অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিষ বেদনাৰ বিষয়ে

বিষ-বেদনাৰ কবলত নপৰা লোক প্ৰায় নাই বুলিয়েই ক’ব পাৰি। সাধাৰণ আঘাতপ্ৰাপ্ত হৈ শৰীৰত ঘা হ’লে, জুয়ে পুৰিলে অথবা বেমাৰে আক্ৰান্ত কৰিলে বিষৰ জ্বালা অনুভৱ কৰাটো অৱধাৰিত। আকস্মিকভাৱে দুৰ্ঘটনাত পতিত হৈ দেহৰ হাড ভগা-ছিগা হ’লে অসহ্য বিষৰ যন্ত্ৰনাত বাউল হোৱাটো স্বাভাৱিক। একমাত্ৰ সন্তানৰ অকাল আকস্মিক মৃত্যুত বাউলী হৈ তিৰোতা এজনীয়ে ভগৱান স্বৰূপ গৌতম বুদ্ধৰ শৰণাপন্ন হৈ সন্তানটিক জীয়াই দিবলৈ কাতৰ প্ৰাৰ্থনা কৰাত তেওঁ এক চৰ্ত আৰোপ কৰি কোনো কালে মানুহ নমৰা পৰিয়ালৰপৰা এমুঠি সৰিয়হ আনিবলৈ কৈছিল। তিৰোতাজনিক কোনো কালে বিষ-বেদনাত নোভোগা মানুহৰ নাম ক’বলৈ হিয়াহেঁতেন একে সমিধানেই ওলালহেঁতেন নিশ্চয়। বৰল, মৌ, মাখি, পৰুৱা আদি পোক-পত্ংগই কামুৰিলেও বেদনাৰ অনুভৱ নোহোৱাকৈ নাথাকে। কুকুৰ, শিয়ালে কামুৰিলে জলাতংক ৰোগত ভোগাৰ আশংকা থাকে। আনকি বিষধৰ সাপে মৃত্যু পৰ্যন্ত মাতি আনিব পাৰে। মানুহে মূৰৰ বিষত ভোগে। গধুৰ বস্তু দাঙি-পাৰি থ’লেও পিঠি তথা কঁকালৰ বিষ হোৱাটো অৱশ্যম্ভাৱী। লেথাৰি নিছিগাকৈ বহু কাল কম্পিউটাৰ অথবা আন কামত ব্যস্ত হৈ থাকিলেও কঁকাল তথা পিঠিৰ বিষ হ’ব পাৰে।

 

বুকুৰ বিষত ভুগিলে কলিজা বা হাঁওফাঁওৰ বিকাৰত ভোগাৰ সম্ভাৱনা প্ৰকট। নানা কাৰণত পেটৰ বিষ হ’ব পাৰে। বুকুৰ বিষত ভুগিলে কলিজা বা হাঁওফাঁওৰ বিকাৰত ভোগাৰ সম্ভাৱনা প্ৰকট। নানা কাৰণত পেট বিষাব পাৰে। খোৱা খাদ্যৰ পৰিপাক ঠিকমতে নহ’লে বিষৰ জ্বালাত অতিশয় যন্ত্ৰণা ভোগ কৰা যায়। পেটৰ ভিতৰত পাচন নলীত থকা এপেণ্ডিক্স নামৰ অংগত ৰোগৰ আক্ৰমণ ঘটিলেও অসহ্য বিষত ভোগায়। ই ফুলি উঠি ফাটি হ’লে মানুহৰ মৃত্যু ঘটিব পাৰে। পাথৰি ৰোগত ভুগিলেও বিষত তত নাপায়। পিত্তস্থলী বা বৃক্কত পাথৰ হ’লে অসহ্য বিষ হয়। বাত বিষত ভুগিলেও হাত-ভৰিৰ গাঁঠিৰ বেদনাত জীয়াতু ভুগিব লাগে।

বিষ-বেদনাৰ কাৰক বিভিন্ন হ’ব পাৰে- যিবোৰ দৈৱাৎ, স্বাভাৱিক অথবা উদ্দেশ্য প্ৰণোদিতভাৱে অনুভৱ হয়। ই অস্বস্তি, যাতনা অথবা নিদাৰুণ যন্ত্ৰনাৰ কাৰক। নিয়মীয়া অথবা নিৰ্দিষ্ট কালৰ বিৰতিত বিষে আঘাত হানে।

ব্যাপকভাৱে বিষ দুটা ভাগত বিভক্ত কৰিব পাৰি-

  • তীব্ৰ আৰু
  • চিৰকলীয়া।

তীব্ৰ বিষ অত্যন্ত প্ৰবল যদিও তুলনামূলকভাৱে কম সময়ৰ বাবে অনুভূত হয়। দেহৰ কোনো অংশ কলা কোনো প্ৰকাৰে আঘাতপ্ৰাপ্ত হৈছে বুলি এই বিষে সংকেত দিয়ে।

চিৰকলীয়া বিষ সহনীয়ৰপৰা প্ৰবল হ’ব পাৰে, অথচ ই দীঘলীয়া কালৰ বাবে ক্ৰিয়া কৰে। সময়মতে চিকিৎসকৰ ওচৰ নাচাপিলে বিষে স্বাস্থ্য সম্বন্ধীয় আন সমস্যাৰ সৃষ্টি কৰিব পাৰে। গৱেষণাৰ জৰিয়তে ভু পোৱা মতে পুৰুষ তথা তিৰোতা উভয়ে ভিন ভিন ধৰণে বিষৰ সঁহাৰি দিয়ে। তিৰোতাই থাউকতে ইয়াৰ উপশম ঘটাবলৈ নানা তৰহৰ উপায় অৱলম্বন কৰে। মানুহ ভেদে বিষৰ অভিজ্ঞতা ভিন ভিন। বিজ্ঞানীয়ে পৰীক্ষাৰ জৰিয়তে ঠাৱৰ কৰা মতে মানুহৰ মগজুৱে একে বিষৰ সংকেতকে ভিন ভিন ধৰণে বিশ্লেষণ কৰে, যাৰ পৰিপ্ৰেক্ষিতত একে বিষে লোক ভেদে ভিন্ন অনুভূতি প্ৰদান কৰে। বিষৰ যন্ত্ৰণাৰপৰা মুক্তি পাবলৈ গৱেষকে উপায়ৰ সন্ধান কৰিছে- যিসকলে ঠাৱৰ কৰা মতে জীৱনৰ উজ্জ্বল দিশটোৰ প্ৰতিহে সদায় দৃষ্টি নিক্ষেপ কৰা উচিত। ইতিবাচক চিন্তাৰ জৰিয়তে বিষ-বেদনাৰ হাত সৰাটো সম্ভৱপৰ।

শৰীৰৰ স্নায়ুতন্ত্ৰৰ জৰিয়তে বিষ-বেদনা অনুভূত হয়। এই তন্ত্ৰ স্নায়ুকলাৰে গঠিত যিবোৰ- দেহৰ সকলোতে বিস্তাৰিত। কোনো ঠাইত আঘাত লাগিলে ছালৰ তলত থকা স্নায়ুৱে ইয়াৰ উত্তেজনা গ্ৰহণ কৰি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ বাৰ্তা প্ৰেৰণ কৰে। ৰাজহাড়ৰ ভিতৰৰ ফোঁপোলা নলীত থকা মেৰুৰজ্জু নামৰ অংশই এই খবৰ মগজুলৈ পঠায় আৰু তেতিয়াহে বিষ অনুভৱ হয়। নখ, চুলি আদি স্নায়ুবিহীন হোৱা বাবে এইবাৰ কাটিলেও বিষ অনুভৱ নহয়। তীব্ৰ বিষৰ উত্তেজনা মগজুলৈ কঢ়িয়াবলৈ বিশেষ ধৰণৰ স্নায়ু থাকে আৰু চিৰকলীয়া বিষৰ উত্তেজনা আন শ্ৰেণীৰ স্নায়ুৱে প্ৰেৰণ কৰে। স্নায়ুৰ কামত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি বিষৰ উত্তেজনা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ বহন কৰাত বাধা প্ৰদান কৰিবলৈ সক্ষম হ’লে আঘাত হোৱা সত্ত্বেও শৰীৰে বিষ অনুভৱ নকৰে। এই উপায়কে সাৰোগত কৰি এছপিৰিন নামৰ দৰব তৈয়াৰ কৰা হৈছে। শল্য চিকিৎসাত সংজ্ঞালোপী দৰব প্ৰয়োগ কৰাৰ পৰিণতিত দেহৰ কটা-ছিঙা কৰি থকা সত্ত্বেও বেমাৰীয়ে ইয়াৰ গম নাপায়। বিষ গ্ৰাহকে উত্তেজনা গ্ৰহণ কৰাৰ লগে লগে ছ’ডিয়াম আৰু কেলচিয়াম আয়ন ইয়াৰ ভিতৰত প্ৰৱেশ কৰে। উল্লেখযোগ্য যে আয়ন হ’ল বৈদ্যুতিক আধানযুক্ত পৰমাণু। পৰমাণুৰ প্ৰৱাহ ঠাহ খুৱাই বন্ধ কৰিলে বিষ গ্ৰাহকৰ ভিতৰলৈ আয়ন প্ৰৱেশ কৰিব নোৱাৰে- যাৰ ফল পোৰণি তথা বিষ-বেদনাৰ অনুভূতিশূন্য। দৰবে এই আয়নৰ প্ৰৱেশৰ বাধা প্ৰদান কৰিব পাৰিলে বেদনাৰপৰা সকাহ পোৱাটো সম্ভৱ।

এছপিৰিন জাতীয় দৰবে বিষ গ্ৰাহক সক্ৰিয় কৰা পদাৰ্থক ক্ৰিয়া কৰাটো বেদনাৰপৰা সকাহ পোৱাটো সম্ভৱ। এছপিৰিন জাতীয় দৰবে বিষ গ্ৰাহক সক্ৰিয় কৰা পদাৰ্থক ক্ৰিয়া কৰাটো বাৰণ কৰি কাৰ্য সিদ্ধি কৰে। এই দৰবে বিষৰপৰা মুক্তি দিব পাৰে যদিও ইয়াৰ সেৱনৰ ফলত ডায়েৰীয়া তথা পাকস্থলীৰ ঘা হয়। আন এবিধ বিষনাশক দৰব উদ্ভাৱন কৰা হৈছে, যাৰ পাৰ্শ্বক্ৰিয়া নাই বুলি ধাৰণা কৰা হৈছিল যদিও ইয়াৰ সেৱনৰ ফলত ডায়েৰীয়া তথা পাকস্থলীৰ ঘা হয়। আন এবিধ বিষনাশক দৰব উদ্ভাৱন কৰা হৈছে, যাৰ পাৰ্শ্বক্ৰিয়া নাই বুলি ধাৰণা কৰা হৈছিল যদিও ই কলিজাৰ মৰাত্মক বিকাৰৰ(ষ্টোক) কাৰক। বিহ দৰব সঘনাই সেৱন কৰাৰ পৰিৱৰ্তে উত্তেজনা গ্ৰহণ কৰা স্নায়ু ধ্বংস কৰি নতুন চিকিৎসা কৌশল উদ্ভাৱন কৰা হৈছে। বিষৰ দৰব সঘনাই সেৱন কৰাৰ পৰিৱৰ্তে উত্তেজনা গ্ৰহণ কৰা স্নায়ু নিৰ্মূল কৰাত বদ্ধপৰিকৰ হ’লে বিষে লাই পাই যাতনাত ভোগাব নোৱাৰে নিশ্চয়।

লিখকঃ আনন্দ দেৱ গোস্বামী, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 6/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate