অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কোষ্ঠকাঠিন্য

কোষ্ঠকাঠিন্য

পৰিপাকজনিত স্বাস্থ্য সমস্যাসমূহৰ ভিতৰত সৰ্বাধিক হোৱা সমস্যাটোৱেই হ’ল শৌচ কচা হোৱা বা কোষ্ঠকাঠিন্য। চিকিৎসা বিজ্ঞানৰ সংজ্ঞা মতে সপ্তাহত তিনিবাৰতকৈ কম শৌচ হ’লে তাক কোষ্ঠকাঠিন্য বোলে। এক সমীক্ষা মতে বিশ্বজুৰি মুঠ জনসংখ্যাৰ প্ৰায় ১২ শতাংশ এই সমস্যাত ভুগি আছে। অঞ্চলভেদে ই ২ ৰ পৰা ৩০ শতাংশ পৰ্য্যন্ত হয়। সকলো সমাজতে ইয়াৰ প্ৰাদুৰ্ভাৱ দেখা যায়। পৰিৱৰ্তিত খাদ্যাভাসেই ইয়াৰ মূল কাৰণ। কোষ্ঠকাঠিন্যৰ লক্ষণ বুলিলে তলপেটৰ অস্বস্তি ভাব, কেইবাদিনো ধৰি শৌচ নোহোৱা, পায়খানা কৰিবলৈ জোৰ দিব লগা আৰু কৰা সময়ত কষ্ট অনুভৱ হোৱা, কঠিন আৰু টুকুৰা-টুকুৰ শৌচ হোৱা তথা পায়খানাৰ স’তে তেজ যোৱা আদি দেখা যায়। অস্বাভাৱিক কঠিন শৌচৰ টুকুৰা বাহিৰলৈ আহোতে শৌচদ্বাৰৰ ঘাও হ’ব পাৰে।

মূলত: বৃহদান্ত্ৰ বা ক’ল’নৰ মাজেদি শৌচৰ অস্বাভাৱিক ধীৰ গতিৰ বাবে শৌচ কচা হয়। এনে ধীৰ গতিৰ বিভিন্ন কাৰণ থাকিব পাৰে। প্ৰথম কাৰণ হিচাপে অভ্যাসকে দুষিব লাগিব। মলত্যাগ প্ৰক্ৰিয়াৰ স’তে জড়িত স্নায়ুতন্ত্ৰ এনেধৰণৰ যে স্বাভাৱিক অৱস্থাত আমি ইয়াক ইচ্ছামতে নিয়ন্ত্ৰণ বা অৱদমন কৰিব পাৰো। ঘনাই শৌচাবেগ অৱদমন কৰা অভ্যাসে মূৰকত কোষ্ঠকাঠিন্যৰ জন্ম দিয়ে। আমি গ্ৰহণ কৰা খাদ্যৰ প্ৰকৃতি শৌচ কচা হোৱাৰ দ্বিতীয়টো মূল কাৰণ। খাদ্যবস্তুত থকা আঁহবোৰ শৌচৰ স্বাভাৱিক অৱয়ব আৰু কোমলতাৰ বাবে প্ৰয়োজনীয়। ফল-মূল, শাক-পাচলি আদি উদ্ভিদজাত আহাৰত এনে আঁহ যথেষ্ট পৰিমাণে থাকে। খোৱা খাদ্যত এনে আঁহৰ অভাৱ ঘটিল শৌচ কঠিন হয়। মাংসজাতীয় খাদ্যৰ আধিক্যই কোষ্ঠকাঠিন্য কৰে। মাংস হজম কৰোতে মানুহৰ পৰিপাক তন্ত্ৰৰ যথেষ্ট কষ্ট হয়-আংশিকভাৱে হজম হওঁতে ঘন্টাৰো অধিক সময় লাগে। কোষ্ঠকাঠিন্যৰ বাবে দায়ী অইন কেতবোৰ খাদ্য হ’ল চেনি আৰু চৰ্বিযুক্ত খাদ্য, যেনে- কেক, পেষ্ট্ৰী, মিঠাই, আইচক্ৰীম আদি, চকলেট, কফি, পনীৰ, পিজ্জা, পেষ্ট, কৰ্ণ-চিপ্‌ছ আদি বিভিন্ন তথাকথিত ফাষ্ট ফুড ইত্যাদি। আমি সততে ব্যৱহাৰ কৰা বা কৰিব লগা হোৱা বহুবোৰ ঔষধে শৌচ কচা কৰিব পাৰে ক’ডেইন আৰু মৰ্ফিনযুক্ত বিষনাশক দৰব বা কাহৰ দৰব, হতাশাগ্ৰস্ততা আদি মানসিক ৰোগৰ চিকিৎসাত ব্যৱহৃত এমিট্ৰিপ্টিলিন, ইমিপ্ৰামিন আদি দৰব, ফেনিটইন, কাৰ্বামাজিপাইন আদি মৃগী ৰোগৰ চিকিৎসাত ব্যৱহৃত ঔষধ, নিফেডিপিন আদি উচ্চ ৰক্তচাপত ব্যৱহৃত ঔষধ, এলুমিনিয়াম লৱণযুক্ত অম্লতানাশক ঔষধ আদিকে ধৰি আমি ব্যৱহাৰ কৰা বহুবোৰ ঔষধে কোষ্ঠকাঠিন্য কৰায়। পৰিপূৰক হিচাপে ব্যৱহৃত লৌহ পদাৰ্থযুক্ত দৰব বা আইৰণ বড়িয়েও শৌচ কচা কৰে। শৌচ ঢিলা বা নিয়মীয়া কৰিবলৈ ব্যৱহাৰ কৰা লেগজেটিৱ শ্ৰেণীৰ ঔষধৰ মাত্ৰাধিক ব্যৱহাৰে মূৰকত কোষ্ঠকাঠিন্যৰ জন্ম দিয়ে।

শৰীৰৰ বিভিন্ন হৰম’নৰ তাৰতম্যই কোষ্ঠকাঠিন্য কৰিব পাৰে। থাইৰয়ড হৰম’নৰ অভাৱ হ’লে বা পেৰাথাইৰয়ড, ইষ্ট্ৰ’জেন, প্ৰজেষ্টেৰণ আদি হৰম’নৰ আধিক্য হ’লে শৌচ কচা হ’ব পাৰে। বৃহদান্ত্ৰ বা ক’ল’নৰ মাংসপেশী আৰু স্নায়ুতন্ত্ৰত প্ৰভাৱ পেলোৱা বিভিন্ন ৰিগ, যেনে-ডায়েবেটিছ, Scleroderma আদিত অথবা বৃহদান্ত্ৰৰ ভিতৰভাগত বাধাৰ সৃষ্টি কৰা টিউমাৰ, কৰ্কট ৰোগ আদি নতুবা মগজু আৰু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ কেতবোৰ ৰোগ, যেনে-পাৰ্কিনছন্‌ছ ৰোগ, মাল্টিপল Sclerosis আৰু স্পাইনেল ক’ৰ্ডৰ আঘাত আদিও কোষ্ঠকাঠিন্যৰ অন্যতম কাৰণ হ’ব পাৰে। ক’ল’নৰ বাহিৰৰ তলপেট আৰু শৌচদ্বাৰ আগুৰি থকা মাংসপেশীবোৰৰ দুৰ্বলতাই শৌচ বাহিৰলৈ অহা প্ৰক্ৰিয়াটো দুৰ্বল কৰি সময়ত কোষ্ঠকাঠিন্য কৰিব পাৰে।

কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা হাত সাৰিবলৈ পোনতে আমি নিজে গ্ৰহণ কৰি থকা খাদ্যৰ প্ৰতি নজৰ দিব লাগে। যিহেতু আঁহযুক্ত খাদ্যৰ অভাৱে শৌচ কচা কৰে, আমাৰ খাদ্যত নিয়মীয়া আৰু উচিত মাত্ৰাত ফল-মূল, শাক-পাচলি আদি থকা নিতান্ত প্ৰয়োজনীয়। ‘আঁহ’ বুলিলে তেনেবোৰ উদ্ভিদজাত পদাৰ্থকে বুজা যায়, যিবোৰ মানুহৰ পৰিপাক তন্ত্ৰই জীণ নিয়াব নোৱাৰে। জীণ নোযোৱাৰ বাদেও এনেবোৰ আঁহে বহু পৰিমাণে পানীভাগ শুহি লয়। ফলত শৌচৰ আয়তন আৰু নমনীয়তা স্বাভাৱিক পৰ্য্যায়ত থাকে। আমি পৰম্পৰাগতভাৱে আহাৰত গ্ৰহণ কৰি অহা ভাত, আটা, মাহজাতীয় খাদ্য, যেনে-দাইল আদিও শৌচৰ স্বাভাৱিকতাৰ বাবে প্ৰয়োজনীয় আঁহৰ কিছুমান উৎকৃষ্ট উৎস। কবি, গাজৰ আদি পাচলিৰে প্ৰস্তুত কৰা এবাটি তৰকাৰিত প্ৰায় চাৰি গ্ৰাম আঁহ থাকে বুলি কোৱা হৈছে। ফল আৰু পাচলিৰ লগতে পানী প্ৰচুৰ পৰিমাণে খাব লাগে। পানী অকণমান বেছিকৈ খোৱা গ’লেও কোনো বিশেষ অসুবিধা নহয়, কিয়নো অতিৰিক্ত পানীভাগ প্ৰস্ৰাৱৰ দ্বাৰা বাহিৰ হৈ যায়।

সাধাৰণ বুলি ভাবি বা সংকোচৰ বাবে বহু সময়ত উলাই কৰা এই কোষ্ঠকাঠিন্যৰ সমস্যাই উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰিলে শৌচদ্বাৰৰ ঘা বা হিম’ৰয়ড্‌ছ, শৌচদ্বাৰ বাহিৰলৈ ওলাই অহা আদি জটিলতাৰ সৃষ্টি কৰিব পাৰে। সেয়ে উপযুক্ত খাদ্য সাৱধানতা, পানী আৰু জুলীয়া খাদ্য গ্ৰহণ আৰু খাদ্যাভাস জড়িত অইন প্ৰচেষ্টাৰে দ্বাৰা কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা পৰিত্ৰাণ নাপালে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাত পলম কৰিব নালাগে। শৌচ কঠিন হ’লেই চিকিৎসকৰ স’তে পৰামৰ্শ নকৰাকৈ ঔষধৰ দোকানত উপলব্ধ বিভিন্ন ঔষধ ব্যৱহাৰ কৰি শৌচ স্বাভাৱিক কৰিবলৈ যোৱাটো ক্ষতিকাৰক আৰু সেয়ে বৰ্জনীয় অভ্যাস। ইয়ে মূৰকত কোষ্ঠকাঠিন্যৰ জটিলতা বঢ়ায় বুলি ইতিমধ্যে কোৱা হৈছে। চিকিৎসকে প্ৰয়োজনীয় পৰীক্ষা আদি কৰাৰ পিছত লেগ্‌জেটিৱ শ্ৰেণীৰ খোৱা ঔষধ বা এনেমা শ্ৰেণীৰ স্থানীয়ভাৱে প্ৰয়োগ কৰিব লগা ঔষধৰ বিধান কৰিব পাৰে। জটিল ক্ষেত্ৰত কেতিয়াবা অস্ত্ৰোপচাৰৰো প্ৰয়োজন হ’ব পাৰে। ভাৰতীয় পৰম্পৰাগত চিকিৎসা ব্যৱস্থাত ব্যৱহাৰ কৰি অহা ত্ৰিফলা, খিছমিছ, নেমুৰস, পালেং শাক, অমিতা, কমলা টেঙা আদিৰ উপযুক্ত ব্যৱহাৰৰ দ্বাৰাও কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা সকাহ পাব পৰা যায়।

লিখক: ডা: ৰমেন কুমাৰ কাকতি, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 6/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate