অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আলঝেইমাৰ ৰোগীৰ যত্ন

আলঝেইমাৰ ৰোগীৰ যত্ন

আলঝেইমাৰ এক বয়সজনিত ৰোগ। বয়স বাড়ি যোৱাৰ লগে লগে আলঝেইমাৰ ৰোগ হোৱাৰ সম্ভাৱনাও বাঢ়ি যায়। কাৰোবাৰ আলঝেইমাৰ ৰোগ হোৱাৰ জিনগত কাৰণো থাকিব পাৰে। যিসকল লোকৰ পৰিয়ালত কাৰোবাৰ আলঝেইমাৰ ৰোগ হোৱাৰ ইতিহাস আছে, তেওঁলোক বা তেওঁলোকৰ পিছৰ প্ৰজন্মৰ কাৰোবাৰ এই ৰোগ হোৱাৰ সম্ভাৱনা অধিক। মগজুৰ সক্ৰিয়তা নথকাৰ বাবে এই ৰোগ হ’ব পাৰে। অৱশ্যে বেছিভাগ ক্ষেত্ৰতে আলঝেইমাৰ ৰোগ হোৱাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।

আলঝেইমাৰ ৰোগ হ’লে মানুহৰ লাহে লাহে স্মৃতিশক্তি হেৰাই পিছলৈ একেবাৰে লোপ পায়। প্ৰথম অৱস্থাত ৰোগীয়ে সদায় দেখি থকা বস্তুৰ (যেনে-কলম, পেপাৰ, চামুচ, টিভি আদি) নাম পাহৰি যায়। কিছু সময় আগেয়ে কোৱা কথাবোৰ আৰু কৰা কামবোৰ মনত নাথাকে। গা ধোৱা চাবোন, টুথ ব্ৰাছ আদি ক’ত ৰাখে পাহৰি যায়। ব্ৰেকফাষ্ট কৰি উঠি পাহৰি যায়। পুনৰ খাবলৈ বিচাৰে। সদায় দেখি থাকিলেও সঠিকভাৱে মানুহৰ নাম, ঠাইৰ নাম, ৰাস্তা-পদূলি আদিৰ নাম পাহৰি গৈ চিনি নোপোৱা হৈ পৰে। ঘৰৰ পৰা ওলাই গ’লে ঘৰলৈ উভতি অহা ৰাস্তা পাহৰি অনাই বনাই ঘূৰি ফুৰিব লগা অৱস্থা হয়। শোৱা কোঠা পাহৰি শোৱা কোঠা বুলি ভাবি বাথৰূম বা পাকঘৰত সোমায়। ৰোগীৰ মুড সঘনাই সলনি হৈ থাকে। কেতিয়াবা যদি খঙাল হৈ আক্ৰমণাত্মক হৈ উঠে, কেতিয়াবা আকৌ সৰু ল’ৰা-ছোৱালীৰ দৰে অঁকৰা বা আৱেগিক হৈ পৰে। টিভি, ৰেডিঅ আদি চলাব নোৱাৰা হৈ পৰে। ফোনটোও ধৰিব নজনা হয়। সাধাৰণ খেলবোৰৰ (লুডু, কেৰম) আদি নিয়মবোৰ পাহৰি তাকো খেলিব নোৱাৰা হৈ পৰে। কথাৰ সামঞ্জস্য হেৰায়। ক’ৰ কথা ক’ত কয়, একো ঠিক নাথাকে। ঘৰত পিন্ধি থকা পোছাকেৰে বাহিৰলৈ ওলায় যায়। লাহে লাহে ঘৰৰ মানুহকো চিনি নোপোৱা হৈ পৰে। কেতিয়াবা আকৌ ৰোগীৰ শৌচ-প্ৰস্ৰাৱৰ ওপৰতো নিয়ন্ত্ৰণ নথকা হৈ পৰে। ৰোগী সম্পূৰ্ণ এটা কেঁচুৱাৰ দৰে হৈ পৰে। এনে ৰোগী হঠাৎ পৰি শাৰিৰীক আঘাত পাব পাৰে। ৰোগীৰ মানসিক সমস্যাৰো সৃষ্টি হ’ব পাৰে। ৰোগী যিহেতু চাফ-চিকুণ হৈ থাকিব নোৱাৰে, সেয়েহে সঘনাই বীজাণুৰ দ্বাৰা সংক্ৰমিত হৈ নানা ৰোগত পৰে। কথা আৰু উপদেশবোৰ মনত নাথাকে বাবে ৰোগী ডায়েবেটিছ বা উচ্চ ৰক্তচাপত ভুগিলে চিকিৎসা কৰা টান হৈ পৰে।

বয়সজনিত কাৰণত এই সমস্যাই দেখা দিয়া বাবে কেৱল ঔষধৰ দ্বাৰাই আলঝেইমাৰ ৰোগীৰ স্মৃতিশক্তি ঘূৰাই অনা সম্ভৱ নহয়। আলঝেইমাৰ ৰোগ ক্ৰমশ: বৃদ্ধি হৈ থাকে। যদিহে চিকিৎসা কৰা নাযায়, দুবছৰমান পিছতে ৰোগীৰ আৰু পৰিয়ালৰ সকলোৰে অৱস্থা কাহিল হৈ পৰে। সেয়েহে ঔষধৰ সহায়ত ক্ৰমাগত অৱক্ষয় প্ৰতিৰোধ কৰিব পাৰি। ঔষধৰ লগতে ‘বিহেভিৰেল মেনেজমেন্ট’ প্ৰয়োগ কৰি আৰু কিছু প্ৰয়োজনীয় সহায়-সহযোগ কৰিলে ৰোগীয়ে যিকোনো প্ৰতিকূল পৰিস্থিতি কিছু পৰিমাণে নিজেই নিয়ন্ত্ৰণ কৰিব পাৰে। ঘৰখনৰ লগতে নিজৰ কিছুমান কাম কৰি ৰোগীজনে যাতে মগজু অলপ হ’লেও খটুৱাব পাৰে, তালৈ পৰিয়ালৰ সদস্যসকলে নজৰ দিব লাগে। ৰোগীক দৈনন্দিন কাম (যেনে-টিভি চলোৱা, ব্ৰেকফাষ্ট প্ৰস্তুত কৰা আদি)কামবোৰ পৰিয়ালৰ লোকে নজৰত ৰাখি থাকিব দিব লাগে। ৰোগীজনে নিজে ভাল পোৱা কাম, সামাজিক কাম-কাজ, ৰাজহুৱা সভা-সমিতিৰ সৈতে জড়িত হৈ থাকিব পাৰিলে ভাল। পৰিয়ালৰ কোনোবা লোকৰ তত্বাৱধানত এনেবোৰ কামত ৰোগীক জড়িত কৰি ৰাখিব লাগে। কোনোৱে যদি কিতাপ পঢ়ি ভাল পায়, ঘৰতে তেওঁৰ পছন্দৰ কিতাপ আনি পঢ়াৰ সুবিধা কৰি দিয়াৰ লগতে তেওঁক কোনো পুথিভঁৰালৰ সদস্য হিচাপে ভৰ্তি কৰাই দিব পাৰে। তাত গৈ কিতাপ পঢ়াৰ লগতে দুই এজনৰ সৈতে কথা-বতৰা পাতিলে মানসিক  চাপ কিছু পৰিমাণে পাতল হয় আৰু স্মৃতিশক্তিৰ অৱক্ষয়ো কমে। আলঝেইমাৰ ৰোগীয়ে পিন্ধা প্ৰতিটো চোলা বা পেন্টৰ পকেটত সদায় তেওঁ যে আলঝেইমাৰ ৰোগী, পৰিয়ালৰ ঠিকনা, ফোন নম্বৰ, তেওঁ ভুগি থকা ৰোগবোৰৰ বৰ্ণনা (ডায়েবেটিছ, উচ্চ ৰক্তচাপ আদি), খোৱা দৰৱৰ নাম আৰু দৰৱ খোৱাৰ সময় আদি লিখা কাগজ ৰাখি থ’ব লাগে। এনে কৰিলে ৰোগীজনে কেতিয়াবা ঘৰৰ পৰা ওলাই গৈ ঘৰলৈ উভতি অহা ৰাস্তা পাহৰি ঘূৰি ফুৰিলে আৰক্ষী অথবা আন ব্যক্তিয়ে ৰোগীজনক ঘৰত থৈ আহিব পাৰে আৰু কিবা কাৰণত চিকিৎসালয়ত ভৰ্তি কৰিব লগা হ’লেও ৰোগ আৰু দৰৱৰ কথা গম পোৱা যায়। পৰিয়ালৰ লোক আৰু বন্ধুবোৰে আগৰ কথা কৈ মানুহজনক সংগ দিব লাগে। যিমান পাৰি ৰোগীজনৰ মনটো স্ফূৰ্তিত ৰাখিব লাগে। তেনে ৰোগীৰ বাবে ভ্ৰমণৰ আৰু পৰিয়ালৰ আগৰ ছবিবোৰে এলবামত সজাই ৰাখি মাজে-সময়ে চাই থাকিবলৈ দিব লাগে। ৰোগীত নিয়মিত আহাৰ গ্ৰহণ, শোৱা, জিৰণি লোৱা আৰু চাফ-চিকুণৰ ওপৰত নজৰ ৰাখি উপযুক্ত ব্যৱস্থা ল’ব লাগে। শৌচ-প্ৰস্ৰাৱ কৰাত নজৰ দিব লাগে। এনেদৰে অলপ যত্ন লৈ আলঝেইমাৰ ৰোগীক বিভিন্ন কামত জড়িত কৰি ৰাখিব পাৰিলে তেওঁৰ স্মৃতিশক্তিৰ অৱক্ষয় কিছু পৰিমাণে হ’লেও প্ৰতিৰোধ কৰি এক সাধাৰণ জীৱন-যাপন কৰাত সহায় কৰিব পাৰি।

লিখক: ডা: ধৰ্মকান্ত কুম্ভকাৰ, দৈনিক অসম।

2.84375
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top