, আমি খাদ্যৰ যোগেৰে গ্ৰহণ কৰা চৰ্বীসমূহে আমাৰ শৰীৰৰ কলেষ্ট্ৰেৰলৰ আৰু ট্ৰাইগ্লিছাৰাইডৰ মাত্ৰাৰ ওপৰত প্ৰভাৱ পেলায়। অতি বেছি পৰিমাণৰ ভুল চৰ্বীয়ে শৰীৰত এইবোৰৰ মাত্ৰা বৃদ্ধি কৰে। খাদ্যযোগে চৰ্বী কমকৈ গ্ৰহণ কৰাৰ কেইটামান কিটিপ তলত প্ৰদান কৰা হ’ল:
সঠিক ধৰণৰ চৰ্বী গ্ৰহণ কৰক: এজন ব্যক্তিয়ে অকনমানো চৰ্বী গ্ৰহণ নকৰাকৈ থাকিব পৰাটো এটা অস্বাভাৱিক কথা। সেয়েহে সঠিক চৰ্বী, উচিত পৰিমাণত গ্ৰহণ কৰি কলেষ্ট্ৰেৰল আৰু ট্ৰাইগ্লিছাৰাইডৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখিব পৰা যায়। অসংপৃক্ত চৰ্বীহে গ্ৰহণ কৰাটো নিশ্চিত কৰিব লাগে। এনে চৰ্বীসমূহ উদ্ভিদজ খাদ্যত পোৱা যায়। এই চৰ্বীয়ে শৰীৰত এইছডিএল ৰ মাত্ৰা বৃদ্ধি কৰে আৰু এলডিএল ৰ মাত্ৰা হ্ৰাস কৰে। ইয়াৰ ফলত হৃদযন্ত্ৰৰ ৰোগৰ আশংকা হ্ৰাস হয়। সংপৃক্ত চৰ্বীসমূহ পশুজ খাদ্যত থাকে। এইবোৰে শৰীৰত এইছডিএল ৰ মাত্ৰা হ্ৰাস কৰে আৰু এলডিএল ৰ মাত্ৰা বৃদ্ধি কৰে। ইয়াৰ ফলত হৃদযন্ত্ৰৰ ৰোগ হোৱাৰ আশংকা বৃদ্ধি পায়।
সঠিক পৰিমাণৰ চৰ্বী গ্ৰহণ কৰিব লাগে: এজন স্বাস্থ্যৱান প্ৰাপ্তবয়স্ক লোকক প্ৰয়োজন হোৱা মুঠ কেলৰীৰ ৩০ শতাংশতকৈ অধিক চৰ্বীৰ পৰা আহৰণ হ’ব নালাগে। এই ৩০ শতাংশৰ ৭-১০ শতাংশ কেলৰী সংপৃক্ত চৰ্বীৰ পৰা, ১০-১৫ শতাংশ কেলৰী একক অসংপৃক্ত চৰ্বীৰ পৰা আৰু ১০ শতাংশ কেলৰী বহু অসংপৃক্ত চৰ্বীৰ পৰা পাব লাগে।
ভাল সন্তোলিত আহাৰ খাব লাগে: প্ৰতিদিনে ৫ টাতকৈ অধিক ফল আৰু পাচলি, সম্পূৰ্ণ শস্যবীজ, বিন আৰু মাহজাতীয় শস্য গ্ৰহণ, আৰু মিঠাই আৰু উচ্চ চৰ্বীযুক্ত আহাৰ সীমিত কৰাটোৱেই ভাল সন্তোলিত আহাৰ হ’ব পাৰে।
ট্ৰাইগ্লিছাৰাইডবোৰ কি?
ট্ৰাইগ্লিছাৰাইডবোৰ হ’ল শৰীৰত থকা আৰু খাদ্যযোগে পোৱা চৰ্বীৰ ৰাসায়নিক ৰূপ। আমি যেতিয়া চৰ্বী খাওঁ, তেতিয়া এইবোৰ শৰীৰে ট্ৰাইগ্লিছাৰাইডলৈ পৰিৱৰ্তন কৰি পেলায়। এই ৰূপত শৰীৰে ভৱিষ্যতত আমাৰ প্ৰয়োজনত শক্তিৰ যোগান ধৰিবলৈ সঞ্চিত কৰি ৰাখে। যেতিয়া শৰীৰক শক্তিৰ প্ৰয়োজন হয় তেতিয়া ট্ৰাইগ্লিছাৰাইডবোৰ মুকলি কৰি দিয়ে আৰু ইন্ধন হিচাপে প্ৰজ্বলিত হৈ আমাক শক্তিৰ যোগান ধৰে।
নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ সময়ত চিকিৎসকে সাধাৰণতে তেজ পৰীক্ষাৰ যোগেৰে কলেষ্ট্ৰেৰল আৰু ট্ৰাইগ্লিছাৰাইডৰ পৰিমাণ পৰীক্ষা কৰে। বেছিভাগ লোকৰে এই মাত্ৰা সঠিক থকা দেখা যায়। কিন্তু কিছুমানৰ আহাৰ গ্ৰহণ, কিছুমান ঔষধ গ্ৰহণ অথবা বংশগত কাৰণত কলেষ্ট্ৰেৰল আৰু ট্ৰাইগ্লিছাৰাইডৰ মাত্ৰা শৰীৰক প্ৰয়োজন হোৱাতকৈ অধিক থকা দেখা যায়। এই মাত্ৰা অধিক থকাটো ভাল কথা নহয়। সত্য কথাটো হ’ল প্ৰয়োজনতকৈ অধিক মাত্ৰাত কলেষ্ট্ৰেৰল আৰু ট্ৰাইগ্লিছাৰাইড থকাটোৱে হৃদযন্ত্ৰৰ বিপদৰ আশংকা বৃদ্ধি কৰে। স্বাভাৱিকতকৈ উচ্চ মাত্ৰাত কলেষ্ট্ৰেৰল আৰু ট্ৰাইগ্লিছাৰাইড থকাটো তলত উল্লেখিতবোৰৰ কাৰণ হ’ব পাৰে:
কি কাৰকে কলেষ্ট্ৰেৰলৰ মাত্ৰাক প্ৰভাৱিত কৰে?
বহুবোৰ কাৰকে কলেষ্ট্ৰেৰলৰ মাত্ৰাক প্ৰভাৱিত কৰে। কিছুমান কাৰকক আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰে-যেনে বংশগত প্ৰৱণতা। কিন্তু বহুবোৰ কাৰক আমি নিয়ন্ত্ৰণ কৰিব পাৰো। সেইবোৰ হ’ল-
হৃদযন্ত্ৰ ৰোগৰ প্ৰতিৰোধ
হৃদযন্ত্ৰৰ ৰোগ মৃত্যুৰ এটা প্ৰধান কাৰণ হ’ব পাৰে। কিন্তু ভৱিষ্যতে হৃদযন্ত্ৰৰ ৰোগ নহ’বৰ বাবে আমি কিছুমান স্বাস্থ্যসন্মত জীৱনশৈলী গ্ৰহণ কৰিব পাৰো। হৃদযন্ত্ৰৰ ৰোগ প্ৰতিৰোধ কৰিবৰ বাবে আমি দৈনন্দিন জীৱনত মানি চলিব পৰা ৫ টা কিটিপ তলত উল্লেখ কৰা হ’ল:
১) ধূমপান নকৰিব বা ধপাত ব্যৱহাৰ নকৰিব:
হৃদযন্ত্ৰৰ ৰোগৰ বিকাশত ধূমপান আৰু ধপাতৰ ব্যৱহাৰ এক গুৰুত্বপূৰ্ণ আশংকাৰ কাৰক। ধপাতত থকা ৰাসায়নিক পদাৰ্থবোৰে আপোনাৰ হৃদযন্ত্ৰ আৰু ৰক্তপৰিবাহী নলীৰ ক্ষতি কৰিব পাৰে। ইয়াৰ ফলত ৰক্ত পৰিবাহী নলীৰ পথ ঠেক হৈ পৰে আৰু (এথেৰ’স্কেলছিছ)হ’বগৈ পাৰে। এথেৰ’স্কেলছিছৰ ফলত শেষত গৈ হৃদযন্ত্ৰ স্তব্ধ হোৱা ৰোগ হয়গৈ। যেতিয়াই হৃদযন্ত্ৰৰ ৰোগ প্ৰতিৰোধৰ কথা আহে, কোনো পৰিমাণৰ ধূমপান বা ধপাতেই নিৰাপদজনক নহয়। অপ্ৰত্যক্ষ ধূমপান, ধোৱাবিহীন ধূমপান, ধপাত আৰু নিম্নমাত্ৰাৰ টাৰ আৰু নিকটিন থকা সকলোবিধ চুৰটেই বিপদজনক। আনহাতে চুৰটত থকা নিকটিনে ৰক্তপৰিবাহী নলীবোৰ ঠেক কৰি পেলায় আৰু হৃদপিণ্ডৰ স্পন্দনৰ গতি খৰ আৰু ৰক্তচাপ বৃদ্ধি কৰি হৃদযন্ত্ৰই কাম কৰাত বাধা প্ৰদান কৰে। চুৰটৰ ধোৱাত থকা কাৰ্বন মন’-অক্সাইডে তেজত থকা অম্লজানৰ কিছু অংশ ধ্বংস কৰি পেলায়। ইয়াৰ ফলত হৃদযন্ত্ৰই অধিক অম্লজান যোগান ধৰিবলৈ অতিৰিক্তভাৱে কাম কৰিব লগা হোৱাৰ ফলত ৰক্তচাপ বৃদ্ধি পায়। আনকি সামাজিক ধূমপান, কেৱল মদ্যপানৰ লগত বা হোটেলত বন্ধুবৰ্গৰ সৈতেহে কৰা ধূমপান আদিবোৰো অতি ভয়াৱহ আৰু ই হৃদযন্ত্ৰৰ ৰোগ বৃদ্ধিৰ আশংকাৰ কাৰণ। ধূমপান আৰু জন্মনিয়ন্ত্ৰক বড়ি গ্ৰহণ কৰা মহিলাৰ হৃদযন্ত্ৰ স্তব্ধ হোৱাৰ আশংকা এই দুয়োবিধ গ্ৰহণ নকৰা মহিলাতকৈ সৰ্বাধিক। এই আশংকা ৩৫ বছৰতকৈ অধিক বয়সৰ মহিলাৰ বৃদ্ধি পায়।
যেতিয়া আপুনি ধূমপান কৰাৰ পৰা একেবাৰে বিৰত থাকিব, আপোনাৰ হৃদযন্ত্ৰৰ ৰোগবোৰো এটা বছৰৰ ভিতৰতেই নাটকীয়ভাৱে কমি আহিব। আপুনি আগতে কিমান ধূমপান কৰিছিল বা কিমান দিন ধৰি ধূমপান কৰিছিল সেইটোৰ লগত কথা নাই-যেতিয়াই আপুনি ধূমপান এৰিব তেতিয়াৰ পৰাই হৃদৰোগৰ পৰা আপুনি আৰোগ্যৰ ফালে গতি কৰিব।
২) সপ্তাহটোৰ প্ৰায় প্ৰতিদিনেই ৩০ মিনিট সময় কচৰৎ কৰক
প্ৰতিদিনে নিয়মীয়াকৈ কচৰৎ কৰি কিছুমান মাৰাত্মক হৃদযন্ত্ৰৰ ৰোগৰ আশংকা কমাই ৰাখিব পাৰি। শাৰিৰীক কচৰতৰ লগতে আন জীৱনশৈলীগত ব্যৱস্থাবোৰ যেনে, স্বাস্থ্যসন্মত ওজন আদি অটুত ৰাখিব পাৰিলে উৎকৃষ্ট ফল পাব পৰা যায়। শাৰীৰিক কাম-কাজে বা কচৰৎ আদিয়ে শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷ ফলত আন কোনো এনে অৱস্থাৰ সৃষ্টি নহয় যাৰ ফলত হৃদযন্ত্ৰত অধিক হেঁচা পৰিব পাৰে। যেনে- উচ্চ ৰক্তচাপ, উচ্চ কলেষ্ট্ৰেৰলৰ মাত্ৰা আৰু মধুমেহ। হৃদযন্ত্ৰৰ ৰোগৰ কাৰক হ’ব পৰা মানসিক আৰু শাৰিৰীক হেঁচাও কচৰতে কমাই ৰাখে।
সপ্তাহৰ প্ৰায় প্ৰতিদিনেই ৩০ ৰ পৰা ৬০ মিনিট সময় মধ্যমীয়া শাৰিৰীক কচৰৎ কৰক। আনকি কম সময়ৰ কচৰতো হৃদযন্ত্ৰৰ বাবে লাভদায়ক হয়।
৩) হৃদযন্ত্ৰ বাবে স্বাস্থ্যকৰ আহাৰ খাওঁক
ডিএএছএইছ বা উচ্চ ৰক্তচাপ কমাই ৰাখিবলৈ গ্ৰহণ কৰা আহাৰৰ গ্ৰহণৰ যোগেৰেও হৃদযন্ত্ৰক সুৰক্ষা প্ৰদান কৰিব পৰা যায়। এই আহাৰ পৰিকল্পনাৰ অধীনত থকা আহাৰসমূহ হ’ল, কম চৰ্বী থকা, কম কলেষ্ট্ৰেৰল থকা আৰু কম নিমখ থকা আহাৰ। এইবোৰৰ ভিতৰত ফল-মূল, পাছলি, সম্পূৰ্ণ শস্যবীজৰ খাদ্য আৰু কম চৰ্বীযুক্ত গাখীৰৰ পৰা প্ৰস্তুত খাদ্য সামগ্ৰী উল্লেখযোগ্য। এইসমূহে হৃদযন্ত্ৰক সুৰক্ষা প্ৰদান কৰাত সহায় কৰে। কম চৰ্বী থকা মাংসসাৰৰ উৎস যেনে বিভিন্ন ধৰণৰ বিন, আৰু কিছুমান প্ৰকাৰৰ মাছেও হৃদযন্ত্ৰৰ ৰোগ হোৱাৰ আশংকা কমাই ৰাখে।
কিছুমান চৰ্বী নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। সংপৃক্ত, বহু অসংপৃক্ত আৰু ট্ৰান্স চৰ্বীয়ে তেজত কলেষ্ট্ৰেৰলৰ পৰিমাণ বৃদ্ধি কৰি হৃদযন্ত্ৰৰ ধমনীৰ ৰোগ হোৱাৰ আশংকা বৃদ্ধি কৰে।
সংপৃক্ত চৰ্বীৰ কেইটামান মূল খাদ্য উৎস হ’ল:
ট্ৰান্স চৰ্বী থকা উৎস হ’ল:
খাদ্য সামগ্ৰীৰ পেকেটৰ ওপৰত থকা লেবেলত ‘‘পাৰ্স্বিয়েলি হাইড্ৰজেনেটেড’’ বুলি লিখা থকা সামগ্ৰী গ্ৰহণৰ পৰা বিৰত থাকি ট্ৰান্স চৰ্বীৰ গ্ৰহণৰ পৰা আঁতৰি থাকিব পাৰি। দিনত ৫ ৰ পৰা ১০ টাকৈ ফল-মূল আৰু পাছলি তেওঁলোকৰ আহাৰত গ্ৰহণ কৰিব লাগে। এনে পৰিমাণৰ ফল-মূল আৰু পাচলি গ্ৰহণৰ ফলত কেৱল হৃদযন্ত্ৰৰ ৰোগক প্ৰতিৰোধক কৰাই নহয়-বহুবোৰ কৰ্কট ৰোগ প্ৰতিৰোধ সম্ভৱ হ’ব পাৰে।
অমেগা-৩ ফেটি এচিড এবিধ বহু অসংপৃক্ত চৰ্বী। ই হৃদযন্ত্ৰ স্তব্ধ হোৱাৰ আশংকা কমাই ৰাখিব পাৰে, কিছুমান খাদ্য যেনে চালমন আৰু মেকেৰীল আদি এনে চৰ্বীৰ ভাল প্ৰাকৃতিক উৎস। এই চৰ্বী ফ্লেক্স বীজৰ তেল, আখৰোটৰ তেল, ছয়াবিনৰ তেল, কেন’লা তেলত কম পৰিমাণত পোৱা যায়। এই তেল পৰিপূৰকভাৱেও পোৱা যায়।
হৃদযন্ত্ৰ ভালে ৰাখিবলৈ মাদক দ্ৰব্য সেৱনো নিয়ন্ত্ৰণ কৰিব লাগে। অতি কম পৰিমাণত, প্ৰতিদিনে পুৰুষৰ ক্ষেত্ৰত মাত্ৰ দুগিলাছ আৰু মহিলাৰ ক্ষেত্ৰত এগিলাছতকৈ অধিক মাদক দ্ৰব্য গ্ৰহণ কৰা অনুচিত। এনে কম পৰিমাণৰ মাদক দ্ৰব্য সেৱনে আপোনাৰ হৃদযন্ত্ৰত সুৰক্ষাজনিত প্ৰভাৱ পেলায়। ইয়াতকৈ অধিক পৰিমাণৰ গ্ৰহণে স্বাস্থ্যৰ ক্ষতি কৰে।
৪) স্বাস্থ্যকৰ ওজন অটুত ৰাখক
প্ৰাপ্তবয়স্ক অৱস্থাত ওজন বৄদ্ধি বিশেষকৈ পেশীৰ বাবে নহয়, ই হয় চৰ্বীৰ বাবে। এনে অধিক ওজন বৃদ্ধিৰ ফলত হোৱা উচ্চ ৰক্তচাপ, উচ্চমাত্ৰাৰ কলেষ্ট্ৰেৰল আৰু মধুমেহ আদিহে হৃদৰোগৰ সৄষ্টি কৰে। স্বাস্থ্যসন্মত ওজন আছেনে নাই তাক চাবলৈ বডি মাছ ইণ্ডেক্স ব্যৱহাৰ কৰা হয়। এই প্ৰক্ৰিয়াত কোনো ওজন ব্যক্তিৰ শাৰিৰীক উচ্চতাৰ ভিত্তিত ওজন বৄদ্ধি হৈছে নে কমিছে তাক নিৰ্ণয় কৰা হয়। বিএমআই যদি ২৫ তকৈ অধিক হয় তেন্তে ইয়াক তেজত উচ্চ মাত্ৰাৰ চৰ্বী থকা, উচ্চ ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ ৰোগ আৰু হৃদযন্ত্ৰ স্তব্ধ হোৱাত আশংকা বৃদ্ধি কৰে।
বিএমআই এটা ভাল কিন্তু একেবাৰে সঠিক নিৰ্ণায়ক নহয়। পেশীৰ ওজন চৰ্বীতকৈ অধিক হয়, উদাহৰণ স্বৰূপে পেশীশালী আৰু শাৰিৰীকভাৱে সু-স্বাস্থ্যৰ মহিলা আৰু পুৰুষৰ বিএমআই কোনো স্বাস্থ্যৰ ক্ষতিকাৰক প্ৰভাৱ নপৰাকৈয়ে অধিক হ’ব পাৰে। সেইবাবেই কঁকালৰ পৰিধিও অস্বাভাৱিক চৰ্বী জোখাৰ এটা আহিলা হ’ব পাৰে।
৫) নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰাওঁক
উচ্চ ৰক্তচাপ আৰু উচ্চ কলেষ্ট্ৰেৰলে হৃদযন্ত্ৰ আৰু ৰক্ত কণিকাৰ ক্ষতি কৰিব পাৰে। কিন্তু পৰীক্ষা নকৰাকৈ আপোনাৰ তেনে কিবা অৱস্থা হৈছে নেকি ধৰা পেলোৱাটো অসম্ভৱ। নিয়মীয়া পৰীক্ষাই আপোনাক জনাই থাকিব আপোনাৰ অৱস্থা কি আৰু আপুনি কিবা ব্যৱস্থা ল’ব লাগিব নে নাই।
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 6/30/2020