অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বুকুৰ বিষ

বুকুৰ বিষ

একেবাৰে সাধাৰণ কাৰণৰ পৰা তৎকালীন চিকিৎসা সেৱাৰ প্ৰয়োজন হোৱা গুৰুতৰ অসুস্থতালৈকে বিভিন্ন ধৰণৰ কাৰণত বুকুৰ বিষ হ’ব পাৰে। কামিহাড় আৰু মাংসপেশীৰে সৃষ্ট সঁজাটিৰ ভিতৰত আমাৰ কলিজা, হাঁওফাঁও, খাদ্যনলীৰ লগতে ৰক্ত পৰিবাহী নলীসমূহ, স্নায়ু আদি আছে। এইবোৰৰ যিকোনো এটা বা একাধিক অংগ বা অংশৰ কোনোধৰণৰ অস্বাভাৱিকতা বা বিজুতিৰ বাবে বুকু বিষাব পাৰে। উল্লেখ মতে, বুকুৰ বিষৰ প্ৰায় ৪৪০ টা বিভিন্ন কাৰণ আছে। এই বিষ সোঁফালৰ গলাবন্ধ বা বাউসি অথবা দুয়োফালৰে গলাবন্ধ বা বাউসিলৈ বিস্তাৰিত হ’ব পাৰে। কাৰণভেদে ইয়াৰ স’তে ডায়েফ’ৰেছিছ, বমি ভাব বা বমিও থাকিব পাৰে।


বুকুৰ বিষ কৰা কাৰণসমূহক বহলভাৱে হৃদ আৰু ৰক্ত সঞ্চাৰণতন্ত্ৰজনিত, শ্বাস-প্ৰশ্বাস তন্ত্ৰজনিত, পৰিপাক তন্ত্ৰজনিত, বুকুৰ স্থানীয় বা সঁজা জড়িত কাৰণ, মানসিক আৰু অন্যান্য- এই ছয় ভাগত ভগাব পৰা যায়। হৃদ আৰু ৰক্ত সঞ্চাৰণতন্ত্ৰজনিত কাৰণসমূহৰ ভিতৰত এন্‌জাইনা পেক্টেৰিছ, মায়োকাৰ্ডিয়েল ইন্‌ফাৰ্কচন, এঅ’ৰ্টিক এনিউৰিজ্‌ম হৃদযন্ত্ৰৰ মাংসপেশীৰ সংক্ৰমণ যেনে পেৰিকাৰ্ডাইটিছ, মায়োকাৰ্ডাইটিছ আদিৰ উপৰি কলিজাৰ স্বাভাৱিক ধপ্‌ধপনিৰ পৰিৱৰ্তন ঘটোৱা বিভিন্ন অসুস্থতা (এৰিথ্‌মিয়া)ই প্ৰধান। এই প্ৰায় আটাইবোৰেই গুৰুতৰ স্বাস্থ্য সমস্যা আৰু ইয়াৰ বাবে তৎকালীন চিকিৎসা সেৱাৰ প্ৰয়োজন হয়। হাঁওফাঁও আৰু শ্বাস-প্ৰশ্বাসতন্ত্ৰজনিত কাৰণসমূহৰ ভিতৰত বিভিন্ন ধৰণৰ সংক্ৰমণ-যেনে নিউমোনিয়া, ব্ৰংকাইটিছ, যক্ষ্মা, প্লুৰিচী, ট্ৰেকিয়াইটিছৰ কথা উল্লেখ কৰিব পাৰি। হাঁওফাঁওৰ কৰ্কট ৰোগ বুকুৰ বিষৰ এক অন্যতম কাৰণ। পৰিপাকতন্ত্ৰজনিত কাৰণসমূহৰ ভিতৰত পাকস্থলীৰ পৰা পাচক ৰস আৰু পাচক ৰস মিশ্ৰিত খাদ্যবস্তুৰ  খাদ্যনলীলৈ ওভোতা সোঁত আৰু খাদ্যনলীৰ অস্বাভাৱিক স্থানৰ পৰা বা পাকস্থলীৰ স্বাভাৱিক স্থানৰ পৰা অধিক মাত্ৰাত। এচিড আৰু অন্য পাচক ৰসৰ নি:সৰণ উল্লেখনীয়। খাদ্যনলীৰ স্নায়ু আৰু মাংসপেশীৰ কেতবোৰ অস্বাভাৱিকতা যেনে-একেলেচিয়া, নাটক্ৰেংকাৰ খাদ্যনলী তথা হায়াটাছ হাৰ্নিয়াই বুকুৰ বিষ কৰিব পাৰে। বুকুৰ কামিহাড়ৰ কেতবোৰ ৰোগ, যেনে-ক’ষ্টোকণ্ড্ৰাইটিছ বা অষ্টিঅ’আৰ্থাইটিছ, মাংসপেশীৰ ৰোগ যেনে-ফাইব্ৰোমায়েলজিয়া, স্নায়ুজনিত বিকাৰ আৰু ৰেডিকুলোপেথী, স্তনৰ কোনো সমস্যা তথা বুকুৰ সঁজাটিৰ অস্বাভাৱিকতা বা সমস্যাৰ বাবেও বুকু বিষাব পাৰে। হাৰ্পিছ জষ্টাৰ ভাইৰাছ সংক্ৰমণ, চাৰ্ক’ইডোছিছ ৰোগ, সীহ আৰু কাৰ্বন ম’ন’ক্সাইড আদি বিষাক্ত পদাৰ্থ সেৱন বুকুৰ বিষৰ কাৰণ হ’ব পাৰে। ৰাজহাড়ৰ কিছুমান সমস্যা যেনে-কশেৰুকাবোৰৰ মাজৰ ডিস্ক ওলাই অহাৰ বাবেও বুকু বিষাব পাৰে। ওপৰ পেটৰ বিভিন্ন বিষতো কেতিয়াবা বুকু বিষোৱা যেন অনুভৱ হ’ব পাৰে। এনেবোৰ শাৰিৰীক কাৰণৰ বাদেও কেতবোৰ মানসিক সমস্যা, যেনে-হতাশাগ্ৰস্ততা, উৎকন্ঠা, অসুখ-অসুখ লাগি থকা হাইপোকন্দ্ৰিয়া সমস্যা আদিতো মানুহে বুকুৰ বিষ অনুভৱ কৰে বা বিষোৱা বুলি অভিযোগ কৰিব পাৰে।

কোনো ব্যক্তি বুকুৰ বিষত আক্ৰান্ত হ’লে তেওঁক ঘৰত ৰাখি চিকিৎসা কৰাবলৈ চেষ্টা নকৰাই ভাল, বৰঞ্চ শীঘ্ৰে নিকটৱৰ্তী চিকিৎসালয়লৈ স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰিব লাগে। বুকুৰ বিষত নিজে আক্ৰান্ত হোৱা যেন পালে ঘৰৰ আন সদস্য বা বন্ধুবৰ্গক কথাটো জনাব লাগে। বিষটো কম যেন পাই নিজে গাড়ী চলাই চিকিৎসালয় বা অইন ঠাইলৈ যোৱাৰ কথা কাহানিও মনলৈ আনিব নালাগে, গাড়ী সদায় অইনক চলাবলৈ দিব লাগে। যদিহে আকস্মিক বুকুৰ বিষৰ বাবে পূৰ্বতে কোনো ঘৰুৱা চিকিৎসাৰ আঁচনি চিকিৎসকে প্ৰস্তুত কৰি দিয়া থাকে, তেন্তে সেইমতে পৰিচৰ্য্যা কৰাৰ পিছত বিষৰ উপশম হ’লে সংশ্লিষ্ট চিকিৎসকৰ স’তে পৰামৰ্শ কৰিব লাগে আৰু পৰিচৰ্য্যা কৰাৰ পিছতো বিষৰ উপশম নহ’লে শীঘ্ৰেই চিকিৎসালয়লৈ লৈ যাব লাগে। সাধাৰণভাৱে ব্যক্তি বিশেষৰ জীৱন প্ৰণালীৰ কিছু পৰিৱৰ্তনে বুকুৰ বিষৰ সমস্যা লাঘৱ হোৱাত সহায় কৰিব পাৰে। প্ৰথমেই যিবোৰ শাৰিৰীক পৰিশ্ৰম বা ব্যায়ামে বুকুৰ বিষ কৰায়, তাৰ পৰা সততে আঁতৰি থাকিব লাগে। নিয়মীয়াকৈ সমতুল আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব লাগে। চৰ্বি বেছিকৈ থকা খাদ্য যিমান পাৰি কমকৈ গ্ৰহণ কৰিব লাগে। শৰীৰৰ ওজন উচ্চতা, বয়স আৰু লিংগভেদে নিৰ্দিষ্ট স্বাস্থ্যসন্মত সীমাৰ ভিতৰত ৰাখিব লাগে। যিকোনো ধৰণৰ ধূম্ৰপান সমূলি পৰিত্যাগ কৰিব লাগে। সুৰাপান নকৰাটোৱেই মংগল, তথাপি যদিহে একেবাৰে পৰিত্যাগ কৰা সম্ভৱ নহয়, পুৰুষৰ ক্ষেত্ৰত সৰ্বাধিক দৈনিক দুই পেগ আৰু মহিলাৰ ক্ষেত্ৰত সৰ্বাধিক দৈনিক এক পেগৰ অধিক সুৰাপান নকৰিবলৈ কোৱা হৈছে। ৰক্তচাপ নিয়মীয়াকৈ পৰীক্ষা কৰি থাকিব লাগে। উচ্চ ৰক্তচাপত ভুগি থকাসকলে ঔষধ অকণো ক্ৰটী-বিচ্যুতি নোহোৱাকৈ ব্যৱহাৰ কৰি  থাকিব লাগে। চিকিৎসকে পৰামৰ্শ কৰা ধৰণৰ শাৰিৰীক পৰিশ্ৰম, ব্যায়াম বা যোগাসন তথা অন্যান্য ঔষধসমূহ নিয়মীয়াকৈ গ্ৰহণ কৰিব লাগে যিকোনো ধৰণৰ মানসিক চাপৰ পৰা নিজকে যথাসম্ভৱ মুক্ত কৰি ৰাখিব লাগে। মন চাপমুক্ত কৰি ৰখাৰ বাবে খেলা-ধূলা, যোগাসন, গীত-নাট, লিখা-মেলা, ধৰ্মমূলক চিন্তা-চৰ্চা আৰু সামাজিক কাম-কাজ আদিত নিজকে জড়িত কৰিব পৰা যায়। মন সদায় প্ৰফুল্ল কৰি ৰাখিব লাগে। ঘৰত পৰিয়াল-পৰিজনৰ স’তে মুকলিকৈ সুখ-দুখৰ কথা পাতিব পৰা পৰিৱেশ এটা নিতান্তই প্ৰয়োজনীয়। মানসিক চাপ কমোৱাৰ বাবে আজিকালি অ’ত-ত’ত ‘হাঁহি সংঘ’ ৰো আৱিৰ্ভাৱ ঘটিছে। নিয়মীয়া পৰিমিত টোপনি অন্য এক প্ৰাথমিক প্ৰয়োজনীয়তা।

বুকুৰ বিষ অনুভৱ হোৱাৰ লগে লগে কিবা যদি কাম কৰি থকা হৈছে সেয়া বন্ধ কৰি জিৰণি ল’ব লাগে। থিয় হৈ বা খোজকাঢ়ি থকা অৱস্থাত বুকু বিষালে লাহেকৈ ৰৈ সুবিধাজনক ঠাইত বহিব লাগে। জিৰণিৰ পিছতো উপশম নাপালে সম্ভাব্য উপায়েৰে পৰিয়ালৰ সদস্য, বন্ধুবৰ্গ বা ওচৰত থকা যিকোনো ব্যক্তিক নিজৰ সমস্যাৰ কথা জনাব লাগে। আঘাতজনিত বিষত চেঁচা পানী বা বৰফৰ টুকুৰা বিষোৱা ঠাইত ১৫ মিনিটমান সময় লগালে বিষ কমাৰ লগতে ফুলাও কমিব। বেণ্ডেজ আদি টানকৈ মেৰিওৱা বা আঠাযুক্ত টেপ আদি টানকৈ নলগোৱাই ভাল, ইয়ে উশাহ-নিশাহত বাধা দি হাঁওফাঁওৰ সংক্ৰমণ কৰাব পাৰে-যাৰ বাবে পিছলৈ নতুনকৈ বিষ হ’ব পাৰে। পূৰ্বৰেপৰা হৃদৰোগত আক্ৰান্ত বুলি জনা থাকিলে এস্পিৰিনৰ বড়ি এটা বুকু বিষোৱাৰ লগে লগে খাই দিব লাগে। গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত চিকিৎসকে পৰীক্ষা কৰি পৰামৰ্শ নকৰালৈকে এচিটেমাইনোফেন (পেৰাচিটামল)ৰ বাদে অইন ঔষধ সেৱন কৰিব নালাগে। ২০ বছৰতকৈ কম বয়সীয়াসকলেও চিকিৎসকৰ পৰীক্ষা অবিহনে এস্পিৰিন বড়ি খাব নালাগে। প্ৰাথমিক কৰণীয়াখিনিৰ পিছতে অধিক বিলম্ব নকৰাকৈ উপযুক্ত চিকিৎসালয়লৈ স্থানান্তৰিত কৰিব লাগে। ইয়াৰ বাবে ১০২, ১০৮ আদি বিনামূলীয়াকৈ সেৱাৰ সহায় ল’ব পৰা যায়।

লিখক: ডা: ৰমেন কুমাৰ কাকতি।

 

শেহতীয়া উন্নীতকৰণ: : 6/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate