অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিষৰ পৰা নিৰাময় পাবলৈ অভ্যাস পৰিৱৰ্তন কৰকঃ

বিষৰ পৰা নিৰাময় পাবলৈ অভ্যাস পৰিৱৰ্তন কৰকঃ

চমু বিৱৰণ

আজিৰ আধুনিক যুগত অফিচ, কাছাৰী, স্কুল-কলেজত কম্পিউটাৰ অবিহনে কাম-কাজ কৰা প্ৰায় অসম্ভৱ যেন হৈ উঠিছে। পুৱাৰ পৰা নিশা পৰ্যন্ত সকলো ক্ষেত্ৰতে কম্পিউটাৰৰ ব্যাপক ব্যৱহাৰ হৈছে। একেলেথাৰিয়ে কম্পিউটাৰত কাম-কাজ কৰাৰ অভ্যাসৰ ফলত ব্যৱহাৰকাৰীৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পোলায়, বিশেষকৈ পিঠি আৰু কঁকালৰ বিষ মাতি আনে। বহুতে গাত বিষ-বেদনা অনুভৱ কৰিলেও কামৰ তাগিদাত বা নিজৰ কেৰিয়াৰৰ স্বাৰ্থত কষ্ট কৰি হ’লেও সহ্য কৰি গৈ থাকে। কিন্তু ই যে পিছলৈ নিজলৈ ডাঙৰ বিপদ মাতি আনিব পাৰে সেই সম্পৰ্কে কিন্তু লক্ষ্য নাৰাখে। কম্পিউটাৰত বহু সময় ধৰি কাম-কাজ কৰি থাকিলেও লক্ষ্য ৰখা উচিত যাতে দেহত বিষ-বেদনাৰ উত্পত্তি নহয়। এবাৰ এই বিষ আৰম্ভ হ’লে তাৰ পৰা আৰু নিস্তাৰ পোৱা প্ৰায় অসম্ভৱ হৈ পৰে, যদিহে নিজৰ পুৰাতন অভ্যাস ত্যাগ নকৰে। নিজ সৃষ্ট এই অসহ্য বিষ-বেদনাৰ উপশম পোৱাৰ বাবে কেইটামান সহজ উপায় উল্লেখ কৰা হ’ল।

বিষৰ পৰা নিৰাময় পাবলৈ কৰিব লগা অভ্যাসসমূহ

কম্পিউটাৰৰ সন্মুখত বহি কাম আৰম্ভ কৰোতে লক্ষ্য ৰাখক বহা চকীখনক। আৰামদায়ক কোমল, ইফালে-সিফালে ঘূৰাব পৰা চকীৰ সলনি কাঠৰ চকী বেছি উপকাৰী। তেনে চকীত বহি কম্পিউটাৰত কাম কৰা উচিত। এনে চকীত বহি কাম কৰা উচিত যাতে পিঠিখন আউজি দিব পাৰি, কেতিয়াবা মূৰটোও আউজাই দিব পাৰি। কম্পিউটাৰৰ সন্মুখত যেতিয়া বহিব তেতিয়া লক্ষ্য ৰাখিব যাতে আপোনাৰ আঁঠু ৯০ কোণ কৰি থাকে। পিঠি বা মেৰুদণ্ড পোন হৈ থাকে। সেই দিশত গুৰুত্ব দিয়া উচিত।

আপুনি কাম কৰা কম্পিউটাৰৰ স্ক্ৰীনখন যাতে আপোনাৰ চকুৰ পোনে পোনে থাকে তালৈ লক্ষ্য ৰাখিব। আপোনাৰ মূৰ বা কান্ধ যদি তলৰ পিনে নামি থাকে তেনেহ’লে কান্ধত বেদনা উত্পত্তি হ’বই। দীৰ্ঘদিন এনে বদ অভ্যাসৰ ফলত পিঠিত বিষ উত্পত্তি হ’ব।

ঘণ্টাৰ পাছত ঘণ্টা একেলেথাৰিয়ে কম্পিউটাৰৰ সন্মুখত কাম-কাজ কৰি নাথাকিব। এক ঘণ্টা মানৰ অন্তৰে অন্তৰে পাঁচ মিনিট মানৰ বাবে কামৰ বিৰতি লওক। উঠি-মেলি বা অকণমান খোজকাঢ়ি আহক। কাম-কাজ কৰি থাকোতে কেতিয়াবা ক্লান্তি বা অৱসাদ আহিলে চকীৰ পৰা উঠি দিয়ক। কঁকাল-পিঠিখনক পিছপিনে টানি ধৰক। কঁকালত দুয়োখন হাত দি সোঁফালে এবাৰ বাওঁফালে এবাৰকৈ কেইবাৰমান হালি দিয়ক, পিছলৈকেও হালক। এনে কৰিলে দেহত তেজৰ সঞ্চালন স্বাভাৱিক হৈ থাকিব আৰু অৱসাদ আঁতৰি যাব।

দীৰ্ঘ সময় কাম-কাজ কৰাৰ ফলত যেতিয়া ভৰিৰ ওপৰত ভৰ দি থিয় হ’ব তেতিয়া লক্ষ্য ৰাখিব শৰীৰৰ ভৰ যাতে ভৰিৰ পটাৰ ওপৰত সম্পূৰ্ণভাৱে পৰে।

বহুতে কম্পিউটাৰত কাম কৰি থাকোতে বা হাত দুখনেৰে আন কাম কৰি কৰি কান্ধৰ চেপাত মোবাইল লৈ কাম কৰে। ই অত্যন্ত বেয়া অভ্যাস। মনত ৰাখিব দীৰ্ঘদিন এনে কু-অভ্যাসৰ ফলত কান্ধৰ পৰা বিষ বিয়পি পিঠিলৈকে সম্প্ৰসাৰিত হ’ব। দিন যোৱাৰ লগে লগে পিঠিৰ পৰা বিষ গৈ কঁকাল পাব। সেয়ে বহু আগৰে পৰা সামান্য সচেতন হ’লেই এই অসহনীয় বিষ-বেদনাৰ পৰা সহজে নিজক মুক্ত কৰি ৰাখিব পাৰি।

উৎসঃ অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 6/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate