অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ উপায়

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ উপায়

হৃদৰোগ আৰু ষ্ট্ৰোকৰ অন্যতম কাৰণ এই উচ্চ ৰক্তচাপ এক প্ৰধান নিৰাময়যোগ্য ভয়াবহ উপসৰ্গ। যদিও চিকিৎসা কৰি বা জীৱন প্ৰণালীৰ সামান্য পৰিৱৰ্তন কৰি এই ৰোগ নিৰাময় কৰিব পাৰি, তথাপি এই ৰোগৰ উপযুক্ত চিকিৎসা খুব কম সংখ্যক লোকেহে কৰায়। এই ৰোগৰ এক বৈশিষ্ট্য হ’ল- ৰোগটোৰ চিকিৎসা কৰিলেও বিসংগতিবোৰ সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ নাহিব পাৰে। হাৰ্ট এটেক, ষ্ট্ৰোক আৰু কোনো ক্ষেত্ৰত কিড্‌নি বিকল হোৱাৰ প্ৰধান কাৰণ হ’ল –উচ্চ ৰক্তচাপ। উচ্চ ৰক্তচাপ এনেবিলাক ভয়ানক উপসৰ্গৰ কাৰণ যদিও ই মানৱ শৰীৰৰ বাবে ৰক্তচাপ এক আৱশ্যকীয় আৰু উপকাৰী প্ৰক্ৰিয়া বুলি আজিৰ চিকিৎসা বিজ্ঞানীসকলে স্বীকাৰ কৰি লৈছে। কাৰণ এই প্ৰক্ৰিয়াৰ দ্বাৰাই শৰীৰৰ প্ৰতিটো কোষকলালৈ অক্সিজেনযুক্ত তেজৰ সঞ্চালন সম্পূৰ্ণ হয়। উচ্চ ৰক্তচাপ প্ৰধানকৈ দুটা কাৰণৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰে এটা হ’ল হৃদযন্ত্ৰৰ তেজ পাম্প কৰি পঠিওৱাৰ শক্তি আৰু অন্যটো হ’ল হৃদযন্ত্ৰৰ পৰা তেজ বৈ নিয়া ধমনীৰ ব্যাস। হৃদযন্ত্ৰৰ পাম্প কৰিব পৰা ক্ষমতা শক্তিশালী হ’লেই ৰক্তচাপো বৃদ্ধি পায়। ধমনীৰ ব্যাস ঠেক হৈ পৰিলেও ৰক্তচাপ বৃদ্ধি পায়। কথাটো শুনাত তেনেই সহজ যেন লাগিলেও প্ৰকৃততে ইয়াৰ অন্তৰ্নিহিত সমস্যাটো অতি ভয়াবহ। উচ্চ ৰক্তচাপ শৰীৰৰ ভালেকেইটা প্ৰয়োজনীয় তন্ত্ৰৰ কাৰ্যকলাপৰ ওপৰত নিৰ্ভৰশীল। স্নায়ু তন্ত্ৰ, হৰম’ন নি:সৰণ প্ৰক্ৰিয়া আৰু কিড্‌নিৰ কাৰ্যপ্ৰণালী আৰু কাৰ্যক্ষমতাৰ ওপৰত পোনপটীয়াকৈ ৰক্তচাপৰ পৰিমাপ নিৰ্ভৰ কৰে। স্বাভাৱিক অৱস্থাত এই প্ৰক্ৰিয়া বা তন্ত্ৰবিলাকে হৃদযন্ত্ৰ আৰু ধমনীবিলাক সুস্থ অৱস্থাত ৰাখি ৰক্তচাপ নিয়ন্ত্ৰিত কৰি ৰখাত সম্পূৰ্ণ সহযোগ কৰে। হাইপাৰটেনচন অৱস্থাত এই তন্ত্ৰবিলাকৰ মাজত থাকিবলগীয়া সহযোগ বা সমতা বিনষ্ট হয়, ফলত ৰক্তচাপ বৃদ্ধি পায়। শতকৰা ৯৫ জন ৰোগীৰ ক্ষেত্ৰতে এই ভাৰসাম্যহীন অৱস্থাৰ প্ৰকৃতি স্পষ্ট নহয়। চিকিৎসকৰ ভাষাত এই অৱস্থাটোক ‘এছেনচিয়েল হাইপাৰটেনচন’ বুলি কোৱা হয়। এই অৱস্থাৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰিব পৰা তেনেই কম সংখ্যক ৰোগীৰ উপসৰ্গক ‘ছেকেণ্ডাৰী হাইপাৰটেনচন’ বুলি কোৱা হয়। আপোনাৰ ৰক্তচাপ জোখাৰ সময়ত ডাক্তৰ বা নাৰ্চে সদায় দুটা সংখ্যা লিখি ৰাখে। ইয়াৰে ডাঙৰ সংখ্যাটো আপোনাৰ ‘চিষ্টোলিক ব্লাড প্ৰেছাৰ’ অৰ্থাৎ হৃদযন্ত্ৰটোৱে ধমনীৰ মাজেদি ৰক্ত সঞ্চালন কৰিবৰ বাবে প্ৰয়োগ কৰিব লগা চাপৰ জোখ। এবাৰ তেজ পঠিয়াবৰ বাবে চাপ প্ৰয়োগ কৰাৰ পিছত হৃদযন্ত্ৰটোৱে মূহুৰ্তৰ বাবে বিৰতি লয় আৰু এই সময়তে ই পুনৰবাৰ সঞ্চালনৰ বাবে ইয়াৰ প্ৰকোষ্ঠকেইটাত তেজ সঞ্চয় কৰি লয়। সেই সময়ত ধমনীবিলাকৰ চাপ হ্ৰাস পায়। এই হ্ৰাস পোৱা চাপৰ পৰিমাপটোৱেই হৈছে ডাক্তৰে লিখি ৰখা সৰু সংখ্যাটো। এই সংখ্যাটোৱেই হৈছে আপোনাৰ ‘ডায়েষ্টোলিক ব্লাড প্ৰেছাৰ’। পৰম্পৰাগতভাৱে ডাঙৰ চিষ্টোলিক সংখ্যাটো প্ৰথমতে লিখা হয় আৰু তাৰ তলত লিখা হয় সৰু ডায়েষ্টোলিক প্ৰেছাৰৰ সংখ্যাটো। উদাহৰণস্বৰূপে এক সুস্থ লোকৰ স্বাভাৱিক ৰক্তচাপটো লিখা হয় এনেদৰে – ১২০/৮০। এই পৰিমাপটো এনেদৰে উচ্চাৰণ কৰা হয়- ‘ৱান টুৱেণ্টি অভাৰ এইটি’ অৰ্থাৎ ‘ওপৰত এশ বিছ আৰু তলত আশী’।

ৰক্তচাপৰ জোখ কেনেকৈ লয়?

ৰক্তচাপ জোখা যন্ত্ৰটোৰ লগত থকা এডাল বহল ফিটা(cuff) আপোনাৰ বাহুত নাৰ্চ বা ডাক্তৰে মেৰিয়াই ল’ব। ফিটাডালে আপোনাৰ বাহুটো আঁটি ধৰি ব্ৰেকিয়েল ধমনীৰ মাজেদি তেজৰ সোঁত বন্ধ নোহোৱা পৰ্যন্ত ডাক্তৰে পাম্প কৰি ফিটাডালৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰোৱাব। এক বা দুই চেকেণ্ডমান সময়ৰ পিছত ফিটাডালৰ ভিতৰৰ পৰা বায়ুখিনি লাহে লাহে এৰি দি ধমনীৰ চাপ ক্ৰমান্বয়ে কমাই অনা হয়। এই সমস্ত প্ৰক্ৰিয়াটোত ডাক্তৰে আপোনাৰ ধমনীৰ ৰক্ত সঞ্চালনৰ শব্দ ষ্টেথিস্কোপৰ সহায়ত শুনি থাকে। হৃদপিণ্ডৰ তেজ সঞ্চালন কৰা চাপতকৈ ফিটাডালৰ চাপ যদি বেছি হয়, তেনেহ’লে ডাক্তৰে ধমনীৰ পৰা কোনো ধৰণৰ শব্দ শুনিবলৈ নাপায়। কিন্তু ফিটাডালৰ চাপ কমাই অনাৰ লগে লগে ধমনীৰ মাজেদি পুনৰ ৰক্ত সঞ্চালন আৰম্ভ হ’ব আৰু লগে লগে তাৰ শব্দ ডাক্তৰে শুনিবলৈ পাব আৰু এই অৱস্থাতে তেওঁ আপোনাৰ চিষ্টোলিক প্ৰেছাৰটো টুকি ল’ব। দুটা হৃদস্পন্দনৰ মাজৰ সময়খিনিত যেতিয়া ধমনীৰ চাপ কমি যাব, তেতিয়া ধমনীৰ শব্দটো দুৰ্বল আৰু হেঁচা মাৰি কমাই থোৱা শব্দৰ দৰে শুনাব। এই অৱস্থাত লক্ষ্য কৰা চাপটোৱেই হৈছে আপোনাৰ ডায়েষ্টোলিক চাপ। এনেদৰে ৰক্তচাপ নিৰ্ণয় কৰাৰ সহজ সূত্ৰটো হৈছে – শব্দটো শুনা পাই থকা অৱস্থাটোৱে আপোনাৰ ‘চিষ্টোলিক চাপৰ মাত্ৰাটো নিৰ্দেশ কৰে আৰু শব্দটো নাইকিয়া হোৱাটোৱে ডায়েষ্টোলিক চাপৰ নিৰ্দেশ দিয়ে। দেখাত সহজ যেন লাগিলেও কিন্তু উচ্চ ৰক্তচাপ সঠিকভাৱে নিৰ্ণয় কৰাটো বৰ সহজ কাম নহয়। সঠিকভাৱে ৰক্তচাপ নিৰ্ণয় কৰাৰ বাবে তলৰ কথা কেইটিলৈ মন কৰিব লাগিব। -

১। পৰাপক্ষত ৰোগীয়ে বহি থকা অৱস্থাত ৰক্তচাপ জুখিলে ভাল। ৰোগীয়ে ৰক্তচাপ জোখাৰ সময়ত কোনো ধৰণৰ দুশ্চিন্তা বা উদ্বেগ আদিৰ পৰা মুক্ত হৈ থকা উচিত।

২। আহাৰ গ্ৰহণৰ অতি কমেও দুঘণ্টাৰ পিছতহে ৰক্তচাপ জোখা উচিত। ধূমপান কৰা লোকে চিগাৰেট সেৱনৰ দুঘণ্টাৰ পিছতহে ৰক্তচাপ জোখাব।

৩। ৰোগীৰ বাহু মেৰিয়াই লোৱা ফিটাডালৰ আকাৰৰ ওপৰতো ৰক্তচাপৰ সঠিক মাপ নিৰ্ভৰ কৰে। ডাঙৰ বাহুৰ ব্যক্তিৰ বাবে ফিটাডালৰ আকাৰো ডাঙৰ হ’ব লাগে।

৪। ৰক্তচাপ জোখাৰ বাবে ব্যৱহাৰ কৰা হাতখনৰ বাহুটো হৃদযন্ত্ৰৰ সমান উচ্চতাত থাকিব লাগে।

৫। চাহ, কফি, ধপাত আৰু ব্যায়ামৰ পৰা ৰক্তচাপ জোখাৰ বহু সময়ৰ আগতেই বিৰত থাকক।

আপুনি যে ৰক্তচাপ পৰীক্ষা কৰোৱাইছে এই চিন্তাটোৱেও আপোনাৰ ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। সেয়ে এই বিষয়েও আপুনি অকণো সচকিত নহ’বলৈ চেষ্টা কৰক। ১০০/৭০ ৰ পৰা ১৩০/৮৫ মি:লি: পাৰাস্তম্ভলৈ থকা ৰক্তচাপক আমি স্বাভাৱিক ৰক্তচাপ বুলি ধৰিব পাৰো। কিন্তু একেৰাহে কেইবাবাৰো কৰা পৰীক্ষাৰ পিছত যদি ৰোগীজনৰ ৰক্তচাপ ১৬০/৯৫ ৰ ওপৰত পোৱা হয়, তেনেহ’লে সেয়া উচ্চ ৰক্তচাপ বুলি নিৰ্ণয় কৰা হয়। উচ্চ ৰক্তচাপ নিৰ্ণয় কৰিবৰ বাবে ওপৰত উল্লেখ কৰা অৱস্থাবিলাক মানি কেইবা বাৰো সঘনাই ৰক্তচাপ পৰীক্ষা কৰোৱা উচিত।

আপোনাৰ লক্ষ্য

বিজ্ঞানীসকলে প্ৰমাণ কৰিছে যে, আপোনাৰ ৰক্তচাপ যিমানেই কম হ’ব, সিমানেই হাৰ্ট এটেক, ষ্ট্ৰোক আৰু কিড্‌নিৰ ৰোগৰ পৰা আপুনি হাত সাৰি থাকিব পাৰিব। ৰক্তচাপ কম হৈ থাকিলে আপুনি আকস্মিক মৃত্যুৰ পৰা বাচি থাকিব পাৰে। সেয়ে আপোনাৰ ৰক্তচাপ ১৪০/৯০ বা তাতকৈ কম কৰি ৰখাৰ লক্ষ্য ঠিক কৰি লওক। যদি আপোনাৰ কাৰ্ডিওভাচকুলাৰ ৰোগ, ডায়েবেটিচ, কিড্‌নি ৰোগ, হৃদযন্ত্ৰৰ আকাৰ বৃদ্ধিৰ ৰোগ, কনজেষ্টিভ হাৰ্ট ফেইলৰ, কাৰোনেৰি আৰ্টাৰীৰ ৰোগ, পেৰিফেৰিয়েল আৰ্টাৰী ৰোগ বা পূৰ্বতে সামান্য ষ্ট্ৰোক (ট্ৰেঞ্জিয়েণ্ট ইস্কেমিক এটেক বা মিনি ষ্ট্ৰোক) হোৱা আদি যিকোনো এবিধ ৰোগত আক্ৰান্ত হৈছে তেনেহ’লে আপোনাৰ ৰক্তচাপ ১৩৫/৮৫ তকৈও কম কৰি ৰখাৰ লক্ষ্য গ্ৰহণ কৰক।

নিয়ন্ত্ৰণত ৰখাৰ উপায়

উচ্চ ৰক্তচাপ প্ৰতিৰোধ কৰি ৰখাৰ কোনো নিশ্চয়তা কোনোৱে দিব নোৱাৰে। অৱশ্যে কিছুমান সাধাৰণ নিয়ম বা সংযম পালন কৰিব পাৰিলে ৰক্তচাপ নিয়ন্ত্ৰনত ৰাখিব পাৰি। একেখিনি নিয়ম পালনৰ যোগেদিয়ে হয়তো আপুনি ৰক্তচাপ বৃদ্ধি বাধা দি ৰাখিব পাৰিব বা কিছুবছৰলৈ পিছুৱাই ৰাখিব পাৰিব।

শৰীৰৰ ওজন নিয়ন্ত্ৰণ

যদি আপোনাৰ শৰীৰৰ ওজন প্ৰয়োজনতকৈ বেছি, তেনেহ’লে কিছু পৰিমাণে সেই ওজন কমাই ৰাখিব পাৰিলে আপুনি ৰক্তচাপো কমাই ৰাখিব পাৰিব। আহাৰ নিয়ন্ত্ৰণ আৰু ব্যায়ামৰ যোগেদি শৰীৰৰ ওজন কমাই ৰাখিব পাৰিলে, কোনো ধৰণৰ ঔষধ আদি নোখোৱাকৈয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰি।

ধূমপান ত্যাগ কৰক

উচ্চ ৰক্তচাপত ভোগা লোকে যদি ধূমপান কৰে তেনেহ’লে তেনে লোকে হাতৰ মুঠিত জীৱটো লৈ থকাৰ দৰে হয়। চিগাৰেটৰ প্ৰতিটো হুপাই ৰক্তচাপ বৃদ্ধি কৰে আৰু ধূমপান ত্যাগ কৰিলে ৰক্তচাপো নামে।

