মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / সাধাৰণ ৰোগসমূহ / বৰ্দ্ধিত ইউৰিক এচিডে কৰা ৰোগৰ বিষয়ে জানিবলগীয়া কথাঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বৰ্দ্ধিত ইউৰিক এচিডে কৰা ৰোগৰ বিষয়ে জানিবলগীয়া কথাঃ

আজিৰ আলোচনাত এটি লাগতিয়াল আৰু বহুজনৰ পৰিচিত এটি ৰোগৰ বিষয়ে কিছু কথা আলোচনা কৰিব ওলাইছোঁ৷

বিৱৰণি

আজিৰ আলোচনাত এটি লাগতিয়াল আৰু বহুজনৰ পৰিচিত এটি ৰোগৰ বিষয়ে কিছু কথা আলোচনা কৰিব ওলাইছোঁ৷ সেই ৰোগ বিধৰ নাম হ’ল গাউট৷ গাউটক ধনী লোকৰ ৰোগ বা ৰজাৰ ৰোগ বা ৰোগৰ ৰজা আখ্যা দিয়া হৈছে৷ ৬০ শতাংশ ৰোগ জেনেটিক কাৰণত আৰু ১৫ শতাংশ  ৰোগ খাদ্য জনিত কাৰণত হয় বুলি ঠাৱৰ কৰা হৈছে৷ অতি প্ৰাচীন কালৰ পৰাই মানুহৰ এই ৰোগৰ সৈতে পৰিচয় ঘটিছিল৷ ইজিপ্তত খৃষ্টপূৰ্ব ২৬০০ চনত ভৰিৰ বুঢ়া আঙুলিৰ বিষৰ চিকিৎসাৰ কথা পঢ়িবলৈ পোৱা যায়৷ ১২০০ খৃষ্টাব্দত ৰেণ্ডালফাচে লেটিন মূলৰ ‘গাউট’ শব্দক  ৰোগৰ বৰ্ণনাৰ বাবে পোনপ্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰে৷ ১৬৭৯ চনত এন্থনি ভান লিওনহকে ইউৰিক এচিডৰ ক্ৰিষ্টলৰ  মাইক্ৰোস্কোপিক  বৰ্ণনা ডাঙি ধৰে৷ ১৮৪৮ চনত ব্ৰিটিচ চিকিৎসক আলফ্ৰেড বেৰিং গেৰোডে চিনাক্ত কৰে যে বৰ্দ্ধিত ইউৰিক এচিডে  গাউট ৰোগ উৎপন্ন কৰে৷ ইয়াৰ চিকিৎসাত প্ৰয়োগ কৰা এলোপিউৰিনেল নামৰ ঔষধ বিধৰ আৱিষ্কাৰ আজিৰ পৰা ৩০ বছৰ আগতে ইলিয়ন এট অল গোটে কৰে৷

সাধাৰণতে মানুহৰ তেজত থকা ইউৰিক এচিডৰ পৰিমাণ হ’ল পুৰুষৰ ৩ ৰ পৰা ৭ মিলিগ্ৰাম% আৰু মহিলাৰ ২-৫ৰ পৰা ৬-৫ মিলিগ্ৰাম%৷ ইয়াতকৈ অধিক পৰিমাণৰ ইউৰিক এচিড তেজত থাকিলে গাউট বা হাইপাৰইউৰিচেমিয়া ৰোগ হয়৷ আনহাতে এনে ৰোগীৰ মাজত ডায়েবেটিচ আৰু কিডনিৰ পাথৰ হোৱা ৰোগৰ প্ৰাদূৰ্ভাৱ বেচি৷

তেজত বেছি ইউৰিক এচিড হোৱাৰ কাৰণ সমূহ :

(১) হেৰিডিটি বা বংশানুক্ৰমিক

(২) বেছি ইউৰিক এচিড উৎপন্ন কৰা খাদ্য গ্ৰহণ

(৩) কিডনিৰ পৰা কমকৈ ইউৰিক এচিড নিৰ্গত হ’লে

(৪) উপবাস আৰু ক্ষিপ্ৰতাৰে ওজন হ্ৰাস হ’লে

আনুসংগিক কাৰণসমূহ :

(৫) মদ্যপাণ

(৬) উচ্চ ৰক্তচাপ

(৭) বিভিন্ন দৰব

(৮) কিডনিৰ বিকাৰ

ৰোগৰ লক্ষণ আৰু চিকিৎসা

ৰোগৰ লক্ষণ আৰু চিকিৎসাৰ বিষয়ে কিছু কথা নিলিখিলে লিখনিটো অপূৰ্ণ থাকি যাব৷ গাউট ৰোগ মহিলাৰ তুলনাত পুৰুষৰ বেছি হয়৷ ইয়াৰ কাৰণ হ’ল মহিলাৰ তেজত সাধাৰণতে কিছু কম পৰিমাণৰ ইউৰিক এচিড থকাটো৷ মহিলাসকলে সাধাৰণতে মেনপ’জ হোৱাৰ পিছত এই ৰোগত ভোগে৷ ৫০ শতাংশৰ অধিকজনৰ ৰোগৰ লক্ষণ হ’ল ভৰিৰ বুঢ়া আঙুলিৰ গাঁঠিৰ বিষ হোৱা৷

গোৰোহা, আঠু, মনিবন্ধ, হাতৰ আঙুলিৰ গাঁঠিৰ বিষো কোনো কোনোজনৰ হয়৷ সাধাৰণতে বেছি বিষৰ অনুভৱ ৰাতিৰ সময়ত হয়৷ আক্ৰান্ত গাঠিটো ৰঙা পৰে, ফুলি উঠে, বিষ হয় আৰু গৰম হৈ উঠে৷ গাঁঠিৰ এনে বিষ ২৷৩ ঘন্টালৈ চলি থাকে আৰু কেইবাদিনলৈ হৈ থাকে৷ এনে বিষ দুসপ্তাহমান থাকি কিছুদিনলৈ বিষ নোহোৱা হয়৷ সপ্তাহ, মাহ বা বছৰৰ মূৰত আকৌ বিষৰ পুনৰাবৃতি ঘটে৷ কিছুমান ৰোগীৰ  গাঁঠিত বা ওচৰৰ কোষসমূহত ইউৰিক এচিডৰ ক্ৰিষ্টল জমা হৈ একোটা পিণ্ডৰ ( যাক টফি বোলে) সৃষ্টি কৰে  ( ক্ৰনিক টফিচিয়াচ গাউট)৷

একে কাৰণতে কিডনি বিনষ্ট হ’ব পাৰে বা কিডনিত পাথৰো হোৱা দেখা যায়৷ গাউট ৰোগ সাধাৰণতে কিছুমান পৰিয়ালত চলি থকা দেখা যায়, ইয়াৰ কাৰণ হ’ল আগতে উল্লেখ কৰি অহা জেনেটিকচ৷

গাউট ৰোগৰ বিষৰ চিকিৎসাৰ বাবে ননষ্টেৰইডেল এন্টি-ইনফ্লেমটৰি ড্ৰাগচ, কলচিচিন আৰু ষ্টেৰইড সাধাৰণতে ব্যৱহাৰ কৰা হয়৷ তেজৰ ইউৰিক এচিডৰ পৰিমাণ কমাবলৈ এলোপিউৰিনেল, ফেবুস্কষ্টেট আৰু প্ৰবেনচিড প্ৰয়োগ কৰি সুফল পোৱা যায়৷

আমি গ্ৰহণ কৰা ‘পিউৰিন’ থকা খাদ্যসমূহ হ’ল ঘাইকৈ মাংস আৰু সাগৰীয় মাছ-শামুক, মিছামাছ আদি৷ মাংসৰ লিভাৰ, কিডনি, মগজ আদিত পিউৰিন বেছিকৈ থাকে৷

গোমাংস, ছাগলি, গাহৰি, ৰাজহাঁহ, হাঁহ, টাৰ্কি মূৰ্গী আদিৰ ৰঙা মাংসত যথেষ্ট পিউৰিন থাকে৷ বনস্পতি যেনে মশৰুম, এচপাৰগিলাচ, বীন, ফুলকবি, মটৰমাহ, পালেংশাক আদিতো কিছু পৰিমানে পিউৰিন থাকে৷ আমাৰ খাদ্যৰ পৰা অহা এই পিউৰিন ভাঙিলে ইউৰিক এচিড ওলায়৷ গতিকে খোৱাত সতৰ্ক নহ’লে যি কোনো লোকেই ৰোগাক্ৰান্ত হ’ব পাৰে৷

কিডনিৰ পৰা ইউৰিক এচিডৰ নিস্কাষনত বাধা ওপজাব পৰা কিছুমান ঔষধ হ’ল :

ডাইইউৰেটিক, চেলিচাইলেট, পাইৰাজিনামাইড, ইথামবিউটল, নিকটিনিকএচিড, চাইক্লস্পৰিন আৰু কিছুমান কৰ্কট ৰোগৰ দৰব৷

মদ বিশেষকৈ বীয়েৰে লেক্টিক এচিড উৎপন্ন কৰাৰ ফলত ইউৰিক এচিড বেচিকৈ সৃষ্টি হয় আনহাতে ইউৰিক এচিড নিৰ্গত হোৱাত বাধা প্ৰাপ্ত হয়৷

আজিকালি অনেক চফ্টড্ৰিংচত মিঠা কৰিবলৈ ফ্ৰুক্টজ মিহলায়। টেবল চুগাৰৰ কিউব আৰু ফ্ৰুক্টজে ইউৰিক এচিডৰ উৎপাদন বঢ়ায়৷

আকৌ অধিক চৰ্বিজাতীয় খাদ্য, চেচুৰেটেড ফেট থকা তেল ডালডা আদিয়ে শৰীৰ পৰা ইউৰিক এচিড ওলাই যোৱাত বাধাৰ সৃষ্টি কৰে৷ তদুপৰি তেনে খাদ্য মেদবহুলতাৰো কাৰক৷

এতিয়া প্ৰশ্ন হয় সাৱধানতা কি কি ল’ব লাগিব আৰু কি কি খোৱা স্বাস্থ্যসন্মত হ’ব ?

–        মদ, মাংস, সাগৰীয় মাছ যেনে টুনা, লবষ্টাৰ, মিছামাছ যিমান পাৰে এৰাই চলক৷

–        মশৰুম, পালেং, বীন, মটৰ বাদ দিয়ক

–        ফ্ৰুক্টজ থকা শীতল পানীয় পৰিত্যাগ কৰক

বাচি লওক

* স্বাস্থ্যসন্মত লাইফ ষ্টাইল– নিয়মীয়াকৈ খোজ কাঢ়ক, ব্যায়াম কৰক, শৰীৰৰ ওজন বাঢ়িব নিদিব

* ১০০% বিশুদ্ধ ফলৰ ৰসপান কৰক

* দিনে ১০৷১৫ গিলাচ পানী খাওক

* দিনটোত ৪৷৫ কাপ চাহ বা কফি খাব

* চানফ্লাৱাৰ নাইবা অলিভ অইল ৰন্ধনত ব্যৱহাৰ কৰক

* কম চৰ্বি থকা গাখীৰ ব্যৱহাৰ কৰক

কেইটিমান খাদ্যৰ টিপচ : –

গাজৰ, মিঠাআলু, আদাৰ চুপৰ জুতিলৈ চাব পাৰে৷ আপেল, আঙুৰ, আখৰোট, নুনি বা ষ্ট্ৰবেৰীৰ ফ্ৰুট চালাড খাওক- এনে ফলৰ ‘মেলিক এচিডে’ ইউৰিক এচিড উৎপাদনত বাধা দিয়ে৷ বেঙেনা, বিলাহী, বয়ল বা পোৰা আলু পচন্দ অনুসৰি জুতি লগাই খাওঁক৷ চীজ খাব পাৰিব৷ কমকৈ কেতিয়াবা ব্ৰইলাৰ মূৰ্গীৰ এক দুই পিচো খাব পাৰিব৷ পৰাপক্ষত ব্ৰাউন ব্ৰেড বা আন ফাইবাৰযুক্ত খাদ্য বাচনি কৰিব৷ কৰ্ণফ্লেস্ক কম চৰ্বিযুক্ত গাখীৰৰ সৈতে খাব৷

লেখক: ডাঃ ভূপেন শইকীয়া

3.13888888889
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top