অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ক্লামিডিয়া

ক্লামিডিয়া কি?

ক্লামিডিয়া এবিধ যৌন কাৰ্য্যৰ দ্বাৰা সংক্ৰমিত ৰোগ। ই ক্লামিডিয়া ট্ৰাকোমেটিকছ নামৰ বেক্টেৰিয়াৰ জৰিয়তে হয়। ই মহিলাৰ প্ৰজনন অংগবোৰৰ ক্ষতি কৰে।

এই ৰোগ কেনেদৰে বিয়পে?

যৌনসংগমৰ সময়ত যোনী মুখ আৰু শৌচাগাৰত এই সংক্ৰমণ হ’ব পাৰে। আক্ৰান্ত মাকৰ পৰা প্ৰসৱৰ সময়ত যোনীৰে এই সংক্ৰমণ শিশুৰ দেহলৈ যাব পাৰে। যৌন কাৰ্য্যৰ বাবে সক্ষম সকলো ব্যক্তি এই ৰোগত আক্ৰান্ত হ’ব পাৰে।

এই ৰোগৰ উপসৰ্গবোৰ কি?

প্ৰথম অৱস্থাত এই বেক্টেৰিয়াই মহিলাৰ যোনী, জৰায়ু মুখ আৰু জৰায়ু নলীত সংক্ৰমণ ঘটাব পাৰে। মহিলাৰ যোনীৰে অস্বাভাৱিক স্ৰাৱ নিৰ্গত হোৱা, আৰু প্ৰস্ৰাৱ কৰোতে জ্বলা পোৰা কৰিব পাৰে। সংক্ৰমণ যেতিয়া জৰায়ুৰ পৰা ডিম্বনলীলৈ প্ৰসাৰিত হয়- তেতিয়া কিছুমান মহিলাৰ তলপেট, কঁকাল আদিত বিষ, বমিভাৱ, জ্বৰ, যৌনসংগমৰ সময়ত কষ্ট পোৱা, মাহেকীয়া ঋতুস্ৰাৱৰ মাজৰ সময়খিনিতো তেজ যাব পাৰে। কিছুমান মহিলাৰ কোনো উপসৰ্গই দেখা নিদিয়ে। পুৰুষৰ এই সংক্ৰমণৰ ফলত লিংগৰে জুলীয়া পদাৰ্থৰ নিঃসৰণ আৰু প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা পোৰা অনুভূত হ’ব পাৰে। লিংগৰ মুকলি অংশত পোৰণি আৰু খজুৱতি হ’ব পাৰে।

ইয়াৰ চিকিৎসা নকৰিলে কি ধৰণৰ জটিলতা হ’ব পাৰে?

এই ৰোগৰ চিকিৎসা নকৰিলে প্ৰজনন অংগ আৰু সামগ্ৰিক শাৰিৰীক স্বাস্থ্যৰ ওপৰত অল্পম্যাদী আৰু দীৰ্ঘম্যাদী ভয়াবহ জটিল অৱস্থাৰ সৃষ্টি হ’ব পাৰে। এনে মহিলাই যৌনসংগমৰ সময়ত এইচ আই ভি ৰে সংক্ৰমণ হোৱাৰ সম্ভাৱনা ৫ গুণ বেছি। পুৰুষৰ ক্ষেত্ৰত তেনে বিশেষ জটিলতাই দেখা নিদিয়ে।

এই ৰোগ কেনেদৰে প্ৰতিৰোধ কৰিব পৰা যায়?

এই সংক্ৰমণ ৰোধৰ একমাত্ৰ উপায় হ’ল যৌনসংগম নকৰা। বা এনে এজন যৌনসংগী বাচি লোৱা-যাৰ কোনো যৌন সংক্ৰমিত ৰোগ নাই।

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 5/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate