আমাৰ হাড়ৰ আৰু দাঁতৰ সঠিক গঠনৰ বাবে সামান্য পৰিমাণৰ ফ্লʼৰাইড অতিশয় প্ৰয়োজন। হাড়ৰ কঠিন অংশটো আৰু দাঁতৰ বাহিৰৰ ফালৰ টনা বগা অংশটো ঘাইকৈ হাইড্ৰক্সিএপেটাইট নামৰ এবিধ ৰাসায়নিক পদাৰ্থৰে গঠিত। এই হাইড্ৰক্সিএপেটাইটৰ লগত সামান্য পৰিমাণে ফ্ল’ৰাইডো ফ্ল’ৰএপেটাইট ৰূপে থাকিলেহে হাড়ৰ আৰু দাঁতৰ গঠন সঠিক হয়। কিন্তু হাইড্ৰক্সিএপেটাইটৰ ফ্ল’ৰাইডৰ প্ৰতি এটা তীব্ৰ আসক্তি থাকে আৰু পালেই বেছিকৈ ফ্ল’ৰাইড শোষণ কৰি ফ্ল’ৰএপেটাইটলৈ পৰিৱৰ্তিত হৈ ফ্ল’ৰএপেটাইট-হাইড্ৰক্সিএপেটাইটৰ অনুপাত বঢ়াই দিয়ে। গৰ্ভত থকাৰ সময়ৰ পৰা আৰম্ভ কৰি হাড়ৰ আৰু দাঁতৰ গঠন সম্পূৰ্ণ হোৱালৈকে এই সময়ছোৱাত অধিক ফ্ল’ৰাইড সেৱনৰ ফলত হাড়ৰ আৰু দাঁতৰ গঠন ক্ষতিগ্ৰস্ত হ’ব পাৰে। ইয়াৰ লক্ষণসমূহ হ’ল : হাড়ৰ গঠনৰ বিকৃতি (বেঁকা, চেপেটা, টান আদি), ৰাজহাড়কে ধৰি হাড়ৰ জোৰাৰ বিষ, ফটা ইত্যাদি। আনকি পিছৰ বয়সতো অধিক ফ্ল’ৰাইডে হাড়ৰ গাঁঠি বা হাড় আৰু পেশীৰ সংযোগত বিজুতি ঘটাই বিষ আৰু জঠৰতাৰ সৃষ্টি কৰিব পাৰে। হাড়ৰ এনে বিসংগতিক স্কেলিটেল ফ্ল’ৰচিচ বুলি কয়। অধিক ফ্ল’ৰাইডৰ কাৰণে হোৱা দাঁতৰ এনে ৰোগক ডেন্টেল ফ্ল’ৰচিচ বুলি কয়। অত্যাধিক ফ্ল’ৰাইডৰ ধীৰ বিষক্ৰিয়াৰ ফলত মগজু, স্নায়ু, থাইৰয়ড আদিও প্ৰভাৱিত হয়। আমাৰ শৰীৰে খোৱা পানী আৰু আন খাদ্য দ্ৰব্যৰ পৰা ফ্ল’ৰাইডে আহৰণ কৰে। যদি খোৱাপানীত ফ্ল’ৰাইডে বেছিকৈ থাকে তেনেহ’লে শৰীৰে অৰ্থাৎ হাড় আৰু দাঁতে ফ্ল’ৰাইডে বেছিকৈ আহৰণ কৰে। গতিকে খোৱাপানীৰ অত্যাধিক ফ্ল’ৰাইডে হাড় আৰু দাঁতৰ ফ্ল’ৰচি ৰোগ কৰে। ভূজলৰ ফ্ল’ৰাইডৰ পৰিমাণক নিযুতাংশ বা পিপিএমত প্ৰকাশ কৰা হয়। পানীত এক পিপিএম ফ্ল’ৰাইড থকা মানে হ’ল পানীখিনিৰ এক লিটাৰত এক মিলিগ্ৰাম থকাটো। সাধাৰণতে ১.৫ ৰ পৰা ৪.০ নিযুতাংশৰ ভিতৰত ফ্ল’ৰাইড খোৱাপানীত থাকিলে দাঁতৰ ফ্ল’ৰচিচ হোৱা দেখা যায়। খোৱাপানীত ৪.০ নিযুতাংশৰ ওপৰত ফ্ল’ৰাইড থাকিলে সাধাৰণতে দাঁতৰ ফ্ল’ৰচিচৰ উপৰি হাড়ৰ ফ্ল’ৰচিচ ৰোগ নিৰাময় কৰিব পৰা নাযায়। অৱশ্যে কিছু সাৱধানতা অৱলম্বন কৰি ইয়াক প্ৰতিৰোধ কৰিব পাৰি।
লিখক: ড০ ৰবিন দত্ত, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 6/11/2020
১% সংযোগেৰে আৰম্ভ কৰা অসমে এতিয়া জল জীৱন অভিযানৰ ...
অসমৰ খোৱাপানীৰ ফ্ল’ৰাইডৰ সমস্যাটো