অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নখত ভেঁকুৰে কৰা ৰোগ আৰু তাৰ প্ৰতিকাৰ

নখত ভেঁকুৰে কৰা ৰোগ আৰু তাৰ প্ৰতিকাৰ

যদিও লিখাটো হৈ উঠা নাছিল৷অলপতে দুজন ফেচবুক বন্ধুৱে এনে সমস্যাৰ প্ৰতিকাৰ বিচৰাত সকলো পাঠকৰ জ্ঞাতাৰ্থে এই ৰচনাখন আগবঢ়ালোঁ৷গুৱাহাটীৰ মোৰ ক্লিনিকত বহুতো লোকৰ নখত ভেঁকুৰে কৰা ৰোগৰ চিকিৎসা কৰি প্ৰায় এশ শতাংশ সফলতা লাভ কৰাত মই নথৈ আনন্দিত হৈছিলোঁ৷ভাল লাগিছিল যেতিয়া নেশ্বনেল হাইৱেৰ দাতিত থকা মোৰ ক্লিনিকলৈ কেইবাজনো ট্ৰাকৰ ড্ৰাইভাৰে আহি কৈছিল মই কলিকতা বা পঞ্জাবৰ লাইনৰ গাড়ী চলাওঁ, আপুনি নখৰ বেমাৰ ভাল কৰা কথা শুনি চিকিৎসা লব আহিছোঁ৷ বাৰু, এতিয়া পাতনি সামৰি মূল কথালৈ আহোঁ৷

Onychomycosis বা Tinea unguentum হ'ল নখত ভেঁকুৰে কৰা ৰোগৰ ডাক্তৰী নাম৷সৰু ল'ৰা-ছোৱালীৰ তুলনাত বয়স্ক লোকৰ মাজত এই ৰোগৰ প্ৰাদূ্ৰ্ভাৱ বেচি৷মহিলাৰ তুলনাত পুৰুষ বেচিকৈ আক্ৰান্ত হয়৷নখৰ আন সকলো ৰোগৰ তুলনাত এই ৰোগ আটাইতকৈ বেচিকৈ হয়৷জনসাধাৰণৰ দহ শতাংশ লোকেই এই অসুখৰ ভুক্তভোগী৷আমাৰ দেশৰ শীতোঞ্চ জলবায়ুৰ উত্তৰ পূৰ্বাঞ্চলত এনে ৰোগীৰ সংখ্যা হয়তো ভবাতকৈ বেচি ওলাব পাৰে৷ মানুহৰ আয়ুস ৬০,৭০ বা ততোধিক হোৱাৰ লগে লগে নখত ভেঁকুৰ হোৱাৰ সম্ভাৱনা ক্ৰমে বৃদ্ধি পায়৷বহুমূত্ৰ ৰোগী, তেজ চলাচলত বিজুতি থকা লোক(Peripherial vascular disease), বিভিন্ন কাৰণত ৰোগ প্ৰতিৰোধৰ ক্ষমতা কমি যোৱা লোক(যেনে কেঞ্চাৰ বা অংগ ট্ৰান্সপ্লান্টৰ ঔষধ সেৱনকাৰী), এইচ আই ভিত আক্ৰান্ত লোক আদিৰ মাজত নখত বেচিকৈ ভেঁকুৰ হোৱা দেখা যায়৷ একে পৰিবেশত থকা হেতুকে পৰিয়ালৰ একাধিক সদস্যলৈ এই ৰোগ সোঁচৰা দেখা যায়৷ৰোগৰ সোনকালে চিনাক্তকৰণ হোৱাটো বৰ লাগতিয়াল কথা, কাৰণ ভৰিৰ বা হাতৰ এটা বা দুটা নখত আৰম্ভ হোৱা ভেঁকুৰ ৰোগৰ চিকিৎসা নকৰিলে গোটেই কুৰিটা নখলৈ বিয়পাটো ধুৰূপ৷তদুপৰি যিমানে ৰোগ পুৰণি হয়, সিমানেই আৰোগ্য হবলৈ সময় লয় আৰু সম্পূৰ্ণ নিৰাময় নহবগৈও পাৰে৷

নখত ভেঁকুৰে ধৰিলে নখৰ স্বাভাবিক উজ্বলতা হ্ৰাস পায়৷ নখৰ ৰং বগা, হালধীয়া, মূগা, সেউজীয়া বা ক'লা বৰণৰ হৈ পৰে৷ দিন যোৱাৰ লগে লগে আক্ৰান্ত নখ ভংগুৰ হবলৈ ধৰে৷নখটো আঙুলিৰ পৰা এৰাব খোজা যেন হয়৷ নখৰ তলত নিকৰি বান্ধিব পাৰে৷নখৰ তলত ময়লা জমা হব ধৰে৷ নখৰ ওচৰৰ ছালৰ স্বৰূপ সলনি হয়৷নখত অস্বস্তি বা বিষ অনুভৱ হব পাৰে৷দূৰ্গন্ধ ওলাব পাৰে৷অসুখ পুৰণি হলে আক্ৰান্ত নখ দেখিবলৈ আপচু হৈ পৰে৷ ইয়াৰ পৰিণতিত ৰোগীৰ মানসিক অৱস্থা ভাগি পৰে আৰু কৰ্মদক্ষতা হ্ৰাস পায়৷

ৰোগ সৃষ্টি কৰা ভেঁকুৰসমূহৰ ভিতৰত উল্লেখযোগ্য দুবিধৰ নাম হ'ল- ট্ৰাইকোফাইটন ৰুব্ৰাম আৰু ট্ৰাইকোফাইটন মেন্টাগ'ফাইটচ৷ কেনডিডা নামৰ শেলুৱৈয়ো নখৰ তদৰূপ অৱস্থাৰ সৃষ্টি কৰিব পাৰে৷ থোৰতে কবলৈ হলে নখৰ কোন অংশত কিদৰে ৰোগৰ প্ৰভাৱ পৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি নখৰ ভেঁকুৰক ৫টা গোটত বিভক্ত কৰা হৈছে৷

ৰোগৰ চিনাক্তকৰণ- মাইক্ৰস্কোপত ভেঁকুৰ দেখা যাব পাৰে৷ইয়াৰ বাবে পোণতে নখ এটা এলকহলেৰে পৰিস্কাৰ কৰি লব লাগে -ইয়াৰ দ্বাৰা ধূলি, বালি, ময়লা আৰু বেক্টেৰিয়া আতৰাই লোৱা হয়৷এতিয়া নখৰ এটা সৰু অংশ কাটি মাইক্ৰস্কোপত ভেঁকুৰৰ নিৰীক্ষণ কৰক৷ইয়াৰ বাহিৰেও লেবেটৰীত ভেঁকুৰ চিনাক্তকৰণৰ আন উপায়ো আছে৷সেইবিলাকৰ কিছুমান হ'ল এচিড-স্কিফ-ষ্টেইন,বায়স্পি, কালচাৰ, হিষ্ট'লজী পৰীক্ষা আদি৷

নখৰ আন কিছুমান ৰোগৰ নখৰ ভেঁকুৰৰ লগত সাদৃশ্য দেখা যায়৷সেইবিলাকৰ কিছুমান হ'ল- চ'ৰিয়াচিচ, কন্টেক্ট ডাৰমেটাইটিচ, লাইকেন প্লেনাচ,নখত হোৱা টিউমাৰ(উদাহৰণ মেলানোমা,ফাইব্ৰ'মা), নখত পোৱা আঘাত, হালধীয়া নখ হোৱা চিনড্ৰ'ম, নখচুকীয়া (পেৰনাইকিয়া),ভাইৰেল আচিনাই, ২০নেইল ডিচট্ৰফি, ক্ৰনিক ডাৰমেটাইটিচ, ব'ৱেন ডিজিজ নামৰ কৰ্কট ৰোগ আদি৷নখচুকীয়া (Paronychia) এবিধ নখৰ পৃথক ৰোগ৷ এই ৰোগ নখৰ চুকৰ ছালত আৰম্ভ হয়৷ বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত সেই অংশত বিষ,পূঁজ হয়৷ নখচুকীয়া কম দিনৰ(একিউট) বা দীৰ্ঘকালীন (ক্ৰনিক) হব পাৰে৷ ক্ৰনিক পেৰ'নাইকীয়াত একেলগে নখৰ ভেঁকুৰো হব পাৰে৷ সময়মতে উপযুক্ত চিকিৎসা নকৰিলে Septic tenosynovitis, Osteomyelitis আদিৰ দৰে জটিলতাৰ সৃষ্টি হব পাৰে৷

চিকিৎসা - নখৰ ৰক্ত সঞ্চালন প্ৰণালী তেনেই নগন্য৷নখ কঠিন কেৰাটিন নামৰ তত্বৰ দ্বাৰা গঠিত৷নখৰ ভিতৰেদি দ্ৰব্য পাৰহৈ নাযায়(impermeable)৷ সেয়ে যিকোনো দৰবে ইয়াত ক্ৰিয়া কৰিবলৈ সময় লয় -বিশেষকৈ বাহিৰৰ পৰা প্ৰয়োগ কৰা দৰবৰ ক্ষেত্ৰত৷

খোৱা দৰব- এটা সময়ত বহুল প্ৰচাৰিত গ্ৰাইচি'অফ্লেবিনৰ(১৯৩৯চনত আবিস্কৃত) ঠাই লৈছেহি নৱতম আবিস্কৃত টাৰবিনাফিন, এম্ফটেৰিচিন-বি, ফ্লুক'নাজল, ইট্ৰাকনাজল আদিয়ে৷ এইবিলাক বেচি ফলপ্ৰসু আৰু তুলনামূলকভাবে কম পাৰ্শ্বক্ৰিয়াযুক্ত৷ এইবিলাক ঔষধ লিভাৰৰ বিসংগতিত আৰু হৃদৰোগত ভোগী থকালোকে ব্যৱহাৰ কৰা অনুচিত৷ নিয়মীয়াকৈ আন দৰব খাই থকালোকেও এন্টিফাংগেল খোৱা দৰব সেৱন কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চনীয়৷ গ্ৰাইচি'অফ্লেবিনৰ কিছুমান হব পৰা পাৰ্শ্বক্ৰিয়া হ'ল- গৰ্ভনিৰোধক পিলৰ সক্ৰিয়তা কমোৱা, মনোযোগ কমি যোৱা, ভাগৰ, ওকালি, নিদ্ৰাহীনতা, মূৰৰ বিষ, খজুৱতি৷ লগোৱা দৰব -টাৰবিনাফিন, মাইকোনাজল, চাইক্লপাইৰক্স, এম'ৰলফিন, ইফিনাক'নাজল, কিট'কনাজল, কোট্ৰাইমাজল, টায়'ক'নাজল আদি৷

চাৰ্জিকেল পদ্ধতিৰ চিকিৎসা- এজন চাৰ্জন বা চৰ্মৰোগ বিশেষজ্ঞই নখৰ তলিৰ এটা নিৰ্বাচিত অংশ কাটি ৰোগ সোনকালে আৰোগ্য হোৱাত সহায় কৰিব পাৰে৷ লেজাৰৰ দ্বাৰা চিকিৎসা- আজিকালি অত্যাধুনিক লেজাৰৰ চিকিৎসা কৰিও কিছুমান ৰোগীৰ ক্ষেত্ৰত সুফল পোৱা গৈছে৷
উল্লেখযোগ্যযে চিকিৎসাৰ ভাল ফলাফল পাবলৈ হলে এজন ৰোগীৰ ক্ষেত্ৰতই ওপৰৰ কেউবিধ চিকিৎসা পদ্ধতি প্ৰয়োগ কৰিবলগীয়া হব পাৰে৷ কিছুমান আনুসংগিক চিকিৎসা-
ইউৰিয়া ক্ৰিম- নখত কেইদিনমান ইউৰিয়া ক্ৰিম লগালে নখ কুমলি যায় আৰু তেতিয়া বেচি কষ্ট নোহোৱাকৈ নখৰ আক্ৰান্ত অংশ কাটিব পাৰি৷ ভিকচ ভেপ'ৰাব- দৈনিক ৰু্গ্ন নখত ৪৮সপ্তাহলৈ ভিকচ ভেপ'ৰাব লগালে ভেঁকুৰৰ বিনাশ ঘটে৷এই ব্যৱস্থা ৮% চিক্লোপাইৰক্স মলমৰ ব্যৱহাৰ সমকক্ষ যেন দেখা গৈছে৷ নখত ময়লা আৰু সংক্ৰমন থাকিলে  হাইড্ৰজেন পেৰঅস্কাইডেৰে নখৰ চুক-কোন পৰিস্কাৰ কৰিব পাৰি৷ ভাৰতৰে কিছুমান ঠাইত উপলব্ধ টি-ট্ৰি অয়ল, স্নেকৰুটৰ ৰস একেদৰে নিয়মীয়াকৈ লগাই নখৰ ভেঁকুৰৰ চিকিৎসা কোনো কোনোজনে কৰি আহিছে৷ লবলগীয়া সতৰ্কতা –
সাধাৰণতে হাতৰ নখৰ তুলনাত ভৰিৰ নখত ভেঁকুৰৰ আৰম্ভণি বেচিকৈ হোৱা পৰিলক্ষিত হয়৷ সেয়ে ভৰি শুকান আৰু পৰিস্কাৰকৈ ৰখা অতীৱ প্ৰয়োজনীয়৷সঘনাই মোজা সলাব লাগে৷নাইনৰ সলনি কপাহী মোজা বাচি লব লাগে৷আনৰ মোজা কেতিয়াও নিপিন্ধিব৷ প্ৰয়োজন সাপেক্ষে ফুট পাউদাৰ ব্যৱহাৰ কৰা ভাল৷ জোতা ৩৷৪ মূৰত ৰ'দত দিব লাগে৷অসুখীয়া লোকে ব্যৱহাৰ কৰা নেইল কাটাৰ আনে কেতিয়াও ব্যৱহাৰ নকৰিব৷ ৰাজহুৱা বাথৰুম, চুইমিংপুল ৰোগ সিঁচৰোৱাৰ থলী হব পাৰে৷নেইল পলিচ ত্যাগ কৰা ভাল৷ দীঘল নখ নাৰাখি সময়ে সময়ে নখ কাটি  আঙুলি পৰিস্কাৰকৈ ৰাখিব৷ দাঁতেৰে নখ কামুৰা অভ্যাস থাকিলে তাক পৰিত্যাগ কৰিব৷ নখ সাধাৰণতে গা ধুই উঠাৰ পিছত কাটিলে কাটিবলৈ সুবিধা হয়৷যাৰ নখ বৰ টান তেনে লোকে য়ুৰিয়া ক্ৰিম ব্যৱহাৰ কৰিলে সুফল পাব৷ মোখনিত কম ধৈৰ্য্য সহকাৰে আপোনাৰ চিকিৎসকৰ পৰামৰ্শমতে চিকিৎসা লৈ যাওক৷ মানুহৰ নতুন নখ ওলাওতে ৩মাহ সময় লাগে, গতিকে দৰবৰ প্ৰয়োগ ১০০দিন বা ততোধিক কাল কৰিব লাগিব যে সেয়া ধুৰূপ৷ বহুক্ষেত্ৰত সতৰ্কহৈ নচলিলে অসুখৰ পুনৰাবৃতি হব পাৰে৷

উৎস : ডা০ ভূপেন শইকীয়া

শেহতীয়া উন্নীতকৰণ: : 3/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate