মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / সাধাৰণ ৰোগসমূহ / আই বা বসন্ত আৰু লোকবিশ্বাস
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আই বা বসন্ত আৰু লোকবিশ্বাস

আই বা বসন্ত আৰু লোকবিশ্বাসৰ বিষয়ে লিখা হৈছে

আই বা বসন্ত ৰোগ সম্পৰ্কে আমাৰ সমাজত অতি পুৰণিকালৰে পৰাই কিছুমান লোকবিশ্বাস বিৰাজিত হৈ আহিছে। বসন্ত বা আই বুলিলে আমাৰ সমাজৰ সৰহ সংখ্যকেই জাতি-ধৰ্ম নিৰ্বিশেষ কিছুমান লোকবিশ্বাসৰ আধাৰত চিকিৎসকৰ ওপৰলৈ যোৱাতকৈ ঘৰুৱা নিয়ম-নীতিৰে চিকিৎসা কৰিব বিচাৰে। এনে অন্ধবিশ্বাস মতে ধাৰণা কৰা কেইটামান কথা হ’ল-

১)বসন্ত বা আই দেৱীৰ ইচ্ছাত হোৱা এক প্ৰকাৰৰ ৰোগ।

২)এই ৰোগ হ’লে চিকিৎসকৰ ওচৰত চিকিৎসা কৰিলে দোষ লাগে আৰু ফলত ৰোগৰ তীব্ৰতা বৃদ্ধি হয় আৰু জটিল হয়।

৩)এনে ৰোগত ৰোগীৰ গাত দেৱী বিৰাজমান হৈ থাকে আৰু সেই দেৱীক পূজা-অৰ্চনা, স্তুতি আদি কৰিলে ৰোগৰ পৰা আৰোগ্য লাভ কৰে।

৪)দেৱীক মাননি নিদিয়াকৈ বা মাননি আগনবঢ়োৱাকৈ কোনো চিকিৎসা কৰিব নালাগে।

৫)মাননি দিয়াৰ পাচত দেৱী সন্তুষ্ট হৈ ৰোগীৰ শৰীৰ ত্যাগ কৰে। ফলত ৰোগ ভাললৈ আহে।

৬)আই বা বসন্ত দেখা দিয়াৰ পৰা তিনি দিন লবা পাঁচদিনত মাননি দিয়াৰ নিয়ম।

দেখা গৈছে যে, এনে লোকবিশ্বাসবোৰ বহুত বছৰ ধৰি মানুহৰ মাজত প্ৰচলিত হৈ আহিছে আৰু ফলস্বৰূপে সমাজত এই ৰোগত মানুহে অযথা কিছুমান কষ্টৰ সন্মুখীন হৈ আহিছে। এই লেখাৰ জৰিয়তে বসন্ত বা আইৰ ওপৰত এটা প্ৰাথমিক ধাৰণা দিব বিচৰা হৈছে যাতে বিশ্বাসৰ পৰিবৰ্তে বৈজ্ঞানিক দৃষ্টিভংগীৰে বিষয়টো অনুধাৱন কৰা যায়।

বসন্ত বা আইনো কি?

বসন্ত বা আই হৈছে ভাইৰাচজনিত সংক্ৰামক ৰোগ। এই ধৰণৰ ৰোগৰ বীজাণু মানুহৰ শৰীৰত চিটিকনি বা বায়ুৰ দ্বাৰা সংক্ৰমিত হয়। অৰ্থাৎ ৰোগীৰ মুখৰ পৰা নিৰ্গত হোৱা বীজাণু হাঁচি-কাহ বা কথা কওঁতে ধূলি-মাকতিৰ লগত লগ লাগি এঠাইৰ পৰা আন ঠাইলৈ প্ৰবাহিত হয়। ৰোগীৰ পৰা নিৰ্গত হোৱা এটা বীজাণু উশাহৰ দ্বাৰা অন্য লোকৰ শৰীৰত প্ৰৱেশ কৰে। এনে ধৰণে হোৱা বসন্ত ৰোগ সাধাৰণতে তিনি প্ৰকাৰৰ-

১)বৰ আই বা Small Pox.

২)মাজু আই বা Chicken Pox আৰু

৩)সৰু আই বা Measles.

বৰ আই বা :

বৰ আই বা Small Poxয়ে এসময়ত গোটেই পৃথিৱীতেই এক ভয়ংকৰ সমস্যাৰ সৃষ্টিকাৰী ৰোগ আছিল। ১৯৬৭ চনত এই ৰোগে পৃথিৱীৰ প্ৰায় ৩৩খন দেশত ভয়াৱহ ৰূপ ধাৰণ কৰি বহু হাজাৰ মানুহৰ মৃত্যু আৰু বহু হাজাৰ লোকক অন্ধ কৰাকে ধৰি শিহৰণকাৰী পৰিস্থিতিৰ সৃষ্টি কৰিছিল।

সেয়েহে বিশ্ব স্বাস্থ্যসংস্থাই এই ৰোগ নিৰ্মূল কৰাৰ আঁচনি গ্ৰহণ কৰি ক্ষিপ্ৰতাৰে টিকাকৰণ আৰু অন্যান্য প্ৰচাৰ কাৰ্যৰ জৰিয়তে ১৯৮০ চনত এই ৰোগ পৃথিৱীৰ পৰা নিৰ্মূল কৰিবলৈ সক্ষম হয়। অৰ্থাৎ ১৯৮০ চনত পৃথিৱীখন বৰ আই মুক্ত বুলি ঘোষিত হয়। ফলস্বৰূপে ১৯৮০ চনত WHOই বাধ্যতামূলক এই ৰোগৰ টিকাকৰণ বন্ধ কৰে। বৰ্তমানেও পূৰ্বতে বৰ আইৰ দ্বাৰা আক্ৰান্ত লোকৰ মুখত থকা দাগবোৰ দেখিলেই সেই ৰোগৰ ভয়াৱহতাৰ কথা উমান পাব পাৰি।

মাজু আই বা Chicken Pox:

মাজু আই বা Chicken Pox হ’ল এবিধ অতি সহজে আৰু সোনকালে বিয়পি পৰা সংক্ৰমক ৰোগ। এই ৰোগৰ বীজাণু V-Z ভাইৰাচ(Variulla Zoster) বা Hulman(Alpha) Herpes Virus-3 বুলি কোৱা হয়। এই ৰোগ পৃথিৱীৰ প্ৰায় সকলোবোৰ ঠাইতেই হয়। সাধাৰণতে ১০ বছৰৰ তলৰ ল’ৰা-ছোৱালীৰ মাজত এই ৰোগৰ প্ৰদুৰ্ভাৱ বেছি হয় যদিও প্ৰাপ্তবয়স্ক মানুহৰ মাজতো মাজে মাজে হোৱা দেখা যায়।

এই ৰোগৰ বীজাণু সাধাৰণতে ৰোগীৰ মুখ আৰু ডিঙিত বেছিকৈ থাকে আৰু ৰোগীয়ে কথা কওঁতে, কাহোতে, হাঁচি মাৰোতে আৰু নিশ্বাসৰ জৰিয়তে বায়ুমণ্ডললৈ নিৰ্গত হয়। সেয়েহে ৰোগীৰ পৰা নিৰ্গত হোৱা বীজাণু সন্মুখত থকা ব্যক্তিৰ শৰীৰত উশাহৰ বায়ুৰ লগত সহজে প্ৰৱেশ কৰিব পাৰে। গাত ওলোৱা ফোঁহা আকৃতিৰ পানীজোলাবোৰতো এই বীজাণু থাকে যদিও প্ৰত্যক্ষভাবে এইবোৰৰ পৰা সংক্ৰমণ খুব কমেইহে হয়। অৱশ্যে গৰ্ভাৱস্থাত এই ৰোগৰ বীজাণু সংক্ৰমিত হয়। এই ৰোগৰ বীজাণু দেহত প্ৰকাশ ঘটাৰ পৰা সেই ব্যক্তিজনৰ ৰোগৰ লক্ষণ প্ৰকাশ পোৱালৈকে প্ৰায় ৭-২১ দিন সময়ৰ প্ৰয়োজন হয়।

ৰোগৰ লক্ষণ:

মাজু আই বা Chicken Pox কোনো লোকৰ ক্ষেত্ৰত মাথোঁ কেইটামান ফোঁহা বা কমকৈ হয়, আৰু কিছুমান ক্ষেত্ৰত অতি বেছি পৰিমাণে হয়। এই ৰোগৰ প্ৰথম লক্ষণ হিচাপে ৰোগীৰ জ্ব, মূৰৰ বিষ আৰু পিঠিৰ বিষ হয়। অৱশ্যে জ্বৰ অতি তীব্ৰতৰ নহ’বও পাৰে। ৰোগীৰ গাৰ বিশেষকৈ বিশেষকৈ পিঠি আৰু মূৰৰ বিষ হয় আৰু আলস্য ভাব আহে। জ্বৰ আৰম্ভ হোৱাৰ ২-৩ দিনত ৰোগীৰ গাত আই দেখা দিয়ে। এই আইৰ ফোঁহাবোৰ প্ৰথমে ৰঙচুৱাকৈ দমলা পাতে আৰু পাচলৈ ফোঁহাৰ আকৃতি লৈ তাত পানীজোলা বান্ধে। দেখাত পানীৰ টোপাল একোটা যেন দেখা যায়। দেখা দিয়া পানীজোলবোৰ প্ৰথমে পেট, বুকু আৰু পিঠিত সমপৰিমাণে বিস্তাৰিত হৈ ওলায়। অৱশ্যে হাত আৰু ভৰিৰ তলুৱাত ওলোৱা দেখা নাযায়। কেতিয়াবা মুখ আৰু ডিঙিৰ ভিতৰফালেও ওলোৱা দেখা যায়। এই দেখা দিয়া ফোঁহাবোৰ ৪-৭ দিনত শুকাই যায় আৰু ফোঁহাটোৰ ওপৰত চোকোৰা একোটা বান্ধি এৰাই যায়। এই সমগ্ৰ সময়ছোৱাতে অৱশ্যে কম পৰিমাণে জ্বৰ থাকেই।

সাধাৰণতে মাজু আই নিজে নিজে ভালকৈ অহা এক ৰোগ, কিন্তু কেতিয়াবা বিশেষ ক্ষেত্ৰত ই জটিল ৰূপ ধাৰণ কৰে। এনেদৰে জটিল অৱস্থাপ্ৰাপ্ত হোৱা সমস্যাবোৰ হ’ল- ৰক্তক্ষৰণ, নিউমোনিয়া আৰু মগজুৰ ক্ষেত্ৰত হোৱা এক এনকেফেলাইটিচ আদি। এনে জটিল অৱস্থাপ্ৰাপ্ত হৈ ৰোগীৰ কেতিয়াবা মৃত্যুপৰ্যন্ত হ’ব পাৰে। গৰ্ভাৱস্থাত ৰোগৰ বাবে নৱজাতকৰ গাত দাগ, হাত-ভৰিৰ বিকৃতি আৰু কেতিয়াবা নৱজাতকৰ মূৰৰ আকৃতি জোখতকৈ সৰু হোৱা দেখা যায়।

সৰু আই বা Measles:

সৰু আই বা Measles হৈছে এবিধ অতি সোনকালেই সংক্ৰমিত হ’ব পৰা ভাইৰাচজনিত ৰোগ। এইবিধ ৰোগে প্ৰতিবছৰে বহুটো শিশুক মৃত্যুমুখত পেলায়। এই ৰোগত আক্ৰান্ত শিশুৰ প্ৰথম অৱস্থাত জ্বৰ হয় আৰু পানীলগাসদৃশ মুখ আৰু ডিঙিত বিষ হয়, ৰঙা পৰে আৰু কাঁহ হয়। লগতে নাকৰ পৰা পানী ওলাই আৰু হাঁচি আহে, চকু ৰঙা পৰে আৰু ফেচকুৰি ওলাই। কেতিয়াবা বমি আৰু পাতল পায়খানাও হ’ব পাৰে। গাত দেখা দিয়াৰ আগতে মুখৰ ভিতৰত ৰঙা হৈ তাৰ ওপৰত বগা বগা বিন্দু আকাৰৰ কিছুমান দাগ ওলোৱাও দেখা যায়।

জ্বৰ আৰু এনে লক্ষণবোৰ আৰম্ভ হোৱাৰ ২-৩ দিনমানৰ পিচত গাত বসন্তৰ চিন ওলায়। প্ৰথমে কাণৰ পিচফালে ৰঙা পৰি আৰম্ভ হয় আৰু লাহে লাহে মুখ, ডিঙি, গা আৰু ভৰিলৈ বিয়পি পৰে। এই ছালৰ লক্ষণ দেখাত ৰঙচুৱা আৰু অলপ ফুলি থকা বা সৰু সৰু ফোঁহাসদৃশ হ’ব পাৰে। জটিলতাৰ সৃষ্টি নহ’লে ৩-৪ দিনৰ পিচত এই দাগবোৰ লাহে লাহে নাইকিয়া হয়। অৱশ্যে কেতিয়াব ছালখন দুমাহমানলৈ বাদামী ৰঙৰ হৈ থাকিব পাৰে।

এনেদৰে দেখা দিয়া দাগবোৰ মাৰ যোৱাত পিচত আক্ৰান্ত শিশুবোৰে পুষ্টিহীনতা আৰু দুৰ্বলতাত ভোগে। বহুতৰ ডায়েৰিয়াসদৃশ ৰোগ হয় আৰু আভোক হয়। লগতে বিভিন্ন বেক্টেৰিয়া, ভাইৰাচ বা ভেঁকুৰজনিত ৰোগত আক্ৰান্ত হয়। অৰ্থাৎ ৰোগীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। এনেবোৰ জতিলতাৰ ভিতৰত মধ্যকৰ্ণৰ সংক্ৰমণ, এনকেফেলাইটিচ, মেনিনজাইটিচ, নিউমোনিয়া ইত্যাদিয়েই প্ৰধান। অতি কম সংখ্যক ৰোগীৰ অৱশ্যে স্নায়ৱিক সমস্যাই ৰোগ হৈ যোৱাৰ বহু দিনৰ পিচতো জটিল ৰূপ লয় আৰু আক্ৰান্ত শিশুটি স্নায়ৱিক দুৰ্বলতাৰ লগতে মানসিক বিকাৰগ্ৰস্ত বা পেৰেলাইচিচ পৰ্যন্ত হ’ব পাৰে। অৰ্থাৎ সৰু আই বা Measles এটা অতি ভয়াবহ সমস্যা। অৱশ্যে বৰ্তমান টিকাকৰণ ব্যৱস্থা অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰাৰ বাবে এই ৰোগ এতিয়া নিৰাময়ৰ পথত।

আই বা বসন্তৰ লগতে জনবিশ্বাসত বন্দী অন্য এক ৰোগ হ’ল- পিঠাখোৱা বা Mumps। এই ৰোগো ভাইৰাচৰ দ্বাৰাই হয় আৰু একেই ব্যৱস্থাৰ অৰ্থাৎ ৰোগীৰ মুখ আৰু নাকৰ পৰা বীজাণু নিৰ্গত হৈ বায়ুমণ্ডলৰ পৰা অন্য লোকৰ শৰীৰত উশাহৰ দ্বাৰা প্ৰৱেশ ঘটে। এই ৰোগো নিজে নিজে আৰোগ্যৰ পথলৈ আহে যদিও কিছুমানৰ ক্ষেত্ৰত জটিলতাই(Complication) দেখা দিয়ে।

আমাৰ লোকবিশ্বাস মতে এই ধৰণৰ ৰোগবোৰ হ’লে ৩-৫ দিনত আইলৈ মাননি আগবঢ়াই সকাম পাতে আৰু তাৰ পিচত আয়ে ৰোগীৰ শৰীৰৰ পৰা আঁতৰি যায়। আনহাতে আই অসন্তুষ্ট হ’লে ৰোগ জটিল হয় বা ঘাটি লাগে। এনে ঘাটি লগাৰ ফলতেই আক্ৰান্ত লোকসকলৰ কিছুমান জীৱনৰ বাবে অকা-মিলা হয়(স্নায়ৱিক সমস্যা, অন্ধতা ইত্যাদি) বা মৃত্যুমুখত পৰে।

সেয়েহে আধুনিক বিজ্ঞানৰ যুগতো বহুতো শিক্ষিত লোকৰ ঘৰতো এনে আই সকামৰ পৰম্পৰা চলি আছে। অৰ্থাৎ বৈজ্ঞানিক মানসিকতা আমাৰ মগজুত এতিয়াও সম্পূৰ্ণ স্থিত হোৱা নাই। মানুহে যেন বুজি পায়ো কিবা এক বিশ্লেষণহীন পৰম্পৰাৰ অধীন হৈ চলি আছে। ফলস্বৰূপে আমাৰ ভৱিষ্যত প্ৰজন্মৰ মগজুবোৰতো এনে এক অবান্তৰ ধাৰণা সুমুৱাই দিয়া হৈছে আৰু লগতে এনেবোৰ ৰোগৰ সংক্ৰমণ বন্ধ কৰাটোও সমস্যা হৈ থিয় দিছে।

এটা কথা অনুধাৱন কৰা উচিত যে, এই ধৰণৰ ৰোগবোৰ সৰ্বাধিক সংক্ৰমিত অৱস্থাত থাকোতেই মাননি দিয়া সকাম পতাৰ নিয়ম আৰু আমি জানো যে, এই ৰোগবোৰ এজনৰ পৰা আনজনলৈ কথা পাতোতে, নিশ্বাসত, হাঁচি মাৰোতে বা কাহোতে চিটিকনি বা বায়ুৰ দ্বাৰা সংক্ৰমিত হয়।

এনেবোৰ সকামত সকামলৈ কাৰ্য সম্পূৰ্ণ কৰে। আওপকীয়াকৈ ৰোগীৰ পৰা নিৰ্গত ৰোগৰ বীজাণু তেওঁলোকে আৰু তেওঁলোকৰ লগত অহা শিশুসকলে সেৱন কৰে। এনে আই সকামবোৰ আমাৰ সমাজত সাধাৰণতে তিৰোতাসকলেই কৰে আৰু বহুতেই নিজৰ কণ-কণ ল’ৰা-ছোৱালী বা নাতি-নাতিনীক লগত লৈ আহে।

ফলস্বৰূপে সকামৰ দ্বাৰা ৰোগৰ বীজাণু প্ৰতিগৰাকীয়েই নিজৰ ঘৰলৈ লৈ যায় আৰু গোটেই অঞ্চলটোতে ৰোগটো বিয়পি পৰাত সহায় কৰে। পুনৰ সেই নতুনকৈ আক্ৰান্ত হোৱাসকলৰ ঘৰত আকৌ সকাম পতাৰ ফলত ৰোগটো অতি সোনকালে গোটেই অঞ্চলত বিয়পি পৰাত সহায় কৰাৰ বাদে একো নহয়। আইৰ মাননি দিয়া সকামটো এটা সম্পূৰ্ণ অন্ধবিশ্বাস আৰু ই বৈজ্ঞানিক মানসিকতাৰ পৰিপন্থী।

সেয়েহে সমাজৰ আৰু নতুন প্ৰজন্মৰ ভালৰ বাবেই চিন্তা কৰি এনে পৰম্পৰাবোৰ বিদায় দিয়াৰ প্ৰয়োজন। ইয়াৰ বিপৰীতে আক্ৰান্ত ব্যক্তিক যিমান পাৰি আন মানুহৰ পৰা দূৰত ৰাখিব লাগে, যাতে তেওঁৰ পৰা বীজাণু আনৰ গালৈ নাযায়। ৰোগ হ’লেই চিকিৎসকৰ পৰামৰ্শমতে ঔষধ গ্ৰহণ কৰিব লাগে। ৰোগীক চাফ-চিকুনকৈ আৰামত থাকিবলৈ দিব লাগে আৰু সুষম-আহাৰৰ ব্যৱস্থা কৰিব লাগে। ৰোগীক যথেষ্ট পৰিমাণে পানী খাবলৈ দিব লাগে। লগতে এই ৰোগবোৰ নিৰাময়ৰ বাবে সজাগ হ’ব লাগে।

লেখক: অতুল চন্দ্ৰ খাউণ্ড(সাদিন)

3.09677419355
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top