অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পেপটিক আলচাৰ

পেপটিক আলচাৰৰ বিষয়ে লিখাৰ আগেয়ে আমি জানিব লাগিব আমাৰ খাদ্যবস্তু পাকস্থলীলৈ গৈ কেনেদৰে হজম হয়, কেতিয়া খাদ্যবস্তু হজম নহয়, কেনেকৈ খাদ্যনলী ক্ষতিগ্ৰস্থ হয়| আমাৰ দেহৰ গ্ৰাহনলী আৰু ডি’অডেনামৰ সংযোগস্থলত অৱস্থিত ‘জে’ আকৃতিবিশিষ্ট পাকস্থলী-এফালে যেনেকৈ গ্ৰাহনলীৰ মাধ্যমেৰে অহা খাদ্য বস্তু জমা ৰাখে, ঠিক আনফালে খাদ্যবস্তুৰ বিচলন প্ৰক্ৰিয়াৰ সহায়ত পাকস্থলীৰ ৰসৰ লগত মিলি যোৱাতো সহায় কৰে| এই পাকস্থলীতে হয় প্ৰ’টিন আৰু ফেটজাতীয় খাদ্যবস্তুৰ আংশিক পচন| ইয়াত প্ৰচুৰ পৰিমাণে পানী, চেলাইন, গ্লুক’জ আৰু কেইবিধমান ঔষধ শোধিত হয়| পাকস্থলীৰ পৰা যি পাক ৰস নিসৃত হয় সেই পাক ৰসতেই মিশ্ৰিত থাকে| হাইড্ৰ’ক্লৰিক এচিড আমাৰ দেহৰ উপকাৰী বন্ধু| আমি খোৱা বস্তু হজম কৰাত আৰু তাত উৎপন্ন হোৱা বীজাণু ধ্বংস কৰাত ই উল্লেখযোগ্য ভুমিকা পালন কৰে| কিন্তু পাকস্থলীৰ নৰম দেৱালয়ত মিউকাছ বা শ্লেষ্মা থকা বাবে হাইড্ৰ’ক্লৰিক এচিডৰ কোনো প্ৰভাৱ/আচাৰ তাৰ ওপৰত নপৰে| এতিয়া আমি জানিব লাগিব আলচাৰ মানে কি? আমাৰ খাদ্যনলীৰ লগতে পাকস্থলীত আছে মিউকাছৰ আৱৰণ| অতি সহজ ভাষাত ক’বলৈ হ’লে পাকস্থলীত সকলো সময়তে নিসৃত এচিড মিউকাছৰ মাজত এটি ভাৰসাম্য বজাই থাকে| যদি কোনো কাৰণত এই ভাৰসাম্য নষ্ট হয় অৰ্থাৎ যদি মিউকাছ কম পৰিমাণে ক্ষৰিত হয় বা ওলোটা হয় তেতিয়াই হয় বিপদ| এচিদ ক্ষৰণত ডিঅ’ডেনাম ক্ষতিগ্ৰস্থ হয় অৰ্থাৎ তাত ঘাৰ সৃষ্টি হয়| ইয়াকে মেডিকেলৰ ভাষাত কোৱা হয় আলচাৰ|

পেপটিক আলচাৰ মানে কি?

আচলতে পেপটিক আলচাৰৰ দুটা ভাগ আছে| গেষ্ট্ৰিক আৰু ডিঅ’ডেনাম আলচাৰ| পাকস্থলী বা ডি’অডেনাম যাৰ গাতেই ঘা নহওক কিয় তাৰ পৰিণতি অতি ভয়াৱহ, গভীৰ ক্ষত যাৰ বাবে জটিল হ’ব পাৰে পৰিস্থিতি|

পেপটিক আলচাৰৰ কাৰণ

পেপটিক আলচাৰ হোৱাৰ প্ৰধাণ কাৰণ দুটা| প্ৰথম কাৰণ মিউকাছ পৰ্দা বা শ্লেষ্মা ঝিলিৰি ভাঙন আৰু দ্বিতীয় কাৰণ শ্লেষ্মা স্তৰত এচিড ক্ষৰণৰ মাত্ৰা বৃদ্ধি হোৱা| শ্লেষ্মা স্তৰত প্ৰতিৰোধ ক্ষমতা কমি যোৱা| অনিয়মিত খোৱা-লোৱা বা দীৰ্ঘসময় খালী পেটে থকাৰ অভ্যাসৰ ফলত পাকস্থলীৰ শ্লেষ্মা আৰু এচিডৰ ক্ষৰণৰ মাজত ভাৰসাম্য নষ্ট হোৱা ইত্যাদি| খালী পেটে বহু সময় থাকিলে পাকস্থলীৰ পৰা যি এচিড ক্ষৰিত হয় সি খাদ্যৰ অভাৱত মিউকিয়াছ পৰ্দাক আক্ৰমণ কৰে| আনফালে উপযুক্ত সময়ত খাদ্য খোৱা লোক এই ঘটনাৰ সম্মুখীন নহয়| এনে লোক উপযুক্ত সময়ত খাদ্য খোৱাৰ বাবে এচিডে খাদ্যৰ ওপৰতহে আক্ৰমণ কৰিব, মিউকাছৰ ওপৰত নকৰে| অৰ্থাৎ এচিডৰ ক্ৰিয়াক নিউট্ৰেইলাইজ কৰাৰ বাবেই সময়ৰ খাদ্য সময়ত খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে| সেয়েহে দীৰ্ঘসময় নোখোৱাকৈ থকাৰ অভ্যাস আছে যদি ত্যাগ কৰক| ধূমপান কৰা লোকৰ পেপটিক আলচাৰ হোৱাৰ প্ৰৱণতা বেছি| মানসিক দুশ্চিন্তা একেবাৰে ত্যাগ কৰক| ইয়াৰ উপৰি সঘনাই এণ্টাচিড জধে-মধে খোৱাৰ অভ্যাসৰ পৰা বিৰত থাকক|

উপসৰ্গ

ইয়াৰ প্ৰধান উপসৰ্গ হ’ল পেটৰ অসহ্য বিষ| এই বিষ সাধাৰণতে ওপৰ পেটত হয়| অসহ্য জ্বলা-পোৰা কৰা ইত্যাদি| পেটৰ বিষৰ লগত কিছুমানৰ বমিও হ’ব পাৰে| খালে কিছুমানে বিষ কমি যোৱা যেন অনুভৱ কৰে, আকৌ কিছুমানৰ ক্ষেত্ৰত বিষ বাঢ়ি যায়|

পেপটিক আলচাৰৰ জটিলতা

পেপটিক আলচাৰ বেছিদিন হৈ থাকিলে পাকস্থলীৰ পৰা তেজ ক্ষৰণ হ’ব পাৰে| যাৰ বাবে ৰোগীৰ তেজ-বমি হব পাৰে| কিছুমানৰ তেজ-পায়খানা হোৱা দেখা যায়|

পৰীক্ষা আৰু চিকিৎসা

আলচাৰ প্ৰকৃততে হৈছে নে নাই, হ’লে কেনে অৱস্থা পাইছে ইত্যাদি জানিবৰ বাবে এণ্ডোস্কপী কৰা হয়| পাকস্থলীত এইচ পাইলেৰা বেক্টেৰিয়াৰ উপস্থিতিও ধৰা পৰে| পেপটিক আলচৰ কেঞ্চাৰ নহয় যদিও অৱহেলা কৰি ইয়াৰ প্ৰকৃত চিকিৎসা নকৰিলে কেঞ্চাৰলৈ গতি কৰিব পাৰে| ওপৰৰ পেটত বেছিদিন ধৰি বিষ হৈ থাকিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক| নিজে কোনো ধৰণৰ নিবাৰক ঔষধ তথা এণ্টাচিড ব্যৱহাৰ নকৰিব| ৰোগ নিৰ্ণয়ৰ পাছত চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ ব্যৱহাৰ বা খাদ্য নিয়ন্ত্ৰণ কৰক|

ড° সনাতন ডেকা

শেহতীয়া উন্নীতকৰণ: : 6/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate