অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নখচুকীয়া ৰোগ

নখচুকীয়া ৰোগ

নখচুকীয়া ৰোগ হ'ল এবিধ সচৰাচৰ চকুত পৰা ৰোগ৷ ইয়াৰ নামটোৱেই সূচায় ৰোগৰ উৎপত্তিৰ থল হ'ল নখৰ চুক৷ কিন্তু সময়মতে সুচিকিৎসা নাপালে সাধাৰণ যেন লগা এই ৰোগে জটিল ৰূপ ধাৰণ কৰিব পাৰে৷ মেডিকেলৰ ভাষাত নখচুকীয়াক Paronychea বোলে৷ লেটিন শব্দ  Paronycheaৰ অৰ্থ হ'ল নখৰ সমীপত হোৱা সংক্ৰমণ৷নখচুকীয়াৰ প্ৰাদূৰ্ভাৱ মহিলাৰ ক্ষেত্ৰত পুৰুষৰ তুলনাত তিনিগুণ বেচি৷ আকৌ বয়স বঢ়াৰ লগেলগে নখচুকীয়াৰ  সম্ভাৱনা বৃদ্ধি পায়৷ডায়েবেটিজ ৰোগী,কৰ্কট ৰোগী,এইচ আই ভিৰ ৰোগী আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা লোকৰ নখচুকীয়া বেচিকৈ হয়৷ নখচুকীয়া প্ৰাথমিক অৱস্থাত 'একিউট' বা কম সময়তে উৎপত্তি হোৱা ধৰণৰ হয়৷ সঘনাই বাৰম্বাৰ 'একিউট' সংক্ৰমণত ভূগি থাকিলে সি 'ক্ৰনিক' বা দীৰ্ঘদিনীয়া ৰোগলৈ গতি কৰিব পাৰে৷

একিউট পেৰ'নাইকীয়াৰ উৎপত্তিৰ  নিম্নলিখিত কাৰণসমূহ হব পাৰে : নখ কামুৰি থকা অতি ছুটিকৈ নখ কাটোতে জখম হোৱা প্ৰসাধন ব্যৱস্থাৰে নখৰ তদাৰক কৰোতে আঘাত পোৱা বাৰে বাৰে বেচি সময়লৈ হাত-ভৰি পানীত ডুবাই থকা৷ যেনে বাচন  আৰু কাপোৰ ধোৱা লোক, মাছমৰীয়া, সন্তৰনবিদ আদি সঘনাই ৰাসায়নিক দ্ৰব্য নখৰ সংস্পৰ্শলৈ আহি থকা ; (আনকি নেইল পলিচ বা পলিচ ৰিমুভাৰো অপকাৰী হব পাৰে)মাটি বোকা আদিৰ সংস্পৰ্শ নখতহৈ থকা কোনোকীট-পতংগই কামুৰিলে নখ অপৰিস্কাৰকৈ ৰাখিলে একিউট পেৰ'নাইকীয়াৰ লক্ষণসমূহ হ'ল - নখৰ চুকৰ ছাল পোনতে ৰঙা পৰা আৰু বিষোৱা৷ প্ৰথমতে বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত এনে হয়,যাক চিকিৎসকে Cellulitis বোলে৷ কেইদিনমানৰ পিছতে নখৰ চুকত পূঁজ জমা হবলৈ ধৰে৷সেই সময়ত ৰোগীয়ে জ্বৰ-বিষ আদি অনুভৱ কৰে৷ সঠিক চিকিৎসাত এনে অৱস্থাৰ পৰা ৰোগৰ সম্পূৰ্ণ নিৰাময়সম্ভৱপৰ৷

একিউট পেৰ'নাইকীয়াৰ কাৰক সাধাৰণতে নিম্ন  বেক্টেৰিয়াসমূহ :

ষ্টেফাইল'কক্কাচ অ'ৰিয়াচ (মূলত:)ষ্ট্ৰেপ্তকক্কাচ প্ৰজাতি চিউডমনাচ প্ৰজাতি ফচাৰিয়াম প্ৰজাতি গ্ৰাম-নিগেটিভ বেক্টেৰিয়া এন-এৰ'বিক বেক্টেৰিয়া

ইয়াৰ বিপৰীতে ক্ৰনিক পেৰ'নাইকীয়াৰ মূল কাৰক হ'ল ভেঁকুৰ (কেনডিডা এলবিকানচ্)৷ক্ৰনিক পেৰ'নাইকীয়াৰ অন্যান্য কাৰক হব পাৰে - বেক্টেৰিয়া, মাইক'বেক্টেৰিয়া, ভাইৰাচ৷ টিউমাৰ যেনে মেলান'মা, স্কোৱামাচ চেল কাৰচিন'মা৷ ডায়েবেটিজৰ ৰোগী, এইচ আই ভিত আক্ৰান্তলোক, ষ্টেৰইড আৰু এন্টিভাইৰেল  সেৱন কৰি থকালোক, চ'ৰিয়াচিচৰ ৰোগী - এইসকলৰ মাজত অনায়াসে ক্ৰনিক পেৰ'নাইকীয়া  ব্যাপ্তহৈ থাকে৷ নখচুকীয়া পুৰণি হলে হব পৰা জটিলতা- অষ্টিঅ'মায়েলাইটিচ, টেন'চাইনোভাইটিচ, এচেণ্ডিং লিম্ফেনজাইটিচ আদি ক্ৰনিক পেৰ'নাইকীয়াৰ লক্ষণসমূহ হ'ল নখৰ চুকৰ বিকৃতি ঘটা, কোনৰ ফালে আক্ৰান্ত নখ ভাজ লাগি যায়৷ মাজে মাজে এৰাধৰাকৈ পূৰণি বা বিষ অনুভূত হয়৷

চিকিৎসা একিউট পেৰ'নাইকীয়াত উপযুক্ত এন্টিবায়টিক গ্ৰহণ কৰাটো আৱশ্যকীয়৷পূঁজ জমা হলে চিকিৎসকৰ সহায়লৈ সেয়া আতৰ কৰাটো দৰকাৰীকথা৷ প্ৰয়োজনসাপেক্ষে চিকিৎসকে পূঁজৰ কালচাৰ-চেনচিটিভিটি পৰীক্ষা কৰিও সঠিক ঔষধ নিৰ্ধাৰণ কৰিব পাৰে৷দৰকাৰ হলে লোকেল এনাচথেচিয়াৰ প্ৰয়োগ কৰি পূঁজ আতৰাব পাৰে৷ৰোগীয়ে নিজাকৈ পূঁজ আতৰোৱাৰ প্ৰয়াস নকৰাই ভাল৷

ক্ৰনিক পেৰ'নাইকীয়াৰ বাবে দীৰ্ঘকালীন চিকিৎসাৰ প্ৰয়োজন হয়৷ভাজ খোৱা নখৰ স্বাভাবিক অৱস্থা ঘূৰি আহিবলৈ কেইবামাহো বা বছৰৰ অধিককাল সময় লাগিব পাৰে৷ গ্ৰাইচিঅ'ফালভিন, ফ্লুক'নাজল বা আন ভেঁকুৰ নিৰ্মূলকাৰী দৰব বহু মাহলৈ চিকিৎসকৰ তত্বাবধানত গ্ৰহণ কৰিবলগীয়া হব পাৰে৷ বিকৃত নখৰ অংশবিশেষ চিকিৎসকে কাটি পেলাবলগীয়া হব পাৰে৷সাধাৰণতে দীৰ্ঘদিনলৈ নখৰ চুকত এন্টিফাংগেল ক্ৰিম বা লোচন লগাই থাকিবলৈ পৰামৰ্শ দিয়া হয়৷

আনুসংগিক চিকিৎসা-গৰম পানীৰ সেক - নিমখ মিহলাই বা নিমিহলাই সহ্য কৰিব পৰা গৰম পানীৰ সেক ১৫মিনিটকৈ দিনে ৩বা ৪বাৰ লব লাগ৷ এনে কৰিলে তেজ চলাচল ভাল হয় আৰ ৰোগ নিৰাময়ত সেয়ে সহায়ক হয়৷ হাইড্ৰজেন পেৰঅস্কাইড, অলিভ অইল, টি ট্ৰি অইল -এইবিলাক হ'ল নখ পৰিস্কাৰ কৰাত সহায়কাৰী পদাৰ্থ৷ আৰাম দিব পৰা ঘৰুৱা চিকিৎসাৰ ভিতৰত পৰে- হালধি-মিঠাতেলৰ মিশ্ৰণ,তুলসী-মৌ জোলৰ মিশ্ৰণ,নহৰু-মিঠাতেলৰ মিশ্ৰণ,মৌ জোল-ডালচেনি পাউদাৰৰ মিশ্ৰণ৷ অসুখৰ পৰা হাত সাৰি থাকিবলৈ হলে লবলগীয়া সতৰ্কতা-
হাত আৰু ভৰি পৰাপক্ষত শুকানকৈ ৰাখিব৷ বিভিন্ন কামত ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ কৰোতে হাত মোজা পিন্ধিব৷ আপোনাৰ নখক যি কোনো আঘাতৰ পৰা বচাই ৰাখিব৷ নিজৰ নেইলকাটাৰৰ বাহিৰে আনৰ সজুলি কেতিয়াও ব্যৱহাৰ নকৰিব৷যদিহে আপুনি ডায়েবেটিজ বা আন ৰোগত আক্ৰান্ত চিকিৎসকৰ পৰামৰ্শমতে তাৰ যথোপযুক্ত চিকিৎসা একে সময়তে চলাই যাব৷মোখনিত এটা কথাই কম যিদৰে নখৰ ভেঁকুৰ হোৱা ৰোগত আমাৰ দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ অনেকলোকে ভূগি আছে-একেদৰে নখচুকীয়াটো (বিশেষকৈ ক্ৰনিক পেৰ'নাইকীয়াত)বেচ বুজন সংখ্যকলোক (অধিকাংশই মহিলা) ভুক্তভোগীহৈ আছে৷

উৎস : ডা০ ভূপেন শইকীয়া

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate