অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰহণী ৰোগীয়ে লব লগা যতন আৰু আহাৰ

গ্ৰহণী ৰোগীয়ে লব লগা যতন আৰু আহাৰ

গৰমৰ দিনত বেছিকৈ হোৱা ৰোগবিলাকৰ ভিতৰত গ্ৰহণী ৰোগো অন্যতম। বছৰৰ যিকোনো সময়তে এই ৰোগ হোৱা দেখা যায় যদিও বিভিন্ন পাৰিপাৰ্শ্বিক কাৰণত গৰমৰ দিনত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি হয়। গ্ৰহণী বা ‘ডিচেন্ট্ৰী’ বুলিলে সচৰাচৰ আমি তেজমিহলি পনীয়া শৌচ কৰা আৰু শৌচৰ লগত শাওঁ পৰাকে বুজো। এই ৰোগ প্ৰধানকৈ দুই প্ৰকাৰ জীৱাণুৰ দ্বাৰা হয়। যেনে- এমিবিক আৰু বেচিলাৰি। এই ৰোগ ঘাইকৈ খাদ্য আৰু পানীৰ দ্বাৰাই বিয়পে।

গ্ৰহণী ৰোগ হ’লে ব্যক্তিজনৰ তলপেট চিকুট মাৰি ধৰে, পেট বিষায়, খোৱা-বোৱাৰ প্ৰতি অৰুচি হয়, সঘনে পাতল শৌচ হয়, শাওঁ পৰে আৰু শৌচৰ লগত তেজো পৰে। ৰোগীৰ জ্বৰ আৰু বমিও হ’ব পাৰে। ৰোগীৰ জ্বৰ আৰু বমিও হ’ব পাৰে। গতিকে গ্ৰহণী ৰোগত আক্ৰান্ত হোৱাৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱা আৱশ্যক। ডাক্তৰৰ লগত পৰামৰ্শ নকৰাকৈ নিজে ফাৰ্মাচীৰ পৰা কিনি আনি এই ৰোগৰ ঔষধ খোৱা ঠিক নহয়।

এই ৰোগ প্ৰতিৰোধ আৰু নিৰাময়ৰ ক্ষেত্ৰত বিশেষকৈ ৰোগীৰ আহাৰৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। ৰোগৰ লক্ষণ, প্ৰকৃতি আৰু জটিলতাৰ ওপৰত কেনেধৰণৰ আহাৰ বা পথ্য দিয়া উচিত সেইটো নিৰ্ভৰ কৰে। এই ৰোগত সাধাৰণতে স্বাভাৱিক আহাৰৰ কিছু সাল-সলনি সহজপাচ্য আহাৰ, কোমল আহাৰ অথবা জুলীয়া আহাৰ অৱস্থাভেদে দিয়া প্ৰয়োজন।

ৰোগত আক্ৰান্ত হৈ থকা অৱস্থাত আহাৰ পৰিকল্পনাকাৰীয়ে পৰিপুষ্টিৰে ভৰপূৰ কিছুমান খাদ্যবস্তু নিষিদ্ধ বা বৰ্জন কৰিব লাগে। কিয়নো স্বাভাৱিক অৱস্থাত এনেবোৰ খাদ্য দেহৰ বাবে লাগতিয়াল হ’লেও ৰোগত আক্ৰান্ত কালত অনিষ্টকৰ হ’ব পাৰে। তলত উল্লেখিত খাদ্যবস্তুবোৰ বৰ্জন কৰা প্ৰয়োজন। যেনে-

  • শুকান মাহজাতীয় খাদ্য, উৰহী, বীন আদি খুৱাব নালাগে।
  • পাচলিৰ চালাড নিষিদ্ধ কৰা প্ৰয়োজন।
  • বেছিকৈ পকা ফল-মূল বা লেৰেলি শুকাই যোৱা ফল বা অপৈণত ফল আৰু সেই ফলৰ ৰস বা চৰবত খোৱা নিষিদ্ধ কৰা প্ৰয়োজন।
  • আঁহযুক্ত শাক-পাচলি পৰাপক্ষত বৰ্জন কৰা প্ৰয়োজন। অৱশ্যে এইক্ষেত্ৰত কিছুমানে মাটি কাদুৰি, ভেদাইলতা, মানুমুনি, নৰসিংহৰ পাত আদি বনদৰব হিচাপে ব্যৱহাৰ কৰে।
  • যিকোনো শুকান ফল আৰু বাদামজাতীয় খাদ্য খোৱা অনুচিত।
  • পাপৰ, চাটনি আৰু আচাৰ আদি বৰ্জন কৰা প্ৰয়োজন।
  • বিভিন্ন পেকেটত পোৱা তৈয়াৰী মিঠা আৰু নিমখীয়া খাদ্য খোৱা অনুচিত।
  • বেছিকৈ তেল বা ঘিউত ভজা খাদ্য, মা-মছলাযুক্ত খাদ্য বৰ্জন কৰা আৱশ্যক।
  • মাদকদ্ৰব্য বৰ্জন কৰা প্ৰয়োজন।
  • অতি গৰম আৰু অতি চেঁচা খাদ্যও বৰ্জন কৰা প্ৰয়োজন।
  • বাহী খাদ্য, নঢকা খাদ্য আদি বৰ্জন কৰা উচিত।

গতিকে গ্ৰহণী ৰোগীৰ আহাৰ কোমল, সহজপ্ৰাচ্য, মছলাবিহীন পুষ্টিকৰ হোৱা প্ৰয়োজন। আহাৰ এনে হ’ব লাগে যাতে ৰোগীৰ বাবে গ্ৰহণযোগ্য আৰু ৰুচিসন্মত হয়। ৰোগীৰ আহাৰ প্ৰস্তুত কৰোঁতে স্বাস্থ্যসন্মত নীতি-নিয়ম অৱলম্বন কৰিব লাগে। ৰোগীৰ আহাৰত তলত উল্লেখ কৰা খাদ্য যাতে সন্নিৱিষ্ট কৰা হয় তালৈ মন কৰিব লাগে।

  • ৰোগীৰ দৈনিক আহাৰত যাতে ভালকৈ সিজোৱা পাচলিৰ চুৰুহা, ভাতৰ মাৰ বা মগু আৰু পাচলিৰ পিটিকা আদি থাকিব লাগে।
  • বতৰৰ ফলমূল যেনে কমলা, মৌচম্বী, নেমু, ডালিম বা আপেলৰ ৰস বা চৰবত (যিকোনো এবিধ ফলৰ) দৈনিক দুবাৰকৈ হ’লেও খুৱাব লাগে। কিয়নো এনেবোৰ সতেজ আৰু ৰসাল ফলৰ পৰা যথেষ্ট পৰিমাণত খনিজ লৱণ, ভিটামিন, কাৰ্বহাইড্ৰেট আদি আহৰণ কৰিব পাৰি।
  • ডাবৰ পানী, গ্লুক’জ পানী, ইলেক্ট্ৰৰল আদি সময়ে সময়ে খুৱাব লাগে।
  • পনীয়াকৈ প্ৰস্তুত কৰা দাইল, দাইলৰ চুৰুহা, মাখনতোলা দৈ আদি খুৱাব পাৰে।
  • মাখনতোলা গাখীৰেৰে কৰা কাষ্টাৰ্ড, পুডিং, ক্ষীৰ আদি খুৱাব পাৰে।
  • বাৰ্লি, চাগু বা চুজিৰ পৰিজ, খিছিৰি আদিও দিব পাৰে।

গ্ৰহণীৰোগৰ আহাৰ যাতে সুষম হয়, খোৱাৰ প্ৰতি যাতে ৰুচি উৎপন্ন কৰিব পাৰি তালৈ লক্ষ্য ৰাখিব লাগে। ব্যক্তিগত পৰিষ্কাৰ-পৰিচন্নতাৰ লগতে আহাৰ যাতে বীজাণুমুক্ত হয়। তালৈ গুৰুত্ব দিব লাগে। বিশেষকৈ তলত উল্লেখ কৰা স্বাস্থ্যনীতি পালন কৰা আৱশ্যক।

  • খোৱাপানী ভালকৈ উতলাই, ফিল্টাৰ কৰি লোৱা উচিত।
  • খোৱাপানী ৰখা পাত্ৰ পৰিষ্কাৰ হোৱা আৱশ্যক।
  • আহাৰ ৰন্ধা বাচন-বৰ্তন, আহাৰ পৰিৱেশনৰ বাবে ব্যৱহৃত থাল-বাতি, গিলাচ, চামুচ, হেতা আদি পৰিষ্কাৰ পানীৰ লগতে উতলা গৰম পানীৰে ধুব লাগে।
  • ফল-মূল, শাক-পাচলি আদি ভালকৈ বাছি পৰিষ্কাৰ পানীৰে ধোৱা প্ৰয়োজন।
  • ৰন্ধা খাদ্য ভালকৈ ঢাকি ৰখাৰ ব্যৱস্থা কৰিব লাগে যাতে মাখি, পইতাচোৰা বা অন্যান্য কীট-পতংগই ৰোগৰ বীজাণু বিয়পাব নোৱাৰে।
  • ৰোগীয়ে যাতে যথেষ্ট আৰাম আৰু জিৰণি ল’ব পাৰে, তাৰ বাবে মন কৰিব লাগে।
  • হাত নোধোৱাকৈ কোনো খাদ্য হাতেৰে স্পৰ্শ কৰিব নোৱাৰে।
  • ঘৰৰ প্ৰতিজন ব্যক্তিয়ে পৰিষ্কাৰ পৰিচ্ছন্নতা অৱলম্বন কৰিবলৈ চেষ্টা কৰা আৱশ্যক।

গ্ৰহণী ৰোগে জটিলতাৰ ৰূপ ধাৰণ কৰাৰ আগতেই পৰিয়ালবৰ্গই সতৰ্ক হোৱা আৱশ্যক। চিকিৎসকৰ পৰামৰ্শ লোৱা অতি প্ৰয়োজন কিয়নো এই ৰোগক সাধাৰণ অসুখ বুলি গণ্য কৰা অনুচিত। এই ৰোগ এবাৰ নিৰাময় হ’লেও ৰোগীজন পুনৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে আৰু সেইবাবে ঔষধ নিয়মীয়াকৈ খাই আৰোগ্য হ’বলৈ যত্ন কৰিব লাগে। এগৰাকী গ্ৰহণীৰোগীৰ (নিৰাময় ভোজী) দৈনিক আহাৰৰ নমুনা তলত দিয়া হ’ল-

ৰাতিপুৱা-চাহ একাপ, লগত মিঠা বা নিমখীয়া বিস্কুট।

ৰাতিপুৱা জলপানৰ ক্ষেত্ৰত- (যিকোনো এবিধ নিৰ্বাচন কৰিব পাৰে) জাম বা জেলি সনা ২ চকল সেকা পাউৰুটি অথবা দুখন পাতলকৈ কৰা শুকান ৰুটি বা চাগু বা চুজিৰ পৰিছ (মাখন তোলা গাখীৰ আৰু চেনিৰে প্ৰস্তুত কৰা) ইত্যাদি ৰোগীক দিব পাৰে। পুৱা ১০ মান বজাত সেইদৰে ডালিম, কমলা, মৌচম্বী বা আপেলৰ ৰস (যিকোনো এবিধ ফলৰ) দিব পাৰে।

দুপৰীয়া আহাৰৰ ক্ষেত্ৰত কোমলকৈ সিজোৱা ভাত, খিছিৰি পাউৰুটি বা শুকান ৰুটিৰ লগত পাচলিৰ চুৰুহা বা সিজোৱা পাচলিৰ পিটিকা, মগু দাইল সিজোৱা আৰু মাখনতোলা গাখীৰেৰে তৈয়াৰ কৰা ১ কাপ দৈ খুৱাব পাৰে। আবেলি ৪ মান বজাত ৰোগীক পুনৰ গাখীৰ দিয়া বা ফিকা চাহৰ লগত বিস্কুট পৰিৱেশন কৰিব পাৰে। সন্ধিয়া পুনৰ প্ৰয়োজনবোধ কৰিলে ১ কাপ ফলৰ ৰস খুৱাব পাৰে। ৰাতিৰ সাজ আহাৰত দুপৰীয়াৰ দৰে, ভাত, পাউৰুটি বা শুকান ৰুটিৰ লগত খাব পৰাকৈ দাইলৰ আঞ্জা, কাচকলৰ আঞ্জা, দাইল বা পাচলিৰ চুৰুহা ইত্যাদি যিকোনো এবিধ পৰিৱেশন কৰিব পাৰে।

এই ৰোগত আক্ৰান্ত হোৱা ৰোগীয়ে ঠিকমতে খোৱা-বোৱা নকৰিলে খীনাই যায় আৰু দুৰ্বল হয়। গতিকে দেহৰ আৱশ্যকীয় পৰিপোষকসমূহ যাতে আহাৰৰ যোগেদি যোগান ধৰা হয় অৰ্থাৎ আহাৰত যোগেদি যোগান ধৰা হয় অৰ্থাৎ আহাৰত যাতে প্ৰ’টিন, ভিটামিন, কাৰ্বহাইড্ৰেট আৰু খনিজ লৱণ আদি উচিত মাত্ৰাত থাকে তালৈ লক্ষ্য ৰাখিব লাগে। চাফচিকুণতা, ব্যক্তিগত পৰিষ্কাৰ-পৰিচন্নতাৰ ওপৰত গুৰুত্ব দিব লাগে আৰু ঔষধ নিয়মমতে সেৱন কৰিব লাগে।

লেখিকা: ড০ মলয়া মাধুৰী বৰা, প্ৰবক্তা, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 5/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate