মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / সাধাৰণ ৰোগসমূহ / ডায়েৰীয়া ৰোগ আৰু ইয়াৰ প্ৰতিবিধান
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডায়েৰীয়া ৰোগ আৰু ইয়াৰ প্ৰতিবিধান

ডায়েৰীয়া ৰোগ আৰু ইয়াৰ প্ৰতিবিধান

ডায়েৰীয়া এবিধ মাৰাত্মক ৰোগ। আমাৰ দেশত বছৰি লাখ লাখ শিশু ডায়েৰীয়াত আক্ৰান্ত হৈ মৃত্যু হয়। সাধাৰণতে গড় হিচাপত ডায়েৰীয়াত আক্ৰান্ত হোৱা প্ৰতি দুশ শিশুৰ ভিতৰত এটা শিশুৰ মৃত্যু হয়। যেতিয়া এজন ব্যক্তিৰ দিনটোত তিনি বা ততোধিক বাৰৰ কাৰণে ঢিলা আৰু পনীয়া শৌচ হয় তাকে ডায়েৰীয়া হোৱা বুলি হয়। অৱশ্যে প্ৰতিজনৰ ক্ষেত্ৰত পাৰ্থক্য থাকিব পাৰে। কেতিয়াবা এবাৰ পনীয়া শৌচ কৰিলেও ডায়েৰীয়া হ’ব পাৰে।

সকলোৰে ডায়েৰীয়া হ’ব পাৰে যদিও শিশু বেছিকৈ আক্ৰান্ত হোৱা দেখা যায়। ডায়েৰীয়া হ’লে শৌচৰ লগতে শৰীৰৰ পৰা অধিক পৰিমাণৰ পানী আৰু লৱণ জাতীয় পদাৰ্থ ওলাই যায়। ফলত শৰীৰটোৰ স্বাভাৱিক অৱস্থাৰ বাবে প্ৰয়োজনীয় পানী আৰু লোঅৱণ জাতীয় পদাৰ্থে অভাৱ ঘটে। এই অৱস্থাটোকে শৰীৰৰ পানী শুকাই যোৱা বা জলহীন অৱস্থা বুলি কোৱা হয়। শিশুটোৰ এনে অৱস্থাত মৃত্যুও হ’ব পাৰে।

ডায়েৰীয়া ৰোগৰ কাৰণ

ডায়েৰীয়া নানা কাৰণত হ’ব পাৰে। ইয়াৰ ভিতৰত পুষ্টিহীনতা, আন্ত্ৰিক ৰোগৰ সংক্ৰমন, দুষিত পানী; অপৰিষ্কাৰ পৰিবেশ, অপৰিষ্কাৰ বটলেৰে গাখীৰ খুউওৱা আদি অন্যতম।

এটা স্বাভাৱিক শিশুতকৈ এটা পুষ্টিহীন শিশু সহজে ডায়েৰীয়াত আক্ৰান্ত হয়। কাৰণ তেনে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা একেবাৰেই কম। সঘনাচ্ছ্ৰই ডায়েৰীয়াত আক্ৰান্ত হৈ থকা পুষ্টিহীন শিশু মৃত্যু মুখতো পৰিব পাৰে।

বটলেৰে গাখীৰ খোৱা শিশুৰ মাকৰ গাখীৰ খোৱা শিশুতকৈ ডায়েৰীয়া হোৱাৰ সম্ভাৱনা অধিক বেছি। প্ৰায়ে গাখীৰ খুউওৱা অবটলটো ভালদৰে ধোৱা নহয় বা উতলোৱা নহয় ফলত নানান বূজাণু বিশেষকৈ ডায়েৰীয়াৰ বীজাণু শিশুটোৰ শৰীৰলৈ সহজতে প্ৰবেশ কৰিব পাৰে। তাৰোপৰি মাকৰ গাখীৰ বন্ধ কৰি আন গাখীৰ বা পৰিপূৰক আহাৰ দিবলৈ আৰম্ভ কৰাৰ সময়তো শিশুৰ ডায়েৰীয়া হোৱা দেখা যায়। কাৰণ তেনে আহাৰ শিশুৱে সহজতে হজম কৰিব নোৱাৰে। আহাৰ খুৱাবলৈ ব্যৱহাৰ কৰা বাটি, চামুচ ভালদৰে পৰিষ্কাৰ কৰি সহজতে হ’ব পাৰে।

আমাৰ দেশত প্ৰায়বোৰ মানুহৰে শৌচাগাৰ নাই বাবে মুকলি ঠাইত য’তে ত’তে শৌচ কৰে। ফলত পৰিবেশ আৰু খোৱা পানীৰ উৎস আদি দূষিত হয়। এইটো কাৰণেও ডায়েৰীয়া হ’ব পাৰে

কেতিয়াবা আকৌ মেলেৰীয়া, সৰু আই, বৃষাণু সংক্ৰমন (Virus infection) ৰ কাৰণেও ডায়েৰীয়া হ’ব পাৰে।

লক্ষণসমূহ

ডায়েৰীয়াৰ ফলত সৃষ্টি হোৱা জলহীন অৱস্থাই ৰোগীৰ অৱস্থা অধিক জটিল কৰিব পাৰে। এনে অৱস্থাটো তলৰ লক্ষণ সমূহৰ পৰা সহজে অনুমান কৰিব পাৰি।

তলৰ তালিকা খনৰ সহায়ত ডায়েৰীয়াৰ ফলত হ’ব পৰা জলহীন বা আদ্ৰ অৱস্থাৰ বিভিন্ন পৰ্য্যায় সমূহ উল্লেখ কৰা হ’ল-

সোধক

আদ্ৰতা নাই    জলহীন অৱস্থা নাই

অলপ আদ্ৰতা    অলপ জলহীন অৱস্থা

আতি বেছি আদ্ৰতা    অতি বেছি জলহীন অৱস্থা

১) দিনটোত কেইবাৰ পায়খানা কৰিছে?

২) পিয়াহ বেছিকৈ লাগিছে নেকি?

৩) প্ৰস্ৰাৱ হৈছে নে?

দিনটোত ৪ বাৰতকৈ কম পনীয়া শৌচ কৰিছে দিনটোত ৪ বাৰতকৈ বছি লগা নাই

 

নিয়মীয়া।

দিনটোত ৪-১০ বাৰ পনীয়া শৌচ কৰিছে দিনটোত ৪-১০ বাৰ বেছি পিয়াহ লাগিছে পানীও খাইছে কম হৈছে,

ৰঙলেতেৰা।

দিনটোত ১০ বাৰতকৈ অধিক পনীয়া শৌচ কৰিছে দিনটোত ১০ বাৰকৈ পানী খাব পৰা নাই।

 

৬ ঘণ্টা ধৰি প্ৰসাৱ হোৱা নাই।

লক্ষ্য কৰক

আদ্ৰতা নাই

জলহীন অৱস্থা নাই

অলপ আদ্ৰতা

অলপ জলহীন অৱস্থা

আতি বেছি আদ্ৰতা

অতি বেছি জলহীন

১) সাদাৰণ অৱস্থা

 

২) চকুপানী আছে নে?

৩) চকু

৪) মুখ, জিভা

৫) উশাহ, নিশাহ

স্বাভাৱিক, সামান্য খিটখিটিয়া

আছে

 

স্বাভাৱিক

সেমেকা, তিতি থকা

স্বাভাৱিক

সুস্থ নহয়, নিদ্ৰাচ্ছন্ন বা অচেতন

নাই

 

সোমাই গৈছে

শুকান

স্বাভাৱিকতকৈ বেছি

অতি বেছি নিদ্ৰাচ্ছন্ন

 

নাই

 

অতি শুকান সোমাই গৈছে

অতি বেছি শুকান

অতি খৰকৈ লয় আৰু গভীৰ

অনুভৱ কৰক

১) ছাল চিকুটিলে

 

 

২) নাড়ী স্পন্দন

 

৩) তালুৰ অৱস্থা

 

পুনৰ নিজৰ ঠাইলৈ ঘূৰি যায় (স্থিতি স্থাপকত অৱস্থা ঠিক)

স্বাভাৱিক

 

স্বাভাৱিক

 

চিকুটাৰ পাছত ছালখন নিজ অৱস্থালৈ লাহে লাহে যায়।

খৰ

 

সোমোৱা বা বহি থকা

 

অতি লাহে লাহে যায়।

 

 

খৰ, দুৰ্বল, অনুভৱ কৰিবলৈ অসুবিধা হয়।

বেছি গভীৰকৈ সোমোৱা।

 

মনত ৰাখিব ডায়েৰীয়াৰ বাবে হোৱা শৰীৰৰ জলহীন অৱস্থাটো এটা সঙ্কট জনক ডায়েৰীয়া হ’লে লগে লগে প্ৰতিবিধানৰ ব্যৱস্থা কৰিব।

ডায়েৰীয়াৰ প্ৰতিবিধান

বেছিভাগ ক্ষেত্ৰতে ডায়েৰীয়া নিৰাময়ৰ কাৰণে ঔষধৰ প্ৰয়োজন নহয়। কিন্ত মনত ৰাখিব কেতবোৰ পনীয়া পায়খানা হ’লে জলহীন বা আদ্ৰ অৱস্থাৰ সৃষ্টি হ’ব। আনহাতে সঘনাই ডায়েৰীয়া হ’লে পুষ্টিহীনতাত ভূগিব। গতিকে ডায়েৰীয়া হোৱাৰ লগে লগেই শৰীৰৰ পৰা ওলাই যোৱা পানীৰ পৰিমাণ পুৰণ কৰিবৰ কাৰণে অতিৰিক্ত পনীয়া আহাৰ খুৱাবলৈ আৰম্ভ কৰা উচিত।

মাকৰ গাখীৰ খাই থকা কেচুঁৱাৰ ডায়েৰীয়া হ’লেও গাখীৰ খুৱাই থাকিব। ডায়েৰীয়াৰ লগতে যদি বমিও হৈ থাকে তেতিয়াও কম পৰিমানৰ কিন্ত ঘন ঘনকৈ গখীৰ খুৱাই থাকিব।

ডাইলৰ পানী, পাতল মগু, ছানাপানী (গাখীৰ) আৰু নেমুটেঙাৰ চৰবত আদিও খুৱাব পাৰে।

যদি এইবোৰ নেথাকে তেন্তে গাখীৰ নিদিয়া ৰঙা চাহ, ডাবৰ পানী, (কেঁচা নাৰিকল), ভাত বা চিৰা পানী আদিও খুৱাব পাৰে।

একো নাথাকিলে বিশুদ্ধ ঠাণ্ডা পানীকে খুৱাব লাগে। কিন্ত শৰীৰৰ শৌচৰ লগত ওলাই যোৱা পানী পূৰণৰ শ্ৰেষ্ঠ উপায় হৈছে ‘অ’ আৰ এচ (O. R. S.) মিশ্ৰণ খুওৱাটো।

অ আৰ এচ মিশ্ৰণ কেনেদৰে প্ৰস্তুত কৰিব

এই মিশ্ৰণটো প্ৰস্তুত কৰিবলৈ অতি সহজ। পেকেটটোৰ পাউদাৰ খিনি পেকেটটোত উল্লেখ কৰা পৰিমাণৰ পানীৰ লগত ভালদৰে মিহলাই পেলাওক। গোটেই পেকেটটোৰ মিশ্ৰণ খিনি একেলগে প্ৰস্তুত কৰক। এচামুচ প্ৰতিবাৰ বেলেগে বেলেগে গুলি নাথাকিব। প্ৰয়োজনতকৈ কম পানীত মিশ্ৰণটো বনালে উপকাৰৰ পৰিৱৰ্তে ক্ষতিহে হ’ব। আনহাতে জোখতকৈ বেচি পানীত মিশ্ৰণটো প্ৰস্তু কৰিলেও উপকাৰ নহ’ব।

ঘৰতো তলত উল্লেখ কৰাৰ দৰে এনে মিশ্ৰণ প্ৰস্তুত কৰিব পাৰি। ১ লিটাৰ ভালদৰে উতলাই ঠাণ্ডা কৰা পানীৰ লগত ১ চাহৰ চামোচ নিমখ মিহলাব। তাৰ পাচত সোৱাদটো চাব। যাতে চকুৰ পানিতকৈ বেছি নিমখীয়া নহয়। তাৰ পাচত চাহৰ চামোচেৰে ৮ চামোচ চেনি বা সমপৰিমানৰ গুৰ মিহলাই মিশ্ৰণটো প্ৰস্তুত কৰিব। প্ৰতিবাৰ পনীয়া পাইখানা কৰাৰ পাছত অলপ অলপ খাবলৈ দিব। মিশ্ৰণ একে দিনাই ব্যৱহাৰ কৰিব। থাকি গ’লে পাচদিনা ব্যৱহাৰ নকৰিবা।

এনেধৰণৰ পনীয়া মিশ্ৰণ গাখীৰ বটলৰ পৰিৱৰ্তে কাপ বা চামুচেৰে খুৱাব। খুৱাওতে বমি কৰিলে ১০ মিনিট মান সময় ৰৈ পুনৰ অলপ অলপকৈ খুৱাব। মনত ৰখা উচিত যে বিশ্ব স্বাস্থ্য সংস্থাই ডায়েৰীয়াৰ সময়ত ঘৰতে প্ৰস্তুত কৰা চেনী নিমখৰ মিশ্ৰণতকৈ O. R. S. পেকেটহে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে। কাৰণ ঘৰতে প্ৰস্তুত কৰা মিশ্ৰণত চেনীতকৈ নিমখ বেছি দিলে অপকাৰহে বেছি হ’ব।

ডায়েৰীয়া হোৱা শিশুৰ আহাৰ

সাধাৰণতে দেখা যায় ডায়েৰীয়া হোৱাৰ লগে লগে আহাৰ খালে অপকাৰ কৰিব বুলি শিশুটোক খুৱাবলৈ বন্ধ কৰে এইটো একেবৰে ভ্ৰান্ত ধাৰণা। আহাৰ খুৱাই থকা উচিত বৰঞ্চ ডায়েৰীয়াৰ সময়ত ক্ষতি হোৱা শক্তি পূৰণ কৰিবৰ কাৰণে আহাৰৰ চাহিদা বৃদ্ধিহে হয়।

ডায়েৰীয়াত আক্ৰান্ত শিশুৰ খোৱাৰ ৰুচি কমি যায়। তথাপিও কম পৰিমাণৰ আহাৰ লৈ সঘনাই খুৱাবলৈ চেষ্টা কৰা উচিত।

গোটা আহাৰ খাব পৰা শিশুক কোমলকৈ সিজাই পিটিকা কৰা ভাত, দাইল, পাচলি আদি খুৱাব লাগে। দৈ খুৱাব পাৰে মছলা দিয়া গুৰুপাকি আহাৰ খুওৱা অনুচিত।

ডায়েৰীয়া বন্ধ হোৱাৰ পাচতো এসপ্তাহ মানলৈ শিশুক অতিৰিক্ত আহাৰ খুৱাই থকা উচিত। তেতিয়াহে ক্ষতি হোৱা শক্তি পুনৰুদ্ধাৰ হ’ব। যেতিয়া লৈকে শিশুটোৱে আগৰ দৰে খেলা ধূলা কৰিবলৈ আৰম্ভ নকৰে তেতিয়া লৈকে অতিৰিক্ত আহাৰ খুৱাব লাগে।

ডায়েৰীয়া ৰোগত কেতিয়াবা চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত :

ডায়েৰীয়াৰ প্ৰতি বিধান সাধাৰণতে ঘৰতে কৰিব পাৰি, যদিও তলত উল্লেখ কৰা লক্ষণে দেখা দিলে অকণো পলম নকৰি স্বাস্থ্য কৰ্মী বা চিকিৎসকৰ ওচৰলৈ প্ৰেৰণ কৰক বা পৰামৰ্শ কৰক –

  • চকু সোমাই যায়,
  • পিয়াহ বেছিকৈ লাগে,
  • কান্দিলে চকুপানী নোলাই,
  • জ্বৰ উঠে,
  • খাবলৈ বন্ধ কৰে আৰু বমি কৰে,
  • যদি ১ বা ২ ঘণ্টাৰ ভিতৰতে বহুবাৰ পনীয়া শৌচ কৰে,
  • যদি শৌচৰ লগত তেজ পৰে,

এই লক্ষণ সমূহে দেখা দিলে যিমান সোনকালে সম্ভৱ চিকিৎসালয়লৈ স্থানান্তৰ কৰা উচিত মাজৰ সময় খিনিত পনীয়া মিশ্ৰণ খুৱাই থাকিব।

ডায়েৰীয়াৰ প্ৰতিৰোধ

প্ৰতিকাৰতকৈ প্ৰতিৰোধ শ্ৰেষ্ঠ। এই কথাষাৰ ডায়েৰীয়াৰ ক্ষেত্ৰত সম্পূৰ্ণ প্ৰযোজ্য।তলত উল্লেখিত ব্যৱস্থাৱলীৰ সহায়ত ডায়েৰীয়া প্ৰতিৰোধ কৰিব পাৰি – চাৰি/ছয় মাহ পৰ্য্যন্ত কেচুঁৱাক মাকৰ গাখীৰেই খুওৱা উচিত। ই বীজাণুমুক্ত। মাতৃ দুগ্ধই শিশুক ডায়েৰীয়া আৰু আন ৰোগৰ পৰা ৰক্ষা কৰে। কোনো কাৰণ বশতঃ গৰু বা ম’হৰ গাখীৰ খুৱাব লগা হ’লে বাটি আৰু চামুচেৰে খুৱাব। বটল ব্যৱহাৰ নকৰিব। ৪-৬ মাহ মানৰ পৰা শিশুৰ পুষ্টিৰ মানদণ্ড ঠিক ৰাখিবৰ কাৰেণে মাকৰ গাখীৰৰ উপৰিও কোমলকৈ সিজাই পিটিকা কৰা আহাৰ খুৱাব লাগে। কাৰণ পুষ্টিহীন শিশুক সহজতে ডায়েৰীয়াই আক্ৰমণ কৰে।

বীজাণুমুক্ত পানীকে খুৱাব। কেচুঁৱাক বিশেষকৈ উতলাই শীতল কৰা পানীহে খুওৱা উচিত।

শৌচ মুকলি ঠাইত কৰাটো বন্ধ কৰক। পায়খানাত কৰাৰ অভ্যাস আৰম্ভ কৰক। প্ৰত্যেক ঘৰতে সুলভ শৌচাগাৰ থকা উচিত। নথকা সকলৰ ঘৰত এনে শৌচাগাৰ বনাবলৈ উৎসাহিত কৰক। বাহিৰত শৌচ কৰিলে পুতি পেলাব।

শৌচ কৰি উঠাৰ পাছত আৰু আহাৰ খোৱাৰ আগতে হাত দুখন চাবোনেৰে পৰিষ্কাৰকৈ ধুব।

মাখি, ধূলি যাতে পৰিব নোৱাৰে তাৰ বাবে ৰন্ধা আহাৰ আৰু খোৱা পানী সদায় ঢাকি থ’ব।

ভালদৰে সিজোৱা আহাৰহে খাব। আধা সিজা আহাৰ, নোধোৱাকৈ কেঁচা শাক-পাচলি, ফলমূল বা আধা কেঁচা ফলমূল কেতিয়াও নাখাব। আহাৰ বাহি কৰি খোৱা উচিত নহয়।

সৰু আইৰ ফলতো ডায়েৰীয়া হ’ব পাৰে, গতিকে সকলো শিশুকে সৰু আইৰ প্ৰতিষেধক টিকা দিয়াব।

কামত মন নবহা আদি সমস্যা সমূহৰ পৰাও দূৰত থাকিব পাৰি। এতিয়া দেখা গ’ল যে পৰিষ্কাৰ পানী প্ৰতিদিনে যথেষ্ট পৰিমাণে খোৱাটো বৰ প্ৰয়োজন। আমি প্ৰতিদিনে উশাহ-নিশাহ লওঁতে, প্ৰস্ৰাৱ পাতখানা কৰোঁতে, তিৰোতা আৰু পুৰুষৰ ক্ষেত্ৰত একাদিক্ৰমে প্ৰায় ৮ গিলাচ আৰু ১২ গিলাচ পানী আমাৰ শৰীৰৰ পৰা ওআই যায় আৰু সেয়ে সম পৰিমাণৰ বিশুদ্ধ খোৱা পানী তিৰোতা আৰু পুৰুষ উভয়ে প্ৰতিদিনে খোৱা অতি প্ৰয়োজন। পানীয়ে মানৱ শৰীৰত প্ৰাকৃতিক চিকিৎসাৰ প্ৰধান আহিলা হিচাপে কাম কৰিছে। আমাৰ কিছুমান মানুহে দকৈ নাভাবি কিছুমান কথা উৰুৱাই দিয়ে বা অপ্ৰাসঙ্গিক বুলি কয়। বহুতো শিক্ষিত মানুহেও ইমান পানী সেৱন কৰাৰ প্ৰয়োজন নাই বুলি ভাবি কথাটোলৈ গুৰুত্ব নিদিয়ে।

সাধাৰণতে লক্ষ্য কৰিলে দেখা যায় আমাৰ একোজন পূৰ্ণ বয়স্ক ল’ৰা-ছোৱালী বা মুনিহ তিৰোতাই এদিনত ৩ বা ৪ গিলাচৰ অধিক পানী নাখায়, গৰমৰ দিনত অলপ বেছি খালেও জাৰৰ দিনত ঠাণ্ডা লগাৰ ভয়ত তাতোকৈও অলপ কমহে খায়। কিছুমানে আকৌ সৰুয়েই হওঁক বা ডাঙৰেই হওঁক শৌচ, বমি,ডায়েৰীয়া/ডিচেণ্ট্ৰি হ’লেও ৰোগীক পানী খাবলৈ নিদিয়ে অধিক বমি হ’ব বুলি যিটো ধাৰণা একেবাৰে ভূল, বৰঞ্চ এনে ৰোগীক যিমান পানী খাবলৈ দিলেহে ৰোগী সোনকালে আৰোগ্য হয়। আমাৰ শৰীৰক শক্তি দিবৰ বাবে পুষ্টিকৰ আহাৰৰ যিমান প্ৰয়োজন পানীৰো সমানেই প্ৰয়োজন। প্ৰকৃতাৰ্থত আমাৰ মাজত বা আমাৰ সমাজত পানী খোৱাৰ এটা স্বাস্থ্য সজাগতাৰ প্ৰৱণতা গঢ়ি তুলিব পাৰিলেহে সৰ্বসাধাৰণ ৰাইজৰ উপকাৰ হ’ব বুলি আশা কৰিব পাৰি।

উৎস: স্বাস্থ্য চৰ্চা

3.06976744186
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top