অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

থাইৰয়ড হৰম’নজনিত সমস্যা

থাইৰয়ড হৰম’নজনিত সমস্যা

সমাজৰ প্ৰায় পাঁচৰ পৰা ছয় শতাংশ ব্যক্তিয়ে থাইৰয়ড হৰম’নজনিত সমস্যাত ভোগা দেখা যায়। মহিলাসকলৰ মাজত এনে সমস্যা অধিক পৰিলক্ষিত হয়। থাইৰয়ড হৰম’নজনিত সমস্যাত ভোগা ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক, দিশৰ বিকাশত বাধাগ্ৰস্ত হয়। সঠিক সময়ত চিকিৎসা নকৰিলে এই সমস্যাই মানুহক ভয়াবহ বিপদত পেলাব পাৰে। লাহে লাহে মানুহ থাইৰয়ড হৰম’নজনিত সমস্যাৰ বিষয়ে সজাগ হ’বলৈ আৰম্ভ কৰিছে। অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লৈ নিয়মিত চিকিৎসা গ্ৰহণ কৰিলে এনে সমস্যাত ভোগা ব্যক্তিয়ে এক সুস্থ আৰু সুন্দৰ জীৱন যাপন কৰিব পাৰে।

থাইৰয়ড কি

প্ৰতিজন ব্যক্তিৰে ডিঙিৰ আগফালে নিম্নাংশত অৱস্থিত থাইৰয়ড গ্ৰন্দথি এক বিশেষ ধৰণৰ সৰু গ্ৰন্থি। দেখিবলৈ পখিলাৰ দৰে। সাধাৰণতে বাহিৰৰ পৰা ইয়াৰ অৱস্থিতি অনুমান কৰিব নোৱাৰি যদিও গ্ৰন্থিটোৰ কোনো সমস্যা হ’লে ডাঙৰ আকৃতি গ্ৰহণ কৰে। তেতিয়া ইয়াৰ অৱস্থিতি বাহিৰৰ পৰা গম পোৱা যায়। গ্ৰন্থিটোৰ সোঁ আৰু বাওঁ নামৰ দুটা লোব থাকে আৰু এই দুটা ডিঙিৰ সোঁ আৰু বাওঁফালে অৱস্থিত। লোব দুটাক ইচমাছে স্ংলগ্ন কৰি ৰাখে। গ্ৰন্থিটোৱে নিৰ্গত কৰা থাইৰোক্সিন নামৰ বিশেষ হৰম’নবিধে শৰীৰৰ প্ৰতিটো অংগ-প্ৰত্যংগৰ কোষত সোমাই কাম কৰে। সেয়েহে এই শৰীৰৰ প্ৰতিটো অংগ-প্ৰত্ংগ আক্ৰান্ত হয়।

থাইৰয়ড হৰম’ন কি

থাইঅৰোক্সিন (T4) হ’ল মুখ্য থাইৰয়ড হৰম’ন। তদুপৰি সামান্য পৰিমাণে ট্ৰই-আয়োডো থাইৰোনিন নমাৰ হৰম’নবিধো থাইৰয়ড গ্ৰন্থিয়ে নিৰ্গমণকৰে। এই দুয়োবিধ হৰম’ন নিৰ্গমণ হ’বলৈ আমাৰ মগজুত থকা হাইপোথেলামাছে ‘থাইৰোটফিন ৰিলিজিং হৰম’ন’ নিৰ্গত কৰে। TRH-এ পিটুইটৰি গ্ৰন্থিক ‘থাইৰয়ড ষ্টিমুলেটিং হৰম’ন’ নিৰ্গতকৰায়। TSH-এ থাইৰয়ড গ্ৰন্থিত থকা থাইৰোগ্লোবুলিন আৰু আয়োডিনৰ ৰাসায়নিক বিক্ৰিয়া ঘটায়।কেইবাখলপীয়া এই প্ৰক্ৰিয়াৰে থাইৰয়ড গ্ৰন্থিত ট্ৰাই-আয়োডো থাইৰোনিন আৰু থাইৰোক্সিন নামৰ হৰম’ন দুবিধ তৈয়াৰ হয়। এই হৰম’ন্ তেজত থকা থাইৰোক্সিন বাইণ্ডিং গ্লোবুলিন’ৰ সৈতে স্ংলগ্ন হৈ শৰীৰত চলাচল কৰে। মুকত হৰম’নখিনিয়ে শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগৰ কোষবোৰৰ ভিতৰত প্ৰৱেশ কৰি মেটাবলিজিমকে ধৰি বিশেষ ধৰণৰ কাৰ্যবোৰ সম্পাদন কৰে।

সাধাৰণতে হাইচপোথেলামাছ আৰু পিটুইটাৰী গ্ৰন্থিয়ে আমাৰ শৰীৰত থাইৰয়ড হৰম’নৰ পৰিমাণ কম বা বেছি হ’লেই ‘Positive Fedback’ অথবা ‘Negative Feedback’ পদ্ধতিৰে ‘থাইৰোট্ৰফিন ৰিলিজিং হৰম’ন আৰু থাইৰয়ড ষ্টিমুলেটিং হৰম’নৰ নিৰ্গমনৰ তৰতম্য ঘটাই শৰীৰৰ থাইৰয়ড হৰম’নৰ পৰিমাণ সঠিক ৰখাৰ্বাবে থাইৰয়ড গ্ৰন্থিক হৰম’ন নিৰ্গমণকৰা পৰিচালনা কৰে। অৰ্থাত শৰীৰত থাইৰোক্সিন আৰু ট্ৰাই-আয়োডা থাইৰোনিনৰ পৰিমাণ কম হ’লে ‘Positive Fedback’ পদ্ধতিৰে হাইপোথেলামাছক ‘থাইৰোক্সিন ৰিলিজিং হৰম’ন বেছিকৈ নিৰ্গমণ কৰাই, থাইৰয়ড গ্ৰন্থিৰ দ্বাৰা বেছি থাইৰয়ড হৰম’ন নিৰ্গত কৰি শৰীৰত তাৰ পৰিমাণ ৰক্ষা কৰে।আনহাতে শৰীৰত থাইৰোক্সিন আৰু ট্ৰাই-আয়োডো থাইৰোনিনৰ পৰিমাণ বেছি হ’লে ইয়াৰোলোটা ‘Negative Feedback’ পদ্ধতিৰে হাইপোথেলামাছক ‘থাইৰোট্ৰফিন ৰিলিজিং হৰম’ন আৰু পিটুইটাৰী গ্ৰন্থিক ‘থাইৰয়ড ষ্টিমুলেটিং হৰম’ন কমকৈ নিৰ্গমণ কৰাই, থাইৰয়ড গ্ৰন্থিৰ দ্বাৰাকমকৈ থাইৰয়ড হৰম’ন নিৰ্গত কৰি শৰীৰত তাৰ পৰিমাণ ৰক্ষা কৰে। সামাগ্ৰীকভাৱে ই এক জটিল প্ৰক্ৰিয়া। এইপ্ৰক্ৰিয়াৰ কৰ’বাত বিজুতি ঘটিলেই শৰীৰত থাইৰয়ড হৰম’নৰ পৰিমাণৰ তাৰতম্য ঘটে আৰু থাইৰয়ড হৰম’নজনিত সমস্যাই দেখা দিয়ে। যদিহে থাইৰয়ড গ্ৰন্থিৰ নিজা সমস্যাৰ বাবে এনে হয়, তেন্তে তাকপ্ৰাইমাৰii; পিটুইটাৰী গ্ৰন্থিৰ সমস্যাৰ বাবে হ’লে ছেকেণ্ডাৰী আৰু হাইপোথেলামাছৰ সমস্যাৰ বাবে হ’লে টাৰচিয়াৰী  বুলি কোৱা হয়। কাৰণ যিয়েই নহওক কিয় থাইৰয়ড হৰম’নজনিত সমস্যা মূলত: হাইপাৰথাইৰয়ড অথবা হাইপোথাইৰয়ড –এই দুই অৱস্থাৰ যিকোনো এটা হ’ব পাৰে।

ক) হাইপাৰথাইৰয়ড অৱস্থা

হাইপাৰথাইৰয়ড অৱস্থা গ্ৰন্থিটোৱে বেছি কাৰ্যক্ষম হৈ বেছিকৈ থাইৰয়ড হৰম;ন নিৰ্গমণ কৰে। ফলত শৰীৰত থাইৰয়ড হৰম’নৰ পৰিমাণ বাঢ়ে। ইয়াক থাইৰোটক্সিকোছিছ বুলিও কোৱা হয়। যদিহে থাইৰয়ড গ্ৰন্থিৰ নিজা সমস্যাৰ বাবে এনে হয়, তেন্তে তাক প্ৰাইমাৰী হাইপাৰথাইৰয়ডিজম আৰু পিটুইটাৰী গ্ৰন্থি অথবা হাইপোথেলামাছৰ সমস্যাৰ বাবে এনে হ’লে ক্ৰমান্বয়ে ছেকেণ্ডাৰী  হাইপাৰথাইৰাডিজম আৰু টাৰচিয়াৰী হাইপাৰথাইৰয়ড বুলি কোৱা হয়।

থাইৰয়ড গ্ৰন্থিটোৰ আকাৰ বঢ়া, মাল্টিনডুলাৰ গ’য়টাৰ, থাইৰয়ড গ্ৰন্থিৰ টিউমাৰ, গ্ৰেভচ ৰোগ, থাইৰোডাইটিছ টক্সিক এডিনোমা, থাইৰয়ড নডুল, দৰবৰ পাৰ্শ্বক্ৰিয়া (যেনে—এমাইঅ’ডেৰন, আয়োডিন ইত্যাদি) আদি প্ৰাইমাৰী হাইপাৰথাইৰয়ডিজম আৰু হাইপোথেলামাছৰ টিউমাৰ টাৰচিয়াৰী হাইপাৰথাইৰয়ডিজমৰ কাৰণ। শৰীৰৰ ওজন কমি অহা (নিয়মিত আহাৰ খাই থকা সত্বেও), ভোক বাঢ়ি অহা, গৰম সহ্য কৰিব নোৱাৰা অৱস্থা হোৱা, অত্যধিক ভাগৰ লগা, ভালদৰে টোপনি নোহোৱা, বুকুৰ ধপধপনি বাঢ়ি অহা, শৰীৰৰ কঁপনি উঠা, আঙুলিৰ কঁপনি, সঘনাই বেছি পৰিমাণৰ পায়খানা হোৱা, স্নায়ুৰ দুৰ্বলতা, খিংখিঙিয়া ভাব,মাংসপেশীৰ দুৰ্বলতা, চুলিসৰা, ছালৰ ৰোগ, ছালৰ খজুৱতি, ঘামি অহা, মুৰৰ বিষ, চকু ৰঙা পৰা, চকুকেইটা প্ৰকট হৈ বাহিৰলৈ ওলাই অহাৰ লেখীয়া হোৱা, মাহেকীয়া বন্ধ হোৱা, ঋতুস্ৰাৱ কমি অহা, সন্তানহীনতা, পুৰুষৰ ক্লীৱতা অদি এই অৱস্থাৰ লক্ষণ। এই অৱস্থাৰ বাবে গৰ্ভৱতী মাতৃৰ গৰ্ভপাত পৰ্যন্ত হ’ব পাৰে। কেতিয়াবা এই অৱস্থাত উপসৰ্গবোৰ বাঢ়ি আহে। ভয়ানক ভাৱে জৰুৰীকালীন অৱস্থাৰ সৃষ্টি কৰা এই পৰিস্থিতিত থাইৰোটক্সিক ক্ৰাইছিছ বা থাইৰয়ড ষ্টৰ্ম বুলি কোৱা হয়। এই অৱস্থাত হাৰ্ট ফেইলাৰ পৰ্যন্ত হ’ব পাৰে। এনে অৱস্থাত জৰুৰীকালীন চিকিৎসাৰ প্ৰয়োজন হয়।

খ) হাইপোথাইৰয়ড অৱস্থা:

হাইপোথাইৰয়ড অৱস্থাত গ্ৰন্থিটোৰ কাৰ্যদক্ষতা কম হোৱা ববে ইয়াৰ পৰা কম পৰিমাণে থাইৰয়ড হৰম’ন নিৰ্গত হয়। ফলত শৰীৰত থাইৰয়ড হৰম’নৰ পৰিমাণ কমি যায়। থাইৰয়ড গ্ৰন্থিৰ নিজা সমস্যাৰ বাবে এনে হ’লে তাক প্ৰাইমাৰী হাইপোথাইৰয়ডিজম আৰু পিটুইটাৰী গ্ৰন্থী অথবা হাইপোথেলমাছৰ সমস্যাৰ বাবে এনে হ’লে ক্ৰমান্বয়ে ছেকেণ্ডাৰী হাইপোথাইৰয়ডিজম আৰু টাৰচিয়াৰী হাইপোথাইৰয়ডিজম বুলি কোৱা হয়। থাইৰয়ড গ্ৰন্থীটো সৰু হোৱা, কিছু পৰিমাণে নষ্ট হোৱা, গ্ৰেভচ ৰোগ, থাইৰয়ড গ্ৰন্থিৰ কৰ্কট ৰোগ, আয়োডিনৰ অভাৱ, হাচিমটো থাইৰোডাইটিছ, শাৰীৰিক অৰু মানসিক ষ্ট্ৰেছ, দৰৱৰ পাৰ্শ্বপ্ৰতিক্ৰিয়া (যেনে-এমাইঅ’ডেৰন, লিথিয়াম, কাৰবিমাজল। মেথিমাজল, প্ৰপাইল থায়ৈউৰাচিল ইত্যাদি) গয়ট্ৰজেনিক খাদ্য (যেনে- বন্ধাকবি, ফুলকবি, চালগোম, ছয়াবিন ইত্যাদি) অত্যধিক গ্ৰহণ থাইৰয়ড গ্ৰন্থিৰ জনমগত বিকৃতি, থাইৰয়ড গ্ৰন্থিৰ অস্ত্ৰোপচাৰ, তেজস্ক্ৰীয় আয়োডিনৰ ব্যৱহাৰ আদি প্ৰাইমাৰী হাইপোথাইৰয়ডিজমৰ প্ৰধান কাৰণ। পিটুইটাৰী গ্ৰন্থীৰ কৰ্কট ৰোগ, কাৰ্যদক্ষতা কমোৱা ৰোগ, ছেকেণ্ডাৰী হাইপোথাইৰডিজমৰ কাৰণ আৰু হাইপোথেলামাছৰ কাৰ্যদক্ষতা কমোৱা ৰোগ টাৰচিয়াৰী হাইপোথাইৰয়ডোজমৰ কাৰণ।

সহজতে ভাগৰুৱাহোৱা,হাত দুখনৰ জিনজিননি, চিৰিংকৈ হোৱা হাতৰ বিষ, মাত গাঢ় হোৱা, পায়খানা টান হোৱা, হতাশাত ভোগা, মানসিক ৰোগ হোৱা, কাণেৰে কম শুনা হোৱা, শুকান ৰুঢ় ছাল আৰু চুলি, চুলি সৰা, চকুৰ চাৰিওফালে উখহি উঠা, ভৰি ফুলা, তেজ বমি হোৱা, অত্যধিক ঋতুস্ৰাৱ হোৱা, সন্তানহীনতা, পুৰুসৰ ক্লিৱতা আদি এই অৱস্থাৰ লক্ষণ। এই অৱস্থাত কেতিয়াবা ৰোগী অজ্ঞান পৰ্যন্ত হ’ব পাৰে। এনে অজ্ঞান অৱস্থাক মিক্সোডিমা ক’মা বুলি কোৱা হয়।

চিনাক্তকৰণ

ৰোগীৰ তেজত থকা থাইৰয়ড হৰম’নৰ মাত্ৰা নিৰুপণ কৰি এই সমস্যা চিনাক্ত কৰিব পাৰি। তেজত TSH মুঠ T3 আৰু T4 (Total T3, T4),মুক্ত T3 আৰু T4 (FreeT3,T4)ৰ পৰিমাণ নিৰুপণ কৰা হয়। থাইৰয়ড হৰম’নৰ সাধাৰণ অৱস্থাক ইউথাইৰয়ডৰ্বুলি কোৱা হয়। এনেৰ অৱস্থাত তেজত TSH ৰ পৰিমাণ (দুইৰ পৰা বাৰ বছৰৰ তলৰ শিশুৰ ০.৬৪-৬.২৭ মিলি IU প্ৰতি মিলিলিটাৰ, বাৰৰ পৰা ওঠৰ বছৰৰ তলৰ ল’ৰা-ছোৱালীৰ ০.৫১ ৰ পৰা ৪.৯৪ মিলি IU প্ৰতি মিলিলিটাৰ, ওঠৰ বছৰৰ ওপৰৰ ব্যক্তিৰ ০.৫৫ ৰ পৰা ৪.৭৮ মিলি IU প্ৰতি মিলিলিটাৰ); মুঠ T3 ৰ পৰিমাণ ৬০ ৰ পৰা ১৮১ নেনোগ্ৰাম প্ৰতি ডেচিলিটাৰ; মুঠ T4 ৰ পৰিমাণ ৩.২ ৰ পৰা ১২.৬ নেনোগ্ৰাম প্ৰতি ডেচিলিটাৰ; মুক্ত T3ৰ পৰিমাণ ১.৫ৰ পৰা ৪.১ পিকোগ্ৰাম প্ৰতি ডেচিলিটাৰ; আৰু মুক্ত T4ৰ পৰিমাণ ০.৮-১.৯ নেনোগ্ৰাম প্ৰতি ডেচিলিটাৰ থাকে। সাধাৰণতে প্ৰাইমাৰী হাইপাৰথাইৰয়ড অৱস্থাত T3 আৰু T4 ৰ পৰিমাণ বাঢ়ি TSH ৰ পৰিমাণ ০.০১ মিলি IU প্ৰতি মিলিলিটাৰতকৈ কম হোৱা দেখা যায়। আনহাতে প্ৰাইমাৰী হাইপোথাইৰয়ড অৱস্থাত T3 আৰু T4 ৰ কমি আহে আৰু TSH ৰ পৰিমাণ ৭.০ মিলি IU প্ৰতি মিলিলিটাৰতকৈ বেছি হোৱা দেখা যায়। কিন্তু ছেকেণ্ডাৰী আৰু টাৰচিয়াৰী হাইপাৰথাইৰয়ডিজম অৱস্থাত T3 আৰু T4 ৰ পৰিমাণ বাঢ়ি যায় যদিও TSHৰ পৰিমাণ সঠিক থাকে অথবা সমান্যভাৱে বাঢ়ি যায়। তেনেদৰে ছেকেণ্ডাৰী আৰু টাৰচিয়াৰী হাইপোথাইৰডিজম অৱস্থা T3 আৰু T4 ৰ পৰিমাণ কমি যায় আৰু TSHৰ পৰিমাণ সঠিক থাকে অথবা সমান্যভাৱে কমি যায়। সেয়েহে প্ৰাইমাৰী অৱস্থাৰ সৈতে ছেকেণ্ডাৰী অথবা টাৰচিয়াৰী অৱস্থাৰ পাৰ্থক্য চাবলৈ TSH ৰ পৰিমাণ নিৰুপণ এক সুন্দৰ মাপকাঠি। ইয়াৰ উপৰি অন্যান্য কাৰণবোৰ থিৰাং কৰাৰ বাবে এণ্টিবডি, বিশেষকৈ Anti TPO, ৰেডিঅ’আইচোটোপ ইমেজিং, আল্ট্ৰাছাউণ্ড, FNAC আদি কৰিব পাৰি।

চিকিৎসা

১) হাইপাৰথাইৰয়ড অথবা হাইপোথাইৰয়ড অৱস্থাৰ সৃষ্টি কৰা কাৰণবোৰ চিকিৎসা কৰা।

২) হাইপাৰথাইৰয়ড অৱস্থাৰ সৃষ্টি হ’লে, থাইৰয়ড গ্ৰন্থিৰ ভিতৰত বেছিকৈ হৰম’ন গঠন প্ৰক্ৰিয়াৰ গতি কমাই অনাই মুখ্য উদ্দেশ্য। এই অৱস্থাত সাধাৰণতে এণ্টিথাইৰয়ড দৰবৰ (যেনে—কাৰবিমাজল, মেথিমাজল, প্ৰপাইলথায়োইউৰাচিল) লগত বিটা ব্লকাৰ ঔষধেৰে ৰোগীক চিকিৎসা কৰা হয়। ইয়াৰ বাবে মুখেৰে খোৱা ঔষধেই যথেষ্ট। চিকিৎসা অলপ দীঘলীয়া হ’ব পাৰে। কেতিয়াবা থাইৰয়ড গ্ৰন্থিৰ আকাৰ কমাবলৈ গ্ৰন্থিটোৰ অস্ত্ৰোপচাৰ অথবা তেজস্ক্ৰীয় আয়োডিন ব্যৱহাৰ কৰা হয়। তদুপৰি ইয়াৰ স’তে জড়িত উপসৰ্গবোৰৰ চিকিৎসা কৰিব লাগে।

৩) হাইপোথাইৰয়ড অৱস্থাৰ সৃষ্টি হ’লে, বাহিৰৰ পৰা থাইৰয়ড হৰম’ন পিল(যেনে—থাইৰোনৰ্ম, এলট্ৰস্কিন) চিকিৎসকে নিৰ্দ্ধাৰণ কৰি দিয়া পৰিমাণত নিয়মীয়াকৈ খাই থাকিব লাগিব। ই আজীৱন খাব লাগে। গৰ্ভৱতী অৱস্থাতো এই ঔষধ খাব পাৰি। থাইৰয়ড হৰম’নৰ পিল পুৱা খালী পেটত খাব লাগে। অন্য ঔষধ থাইৰয়ড হৰম’নৰ পিল খোৱাৰ কমেও এক ঘণ্টা পিছতহে খাব লাগে। চিকিৎসকে সাধাৰণতে নিম্নতম পৰিমাণৰ থাইৰয়ড হৰম’ন ব্যৱহাৰ কৰাটো বিচাৰে, কিন্তু সঠিক ড’জ নিৰ্ধাৰণ কৰিবলৈ পোনতে ২/৩ মাহৰ মুৰে মূৰে তেজৰ হৰম’নৰ পৰিমাণ পৰীক্ষা কৰিবলগীয়া হয়। পিছলৈ বেছি সময়ৰ ব্যৱধানত পৰীক্ষাকৰিলেও চলিব। কিছুমান ঔষধ (zএনে—এণ্টাচিড, কেলচিয়াম, আইৰণ) থাইৰয়ড হৰম’ন পিলৰ ক্ৰিয়াত ব্যাঘাত জন্মায়। গতিকে চিকিৎসকৰ অজ্ঞাতে একো দৰব খাব নালাগে। হাইপোথাইৰয়ডিজমৰ চিকিৎসা কৰি থাকোতে বুকুৰ ধপধপনি হ’লে, বৰ্ধিত ওজন অতি দ্ৰুতভাবে হ্ৰাস হ’লে, বেছিকৈ ঘামিলে, কঁপনি বা অস্থিৰতা অনুভৱ কৰিলে লগে লগে চিকিৎসকক জনাব লাগে। জোখতকৈ বেছিকৈ দৰৱ সেৱন কৰাৰ ফলত এনে হ’ব পাৰে। হাইপাৰথাইৰয়ড আৰু হাইপোথাইৰয়ডৰ খাদ্য তালিকাত নিষেধাজ্ঞা পৃথক পৃথক। হাইপোথাইৰয়ড অৱস্থাত গৰল উৎপন্ন কৰাৰ সম্ভাৱনা থকা খাদ্য, যেনে—বন্ধাকবি, ফুলকবি, ব্ৰুকলি, বীন, মটৰ,। মিঠা আলু, কাঠ আলু, গোমধান, চালগোম, চালাড পাত, কটাৰী ডবুৱা মাহ, বজৰা, সৰিয়হ পাত, মূলা, পালেংশাক, বাঁহগাজ, আদি খাব নালাগে। এইবিলাকত থকা ছালফাৰে আয়োডিন আহৰণত বাধা দিয়ে বাবে থাইৰয়ড হৰম’ন কমকৈ তৈয়াৰ হয়। এইবোৰ থাইৰয়ড চাপ্ৰেচৰ খাদ্য। আনহাতে গ্লুটেনযুক্ত খাদ্যি(যেনে-গোমধান, ঘেঁহু, বাৰ্লিজতীয় খাদ্য)অট’ইমুন ৰোগ উৎপন্ন কৰিব পাৰে। ছয়াবিন আৰু ছয়াবিনৰ পৰা বনোৱা গাখীৰ ৰাসায়নিক পদাৰ্থই আয়োডিন থাইৰয়ড গ্ৰন্থীলৈ সোমোৱাত বাধা দিয়ে। আহোমবগৰী, প্লাম, ষ্ট্ৰবেৰী, পাইনৰ গুটি, মটৰমাহ আদিয়ে থাইৰয়ড হৰম’ন শৰীৰৰ কোষত সোমোৱাত বাধা দিয়ে বাবে এইবোৰ খাদ্য হাইপোথাইৰয়ড অৱস্থাত ত্যাগ কৰি আয়োডিনযুক্ত খাদ্য, আয়োদিনযুক্ত মিহি নিমখ, ভিটামিন আৰু এণ্টিঅক্সিডেণ্টযুক্ত (যেনে—হালধি, আদা, শুকান ফল, সাগৰীয় মাছ, জামু আদি) পুষ্টিকৰ খাদ্য খাব লাগে। হাইপাৰথাইৰয়ড অৱস্থাত চাহ, কফী, চকলেট, নাৰিকল, আভাকাডো, ৰঙা মাংস, কণী, চিষ্টিনযুক্ত খাদ্য খোৱা উচিত নহয়। বন্ধাকবি, ফুলকবি, ব্ৰুকলি, বীন, মটৰ, ছয়াবিন আদি খাব পাৰি। থাইৰয়ড চাপ্ৰেচৰ খাদ্য খোজ্বাৰ লগতে কম আয়োডিনযুক্তখাদ্য আৰু ভিটামিনযুক্ত পুষ্টিকৰ খাদ্য খাব লাগে।

লেখক : ডা: ধৰ্মকান্ত কুম্ভকাৰ,

উৎস : স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 6/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate