অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডায়েৰীয়া জানিবলগীয়া কিছু তথ্য

ডায়েৰীয়া হ’লে পুষ্টিহীনতা আৰু দেহৰ পানী কমি বছাৰি পৃথিৱীত কমেও এক নিযুত শিশুৰ মৃত্যু হয়। শিশুৰ যিহেতু ডাঙৰকৈ সোনকালে দেহৰ পানী কমে, সেয়ে সিহঁতৰ মৃত্যুৰ সম্ভাৱনাও বেছি। ডায়েৰীয়াত আক্ৰান্ত প্ৰতি ২০০ শিশুৰ ভিতৰত এটাৰ মৃত্যু হয়েই।

ডায়েৰীয়া মুখেৰে প্ৰৱেশ কৰা বীজাণুৰ পৰা হয়। এই বীজাণু শৌচৰ পৰা আহে। যি ঠাইতে মল-মূত্ৰ সঠিকভাৱে চাফা কৰি পেলোৱা নহয়, য’ত পৰিস্থিতি অস্বাস্থ্যকৰ, য’ত চাফা খোৱা পানী নাই আৰু য’ত কেঁচুৱাক স্তনপান কৰোৱা নহয়, তাতেই ডায়েৰীয়াৰ প্ৰাদুৰ্ভাৱ বেছি হয়। যি কেঁচুৱাই কেৱল স্তনপান কৰে তাৰ কাচিৎহে ডায়েৰীয়া হয়।

চৰকাৰ আৰু বেচৰকাৰী সংস্থাৰ সহযোগত পৰিয়ালসমূহ আৰু সমাজে মিলি ডায়েৰীয়া হ’ব পৰা পৰিস্থিতি নোহোৱা কৰিব পাৰে।

ডায়েৰীয়া ৰোগৰ মূল বক্তব্যসমূহ

প্ৰতিটো পৰিয়াল আৰু প্ৰতিটো এলেকাৰ সকলোৱে তলৰ কথাকেইটা জনাৰ অধিকাৰ আছে।

১) ডায়েৰীয়াই দেহৰ পৰা পানী উলিয়াই নি শিশুৰ মৃত্যু ঘটায়। ডায়েৰীয়া আৰম্ভ হ’লেই শিশুক নিয়মিত খাদ্যৰ উপৰিও অতিৰিক্তভাৱে পনীয়া খাদ্য আৰু পানীয় খুৱাব লাগে।

২) এঘন্টাত যদি বহুবাৰ পনীয়া শৌচ হয় বা শৌচত যদি তেজ যায়, তেনেহ’লে শিশুৰ জীৱন সংকটাপন্ন হয়। ততালিকে স্বাস্থ্যকৰ্মীৰ সহায় লওক।

৩) স্তনপানে ডায়েৰীয়াৰ ভয়াৱহতা কমাব পাৰে।

৪) ডায়েৰীয়া হোৱা শিশুৱে নিয়মিতভাৱে আহাৰ খোৱাটো অতি দৰকাৰী। ডায়েৰীয়া ভাল হোৱাৰ পাছত শিশুক কমেও দুসপ্তাহলৈ নিতৌ এবাৰ বেছিকৈ খুৱাব লাগে।

৫) যি শিশুৰ ডায়েৰীয়াৰ ফলত দেহৰ পানী কমে আৰু ডায়েৰীয়া বন্ধই নহয়, তাক স্বাস্থ্যকৰ্মীৰ পৰামৰ্শ লৈ অৰেল ডিহাইড্ৰেছন ছলিউছন অথবা ঔষধ খুৱাব লাগে। অইন ঔষধে সাধাৰণতে কাম নিদিয়ে আৰু শিশুৰ ক্ষতিহে কৰিব পাৰে।

৬) ডায়েৰীয়া প্ৰতিৰোধ কৰিবলৈ হ’লে শিশুৰ শৌচ পায়খানা বা লেট্ৰিনত পেলাব লাগে নাইবা পুতি থব লাগে।

৭) ভাল স্বাস্থ্যকৰ অভ্যাসে ডায়েৰীয়াৰ পৰা সুৰক্ষিত কৰে। শৌচ কৰাৰ পাছত আৰু ডাঙৰে কেঁচুৱাৰ শৌচ চাফা কৰাৰ পাছত, খাদ্য হাতেৰে চোৱাৰ আৰু কেঁচুৱাক খুউৱাৰ আগতেও হাত ধুব লাগে।

অতিৰিক্ত তথ্য

১) ডায়েৰীয়াই দেহৰ পৰা পানী উলিয়াই নি শিশুৰ মৃত্যু ঘটায়। ডায়েৰীয়া আৰম্ভ হ’লেই শিশুক নিয়মিত খাদ্যৰ উপৰিও অতিৰিক্তভাৱে পনীয়া খাদ্য আৰু পানীয় খুৱাব লাগে।

দিনটোত তিনিবাৰ বা বেছিকৈ পনীয়া শৌচ কৰিলেই শিশুৰ ডায়েৰীয়া হোৱা বুজায়। যিমানে বেছি পনীয়া শৌচ হব, সিমানেই বিপদ।

কিছুমান মানুহে ভাবে, পানী বা পনীয়া খাদ্য খালে ডায়েৰীয়া বেছিকৈ হয়। এইটো ভুল ধাৰণা। ডায়েৰীয়া হোৱা শিশুক যিমান বেছিকৈ পাৰি পনীয়া খাদ্য দিব লাগে, ডায়েৰীয়া বন্ধ নোহোৱালৈকে। প্ৰচুৰ পৰিমাণে পনীয়া খাদ্য খালে ডায়েৰীয়াত হেৰোৱা দেহৰ পানী ঘূৰাই পোৱা যায়।

ডায়েৰীয়া হোৱা শিশুক কি খুৱাব

  • মাকৰ গাখীৰ (সাধাৰণ অৱস্থাতকৈ ঘনাই খুৱাব)।
  • চুৰুহা।
  • ভাতৰ মগু।
  • সতেজ ফলৰ ৰস।
  • অলপ চেনি দিয়া পাতল চাহ পানী।
  • নাৰিকলৰ পানী।
  • নিৰাপদ উৎসৰ চাফা পানী। যদি সন্দেহ থাকে, তেনেহ’লে উতলাই ঠাণ্ডা কৰা পানী খুৱাব।
  • অৰেল ৰিহাইড্ৰেছন চলিউছন-চাফা পানীত মিহলাই। দেহৰ পানী কমা প্ৰতিৰোধ কৰিবৰ কাৰণে শিশুক যিমান পাৰি সঘনাই স্তনপান কৰাব লাগে। স্তনপান কৰি নথকা শিশুক যিমানবাৰ পনীয়া শৌচ কৰে সিমানবাৰ তলত দিয়া ধৰণে খাদ্য খুৱাব লাগে-

দুবছৰ তলৰ শিশুক: ডাঙৰ কাপোৰে আধা কাপ।

দুবছৰৰ ওপৰৰ শিশুক: ডাঙৰ কাপোৰে আধা কাপৰ পৰা সম্পূৰ্ণ একাপ।

সদায় চাফা কাপ বা পিয়লা ব্যৱহাৰ কৰিব। বটল কেতিয়াও ব্যৱহাৰ নকৰিব। বটল সম্পূৰ্ণকৈ চাফা কৰিব নোৱাৰি। অপৰিষ্কাৰ বটলে ডায়েৰীয়া ঘটাব পাৰে।

যদি শিশুৱে বমি কৰে, তেনেহ’লে দহ মিনিট ৰৈ লাহে লাহে কম কমকৈ পুনৰ পনীয়া খুৱাব লাগে।

ডায়েৰীয়া সম্পূৰ্ণ বন্ধ নোহোৱালৈকে অতিৰিক্ত পানীয় খুৱাই থাকিব লাগে।

ডায়েৰীয়া সাধাৰণতে তিনি-চাৰি দিনৰ পাছতে বন্ধ হয়। যদি এসপ্তাহৰ বেছি ডায়েৰীয়া হৈ থাকে তেনেহ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

২) এঘন্টাত যদি বহুবাৰ পনীয়া শৌচ হয় বা শৌচত যদি তেজ যায়, তেনেহ’লে শিশুৰ জীৱন সংকটাপন্ন হয়। ততালিকে স্বাস্থ্যকৰ্মীৰ সহায় লওক।

শিশুৰ তলত উল্লেখ কৰা যিকোনো পৰিস্থিতি হ’লে মাক-দেউতাকে ততালিকে প্ৰশিক্ষণপ্ৰাপ্ত স্বাস্থ্যকৰ্মীৰ সহায় ল’ব লাগে।

  • যদি এঘন্টা বা দুঘন্টাত বহুবাৰ পনীয়া শৌচ হয়।
  • যদি শৌচৰ লগত তেজ ওলায়।
  • সঘনাই বমি কৰে।
  • জ্বৰ উঠে।
  • অতি বেছি পিয়াহ লাগে।
  • পানী খাব নোখোজে।
  • আন আহাৰ খাব নোখোজে।
  • চকু সোমাই যায়।
  • দুৰ্বল বা এলেহুৱা হয়।
  • এসপ্তাহৰো বেছি ডায়ৰীয়া হৈ থাকে।

ওপৰৰ যিকোনো এটা হ’লেই জৰুৰীভাৱে প্ৰশিক্ষণপ্ৰাপ্ত স্বাস্থ্যকৰ্মীৰ সহায় ল’ব। ইতিমধ্যে অ’ আৰ এচ আৰু আন পানীয় খুৱাই থাকিব।

এঘন্টাত যদি শিশুৱে কেইবাবাৰো পনীয়া শৌচ আৰু বমি কৰে, সেয়া কলেৰাৰ লক্ষণ। কলেৰাই কেইঘন্টামানতে শিশুৰ মৃত্যু ঘটাব পাৰে। ততালিকে চিকিৎসকৰ ওচৰ চাপক।

  • দূষিত পানী আৰু খাদ্যৰ যোগেদি কলেৰা ততালিকে সমাজত বিয়পিব পাৰে। যি ঠাই অস্বাস্থ্যকৰ আৰু হেমগেম য’ত বেছি তাত কলেৰা সাধাৰণতে সহজতে হয়।
  • কলেৰা বা ডায়ৰীয়া বিয়পা বন্ধ কৰিবলৈ চাৰিটা ব্যৱস্থা ল’ব লাগে-

ক) সকলো শৌচ পায়খানাত পেলাব বা পুতি থব।

খ) শৌচ হোৱাৰ পাছত চাবোনেৰে হাত ধুব।

গ) নিৰাপদ পানীহে ব্যৱহাৰ কৰিব।

ঘ) সকলো খাদ্য ধুই (বাকলি থাকিলে বাকলি গুচাই) বা ৰান্ধিহে খাব।

৩) স্তনপানে ডায়েৰীয়াৰ ভয়াৱহতা কমাব পাৰে।

ডায়েৰীয়া হোৱা শিশুৰ বাবে স্তনৰ গাখীৰেই আটাইতকৈ নিৰাপদ। ই পুষ্টিকৰ আৰু চাফা, তথা বিভিন্ন ৰোগ আৰু সংক্ৰমণ প্ৰতিৰোধ কৰে। সি শিশুৱে কেৱল স্তনাপানহে কৰে, তাৰ ডায়েৰীয়া হোৱাৰ সম্ভাৱনা কম।

স্তনৰ গাখীৰে দেহৰ পানী কমা আৰু পুষ্টিহীনতা প্ৰতিৰোধ কৰে আৰু দেহৰ হেৰোৱা পানী পুনৰ যোগান ধৰে। কোনো কোনো মানুহে ডায়েৰীয়া হোৱা শিশুক বেছিকৈ স্তনপান নকৰাবলৈ কয়। ই ভুল পৰামৰ্শ। ডায়েৰীয়া হোৱা শিশুক বেছিকৈহে স্তনপান কৰাব লাগে।

৪) ডায়েৰীয়া হোৱা শিশুৱে নিয়মিতভাৱে আহাৰ খোৱাটো অতি দৰকাৰী। ডায়েৰীয়া ভাল হোৱাৰ পাছত শিশুক কমেও দুসপ্তাহলৈ নিতৌ এবাৰ বেছিকৈ খুৱাব লাগে।

ডায়েৰীয়া হোৱা শিশুৰ ওজন কমে আৰু সোনকালে পুষ্টিহীন হয়। সেয়ে তাক বেছি খাদ্য আৰু পানীয়ৰ প্ৰয়োজন। খাদ্যই ডায়েৰীয়া বন্ধ হোৱাতো সহায় কৰে, সোনকালে আৰোগ্য হোৱাতো সহায় কৰে।

ডায়েৰীয়া হোৱা শিশুৱে খাব নোখোজে, বমি কৰি দিব খোজে। সেয়ে খুৱাবলৈ কষ্টকৰ হয়। তেনে পৰিস্থিতিত তাক কম কমকৈ হ’লেও ঘনাই খুৱাব লাগে আৰু পাতলকৈ মগু কৰি দিব লাগে। এই খাদ্যত সামান্য নিমখ দিব লাগে। পাতল আহাৰ খুৱাবলৈ সহজ।

ডায়েৰীয়া হোৱা শিশুক ভালকৈ পিটিকি মাহ আৰু শস্যজাতীয় খাদ্য, মাছ, ভালকৈ ৰন্ধা মাংস, পাতল দৈ আৰু ফল-মূল খুৱাব লাগে। খাদ্যত সামান্য তেলো দিব পাৰি। নতুনকৈ ৰন্ধা খাদ্যহে খুৱাব লাগে। নিতৌ ৫-৬ বাৰ খুৱাব লাগে।

ডায়েৰীয়া বন্ধ হোৱাৰ পাছত সম্পূৰ্ণ আৰোগ্যৰ বাবে অতিৰিক্ত আহাৰ অতি জৰুৰী। এনে সময়ত শিশুক নিতৌ এসাজ খাদ্য বেছিকৈ লাগে। দুসপ্তাহলৈ এসাজ খাদ্য বেছিকৈ দিব লাগে অথবা বেছিকৈ স্তনপান কৰাব লাগে। এনে কৰিলেহে শিশুৰ হেৰোৱা শক্তি উদ্ধাৰ হব।

পূৰ্বৰ ওজন ঘূৰি নহালৈকে শিশুক সম্পূৰ্ণৰূপে ডায়েৰীয়াৰ পৰা আৰোগ্য লাভ কৰা বুলি কব নোৱাৰি।

ভিটামিন এ কেপচুল আৰু ভিটামিন এ থকা খাদ্যই শিশুক ডায়েৰীয়াৰ পৰা আৰোগ্য লভাত সহায় কৰে। তেনে খাদ্যৰ ভিতৰত আছে মাকৰ গাখীৰ, লিভাৰ, মাছ, গাখীৰৰ পৰা প্ৰস্তুত কৰা খাদ্য, সুমথিৰা আৰু আন হালধিয়া ফল আৰু পাচলি, সেউজীয়া শাক-পাত।

৫) যি শিশুৰ ডায়েৰীয়াৰ ফলত দেহৰ পানী কমে আৰু ডায়েৰীয়া বন্ধই নহয়, তাক স্বাস্থ্যকৰ্মীৰ পৰামৰ্শ লৈ অৰেল ডিহাইড্ৰেছন ছলিউছন অথবা ঔষধ খুৱাব লাগে। অইন ঔষধে সাধাৰণতে কাম নিদিয়ে আৰু শিশুৰ ক্ষতিহে কৰিব পাৰে।

ডায়েৰীয়া সাধাৰণতে কেইদিনমানতে নিজে নিজে ভাল হয়। পিছে আচল সমস্যাটো হ’লে শিশুৰ দেহৰ পানী আৰু পোষক দ্ৰব্য কমি যোৱাই ডিহাইড্ৰেচন আৰু পুষ্টিহীনতা ঘটায়।

প্ৰশিক্ষণপ্ৰাপ্ত স্বাস্থ্যকৰ্মীয়ে লিখি নিদিলে ডায়েৰীয়া হোৱা শিশুক কোনো ধৰণৰ ঔষধ, টেবলেট আদি খুৱাব নালাগে।

ডায়েৰীয়াৰ শ্ৰেষ্ঠ শুশ্ৰূষা হৈছে সৰহকৈ পনীয়া খাদ্য খুওৱা আৰু পানীত সঠিকভাৱে মিহলাই অৰেল ৰিহাইড্ৰেচন ছল্ট খুওৱা।

যদি অ আৰ এচ পেকেট পোৱা নাযায়, তেনেহ’লে শিশুক এক লিটাৰ পানীত চাৰি চামুচ চেনি আৰু আধা চামুচ নিমখ মিহলাই তাৰ পৰা খুৱাব লাগে। এই হিচাপত কেতিয়াও হেৰফেৰ নকৰিব। নিমখ বেছি হ’লে সমস্যা বাঢ়িবহে।

সৰু আয়ে ভয়াবহ ডায়েৰীয়া ঘটাব পাৰে। শিশুক সৰু আইৰ প্ৰতিষেধক দিলে লগতে ডায়েৰীয়াও প্ৰতিৰোধ হয়।

৬) ডায়েৰীয়া প্ৰতিৰোধ কৰিবলৈ হ’লে শিশুৰ শৌচ পায়খানা বা লেট্ৰিনত পেলাব লাগে নাইবা পুতি থব লাগে।

খোৱাপানী, খাদ্য, বাচন-বৰ্তন, হাত আদিৰ সৈতে শৌচৰ যিকোনো ধৰণে সংযোগ ঘটিলে শিশু আৰু ডাঙৰ উভয়ৰে মুখেদি পেটলৈ ডায়েৰীয়াৰ বীজাণু প্ৰৱেশ কৰিব পাৰে। সাধাৰণতে শৌচৰ পৰা খাদ্যলৈ এই বীজাণু মাখিয়ে কঢ়িয়ায়। খাদ্য আৰু পানী ঢাকি থ’লে মাখিয়ে এই কাম কৰিব নোৱাৰে।

সকলো শৌচতে, কণমানি কেচুৱাৰে হওক বীজাণু থাকে আৰু সেয়ে বিপদজনক। শিশুৱে যদি পায়খানাত শৌচ নকৰে, তেনেহ’লে তেনে শৌচ লগে লগে গোটাই পায়খানাত পেলাই পানী ঢালি চাফা কৰিব লাগে, নাইবা পুতি থব লাগে। পায়খানা চাফাকৈ ৰাখিলে বীজাণু বিয়পিব নোৱাৰে।

য’ত পায়খানা নাই, তাত ডাঙৰ সৰু সকলোৱে ঘৰ, ৰাস্তা, পানীকল, শিশুৱে খেলা ঠাই আদিৰ পৰা দূৰত শৌচ কৰিব লাগে আৰু মাটিৰে শৌচখিনি ঢাকি দিব লাগে।

যি গাঁও বা সমাজত পায়খানা নাই, তাত ৰাইজে মিলি ৰাজহুৱা পায়খানা সজাৰ ব্যৱস্থা কৰিব লাগে।

পানীৰ উৎস (কল, পুখুৰী, কুঁৱা আদি) মানুহ আৰু জন্তু উভয়ৰে শৌচৰ পৰা মুক্ত ৰাখিব লাগে।

৭) ভাল স্বাস্থ্যকৰ অভ্যাসে ডায়েৰীয়াৰ পৰা সুৰক্ষিত কৰে। শৌচ কৰাৰ পাছত আৰু ডাঙৰে কেঁচুৱাৰ শৌচ চাফা কৰাৰ পাছত, খাদ্য হাতেৰে চোৱাৰ আৰু কেঁচুৱাক খুউৱাৰ আগতেও হাত ধুব লাগে।

শৌচ কৰাৰ পাছত, কেঁচুৱাৰ শৌচদ্বাৰ ধুওৱাৰ পাছত আৰু শিশুক খুওৱাৰ, খাদ্য হাতেৰে চোৱাৰ অথবা নিজে খোৱাৰ আগতে সদায় চাবোনেৰে হাত ধুব লাগে।

সৰু ল’ৰা-ছোৱালীয়ে সঘনাই মুখলৈ হাত নিয়ে। সেয়ে ঘৰটো সদায় চাফাকৈ ৰাখিব লাগে। খোৱাৰ আগতে হাত চাফাকৈ ধুৱাব লাগে।

ডায়েৰীয়া প্ৰতিৰোধৰ অন্যান্য উপায়সমূহ হ’ল

  • খাদ্য সদায় খোৱাৰ আগে আগেহে ৰান্ধিব লাগে। ৰন্ধাৰ পিছত খাদ্যবস্তু বহু সময় থৈ দিলে তাত বীজাণু জমা হৈ পাছত ডায়েৰীয়া হব পাৰে। দুঘন্টাৰ আগতে ৰান্ধি থোৱা খাদ্য অতি গৰম বা অতি ঠাণ্ডাকৈ নথলে নিৰাপদ নহয়।
  • মাখিয়ে বেমাৰ বিয়পোৱা প্ৰতিৰোধ কৰিবৰ বাবে সকলো জাবৰ-জোথৰ পুতিব বা পুৰি পেলাব লাগে।

অ’ আৰ এছ চলিউছন

(ডায়েৰীয়াৰ বাবে এটা বিশেষ পানীয়)

অ’ আৰ এছ কি?

অ’ আৰ এছ (অৰেল ৰিহাইড্ৰেছন ছল্ট) হৈছে শুকান নিমখৰ এবিধ বিশেষ প্ৰস্তুতি, যাক ভালকৈ চাফা পানীৰ সৈতে মিহলাই খালে দেহৰ হেৰোৱা পানী পুনৰ ঘূৰি আহে।

অ’ আৰ এছ ক’ত পায়?

অ’ আৰ এছ পেকেট স্বাস্থ্যকেন্দ্ৰ, ফাৰ্মাচি, দোকান আদিতে পোৱা যায়।

কেনেকৈ প্ৰস্তুত কৰিব?

১) পেকেটটোৰ নিমখখিনি এটা চাফা পাত্ৰত ঢালি লওক। পেকেটত লিখা নিৰ্দেশখিনি ভালকৈ পঢ়ি লৈ নিৰ্দিষ্ট পৰিমাণৰ নিমখ চাফা পানীত মিহলাই দিয়ক। হিচাপতকৈ কম হ’লে ডায়েৰীয়া কিন্তু বেছিহে হ’ব।

২) কেৱল পানীহে মিহলাব। গাখীৰ, চুৰুহা, ফলৰ ৰস বা কলড ড্ৰিংকছৰ লগত অ’ আৰ এছ

নিমিহলাব। চেনিও নিমিহলাব।

৩) ভালকৈ মিহলাই শিশুক চাফা পিয়লাত খাবলৈ দিব। বটলেৰে নুখুৱাব।

কিমান পৰিমাণত খুৱাব?

শিশুক যিমান পাৰি সিমান খাবলৈ উৎসাহ দিব। দুবছৰৰ তলৰ শিশুক প্ৰত্যেকবাৰ পনীয়া শৌচ হোৱাৰ পাছত ডাঙৰ কাপোৰে সৰ্বাধিক আধাকাপ খুৱাব।

দুবছৰ বা তাতোকৈ ডাঙৰ শিশুক প্ৰত্যেকবাৰ পনীয়া শৌচ হোৱাৰ পাছত ডাঙৰ কাপোৰে কমেও আধাকাপ খুৱাব।

উৎস: ইউনিচেফ, বিশ্ব স্বাস্থ্য সংস্থা, ইউনেস্কো, ইউ এন এফ পি এ, ইউ এন ডি পি, ডব্লিউ এফ পি, বিশ্ববেংকৰ দ্বাৰা প্ৰকাশিত ‘জীৱনৰ বাবে কিছু তথ্য’ নামৰ পুস্তিকাৰ পৰা।

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate