অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কোষ্ঠকাঠিন্য

কোষ্ঠকাঠিন্য

সঁচৰাচৰ হোৱা কোষ্ঠকাঠিন্য আমাৰ শৰীৰৰ পাচন তন্ত্ৰৰ এবিধ ব্যাধি। কোষ্ঠকাঠিন্য হ’লে শৌচ টান, শুকান আৰু কচা হয় আৰু পায়খানা অসম্পূৰ্ণ হয়। পায়খানা হ’ব যেন ভাৱ এটা থাকে যদিও পায়খানাত গ’লে পায়খানাত গ’লে পায়খানা নহয় বা হ’লেও বৰ জোৰ দিব লাগে। কেতিয়াবা গুহ্যদ্বাৰ ফাটি তেজ ওলাবও পাৰে। এই ৰোগ হ’লে গা বেয়া লাগে, মূৰ বিষায়, জিভা ডাঠ হয়, মুখ গোন্ধায়, আভোগ হয়, বদহজম হয় আৰু শালমন আদি উপসৰ্গই দেখা দিব পাৰে। পুৱাই যেতিয়া প্ৰাকৃতিকভাৱে পায়খানা কৰিব লাগে, তেতিয়াই পায়খানাত যাব লাগে।

 

কোষ্ঠকাঠিন্য কিয় হয়-

  • অসময়ত খোৱা-বোৱা কৰা অভ্যাস।
  • দৰকাৰ অনুসৰি শাৰীৰিক বিশ্ৰাম নকৰা।
  • পানী, ফলমূল নিয়মিত যথেষ্ট পৰিমাণে নাখালে।
  • বেছিকৈ ভজা-পোৰা-জ্বলা বস্তু খালে।
  • মানসিক চিন্তা, ভ্ৰমণ বা ৰোগজনিত কাৰণত নিয়মিত আহাৰ খোৱাৰ সময় সলনি হ’লে।
  • পাকস্থলীৰ মাংসপেশীয়ে ভালকৈ কাম নকৰিলে বিশেষকৈ বৃদ্ধ, শিশু ৰোগী আৰু ব্যায়াম নকৰা বয়স্কসকলৰ ক্ষেত্ৰত এই ব্যাধি হ’ব পাৰে।
  • পাইল্‌ছজাতীয় ৰোগ হ’লে।
  • নিচাজাতীয় বস্তু বা কিছুমান ঔষধ খালেও কোষ্ঠকাঠিন্য হয়।
  • পায়খানা লগা সময়ত পায়খানা নকৰি উজাই থাকিলে।
  • বৃহৎ পাকস্থলী লগাতকৈ যথেষ্ট ডাঙৰ হ’লে এই ৰোগ হ’ব পাৰে।

কোষ্ঠকাঠিন্য বহু প্ৰকাৰৰ যদিও প্ৰধানত তিনিটা ভাগত ভগাব পাৰি-

এটোনিক কোষ্ঠকাঠিন্যঃ

সাধাৰণতে এইবিধ উপসৰ্গ কম পানী খালে বা আন জুলীয়া পদাৰ্থ কম খালে বা খাদ্যত আঁহজাতীয় দ্ৰব্য, ভিটামিন ‘বি’ আৰু ‘কে’ৰ অভাৱ হ’লে হয়। সময়ত শৌচ নকৰিলে আৰু সদায় শৌচ নিষ্কাশনৰ ঔষধ খালে ই লাহে লাহে দেখা দিয়ে।

স্পেছ্‌টিক কোষ্ঠকাঠিন্যঃ

অত্যাধিক মানসিক হেঁচা, কৃত্ৰিম ঔষধ, ‘জাংক’ খাদ্য আদিৰ ফলত এই উপসৰ্গ হয়।

বাধাকাৰী কোষ্ঠকাঠিন্যঃ

এইবিধ ৰোগ পাকস্থলীত ঘা, টেমুনা বা কাটিলেও হ’ব পাৰে।

প্ৰতিকাৰঃ

কিছু নীতি-নিয়ম আৰু উপযুক্ত স্বাস্থ্যকৰ খাদ্যৰ সুবিচাৰৰ দ্বাৰা কোষ্ঠকাঠিন্যৰ পৰা হাত সাৰিব পাৰি।

  • কেল’ৰী বা শক্তিৰ পৰিমাণঃ

খাদ্য বিশেষজ্ঞসকলে নিৰ্ধাৰণ কৰা আৰু বয়স, লিংগ আৰু কৰ্ম প্ৰণালী অনুসৰি দৈনিক দৰকাৰ হোৱা শক্তি বা কেল’ৰীৰ বাবে যিখিনি স্বাস্থ্যকৰ খাদ্য, পানী আদি খাব লাগে সিমানখিনি খাদ্যহে খাব।

  • চৰ্বিৰ পৰিমাণঃ

যদিও চৰ্বি হৃদৰোগ, উচ্চ ৰক্তচাপ, ষ্টোক আদি ৰোগৰ বাবে বহুচৰ্চিত, ই পাচন ক্ৰিয়াত সহায় কৰা পাচক উৎপাদনতো সহায় কৰে। ই শৌচ পিছল কৰি সহজে ওলাই যোৱাত সহায় কৰে। সেয়েহে কেল’ৰী নিৰ্ধাৰিত মানত মাখন, ঘি, তেল খাব লাগে। কিন্তু তেলত ডুবাই বেছি ভজা-পোৰা বস্তু কেতিয়াও নাখাব। জিভাৰ লোভ সামৰিব নোৱাৰা ৰুচিয়ে শকত হোৱাৰ উপৰি দেহলৈ গোটেই জীৱনটোলৈ নানান ৰোগ কঢ়িয়াই আনে। সেয়েহে প্ৰতিটো ভজা-পোৰা বস্তু, ঘি, মাখন, চীজ, পেষ্ট্ৰী, মিঠাই, চকলেট আদিত কামোৰ মৰাৰ আগতেই এবাৰ হ’লে ভাবিব যে জিভাক ৰুচি দিম নে জীৱনটোলৈ বেমাৰ চপাই ল’ম।

  • প্ৰ’টিনৰ পৰিমাণঃ

এজন সুস্থ বয়স্ক মানুহে দৈনিক ৬০-৮০ গ্ৰামতকৈ অধিক মুঠ ‘প্ৰ’টিন গ্ৰহণ কৰিব নালাগে।

  • শৰ্কৰাৰ পৰিমাণঃ

দৈনিক যথেষ্ট পৰিমাণে সেউজীয়া, হালধীয়া শাক-পাচলি আৰু বতৰৰ ঘৰতে পোৱা ফলমূল খাব। আঁহযুক্ত খাদ্য শৰীৰৰ বাবে উত্তম। ধান, ঘেঁহু, গম আদিত খাব পৰা বাকলিটো থাকিব লাগে।

  • ভিটামিনঃ

শাক-পাচলি আৰু ফল-মূল ভিটামিনৰ ভাল উৎস। ভিটামিন-বি খালেও ৰোগীয়ে কোষ্ঠকাঠিন্যৰ পৰা সকাহ পায়।

  • পনীয়া বস্তুঃ

এজন মানুহে দৈনিক যথেষ্ট পৰিমাণে পানী আৰু জুলীয়া দ্ৰব্য খাব লাগে। সুস্থ মানুহ এজনে দিনে অতি কমেও ১০ গিলাচ পানী খাব লাগে। পুৱা অকণমান কুহুমীয়া পানী বা পাতল গাখীৰ নিদিয়া চাহ খালেও পায়খানা হোৱাত সহায় কৰে। শেষৰ দুই প্ৰকাৰৰ কোষ্ঠকাঠিন্যত মধ্যমীয়া আঁহযুক্ত খাদ্যৰ পৰা বেছি আঁহযুক্ত খাদ্য খাব লাগে।

লিখকঃ পাৰ্থ প্ৰতিম দাস, অসমীয়া খবৰ

2.96825396825
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top