আপোনাৰ চিনাকি মানুহজনৰ নাম মনত পৰা নাই নেকি? অলপ আগেয়ে পিন্ধি থকা চছমাযোৰ বা এইমাত্ৰ কথা পাতি থকা ম’বাইলটো বিচাৰি পোৱা নাই নেকি? লাইটটো নুমুৱাবলৈ পাহৰিলে নেকি?-যদিহে সঘনাই এনে পৰিৱেশৰ মুখামুখি হ’বলৈ লৈছে; তেন্তে অকণমান সাৱধান হ’বৰ হৈছে-ডিমনেচিয়া বা স্মৃতি বিভ্ৰমৰ পূৰ্বাভাস হ’ব পাৰে এয়া।
ডিমনেচিয়া আক্ৰান্ত ব্যক্তিৰ সাধাৰণ বুদ্ধিমত্তাৰ অভাৱ ঘটে, যাৰ ফলত উচ্চস্তৰীয় কল্পনা, বিবেচনাশক্তি আৰু যিকোনো সমস্যা সমাধানৰ সক্ষমতা হ্ৰাস পায়। চিন্তাশক্তি মন্থৰ হয় আৰু চিন্তাৰ যুক্তিসংগতা আৰু নমনীয়তা কমি যায়। স্মৃতিশক্তি হ্ৰাস পোৱাৰ ফলত উল্লেখ কৰা ধৰণৰ ‘পাহৰা’ ঘটনাই সঘনাই ঘটিব ধৰে। প্ৰথমতে পৰিয়ালৰ অইন সদস্যসকলৰ নজৰত পৰা এনেবোৰ কথা এনেবোৰ কথা কিছু পিছতহে ব্যক্তিগৰাকীয়ে নিজে অনুভৱ কৰে আৰু অইনৰো অৱগত হয়। সৰু-সুৰা এনে পাহৰণিৰ ঘটনাৰে আৰম্ভ হৈ পিছলৈ গুৰুতৰ যেনে ৰাস্তা বা ঠিকনা, লোকৰ বস্তুকে নিজৰ বুলি লৈ অহা আদি পৰ্য্যায় পায়গৈ। ডিমনেচিয়া আক্ৰান্ত লোকৰ ব্যক্তিত্বৰ পৰিৱৰ্তন সহজে আনৰ চকুত পৰে। ব্যক্তিগত আচৰণ আৰু সামাজিক সচেতনতা সলনি হয়। ব্যৱহাৰ ৰুঢ়, অকৌশলী আৰু অইনৰ প্ৰতি সহানুভূতিহীন হৈ পৰে। একে ঠাইতে বহু সময় অকাৰণতে বহি থাকিব পাৰে। ৰোগৰ আৰম্ভণি অৱস্থাত ৰোগীৰ আৱেগিক পৰিৱৰ্তন পৰিলক্ষিত হয় আৰু হতাশাগ্ৰস্ত, উৎকন্ঠিত আৰু খিংখিঙিয়া স্বভাৱৰ হয়। ৰোগ পুৰণি হোৱাৰ লগে লগে নিজৰ ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দায়িত্বও লোৱাত অপাৰগ হয়, বিচনাতে শৌচ-প্ৰস্তাৱ কৰিব পাৰে। বাহ্যিক জগতখনৰ প্ৰতি উদাসীন হৈ পৰে। কাপোৰ-কানি নিপিন্ধাকৈ মানুহৰ মাজলৈ অহা, অতি আপোনজনৰ মৃত্যুতো নকন্দা আদি চৰম আৱেগহীন অৱস্থা দেখা যায়।
ডিমনেচিয়া বা স্মৃতি বিভ্ৰম স্নায়ুতন্ত্ৰৰ ক্ষয়কাৰী ৰোগ যেনে আলঝেইমাৰ ৰোগ, পিকছ ৰোগ, হাটিংটনৰ কোৰিয়া আদি; ৰক্তসঞ্চাৰণ তন্ত্ৰৰ ৰোগ, মগজুৰ আঘাত, মগজুৰ টিউমাৰ, থাইৰয়ডৰ ৰোগ, শৰ্কৰাৰ অভাৱ, যকৃতৰ দুৰ্বলতা, বৃক্কৰ দুৰ্বলতা, বি-১২ আৰু ফলিক এচিড আদি ভিটামিনৰ অভাৱ, মদ্যপান, এইডছ, চিফিলছ আদি সংক্ৰমিত ৰোগ ইত্যাদি বিভিন্ন কাৰণত হ’ব পাৰে। ৬৫ বছৰৰ পিছত ৫ শতাংশ লোকেই স্মৃতি বিভ্ৰমত আক্ৰান্ত হয়। পুৰুষতকৈ মহিলাৰ হাৰ বেছি।
ডিমনেচিয়াত আক্ৰান্ত হোৱা বুলি ভাব হ’লে সাধাৰণ বোধজ্ঞান পৰীক্ষাৰ সহায় ল’ব পাৰি। ৫-১৫ মিনিটৰ এম এছ ই, এ এম টি এছ, ট্ৰেইল-মেকিং টেষ্ট, ঘড়ী অঁকা পৰীক্ষা আদি পৰীক্ষাৰে স্মৃতি বিভ্ৰম নিশ্চিত হ’লে, চিকিৎসাযোগ্য কাৰণ নিৰ্ধাৰণৰ বাবে তেজৰ ভিটামিন বি-১২, ফলিক এচিড, কেলচিয়াম আৰু অন্য ইলেক্ট্ৰলাইটৰ পৰিমাণ, থাইৰয়ড, বৃক্ক আৰু যকৃতৰ কাৰ্য্যকুশলতাৰ পৰীক্ষা আদি কৰাব লাগে।
মগজু আৰু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ চি টি স্কেন, এম আৰ আই, স্পেক্ট বা পেট আদি উন্নত পৰীক্ষাৰো প্ৰয়োজন হয়। ২০১০ চনৰ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্যমতে বিশ্বত প্ৰায় ৩ কোটি ৬০ লাখ ডিমনেচিয়া ৰোগী আছে। ধনী-দুখীয়া, শিক্ষিত-অশিক্ষিত, বলী-দুৰ্বল যিকোনো লোকেই ডিমনেচিয়াত আক্ৰান্ত হ’ব পাৰে। উইনষ্টন চাৰ্চিল, মাৰ্গাৰেট থেচাৰ, ৰণালড ৰেগান আদি পৃথিৱীৰ শক্তিশালী শাসক জীৱনৰ পিছৰ কালছোৱাত স্মৃতি বিভ্ৰমত ভুগিছিল।
ডিমনেচিয়া প্ৰতিৰোধ বা চিকিৎসাৰ এতিয়ালৈকে কোনো ফলপ্ৰসূ উপায় ওলোৱা নাই। কিছুমান সম্বাব্য কাৰক যেনে- ৰক্ত সঞ্চাৰণ তন্ত্ৰৰ ৰোগ ঘটাব পৰা ডায়েবেটিছ, উচ্চ ৰক্তচাপ, মেদবহুলতা, নিচাযুক্ত দ্ৰব্য সেৱন, ধূমপান আৰু শাৰীৰিক পৰিশ্ৰমহীনতা আদি কমাব বা দূৰ কৰিব পাৰিলে স্মৃতি বিভ্ৰমৰ সম্ভাৱনা কিছু হ্ৰাস হোৱাৰ কথা কোৱা হৈছে।
ডিমনেচিয়া আক্ৰান্ত লোক এজন কেঁচুৱা সদৃশ, সকলো ক্ষেত্ৰতে তেওঁক আনৰ সহায় লাগে। এনে লোকৰ মানৱ অধিকাৰ সততে উলংঘা হোৱা দেখা যায়। পৰিয়াল তথা সমাজৰ আটায়ে এই সংক্ৰান্তত সচেতন হোৱা প্ৰয়োজন। বিশ্ব স্বাস্থ্য সংস্থাই সেয়ে ডিমনেচিয়াক অগ্ৰাধিকাৰ জনস্বাস্থ্য ঘোষণা কৰিছে।
উৎস: ডা: ৰমেন কুমাৰ কাকতি, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 6/11/2020