উদ্বেগ নিয়ন্ত্ৰণ কৰক

আপুনি ধীৰ-স্থিৰ, হাঁহিমুখীয়া বা ধেমেলীয়া ব্যক্তিও হ’ব পাৰে, অথাপি উচ্চ ৰক্তচাপত আপুনি ভুগিব পাৰে। মানসিক চাপ বা উদ্বেগ আদিয়ে উচ্চ ৰক্তচাপ বৃদ্ধি কৰে। অত্যধিক মানসিক উদ্বেগ বা দুশ্চিন্তা লৈ কাম কৰিব লগা ব্যক্তিৰ ৰক্তচাপ অন্য সাধাৰণ ব্যক্তিৰ তুলনাত সদায় বেছি হয়।

নিয়মীয়াকৈ ব্যায়াম কৰক

উচ্চ ৰক্তচাপ প্ৰতিৰোধ তথা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ব্যায়ামৰ এক বিশেষ ভূমিকা আছে। ব্যায়াম কৰিলে আপোনাৰ শৰীৰৰ ওজন নিয়ন্ত্ৰণত থাকে আৰু একেটা কাৰণতে আপোনাৰ ৰক্তচাপো নিয়ন্ত্ৰণত থাকে। ব্যায়ামে কেনেকৈ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখে এই বিষয়ে আজিও সঠিককৈ জানিব পৰা হোৱা নাই। নিয়মীয়াকৈ একাধিক ব্যায়াম কৰিলে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাৰ উপৰিও হাৰ্ট এটেকৰ সম্ভাৱনাও হ্ৰাস পায়। যদি আপুনি শুই বহি সময় কটাই ভাল পোৱা ব্যক্তি আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবৰ বাবে আপুনি ব্যায়াম কৰিবলৈ আৰম্ভ কৰিছেহে, তেনেহ’লে তাৰ ফল পাবলৈ আপুনি কেইমাহমান বাট চাব লাগিব। কিন্তু প্ৰতি সপ্তাহত চাৰি বা পাঁচ দিন দিনে আধা ঘণ্টাকৈ সময় খৰকৈ খোজ কাঢ়িলে আপুনি ৰক্তচাপৰ তাৰতম্য দেখা পাব। যদি আপুনি উচ্চ ৰক্তচাপত ভুগি আছে আৰু যদি অতিমাত্ৰা ব্যায়াম কৰাৰ কথা গভীৰভাৱে চিন্তা কৰিছে, তেনেহ’লে আপুনি ব্যায়াম আৰম্ভ কৰাৰ আগতে আপোনাৰ ডাক্তৰৰ লগত আলোচনা কৰি লওক।

আহাৰৰ প্ৰতি সচেতন হওক

  • ঢেঁকীত বনা চাউল বা ভুচিযুক্ত চাকি মিলৰ আটা উচ্চ ৰক্তচাপ ৰোগীৰ বাবে উপকাৰী। এনে ধৰণৰ খাদ্যত পটাচিয়াম আৰু মেগ্‌নেচিয়াম প্ৰচুৰ মাত্ৰাত থাকে আৰু এইবিলাক উপাদানে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে।
  • বিলাহী, আলু, মটৰ, গাজৰ, স্কোৱাচ, শাক-পাত, বিন, মিঠা আলু আদি পাচলি তথা কল, আঙুৰ, সুমথিৰা, আম, মধুৰিআম আদি ফলত পটাচিয়াম আৰু মেগ্‌নেচিয়াম খনিজ যথেষ্ট পৰিমাণে থাকে। তেনেদৰে বাদাম, চীনা বাদাম, আখৰোট, দাইল আৰু মাহজাতীয় খাদ্য দ্ৰব্যও উচ্চ ৰক্তচাপ ৰোগীৰ বাবে উপকাৰী।
  • তেনেদৰে ৰক্তচাপ ৰোগীৰ বাবে কেলচিয়ামো আন এবিধ অতি দৰকাৰী খনিজ। এইবিধ খনিজ গাখীৰ বা গাখীৰজাত খাদ্যত প্ৰচুৰ পৰিমাণে পোৱা যায়। বুট আৰু ৰাজমাহ আদিতো যথেষ্ট পৰিমাণে কেলচিয়াম থাকে।

ছডিয়ামৰ পৰিমাণ কমাওক

এজন সুস্থ লোকে দিনে কিছু পৰিমাণে নিমখ খাব পাৰে যদিও উচ্চ ৰক্তচাপৰ ৰোগীয়ে দিনে মাত্ৰ ২৪০০ মিলিগ্ৰাম ছডিয়ামহে গ্ৰহণ কৰা উচিত। এই পৰিমাণটোৰ ওপৰত বিজ্ঞানীসকলৰ মাজত প্ৰচুৰ মতভেদ আছে যদিও অধিকাংশ চিকিৎসা বিজ্ঞানীয়ে এই পৰিমাণটো অনুমোদন কৰে। বেছি মাত্ৰাত ছডিয়াম গ্ৰহণ কৰা অধিকাংশ লোকৰে ৰক্তচাপ বৃদ্ধি পোৱাৰ প্ৰমাণ পোৱা গৈছে। অধিক মাত্ৰাত ছডিয়াম যুক্ত খাদ্যৰ উপকাৰিতাতকৈ অপকাৰিতাহে বেছি। বেছিকৈ নিমখ দি প্ৰস্তুত কৰা খাদ্যত ভিটামিন আৰু খনিজ লৱণৰ পৰিমাণ সদায় কম থাকে। উচ্চ ৰক্তচাপ চিকিৎসা কৰাৰ সময়ত নিমখ সেৱনৰ পৰিমাণ কমাবলৈ পৰামৰ্শ দিয়া হয় আৰু নিমখ সেৱনৰ মাত্ৰা কমোৱাৰ লগে লগে ৰক্তচাপ হ্ৰাস পোৱাৰ প্ৰমাণো পোৱা যায়। অৱশ্যে ছডিয়াম কেৱল নিমখতে নহয়, আহাৰ প্ৰস্তুত কৰাত ব্যৱহৃত অন্যান্য দ্ৰব্যতো (যেনে- ছডিয়াম বাইকাৰ্বনেট, বেকিং চ’ডা, আজিনোম’ট’) প্ৰচুৰ মাত্ৰাত ছডিয়াম নিহিত থাকে। নিমখ নিদিয়া বা কম নিমখ দিয়া খাদ্য খাবলৈ প্ৰথমতে অলপ অসুবিধা পোৱাটো স্বাভাৱিক। কিন্তু অভ্যাস কৰিলে লাহে লাহে আপুনিও কম নিমখ দিয়া বা নিমখ নিদিয়া খাদ্যত অভ্যস্ত হৈ পৰিব পাৰিব। নিমখ নিদিয়া খাদ্য খাবৰ বাবে আপুনি প্ৰস্তুত কৰা আহাৰত তেজপাত, নৰসিংহ পাত, ধনিয়া পাত আদি প্ৰাকৃতিক সুগন্ধিযুক্ত মছলা – জালুক, জাঁইফল আৰু ইলাচি, লং আদিও ব্যৱহাৰ কৰিব পাৰে। এনে ধৰণৰ সুগন্ধিযুক্ত দ্ৰব্য মিহলি কৰি বিনা নিমখৰ খাদ্য খাবলৈ আৰম্ভ কৰিলে এদিন আপুনি এনে খাদ্যহে খাবলৈ ভাল পোৱা হবগৈ আৰু নিমখ দিয়া খাদ্য আপোনাৰ বাবে অখাদ্য যেন লাগিব।

সুৰাপান নিয়ন্ত্ৰণ কৰক

যদি আপোনাৰ সুৰাপানৰ অভ্যাস আছে তেনেহ’লে সুৰাপান নিয়ন্ত্ৰণ কৰক। উচ্চ ৰক্তচাপত ভোগা মহিলাই দিনে মাত্ৰ এটা পেগ আৰু পুৰুষে মাত্ৰ দুটা পেগহে খাব পাৰে। এপেগৰ পৰিমাণ হৈছে ৮০ প্ৰমাণিত স্পিৰিটৰ ৪০ মি:লি:, অৰ্থাৎ ১২৫ মি:লি: ৱাইন বা এলকোহল থাকে।

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ভিটামিন

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত খাদ্যৰ প্ৰভাৱ সম্পৰ্কে আজিও গৱেষণা চলি আছে। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত খাদ্যত থকা কোনবিধ উপাদানে কেনে ধৰণে কাম কৰে সেই বিষয়ে আজিও সঠিকভাৱে জানিব পৰা হোৱা নাই। সেয়ে উচ্চ ৰক্তচাপ ৰোগীয়ে ফল-মূল, দানা শস্য আৰু শাক-পাচলি যিমান পাৰে সিমানেই খাব লাগে। শেহতীয়া গৱেষণাত প্ৰমাণিত হৈছে যে এনেধৰণৰ খাদ্য যিমানেই বেছিকৈ খাব ষ্ট্ৰোকৰ সম্ভাৱনা সিমানেই কমিব। যদি আপুনি পৰিপূৰক খাদ্য খাবই লাগে, তেনেহ’লে ভিটামিন ‘চি’ আৰু ভিটামিন ‘ই’ সেৱনৰ ওপৰত গুৰুত্ব দিয়ক। কাৰণ এইবিলাক এণ্টিঅক্সিডেণ্ট গুণযুক্ত হোৱাৰ বাবে ৰক্তচাপ বৃদ্ধিত বাধা দিব পাৰে। আনহাতে কেলচিয়াম, পটাচিয়াম আৰু মেগনেচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে। কিন্তু এইকেইবিধ খনিজ উপাদান বেছি মাত্ৰাত সেৱন কৰিলে ৰক্তচাপ কমাই দিব পাৰে বা উচ্চ ৰক্তচাপ প্ৰতিৰোধ কৰিব পাৰে বুলি প্ৰমাণিত হোৱা নাই। ঋতুস্তব্ধা মহিলাৰ বাবে কেলচিয়াম পৰিপূৰক সেৱন কৰাটো নিশ্চয় উপকাৰী। কিন্তু এই প্ৰয়োজনীয় কেলচিয়ামৰ লগতে পটাচিয়াম আৰু কেলচিয়ামো আপুনি কেৱল খাদ্যৰ যোগেদিহে গ্ৰহণ কৰাৰ ব্যৱস্থা কৰক। এইবিলাক উপাদান থকা খাদ্যদ্ৰব্যত শৰীৰৰ বাবে প্ৰয়োজন হোৱা অন্যান্য পুষ্টিকৰ উপাদানো থাকে। চৰ্বিবিহীন গাখীৰ বা গাখীৰজাত খাদ্য সামগ্ৰী কেলচিয়ামৰ এক উৎকৃষ্ট উৎস। সেউজীয়া শাক-পাত আৰু চয়াবিন আদিতো কেলচিয়াম পোৱা যায়। ৬০ বছৰৰ ওপৰৰ লোকৰ বাবে মাল্টিভিটামিন, মিনাৰেল ছাপ্লিমেণ্ট(পৰিপূৰক ৰূপে এইবিলাকৰ কেপচুল, পিল আদি) খোৱাৰ পৰামৰ্শ দিব পাৰি। আৰু আপুনি যদি উচ্চ ৰক্তচাপৰ বাবে ঔষধ খাই থাকিবলগীয়া হৈছে – তেনেহ’লে আপোনাক চিকিৎসকে পটাছিয়াম পৰিপূৰক(টেবলেট, কেপচুল আদি) খাবলৈ পৰামৰ্শ দিব পাৰে।

মাছ আৰু মাছৰ তেল

মাছৰ তেলত ওমেগা-৩ ফেটি এচিড পৰ্যাপ্ত মাত্ৰাত থাকে। সেয়ে মাছৰ তেলৰ একোটা ‘হাই ডোজ’ খাবলৈ উচ্চ ৰক্তচাপ ৰোগীক পৰামৰ্শ দিয়ে। কাৰণ কিছুমান ৰোগীৰ ৰক্তচাপ সাময়িকভাৱে মাছৰ তেলে কমাব পাৰে। কিন্তু ৰক্তচাপ প্ৰতিৰোধ কৰা বা উচ্চ ৰক্তচাপৰ চিকিৎসা কৰাৰ বাবে ‘মাছৰ তেল’ সেৱনৰ পৰামৰ্শ দিব নোৱাৰি। বেছি মাত্ৰাত মাছৰ তেল সেৱন কৰিলে ৰক্তচাপৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে।

কফি খাব পাৰিনে?

কফি, চাহ বা কোলা জাতীয় যিবিলাক পানীয়ত কেফেইন থাকে তেনেবিলাক দ্ৰব্য সেৱন কৰিলে সাময়িকভাৱে ৰক্তচাপ বৃদ্ধি পায়।কিন্তু কেফেইনে ৰক্তচাপ স্থায়ীভাৱে বৃদ্ধি কৰিব পাৰে বুলি কোনো প্ৰমাণ পোৱা হোৱা নাই।

কোনো পৰিস্থিতিতে ঔষধ নেৰিব?

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে নিয়মীয়াকৈ ঔষধ খাই থাকিবই লাগে। কিন্তু বহুতে এই প্ৰয়োজনীয় ব্যৱস্থাটো লোৱাত অৱহেলা কৰে। ঔষধ সেৱনৰ লগে লগে জীৱন ধাৰণৰ শৈলীৰো পৰিৱৰ্তন কৰাৰ দৰকাৰ। উচ্চ ৰক্তচাপৰ চিকিৎসা পদ্ধতিত ৰোগ আৰম্ভ হোৱাৰ দিনৰে পৰা জীৱনৰ বাকীছোৱা কাল দৈনিক নিয়মীয়াকৈ ঔষধ সেৱন কৰিবই লাগিব। কেতিয়াবা দিনটোত কেইবাবাৰো ঔষধ সেৱন কৰিবলগীয়া হ’ব পাৰে। কেতিয়াবা আকৌ একাধিক জাতৰ ঔষধো দিনটোৰ ভিতৰতে খাব লাগিব পাৰে। উচ্চ ৰক্তচাপৰ কিছুমান ঔষধৰ আকৌ পাৰ্শ্ব প্ৰতিক্ৰিয়াও থাকে। মূৰৰ বিষ, বমি ভাৱ, মূৰ ঘূৰোৱা, নিদ্ৰাহীনতা আৰু নপুংসকতা আদি এই ঔষধবোৰৰ পাৰ্শ্বক্ৰিয়া। কিন্তু উচ্চ ৰক্তচাপে যিহেতু কোনো ধৰণৰ পূৰ্ব জাননী বা কোনো ধৰণৰ লক্ষণ প্ৰকাশ নকৰে সেয়ে বেছিভাগ ৰোগীয়ে নিয়মীয়াকৈ ঔষধ খাবলৈ পাহৰি যায়। বহুতে আকৌ উচ্চ ৰক্তচাপৰ ফলত কোনো ধৰণৰ অসুবিধা অনুভৱ নকৰে, ফলত মাজে সময়ে ঔষধ নোখোৱাকৈ থাকে।কিন্তু নিয়মীয়াকৈ ঔষধ সেৱন কৰি থকা লোকৰ মাজত মৃত্যুৰ হাৰ কম। সেয়ে আপোনাৰ ডাক্তৰে পৰামৰ্শ দিয়ামতে ঔষধ সেৱন নিয়মীয়াকৈ কৰিব। কিবা কাৰণত এবাৰ ৰক্তচাপ নিম্নগামী হোৱা যেন দেখা পায়ে বহুতে নিয়মীয়াকৈ খাব লগা ঔষধ বন্ধ কৰি দিয়ে। কিন্তু এই ব্যৱস্থা নিৰাপদ নহয়। উচ্চ ৰক্তচাপৰ ঔষধ আপুনি জীৱন জুৰি খাবই লাগিব। ঔষধ সেৱনৰ লগে লগে আপুনি যদি দৈনন্দিন জীৱন পদ্ধতি সলনি কৰে আৰু আহাৰ, নিদ্ৰা আৰু শ্ৰমৰ পূৰ্বৰ অভ্যাস সলনি কৰে তেনেহ’লে ঔষধৰ পৰা আপুনি ভাল ফল পাব আৰু লগতে পিছলৈ ঔষধৰ মাত্ৰা কমাবও পাৰিব।

লেখিকা: ডা° ৰুবী বৰুৱা, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 7/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate