অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মেনিঞ্জাইটিছ

মানৱ শৰীৰৰ ভিতৰত থকা প্ৰধান প্ৰধান অংগসমূহ অভ্যন্তৰীণ ঘৰ্ষণ, বাহ্যিক চাপ আৰু যিকোনো ধৰণৰ জীৱাণুৰ স্ংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে একোখন পাতল আৱৰণৰ দ্বাৰা ঢকা থাকে। শৰীৰৰ এই গুৰুত্বপূৰ্ণ প্ৰতিটো অংগৰে আৱৰণী পৰ্দাৰ বেলেগ বেলেগ নাম আছে। যেনে- হাওঁফাওঁ বা শ্বাস যন্ত্ৰৰ আৱৰণী পৰ্দাক ‘প্লুৰা’, হৃদপিণ্ডৰ আৱৰণী পৰ্দাক ‘পেৰিকাৰডিয়াম’, অন্ত্ৰৰ আৱৰণী পৰ্দাক ‘পেৰিটনিয়াম’ ইত্যাদি। ঠিক তেনেদৰে ডুৰামেটাৰ , এৰাকনয়দ, মেটাৰ আৰু পায়া মেটাৰ নামৰ তিনিটা জীৱন কোষৰ তৰপেৰে গঠিত মস্তিস্কৰ যি আৱৰণ আছে, তাকে মস্তিস্কৰ আৱৰণ বা মেনিনজেচ বুলি কোৱা হয়। কিবা কাৰণত এই আৱৰণী পৰ্দাত প্ৰদাহ হ’লে তাকে মেনিঞ্জাইটিছ বুলি কোৱা হয়। ই অতি যন্ত্ৰনাদায়ক আৰু জীৱনৰ প্ৰতি ভাবুকি সৃষ্টিকাৰী ৰোগ।

মেনিঞ্জাইটিছ

চিকিৎসা বিজ্ঞানৰ অত্যাধুনিক গৱেষণাত এই কথা স্পষ্ট হৈছে যে, মেনিংগ’কক্কাচ নামৰ এবিধ বীজাণু এই ৰোগৰ উতপত্তিৰ মূল কাৰণ। ইয়াৰ উপৰি নিউম’কক্কেল, ষ্ট্ৰেপ্ট’ক’ক্কাচ আদি বীজাণুৰ আক্ৰমণ, টাইফয়েড, জ্বৰ, ইনফ্লুয়েঞ্জা, নিউমোনিয়া, ব্ৰ্ংকোনিউমোনিয়া, এইচ আই ভি স্ংক্ৰ্মণ, বসন্ত আদি ৰোগ, মস্তিস্কৰ যিকোনো আঘাত, কাণৰ বিষ, তেজত phosphorus Ion আৰু Chloride of Potasah ৰ অভাৱ, মস্তিস্কত পানী জমা হোৱা আদিও মেনিঞ্জাইটিছ হোৱাৰ অন্যান্য কাৰণ।

মেনিঞ্জাইটিছ বা সাধাৰণ মেনিঞ্জাইটিছত প্ৰকাশ পোৱা লক্ষণসমূহ

প্ৰথম অৱস্থাত কিছুমান ৰোগীৰ কঁপি কঁপি জ্বৰ উঠে। জ্বৰত প্ৰলাপ বকে। চকু, মুখ, জিভা ৰঙা পৰে।

ৰোগীৰ অনবৰতে বমি হয়। অতিৰিক্ত মূৰ বিষায়। যন্ত্ৰণাত চিঞৰি উঠে, গাৰুত মূৰ থেকেচে বা হেঁচামাৰি ধৰে। মুখৰ মাংসপেশী আৰু হাত-ভৰি কঁপে। চকুৰ মণি লৰে। শৰীৰ অৱশ হৈ পৰে আৰু ডিঙিৰ মাংসপেশী টান হৈ পৰে। মাজে মাজে ৰোগীয়ে প্ৰলাপ বকে। এনে অৱস্থাত এক-দুই সপ্তাহ থকাৰ পিছত প্ৰলাপ বকা কমি আহে। ৰোগী অত্যধিক দুৰ্বল হৈ পৰে। অজ্ঞান হৈ পৰে। উশাহ-নিশাহত যথেষ্ট কষ্ট অনুভৱ কৰে। অজ্ঞাতসাৰে শৌচ-প্ৰস্ৰাৱহয়। সমগ্ৰ শৰীৰত ঘাম ওলায়। মুখৰ চেহেৰা ক’লা পৰে। সমগ্ৰ শৰীৰ অৱশ হয় আৰু ডিঙিৰ মাংসপেশী বেকা হৈ পৰে। নাড়ীৰ গতি অনিয়মীয়া হয়।

টিউবাৰকিউলাৰ মেনিঞ্জাইটিছৰ লক্ষণ

টিউবাৰকিউলাৰ মেনিঞ্জাইটিছত সাধাৰণতে শিশুসকল বেছিকৈ আক্ৰান্ত হয়।

ৰোগৰ উৎপত্তিৰ কাৰণ

টিউবাৰকিউলাৰ মেনিঞ্জাইটিছ সাধাৰণতে পুষ্টিকৰ আহাৰৰ অভাৱ, বসন্ত ৰোগৰ কুফল, হুপিং কাহৰ উপসৰ্গৰুপে সৃষ্টি হ’ব পাৰে। যিকোনো ধৰণৰ মূৰত আঘাট পোৱা, কিছুমান চৰ্মৰোগ শৰীৰৰ ভিতৰলৈ প্ৰৱেশ কৰা, মানসিক উত্তেজনা, কলেৰা ৰোগৰ পাৰ্শ্বক্ৰিয়া আদিৰ বাবে টিউবাৰ কিউলাৰ মেনিঞ্জাইটিছৰ উৎপত্তি হয়।

টিউবাৰকিউলাৰ্ মেনিঞ্জাইটিছত আক্ৰান্ত হ’লে আক্ৰান্ত শিশুৰ কিছু দিনৰ পৰা টোপনি নোহোৱা হয়। সকলো সময়তে অস্থিৰ্ হৈ থাকে। মুখৰ চেহেৰা ক্ৰমান্বয়ে ক’লা হৈ আহে। ভোক নোহোৱা হৈ আহে।দুৰ্গন্ধময় শৌচ আৰু প্ৰস্ৰাৱ হয়। শৰীৰৰ অংগ প্ৰত্যঙ্গ ক্ৰমান্বয়ে ক্ষীণ হৈ আহে। মাজে মাজে শুই থকা অৱস্থাত চিঞৰ মাৰি উঠে। কিছু সপ্তাহ অৱস্থাত পাৰ হোৱাৰ পিছত অতিৰিক্ত জ্বৰ, মূৰৰ বিষ, শৰীৰৰ কঁপনি, বমি আদি আৰম্ভ্ হয়।প্ৰচণ্ড মূৰ বিষায়। বিষৰ কাৰণে ল’ৰা-ছোৱালীয়ে গাৰুত মূৰ থেকেচে আৰু চিতকাৰ কৰি উঠে। ডিঙিৰ মাংসপেশী অতিৰিক্ত টান হয় আৰু ডিঙি বেকা হৈ পৰে। এনে অৱস্থাত কিছুদিন পাৰ হোৱাৰ পিছত বমি প্ৰায় বন্ধ হৈ যায়। সম্পূৰ্ণ জ্ঞান লোপ পায়। মাজে মাজে বলিয়ালি বকে আৰু হঠাতে চিঞৰ মাৰি উঠে। অজ্ঞাতে শৌচ-প্ৰস্ৰাৱ হয়। অলপ জ্বৰ থাকে। দাঁত কৰচে। খাদ্য বা পানী খাব নোৱাৰা হয়। ওঁঠ আৰু ডিঙিত একওৰকাৰ বগা দাগ বহে। চকুৰ পলক একে ঠাইতে স্থিৰ হৈ পৰে, চকু আধা মুদ খাই থাকে। দেহৰ তাপমাত্ৰা ১০৩ ডিগ্ৰী ৰ পৰা ১০৪/১০৫ ডিগ্ৰী পৰ্যন্ত হয়। চকুৰ বগা অংশ ওলাই চকু স্থিৰ হৈ পগ্ৰীষ্মকাল শৰীৰৰ মাংসপেশী কোচ খাই। অৱশেষত মৃত্যু পৰ্যন্ত হয়।

এপিচমেল

এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীয়ে বিশেষকৈ ল’ৰা-ছোৱালীবিলাকে মূৰৰ ভিতৰত হুল সোমোৱাৰ দৰে একপ্ৰকাৰৰ বিষ, টোপনি যোৱাৰ পিছত বা টোপনিৰ পৰা সাৰ পোৱাৰ পিছত অনুভৱ কৰে। বিষত চিঞৰ মাৰি উঠে। শৰীৰৰ কোনোঅংশ বা সমগ্ৰ শৰীৰতে জোঁকাৰণি উঠে। ৰোগীৰ ডিঙিৰ মাংসপেশী টান হয়, মূৰ, পিঠি বেঁকা পৰে। অচেতন অৱস্থাত শৌচ, প্ৰস্ৰাৱ হ’লে এই ঔষধ ব্যৱহাৰ কৰিব পাৰি। এই লক্ষণবোৰৰ লগতে যিকোনো চৰ্মৰোগ শৰীৰৰ ভিতৰলৈ সোমাই যোৱাৰ পিছত বা মস্তিস্কৰ যিকোনো ৰোগৰ কাৰণে মেনিঞ্জাইটিছ হ’লে Apis Mellifica ব্যৱহাৰ কৰা হয়।

Cicuta-Virosa

কোনো কোনো সময়ত দেহৰ তাপমাত্ৰা বৃদ্ধি আৰু কোনো সময়ত অত্যন্ত ঠাণ্ডা অনুভৱ হয়। চকু আৰু মুখৰ পেশী অত্যন্ত দুৰ্বল হয়। দাঁত কামুৰি ধৰে, মূৰৰ পিছফালে অত্যন্ত্ বিষ হয়। শ্ৰৱণ শক্তি লোপ পোৱাৰ লগতে বাক্‌শক্তিও হেৰায়। বুকুৰ পেশী দুৰ্বল হৈ পৰাৰ বাবে শ্বাস কষ্ট, কঁপনি হয় আৰু মুখেৰে ফেন ওলোৱা আদি লক্ষণ থাকিলে এই ঔষধ ব্যৱহাৰ কৰাহয়।

Belladonna

জ্বৰ আৰু মস্তিস্কত ৰক্ত সঞ্চয়ৰ লগতে প্ৰলাপ বকে। চকু-মুখ ৰঙাহৈ পৰে। মূৰৰ পিছফালৰ্পৰা টানি থকাৰ দৰে অনুভৱ হয়। পোহৰ আৰু হুলুস্থুলীয়া পৰিৱেশ কোনো পধ্যেই সহ্য কৰিব নোৱাৰে। মূৰৰ প্ৰচণ্ড যন্ত্ৰণা আদি লক্ষণ থাকিলে এই ঔষধ ব্যৱহাৰ হয়।

Cannabis Indicia

মূৰৰ পিছফালে প্ৰচণ্ড বিষ হয়। অজ্ঞান অৱস্থাত ধনুৰ দৰে বেঁকা হৈ পৰে। শৰীৰ ঠাণ্ডা কিন্তু ঘাম ওলাই থাকে। নাৰীৰ গতি অত্যন্ত দুৰ্বল হয়। পোহৰ আৰু শব্দ সহ্য কৰিব নোৱাৰে।এইবোৰ লক্ষণত এই ঔষধ ব্যৱহাৰ কৰিব পাৰি।

Crabo Veg

হুপিং কফ, কলেৰা আদি ৰোগ বা যিকোনো দুৰ্বল ৰোগৰ পৰিণামৰ ফলত মেনেঞ্জাইটিছ বা যিকোনো ধৰণৰ ৰোগ হ’লে প্ৰথমে এই ঔষধ ব্যৱহাৰ কৰিব পাৰি।

Actare-Racemosa

যিকোনো ধৰণৰ মস্তিস্কৰ ৰোগ, মানসিক উত্তেজনা যেনে- ভয়, খ্ং, শোক, দুখ, হিংসা আদি কুফলