অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নখত ভেঁকুৰে কৰা ৰোগ আৰু তাৰ প্ৰতিকাৰ

Onychomycosis বা Tinea unguentum হ’ল নখৰ ভেঁকুৰে কৰা ৰোগৰ ডাক্তৰী নাম। সৰু ল’ৰা-ছোৱালীৰ তুলনাত বয়স্ক লোকৰ মাজত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি। মহিলাৰ তুলনাত পুৰুষ বেছিকৈ আক্ৰান্ত হয়। নখৰ আন আন সকলো ৰোগৰ তুলনাত এই ৰোগ আটাইতকৈ বেছিকৈ হয়। জনসাধাৰণৰ দহ শতাংশ লোকেই এই অসুখৰ ভুক্তভোগী। মানুহৰ আয়ুস ৬০-৭০ বা ততোধিক হোৱাৰ লগে লগে নখত ভেঁকুৰ হোৱাৰ সম্ভাৱনা ক্ৰমে বৃদ্ধি পায়। বহুমূত্ৰ ৰোগী, তেজ চলাচলত বিজুতি থকা লোক, বিভিন্ন কাৰণত ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱা লোক (যেনে- কেণ্সাৰ বা অংগ ট্ৰাণ্সপ্লাণ্টৰ ঔষধ সেৱনকাৰী), এইচ আই ভিত আক্ৰান্ত ৰোগ আদিৰ মাজত নখত বেছিকৈ ভেঁকুৰ হোৱা দেখা যায়। একে পৰিৱেশত থকা হেতুকে পৰিয়ালৰ একাধিক সদস্যলৈ এই ৰোগ সোঁচৰা দেখা যায়। ৰোগৰ সোনকালে চিনাক্তকৰণ হোৱাটো বৰ লাগতিয়াল কথা। কাৰণ ভৰিৰ বা হাতৰ এটা বা দুটা নখত আৰম্ভ হোৱা ভেঁকুৰ ৰোগৰ চিকিৎসা নকৰিলে গোটেই কুৰিটা নখলৈ বিয়পাটো ধুৰুপ। তদুপৰি যিমানেই ৰোগ পুৰণি হয় সিমানেই আৰোগ্য হ’বলৈ সময় লয় আৰু সম্পূৰ্ণ নিৰাময় নহ’বও পাৰে।

নখত ভেঁকুৰে ধৰিলে নখৰ স্বাভাৱিক উজ্জ্বলতা হ্ৰাস পায়। নখৰ ৰং বগা, হালধীয়া, মুগা, সেউজীয়া বা ক’লা বৰণৰ হৈ পৰে। দিন যোৱাৰ লগে লগে আক্ৰান্ত নখ ভংগুৰ হ’বলৈ ধৰে। নখটো আঙুলিৰ পৰা এৰাব খোজা যেন হয়। নখৰ তলত নিকৰি বান্ধিব পাৰে। নখৰ তলত ময়লা জমা হ’ব পাৰে। নখৰ ওচৰৰ ছালৰ স্বৰূপ সলনি হয়। নখত অস্বস্তি বা বিষ অনুভৱ হ’ব পাৰে। দুৰ্গন্ধ ওলাব পাৰে। অসুখ পুৰণি হ’লে আক্ৰান্ত নখ দেখিবলৈ আপচু হৈ পৰে। ইয়াৰ পৰিণতিত ৰোগীৰ মানসিক অৱস্থা ভাগি পৰে আৰু কৰ্মদক্ষতা হ্ৰাস পায়।

ৰোগ সৃষ্টি কৰা ভেঁকুৰসমূহৰ ভিতৰত উল্লেখযোগ্য দুবিধৰ নাম হ’ল ট্ৰাইকোফাইটন ৰুব্ৰাম আৰু ট্ৰাইকোফাইটন মটাগ্ৰ’ফাইটছ। কেনডিডা নামৰ শেলৱৈও নখৰ তদ্ৰূপ অৱস্থাৰ সৃষ্টি কৰিব পাৰে। থোৰতে ক’বলৈ হ’লে নখৰ কোন অংশত কিদৰে ৰোগৰ প্ৰভাৱ পৰিছে, তাৰ ওপৰত নিৰ্ভৰ কৰি নখৰ ভেঁকুৰক পাঁচটা গোটত বিভক্ত কৰা হৈছে।

ৰোগৰ চিনাক্তকৰণ

মাইক্ৰ’স্কোপত ভেঁকুৰ দেখা যাব পাৰে। ইয়াৰ পোনতে নখ এটা এলকহলেৰে পৰিষ্কাৰ কৰি ল’ব লাগে। ইয়াৰ দ্বাৰা ধূলি, বালি, ময়লা আৰু বেক্টেৰিয়া আঁতৰাই লোৱা হয়। এতিয়া নখৰ এটা সৰু অংশ কাটি মাইক্ৰ’স্কোপত ভেঁকুৰৰ নিৰীক্ষণ কৰক। ইয়াৰ বাহিৰেও লেব’ৰেটৰীত ভেঁকুৰ চিনাক্তকৰণৰ আন উপায়ো আছে। সেইবিলাকৰ কিছুমান হ’ল এচিড স্কিফ ষ্টেইন, বায়’স্পী, কালচাৰ, হিষ্ট’লজী পৰীক্ষা আদি। নখৰ আন কিছুমান ৰোগৰ নখৰ ভেঁকুৰৰ লগত সাদৃশ্য দেখা যায়। সেইবিলাকৰ কিছুমান হ’ল চ’ৰিয়াছিছ, কণ্টেক্ট ডাৰমেটাইটিছ, লাইকেন প্লেনাচ, নখত হোৱা টিউমাৰ (উদাহৰণ মেলানোমা ফাইব্ৰ’মা), নখত পোৱা আঘাত, হালধীয়া নখ হোৱা ছিণ্ড্ৰম, নখচুকীয়া (পেৰনাইকিয়া), ভাইৰেল আচিনাই, ২০ নেইল ডিচট্ৰফি, ক্ৰ’নিক ডাৰমেটাইটিছ, ব’ৱেন ডিজিজ নামৰ কৰ্কট ৰোগ আদি। নখচুকীয়া এবিধ নখৰ পৃথক ৰোগ। এই ৰোগ নখৰ চুকৰ ছালত আৰম্ভ হয়। বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত সেই অংশত বিষ, পূঁজ হয়। নখচুকীয়া কম দিনৰ (একিউট) বা দীৰ্ঘকালীন (ক্ৰ’নিক) হ’ব পাৰে। ক্ৰ’নিক পেৰ’নাইকীয়াত একেলগে নখৰ ভেঁকুৰো হ’ব পাৰে। সময়মতে উপযুক্ত চিকিৎসা নকৰিলে Septic tenosynovitis, Osteomyelitis আদিৰ দৰে জটিলতাৰ সৃষ্টি হ’ব পাৰে।

চিকিৎসা

নখৰ ৰক্ত সঞ্চালন প্ৰণালী তেনেই নগণ্য। নখ কঠিন কেৰাটিন নামৰ তত্ত্বৰ দ্বাৰা গঠিত। নখৰ ভিতৰেদি দ্ৰব্য পাৰ হৈ নাযায়। সেয়ে যিকোনো দৰবে ইয়াত ক্ৰিয়া কৰিবলৈ সময় লয়। বিশেষকৈ বাহিৰৰ পৰা প্ৰয়োগ কৰা দৰবৰ ক্ষেত্ৰত।

খোৱা দৰব

এটা সময়ত বহুল প্ৰচাৰিত গ্লাইচিঅ’ফ্লেবিনৰ ঠাই লৈছেহি নৱতম আৱিস্কৃত টাৰবিনাফিন, ফ্লক’নাজল, ইট্ৰাকনাজাল আদিয়ে। এইবিলাক বেছি ফলপ্ৰসূ আৰু তুলনামূলকভাৱে কম পাৰ্শ্বক্ৰিয়াযুক্ত। এইবিলাক ঔষধ লিভাৰৰ বিসংগতিত আৰু হৃদৰোগত ভুগি থকা লোকে ব্যৱহাৰ কৰা অনুচিত। নিয়মীয়াকৈ আন দৰব খাই থকা লোকেও এণ্টি-ফাংগল খোৱা দৰব সেৱন কৰাৰ আগতে চিকিত্সকৰ পৰামৰ্শ লোৱাটো বাঞ্চনীয়। গ্লাইচিঅ’ফ্লেবিনৰ কিছুমান হ’ব পৰা পাৰ্শ্বক্ৰিয়া হ’ল- গৰ্ভনিৰোধক পিলৰ সক্ৰিয়তা কমোৱা, মনোযোগ কমি যোৱা, ভাগৰ, ওকালি, নিদ্ৰাহীনতা, মূৰৰ বিষ, খজুৱতি।

লগোৱা দৰব

টাৰবিনাফিন, মাইকোনাজল, চাইক্ল’, পাইৰক্স, এম’ৰলফিন, ইফিনাক’নাজল, কিট’কনাজল, কোট্ৰাইমাজল, টায়ক’নাজল আদি।

ছাৰ্জিকেল পদ্ধতিৰ চিকিৎসা- এজন ছাৰ্জন বা চৰ্মৰোগ বিশেষজ্ঞই নখৰ তলিৰ এটা নিৰ্বাচিত অংশ কাটি ৰোগ সোনকালে আৰোগ্য হোৱাত সহায় কৰিব পাৰে। আজিকালি অত্যাধুনিক লেজাৰৰ চিকিৎসা কৰিও কিছুমান ৰোগীৰ ক্ষেত্ৰত সুফল পোৱা গৈছে। উল্লেখ্য যে চিকিৎসাৰ ভাল ফলাফল পাবলৈ হ’লে এজন ৰোগীৰ ক্ষেত্ৰতেই ওপৰৰ কেউবিধ চিকিৎসা পদ্ধতি প্ৰয়োগ কৰিবলগীয়া হ’ব পাৰে।

কিছুমান আনুষংগিক চিকিৎসা

ইউৰীয়া ক্ৰীম- নখত কেইদিনমান ইউৰিয়া ক্ৰীম লগালে নখ কুমলি যায় আৰু তেতিয়া বেছি কষ্ট নোহোৱাকৈ নখৰ আক্ৰান্ত অংশ কাটিব পাৰি।

ভিকচ ভেপ’ৰাব- দৈনিক ৰুগ্ন নখত ৪৮ সপ্তাহলৈ ভিকচ ভেপ’ৰাব লগালে ভেঁকুৰৰ বিনাশ ঘটে। এই ব্যৱস্থা ৮ শতাংশ চিক্লোপাইৰক্স মলমৰ ব্যৱহাৰ সমকক্ষ যেন দেখা গৈছে। নখৰ ময়লা আৰু সংক্ৰমণ থাকিলে হাইড্ৰ’জেন পেৰ’অক্সাইডেৰে নখৰ চুক-কোণ পৰিষ্কাৰ কৰিব পাৰি। ভাৰতৰে কিছুমান ঠাইত উপলব্ধ টি ট্ৰী অইল, স্নেকৰটুৰ ৰস একেদৰে নিয়মীয়াকৈ লগাই নখৰ ভেঁকুৰৰ চিকিৎসা কোনো কোনোজনে কৰি আহিছে।

ল’বলগীয়া সতৰ্কতা

সাধাৰণতে হাতৰ নখৰ তুলনাত ভৰিৰ নখত ভেঁকুৰৰ আৰম্ভণি বেছিকৈ হোৱা পৰিলক্ষিত হয়। সেয়ে ভৰি শুকান আৰু পৰিষ্কাৰকৈ ৰখা অতীব প্ৰয়োজন। সঘনাই মোজা সলাব লাগে। নাইলনৰ সলনি কপাহী মোজা বাছি ল’ব লাগে। আনৰ মোজা কেতিয়াও নিপিন্ধিব। প্ৰয়োজন সাপেক্ষে ফুট পাউডাৰ ব্যৱহাৰ কৰা ভাল। জোতা ৰ’দত দিব লাগে। অসুখীয়া লোকে ব্যৱহাৰ কৰা নেইল কাটাৰ আনে কেতিয়াও ব্যৱহাৰ নকৰিব। ৰাজহুৱা বাথৰুম, ছুইমিং পুল ৰোগ বিয়পাৰ থলী হ’ব পাৰে। নেইল পলিচ ত্যাগ কৰা ভাল। দীঘল নখ নাৰাখি সময়ে সময়ে নখ কাটি আঙুলি পৰিষ্কাৰকৈ ৰাখিব। দাঁতেৰে নখ কামোৰা অভ্যাস থাকিলে তাক পৰিত্যাগ কৰিব। নখ সাধাৰণতে গা ধুই উঠাৰ পিছত কাটিলে কাটিবলৈ সুবিধা হয়। যাৰ নখ বৰ টান তেনে লোকে ইউৰিয়া ক্ৰীম ব্যৱহাৰ কৰিলে সুফল পাব।

মোখনিত কওঁ যে ধৈৰ্যসহকাৰে আপুনি চিকিৎসকৰ পৰামৰ্শমতে চিকিৎসা লৈ যাওক। মানুহৰ নতুন নখ ওলাওঁতে তিনি মাহ সময় লাগে। গতিকে দৰবৰ প্ৰয়োগ ১০০ দিন বা ততোধিক কাল কৰিব লাগিব যে সেয়া ধুৰুপ। বহুক্ষেত্ৰত সতৰ্ক হৈ নচলিলে অসুখৰ পুনৰাবৃত্তি হ’ব পাৰে।

লেখকঃ ডাঃ ভূপেন শইকীয়া।

শেহতীয়া উন্নীতকৰণ: : 6/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate