মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / সাধাৰণ ৰোগসমূহ / ডিঙিৰ বিষ, হাতৰ বিষ, আঁঠুৰ বিষ ইত্যাদি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডিঙিৰ বিষ, হাতৰ বিষ, আঁঠুৰ বিষ ইত্যাদি

ডিঙিৰ বিষ, হাতৰ বিষ, আঁঠুৰ বিষ ইত্যাদি

গাৰ বিষ, সমগ্ৰ শৰীৰৰ বিষ, ক্ষুদ্ৰ অংশ এটাৰ বিষ বা হাতৰ বিষ, দাঁতৰ বিষ, পেট বিষ ইত্যাদি যি বিষেই নহওক কিয়, সকলোধৰণৰ বিষেই বৰ কষ্টদায়ক। ভুক্ত্ভোগীয়েহে জানে কেনে কষ্ট। অলপতে স্কুটাৰ চলাই থাকোতে, বেয়া ৰাষ্টাৰ বাবে থেকেচনি খাই ডিঙিৰ বিষ এটা হৈছিল। প্ৰথম অৱস্থাত গুৰুত্ব দিয়া নাছিলো। তেনেকৈ বিষ লৈয়ে স্কুটাৰ চলাই থকাৰ বাবে ক্ৰমান্বয়ে ডিঙিৰ হাড়ত বিষ বেছি হৈ ক্ৰমে লাহে লাহে বাওঁ হাতৰ সন্ধিলৈ, পিছত গৈ আঙুলিৰ মূৰ পালেগৈ। জিন্‌জিননি, কণকণকৈ বিষ গৈ চৰম পৰ্যায় পালেগৈ। স্কুটাৰ বাদ দিলো, কিন্তু মূৰ ওপৰলৈ ডাঙিব নোৱাৰা হ’লো। তীব্ৰ বিষে ঘেৰি ধৰিছে। মই এনে ধৰণৰ ৰোগ চিকিৎসা কৰো। বহুতো লোক আৰোগ্য হৈছে। সাধাৰণতে কষ্টিকাম, লেকেচিচ থেৰিদিয়ন, ব্ৰায়োনিয়া, একোনাইট আদি ঔষধ লক্ষণ অনুযায়ী খালে ৰোগ লাহে লাহে নোহোৱা হৈ যায়।

বাওঁ হাতৰ বিষ আৰোগ্য হওঁতে তিনিমাহ লাগে যদিও সোঁহাতৰ বিষ এমাহতে ভাল হয়। চিকিৎসা কৰিলেও বা নকৰিলেও নিৰ্দিষ্ট দিনতহে ভাল হব। হয়তো প্ৰকৃতিৰ নিয়ম। W.H.O. ৰ মতে বীজাণু থকা বা নথকা যি ৰোগেই নহওঁক কিয়, একৈশ দিনত ভাল হয়। ইন্‌ফেকচ্‌ন বা চেকেণ্ডাৰী ইনফেকচ্‌ন হ’লে তিনিমাহ ভোগে। মোৰ ক্ষেত্ৰত মই মনে মনে ভয়ো খাইছিলো।ডাক্তৰী নিয়মত আছে যে, ডাক্তৰ বিলাকৰ বেমাৰ হ’লে তেওঁক ‘ঘোষ্ট পেচেণ্ট’ বোলে। তেওঁলোকে নিজে নিজৰ চিকিৎসা কৰা উচিত নহয়। তাৰ পৰা তেওঁৰ অনিষ্টও হ’ব পাৰে। সেয়ে এলোপেথিক চিকিৎসা লোৱাৰ মন কৰিলো। প্ৰথমে এজন নামজ্বলা হাড়ৰ ডাক্তৰৰ ওচৰলৈ গ’লো। নিজৰ চিনাকি দিয়াৰ পিছত তেখেতে আগ্ৰহেৰে লিৰিকি-বিদাৰি চাই ‘এক্সৰে’ এখন কৰাৰ দিহা দিলে।‘এক্সৰে’খন চাই ভাল পাইছে যদিও সন্তুষ্ট হোৱা যেন নালাগিল। তেতিয়া তেওঁ মোক ডিজিটেল এক্সৰে চাই ৰোগটো টান বুলি ক’লে আৰু বেলেগ ঔষধৰ দিহা দিলে। দহদিন মানৰ পিছতো একোকে ভাল নোপোৱাত আন এজন ‘ইণ্ডিজেনাচ অৰ্থ’পেডিক’ৰ ওচৰলৈ গলো। তেওঁ ডিঙিটো টিপ মাৰি চাই ক’লে- এক্সৰে দুখনে ঠিকে দেখুৱাইছে যদিও চাৰ্ভিকেল্ স্পণ্ডিলাইটিছৰ লগত আন ৰোগো থাকিব পাৰে, যেনে আৰ্থ্ৰাইটিছ অষ্টিওপোৰোচিছ ব্ৰেন টিউমাৰ, ব’ন-টিবি ইত্যাদি। ময়ো মনে মনে ভয় খালো। কি কৰিলে গম পোৱা যাব বুলি সোধাত ক’লে- এম, আৰ, আই কৰিবলৈ। ইএক কষ্টদায়ক প্ৰক্ৰিয়া। পোন্ধৰ মিনিটমান সময় লৰচৰ নকৰাকৈ নিতাল মাৰি থকাটো মোৰ বাবে বৰ কষ্টদায়ক হ’ল। পিছে ভগৱানৰ কৃপাত তাৰ ৰিপোৰ্টত তেনেকোনো জটিল ৰোগৰ ইংগিত নাই। এইবিলাক কৰোৱাৰ পিছত মোৰ কিছু অভিজ্ঞতাও হ’ল। কিছুমান কথা জানিবলৈ ভুক্তভোগী হ’লে ভাল। মই চিকিৎসা কৰোৱা চিকিতসকজন ডাক্তৰ, তাৰোপৰিতেওঁলোকৰ পৰম্পৰা হিচাপে হাড়, গাঠি আদিত হেচা প্ৰয়োগ কৰি চিকিৎসাও কৰিব জানে। সেয়ে তেওঁৰ ওচৰত চিকিৎসা কৰাইছিলো। লগতে আয়ুৰ্বেদিক ঔষধ দিছিল।কিছুদিন তেওঁৰ তাত চিকিৎসা কৰোৱাৰ পিছত হোমিও ঔষধ খাবলৈ লৈছিলো। এতিয়া সম্পূৰ্ণ আৰোগ্য বুলিব পাৰি।

যিহেতু নিজৰ চিকিৎসা নিজে কৰিব নেপায়, সেয়েআনৰ সহায় লৈছিলো। এই ছেগতে মই বহুতো ৰোগীৰ লগত কথা বতৰা পতাৰ সুবিধা পাইছিলো। তেওঁ যি পদ্ধতিত মোৰ চিকিৎসা কৰিছিল, সেই পদ্ধতিত বহুতো ৰোগী আৰোগ্য হৈছিল। পৃথিৱীত বিভিন্ন পদ্ধতিত বিভিন্ন ঠাইত ৰোগ চিকিৎসা কৰে। ৰোগীয়েও বিভিন্ন পদ্ধতিত আৰোগ্যৰ বাবে চিকিৎসা কৰায়। বিষৰ ক্ষেত্ৰত এলোপেথি, হোমিওপেথি, আয়ুৰ্বেদিক, ইউনানি নেচাৰোপেথি, হাইড্ৰোপেথি, আকুপ্ৰেচাৰ, আকুপাংচাৰ, মালিচ, বিভিন্ন ধৰণেৰে হেঁচা প্ৰয়োগ, বনৌষধি, তন্ত্ৰ-মন্ত্ৰ, জৰা-ফুক আদি পদ্ধতিতে মানুহ আৰোগ্য হোৱা দেখিছো। সকলোতে মানুহৰ ভিৰ হোৱা দেখা পাইছো। কোনটো পদ্ধতি শুদ্ধ বা অশুদ্ধ নাজানো।

সাধাৰণতে আমাৰ ওচৰলৈ দুই ধৰণৰ ৰোগী আহে। বাত বিষৰ ৰোগী আৰু হাড় বা জোৰা মোচোকা খোৱা, ডিক্স শ্লিপ কৰা বা হাড় ভাঙিযোৱা ৰোগীও আহে। হাড় ভাঙিলে পোনচাতে এলোপেথিক চিকিৎসা, এক্সৰে আদি কৰায়। যদি কৰাবলগীয়া হয় প্লাষ্টাৰো কৰায়। হাড় ভঙাৰ ক্ষত্ৰেত সৰুৰ পৰা ডাঙৰ অপাৰেচনো কৰে। কেতিয়াবা নষ্ট হোৱা অংগ কাটিও পেলায়। এইবোৰক আকস্মিক দুৰ্ঘটনাও বোলে। পিছে বাতবিষ কিছুদূৰ বেলেগ। ইয়াক ৰোগ বুলিব পাৰি। ই দুই প্ৰকাৰৰ-

(১) অষ্টিয় আৰ্থ্ৰাইটিছ আৰু

(২) ৰুমেটাইড আৰ্থাইটিছ।

(১) অষ্টিয় আৰ্থ্ৰাইটিছ নো কি?

গাঁঠি, হাড়ৰ বিষ, গাঁঠি ফুলা, হাড়ৰ সন্ধিত কিবা টান পৰিস্থিতি উতপন্ন হ’লে নিশ্চয় কিবা এটা ৰোগৰ প্ৰতিফলন হয়। যাৰ বাবে সন্ধিৰ সাধাৰণ ক্ৰিয়া-কৰ্ম বন্ধ হৈ যায়।সাধাৰণতে এই আপদীয়া অৱস্থাটো বয়স বঢ়াৰ লগে লগে আৰম্ভ হয়। আচলতে হাড়ৰ গুৰুত্বপূৰ্ণ অংশ যেনে-‘কাৰ্টিলেজত’ ভঙা-ছিঙা আৰম্ভ হৈ বা ডিজিৰেচন আৰম্ভ্ হয়। এক কথাত ক’বলৈ গ’লে বয়স বঢ়াৰ কাৰণে এইবিলাক দূৰ্বল হয়, আকৌ অনবৰতে ঘঁহনি আদি চলি থকাৰ ফলত ‘কাৰ্টিলেজৰ’ মাজত বিভেদ সৃষ্টি হয়। হাড়ৰ যিটো অংশত অনবৰত পিছল হৈ থাকে, সেই অংশও ঘঁহনি খাই টান হৈ যায়। সন্ধিবিলাকৰ হাড়ৰ মূৰবিলাক উখহি উঠে। ইয়াৰ ফলত গাঁঠিবিলাকত নিজ কৰ্ম ক্ষমতাত বাধা পায়। তেতিয়াই মানুহে চলন ফুৰনত বাধা পায়। গাঁঠিবিলাকত বিষ হয়। খোজ কাঢ়িলে বা কিবা কৰিলে হাড়বিলাকত ঘঁহনি খাই কট্‌কটকৈ শব্দ উঠে। এই শব্দ সাধাৰণতে ৰাজহাড়, আঁঠু আৰু সৰুসুৰা হাড়ত, গাঁঠিত উতপন্ন হয়।ৰোগীয়ে বাৰুকৈ কষ্ট পায়। এইটোৱেই ‘অষ্ট্ৰীয় আৰ্থ্ৰাৰাইটিছ’।

(২) ৰুমেটাইড আৰ্থ্ৰাইটিছ নো কি?

সাধাৰণতে ‘অষ্ট্ৰিও আৰ্থ্ৰাৰাইটিছ’ আৰম্ভ হ’লে সাংঘাটিক কষ্ট নাপায়, চিকিত্সা কৰিলে ভাল হৈ যায়। অষ্ট্ৰিয় আৰ্থ্ৰাৰাইটিছত লক্ষণ অনুযায়ী ৰাছটক্স, মেডুৰি, ৰ’ড’ডেনড্ৰ্ন, এমনফচ, গুৱাক্কাম, নেট্ৰামফচ, মেগফচ আদিৰে চিকিৎসা কৰা হয়। লগতে কেলকেৰিয়া ফচ, কেল্কে-ফ্ল’ৰ, কেল্কে কাৰ্ব দিয়া হয়। কিন্তু যদি অষত্ৰিও আৰ্থ্ৰাৰাইটিছ বেছি দিঘলীয়াকৈ বহুদিন চিকিৎসা নকৰাকৈ থাকি যায়, লগতে বয়সো বাঢ়িছে, ৰোগো ক্ৰমান্বয়ে আগুৱাই গৈ আছে, এই অৱস্থাত কাৰ্টিলেজ ক্ষয় যোৱাৰ লগতে, ফ্ৰাইব্ৰোটিছে দেখা দিয়ে। এনে অৱস্থাত হাড়ত থকা বীজলুৱা ফ্লুইডো কম পৰিমাণে উতপন্ন্ হয়। হাড়ৰ সন্ধিৰ মাজত থকা প্ৰতিৰোধ শক্তিৰ আধাৰো (জইণ্ট কেপচুল) কঠোৰ হৈ পৰে। হাড়ৰ শেষ প্ৰান্তত থকা কাৰ্টিলেজ যথেষ্ট পৰিমাণে ভাঙি-ছিঙি যায়, যাৰ বাবে খোজ কাঢ়োতে বা লৰচৰ কৰোতে হাড়ে হাড়ে ঘঁহনি খায়। এনে অৱস্থাৰ ৰোগক ৰুমেটাইড আৰ্থ্ৰাইটিছ বা গাঁঠিবাত বোলে। চিকিৎসাতো ভাল ফল নাপায়। কিছুদূৰ আৰাম হে পায়। এই ৰোগীৰ দেহালৈ লক্ষ্য কৰিলেও, হাড়ৰ গাঠি ফুলা, গাঁঠিবোৰ ডাঙৰ হোৱা দেখা যায়। বিশেষকৈ হাতৰ আঙুলিৰ গাঁঠিবোৰ ডাঙৰ হোৱা দেখা যায়। কিলাকুটি, ডিঙিৰ হাড়, আঁঠু, ভৰিৰ গাঁঠিবোৰৰ আকাৰ বাঢ়ি যায়। কান্ধৰ হাড়ৰ বিষ ৰাজহাড়লৈ বিয়পে।

চাৰ্ভিকেল স্পণ্ডিলাইটিছ কি?

সহজ ভাষাত কবলৈ গ’লে ৰাজহাড়ৰ দোষ। ডিঙিৰ হাড় কেইডালৰ ৰোগক চাৰ্ভিকেল স্পণ্ডিলাইটিছ বোলে। কিবা কাৰণত বা ডিঙিৰ হাড়ৰ মাজেৰে যোৱা চেণ্ট্ৰেল নাৰ্ভাছ চিষ্টেম যদি কৰ’বাত বাধা পায়, তেন্তে কান্ধৰ, হাতৰ আঙুলিৰ জিনজিননি হয়। কেতিয়াবা অসহ্য বিষ হয়। হাত লৰচৰ কৰিলে বিষ বাঢ়ে। লৰচৰ কৰিব নোৱাৰা হয়। হাড়ৰ মাজেৰে বৈ থকা চাইনোভিয়াল ফ্লুইড বাঢ়ি যায় বা কমি যায়। বঢ়িলে বা কমিলেও একে আমনি হয়। ৰাজহাড়ৰ য’তেই এই দোষ যেনে চেপা খোৱা বা পিচলি যোৱা, দুয়োটাতে একেই কষ্ট হয়, জিনজিননি, কনকননি বিষ। এনেক্ষেত্ৰত শাৰীৰিক ব্যায়াম অতি প্ৰয়োজন। জনা মানুহৰ দ্বাৰা ‘মেছেজ’ কৰাব পাৰে। হোমিও ঔষধে৩ ভাল ৰিজাল্ট দিয়ে। বিষ কমি আহে, ৰোগ সোনকালে আৰোগ্য হয়। কোনিয়ম, থেৰিডিয়ন, ৰাছটক্স, ব্ৰায়োনীয়া, একোনাইট কেল্কেফচ, কেল্কে কাৰ্ব, কেল্কে-ফ্লু’ৰ, ফেৰাম মেট আদি বহুতো ভাল ঔষধেৰে লক্ষণ মিলাই চিকিৎসা কৰিলে অতি সোনকালে ভাল পায়। কঁকালৰ বিষ বা শ্লিপ ডিক্সতো একেবোৰ ঔষধ লাগে। তেনেকৈ আঁঠুৰ বিষত বিভিন্ন লক্ষণ বিভিন্ন ঔষধেৰে চিকিৎসা কৰিলে আৰাম পায়। এইবিলাক কানেকটিভ টিছু বা সন্ধিবাত ৰোগ, নতুন ৰোগ সদায়ে সোনকালে আৰোগ্য হয়। ৰোগ পুৰণি হ’লে সন্ধিৰ ফাঁক বাঢ়ি যায়, যাক অষ্ট্ৰিওপ’ৰ’চিচ বোলে। এই ৰোগত জীৱনযোৰা কষ্ট হয়।

বাতবিষ বা আনধৰণৰ বিষ যিয়েই নহওক কিয়, শাৰীৰিক ব্যায়াম আৰু ঔষধ, দুয়োটাই সমানে দৰকাৰ। শৰীৰচৰ্চা হেনো এটা নিচাৰ দৰে বস্তু। মোৰ এজন বন্ধু আছে, তেওঁ দোকমোকালিতে উঠি দৌৰিব নাপালে বৰ অশান্তি পায়। বৰষুণ বতাহেও তেওঁক বাধা দিব নোৱাৰে। এই অভ্যাসটো তেওঁৰ বাবে এটা নিচাৰ দৰে। তেওঁৰ স্বাস্থ্য সুন্দৰ। ৰোগ থাকেই। ঔষধো আছে। চিন্তাৰ কাৰণ নাই।

ডা: মহম্মদ ইউছুফ, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

2.92307692308
নিজাম আলী Aug 07, 2016 06:59 PM

ডিঙি হাত পিঠি আৰু কান্ধত মোৰ বিষ আৰু জিন জিনি হয় ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top