অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এইচ আই ভি, জিকাতকৈও ভয়াৱহ এই ৰোগ

এইচ আই ভি, জিকাতকৈও ভয়াৱহ এই ৰোগ

সাম্প্ৰতিক বিশ্বত এইচ আই ভি- এইডছকে সবাতোকৈ ভয়াবহ ৰোগ হিচাপে গণ্য কৰা হয়। মাৰাত্মক ৰোগৰ তালিকাত স্থান লাভ কৰিছে জিকা বাইৰাছৰ সংক্ৰমণেও। কিন্তু এইচ আই ভি আৰু জিকাতকৈও ভয়াবহ ভাইৰাছৰ সন্ধান লাভ কৰিছে স্বাস্থ্য বিজ্ঞানীসকলে। যৌন সম্পৰ্কৰ সময়ত প্ৰতিৰোধক গ্ৰহণ কৰি এইচ আই ভি-ৰ সংক্ৰমণৰ পৰা হাত সাৰিব পাৰিলেও নতুন ভাইৰাছ হিউমেন পাপিল’মা ভাইৰাছ (এইচ পি ভি)-ৰ প্ৰতিৰোধৰ এতিয়ালৈকে কোনো উপায় স্বাস্থ্যবিজ্ঞানীসকলে উদ্ভাৱন কৰিব পৰা নাই। হিউমেন পাপিল’মা ভাইৰাছ প্ৰথমে যৌনাংগত প্ৰৱেশ কৰি লাহে লাহে ই শৰীৰৰ বিভিন্ন স্থানত আক্ৰমণ কৰি ছালত সৰু সৰু অসংখ্য পানীজোলাৰ দৰে গুটি গুটি সৃষ্টি কৰে। ইয়াৰ শেষ পৰিণতি হ’ল কৰ্কট ৰোগ। চিকিৎসা বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে, সুৰক্ষিত-অসুৰক্ষিত দুই ধৰণৰ যৌন সংগমৰ ফলত এইচ পি ভি-ৰ সংক্ৰমণ হ’ব পাৰে। সমীক্ষাৰ তথ্য মতে, পুৰুষতকৈ মহিলাসকল এই ভাইৰছাত পাঁচ শতাংশ অধিক সংক্ৰমিত হয়। অৱশ্যে এইচ পি ভি সংক্ৰমণৰ পৰা হাত সৰাৰ একমাত্ৰ উপায় হৈছে প্ৰতিষেধক গ্ৰহণ। পুৰুষ-মহিলা উভয়ে এই ভাইৰাছৰ প্ৰতিষেধক গ্ৰহণ কৰিলে সুফল লাভ কৰিব পাৰে বুলি চিকিৎসক-গৱেষকে জানিবলৈ দিছে।

উৎস: দৈনিক অগ্ৰদূত।

শেহতীয়া উন্নীতকৰণ: : 1/19/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate