অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কঁকালৰ বিষ

কঁকালৰ বিষ

বয়সিয়াল লোকসকলে সাধাৰণতে কঁকালৰ বিষত ভোগে। এই সমস্যাৰ কাৰণ কেইবাটাও হ’ব পাৰে। হাড়ৰ জোৰাত ফলক থাকে, কঁকালতো ফলক নথকা নহয়, এই ফলকৰ বিকাৰতো বিষ-বেদনাৰ যন্ত্ৰণা ভোগ কৰিব লগা হয়। আমাৰ দেহৰ ৰাজহাড় ২৬ ডাল হাড়েৰে গঠিত। এইবোৰৰ জোৰাত ফলক থাকে। সেইবোৰে হাড়বোৰক প্ৰচণ্ড আঘাতৰপৰা ৰক্ষা কৰে। প্ৰতিখন ফলকতে দুটা ভাগ, ভিতৰৰ ভাগটো কোমল অথচ ঘন তৰল পদাৰ্থ আৰু বাহিৰৰ তৰপটো সবল মজবুত। আঘাত অথবা দুৰ্বলতাৰ ফলত ফলকৰ ভিতৰৰ অংশটো বাহিৰৰ বলয়ৰপৰা বাহিৰ ওলাব পাৰে। ইয়াৰ ফলত বিষ তথা অস্তস্তিত ভুগিবলগা হয়। পিছল খোৱা ফলকে অস্থি স্নায়ু চেপি পেলালে আক্ৰান্ত স্নায়ুত বিষ তথা জঠৰতা অনুভৱ হয়। জটিলতাই গা কৰি উঠিলে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’ব পাৰে, যাৰ জৰিয়তে আক্ৰান্ত ফলক মেৰামতি কৰা অথবা গুচাই পেলাব লগা হয়। ৰাজহাড়ৰ যিকোনো অংশতে পিছল ফলকৰ দৰে বিজুতি ঘটিব পাৰে। ৰাজহাড় বিভিন্ন স্নায়ু তথা ৰক্ত পৰিবাহীৰ জটিল জাল হেতু পিছল ফলকে আক্ৰান্ত কৰা স্নায়ু তথা ইয়াক আৱৰি ৰখা মাংসপেশীৰ ওপৰত অতিৰিক্ত চাপ পেলাব পাৰে। ইয়াৰ ফলত সাধাৰণতে শৰীৰৰ এটা ফালে বিষ তথা জঠৰতাই গা কৰি উঠে। এই বিষ বাহু তথা ভৰিলৈ বিয়পিব পাৰে আৰু ৰাতিহে ইয়াৰ তীব্ৰতাৰ সৃষ্টি হয়। কিছুপৰ বহি থাকি উঠাৰ লগে লগে অথবা কিছুপৰ খোজকঢ়াৰ পিছত বহাৰ লগে লগে বিষৰ অনুভূতি বাঢ়ে। এনে অৱস্থাত মাংসপেশীৰ দুৰ্বলতাৰ ব্যাখ্যা কৰিব নোৱাৰি। আক্ৰান্ত অঞ্চলত বিষ, পোৰণি তথা সিৰসিৰণিৰ অনুভূতি হয়। মানুহ ভেদে বিষৰ ধৰণ ভিন ভিন হ’ব পাৰে। বিষৰ ফলত জঠৰতা অথবা জিনজিনাই থাকি মাংসপেশীৰ নিয়ন্ত্ৰণত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিলে চিকিৎসকৰ ওচৰ চপা ভাল। ফলকৰ বাহিৰৰ বলয়টো দুৰ্বল নাইবা নষ্ট হ’লে ভিতৰৰ অংশটো সোলোক-ঢোলোক হৈ ওলাই আহিব পাৰে। যাৰ ফলত পিছল ফলকৰ সৃষ্টি হয়। সাধাৰণতে বয়সিয়াল লোকৰ ক্ষেত্ৰত এনে অৱস্থাৰ সৃষ্টি হয়। শৰীৰৰ একোটা গতিৰ ফলতো এনে বিকাৰে গা কৰি উঠিব পাৰে। কোনো বস্তু দাঙিবলৈ চেষ্টা কৰিলে অথবা কোনোবা ফালে ঘূৰালে ফলকৰ স্থানচ্যুতি ঘটিব পাৰে। বৰ ডাঙৰ তথা গধুৰ বস্তু দাঙিলে তল পিঠিৰ ওপৰত বৰ হেঁচা পৰি মোচোকা খাব পাৰে, যাৰ পৰিণতি পিছল ফলক। শাৰীৰিক শক্তি প্ৰয়োগ কৰিব লগা কামত নিযুক্ত হ’লে ওজন থকা বস্তুও দাঙিব লগা হয়, যাৰ ফলত ফলক স্থানচ্যুত হোৱাৰ সম্ভাৱনা প্ৰবল। অতিমাত্ৰা ভাৰ বিশিষ্ট লোকৰ ফলক স্থানান্তৰিত হোৱাৰ প্ৰবল সম্ভাৱনা থাকে, কিয়নো তেওঁলোকৰ দেহৰ অতিৰিক্ত ভাৰ ফলকৰ ওপৰত পৰে। মাংসপেশী দুৰ্বল হ’লে আৰু দৈহিক পৰিশ্ৰম অবিহনে শুই, বহি থকা জীৱনশৈলীৰ লোকে পিছল ফলক বিকাশত অৰিহণা যোগায়। ৩৫-৪৫ বছৰ বয়সৰ লোকে এই বিকাৰত ভোগাৰ পূৰামাত্ৰাই সম্ভাৱনা থাকে, কাৰণ বয়স বাঢ়ি অহাৰ লগে লগে ফলকক সুৰক্ষা প্ৰদান কৰা পানীৰ পৰিমাণ কমি যায়। ফলত ফলকবোৰ পিছলি স্থানচ্যুত হ’ব পাৰে। সাধাৰণতে মহিলাতকৈ পুৰুষৰহে এই বিকাৰত ভোগাৰ সম্ভাৱনা অধিক। পিছল ফলকৰ বাবে কোনো চিকিৎসা সেৱা গ্ৰহণ নকৰিলে স্নায়ুৰ ক্ষতিসাধন হ’ব পাৰে। চৰম অৱস্থাত তল পিঠি তথা ভৰিৰ স্নায়বিক অনুভূতিত ব্যাঘাত জন্মে। ফলত স্নায়ু চেপি ধৰাত কৰঙনৰ অন্তৰ্ভাগৰ চেতনা হেৰুৱায়, আনকি ভৰিৰ পাছফাল তথা মলনলীৰ চৌকাষ সংজ্ঞাহীন হৈ পৰে। পিছল ফলকত আক্ৰান্ত লোকে এই বিকাৰৰপৰা নিৰাময় লাভ কৰাৰ পিছতো যদি আগেয়ে সুকলমে সম্পন্ন কৰিব পৰা কামবোৰ কৰিবলৈ অপাৰগ হয় তেনেক্ষেত্ৰত চিকিৎসকৰ সু পৰামৰ্শ গ্ৰহণ কৰাটো অপৰিহাৰ্য। বেমাৰী চিকিৎসকৰ ওচৰ চাপিলে প্ৰথমে তেওঁ শৰীৰ পৰীক্ষা কৰি বিষ অনুভৱ কৰা ঠাইখিনি চুই চায় আৰু বিষ তথা অস্বস্তিৰ উৎস নিৰূপণ কৰিবলৈ চেষ্টা কৰে। স্নায়ু কাৰ্য তথা মাংসপেশীৰ শক্তি চিকিৎসকে পৰীক্ষা কৰে আৰু আক্ৰান্ত অঞ্চল স্পৰ্শ কৰিলে অথবা চাপ দিলে কেনে ধৰণৰ অনুভূতি হয় তাৰ ভূ লয়। বিভিন্ন পৰীক্ষাই স্পষ্ট কৰা চিত্ৰ প্ৰত্যক্ষ কৰি চিকিৎসকে হাড়, মাংসপেশী আদিৰ সম্ভেদ পায় আৰু ক্ষতিগ্ৰস্ত অঞ্চল চিনাক্ত কৰিব পাৰে। সকলো তথ্য একত্ৰিত কৰি বিচাৰ-বিশ্লেষণৰ জৰিয়তে বিষৰ উৎস, দুৰ্বলতা তথা অস্বস্তিকৰ কাৰণ নিৰূপণ কৰিব পাৰে। বেমাৰ নিৰূপণ হোৱাৰ পিছত চিকিৎসকে ইয়াৰ নিৰাময়ৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰে। ফলকখন সঠিক স্থানৰপৰা কিমানদূৰ আঁতৰি পৰিছে তাৰ ওপৰত চিকিৎসা ব্যৱস্থা নিৰ্ভৰ কৰে। তদুপৰি অস্বস্তিৰ মাত্ৰাৰ ওপৰতো চিকিৎসকে গুৰুত্ব দিয়ে। শাৰীৰিক চিকিৎসকে ব্যায়ামৰ পৰামৰ্শ দিয়ে। ইয়াৰ নিয়মিত অনুশীলনে পিঠি শক্তিশালী কৰি বিষ-বেদনা হ্ৰাস কৰে। বিষ উপশম কৰা দৰৱ সেৱনৰ লগতে গধুৰ বস্তু দঙা কাম তথা বেদনাদায়ক অৱস্থান এৰাই চলি এই ক্ষেত্ৰত সুফল লাভ কৰিব পাৰি। বিষ অথবা অস্বস্তিত ভোগা লোকে সকলো ধৰণৰ দৈহিক কাৰ্যৰপৰা বিৰত থাকিলে মাংসপেশী তথা জোৰাবোৰ ঠৰঙা হৈ কষ্টত ভোগাব পাৰে। সেই বাবে যিমান সম্ভৱ সিমান সক্ৰিয় হৈ থাকিব লাগে। হাত-ভৰি টনাটনি কৰি কম প্ৰভাৱ পেলোৱা কাম যেনে- খোজকাঢ়ি থাকিব পাৰি। ফলকৰ স্থানচ্যুতিয়ে মাংসপেশীৰ কাৰ্যত প্ৰভাৱ বিস্তাৰ কৰিলে অথবা ছসপ্তাহ চিকিৎসা গ্ৰহণৰ পিছত ৰোগীৰ অৱস্থাৰ শাম নাকাটিলে চিকিৎসকে শল্য চিকিৎসাত অনুমোদন জনাব পাৰে। শল্য চিকিৎসকে অস্ত্ৰোপচাৰৰ জৰিয়তে ফলকখন বাহিৰ নকৰি নষ্ট হোৱা অথবা বাহিৰলৈ ওলাই অহা অংশটোহে উলিয়াই পেলায়। চৰম অৱস্থাত চিকিৎসকে ফলক বাহিৰ কৰি হাড় লগ লগাই দিয়ে অথবা কৃত্ৰিম ফলক স্থাপন কৰে। অধ্যয়নৰ পৰা জনা মতে, পিছল ফলকৰপৰা সম্পূৰ্ণৰূপে হাত সাৰি থকাটো সম্ভৱ নহয়, কিন্তু কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিলে এনে বিসংগতিৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰি। বস্তু দঙাৰ নিৰাপদ কৌশল ব্যৱহাৰ কৰি সুফল লাভ কৰা যায়। বস্তু দঙা-মেলা কৰোতে সদায় কঁকালৰ পৰিৱৰ্তে আঁঠুৰ ওপৰত ভৰ দিয়াটো নিৰাপদ। শৰীৰৰ ভাৰ স্বাস্থ্যসন্মতভাৱে স্থিৰ কৰি ৰাখিবলৈ যত্নপৰ হ’ব লাগে। একে ঠাইতে দীৰ্ঘ সময়ৰ বাবে বহি নাথাকি মাজে মাজে থিয় দি হাত-ভৰি টনাটনি কৰাতো উত্তম কৌশল। ভৰি, পেট তথা পিঠিৰ মাংসপেশী শক্তিশালী কৰিবলৈ নিয়মীয়াকৈ ব্যায়ামৰ অনুশীলন কৰিব লাগে।

লেখক: আনন্দ দেৱগোস্বামী, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 6/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate