মাংসসাৰ-শক্তিজনিত অপুষ্টিৰ ফলত মাৰাচমাছ (বৃদ্ধিহীন আৰু ঘনাই পেচাব-শৌচ হোৱা) আৰু কোৱাৰ্ছিকৰ মাংসসাৰৰ অভাৱ) হয়। ইয়াৰ ফলত জীৱকোষত এডেমা আৰু জীৱকোষ ধ্বংস হয়। এই অপুষ্টিত ভোগাসকলৰ নিউমনিয়া, চিকেনপক্স আৰু মিজিলছত মৃত্যুৰ সম্ভাৱনা অধিক থাকে।
কাৰণ
শাৰিৰীক বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয় এমিন এচিডৰ অতি প্ৰয়োজন। যেতিয়া খাদ্যত এইবিধ প্ৰয়োজনীয় পদাৰ্থৰ পৰিমাণ কম থাকে তেতিয়াই মাৰাচমাছ আৰু কোৱাৰ্ছিকৰ হয়। এই দুটা অৱস্থা শিশু বা কেঁচুৱাকালত সাধাৰণতে হোৱা দেখা যায়। কোৱাৰ্ছিকৰ সাধাৰণতে এবছৰ বয়সত হয়। যিখিনি সময়ত শিশুৱে মাকৰ গাখীৰ কমকৈ খায়; আন কম মাংসসাৰযুক্ত খাদ্য, যেনে ভাতৰ মাৰ, চেনী পানী আদি খাবলৈ আৰম্ভ কৰে তেতিয়া এই অৱস্থাৰ সৃষ্টি হয়। অৱশ্যে এই অৱস্থা শিশুৰ বৃদ্ধিৰ যিকোনো স্তৰতে কম মাংসসাৰ যুক্ত আহাৰ গ্ৰহণৰ ফলত হব পাৰে। মাৰাচমাছ ৬ৰ পৰা ১৮ মাহৰ কেঁচুৱাবোৰৰ মাকৰ গাখীৰ ঠিকমতে নুখুৱা বা বহুদিন ধৰি হৈ থকা ডায়েৰিয়াৰ ফলত হয়।
লক্ষণ আৰু উপসৰ্গ
বহুদিন ধৰি মাংসসাৰ-শক্তিৰজনিত অপুষ্টিত ভুগি থকা শিশুসকলৰ বয়স অনুসৰি আকাৰ সৰু হয়। শাৰীৰিক ভাৱে নিস্ক্ৰীয় হয়। মানসিকভাৱে আগ্ৰহহীন আৰু সঘনাই সংক্ৰমিত হয়। আভোক আৰু ডায়েৰিয়া প্ৰায়েই হৈ থাকে। এই অপুষ্টি অতি বেছি হ’লে শিশু আকাৰত সৰু, ক্ষীণ আৰু চৰ্বীহীন হয়। ছাল শুকান আৰু উখহি থকা হয়। চুলি কম, উজ্জ্বলতাহীন মুগা বা ৰঙচুৱা হালধীয়া বৰণৰ হয়। শৰীৰৰ উত্তাপ কমি আহে, নাড়ীস্পন্দন কম হয়, শ্বাস-প্ৰশ্বাসো কম হয়। এনে ধৰণৰ শিশুবোৰ সাধাৰণতে দূৰ্বল আৰু খিংখিঙিয়া হয়। এনে শিশুৱে খাবলৈ বিচাৰে যদিও অলপতে আভোক-অৰুচি আৰু বমিভাৱ থাকে।
দীৰ্ঘম্যাদী কোৱাৰ্ছিকৰ আৰু মাৰাচমাছত ভোগা শিশুৰ শৰীৰ ওখ হয় কিন্তু যিহেতু প্ৰয়োজনীয় শক্তি নাপায়- ফলত শকত নহয়। এডমাৰ ফলত পেশীবোৰ ধিলা হৈ যায়, ছালবোৰ শুকাই এৰি আহে আৰু শেঁতা হয়। হেপাট’মেগালি হয়।
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 5/2/2020
হৃদৰোগ প্ৰতিৰোধৰ পাঁচটা বিধান
ইয়াত পৰিপুষ্টিগত বিসংগতিৰ বিষয়ে আলোচনা কৰা হৈছে।
খোজকাঢ়ো আহক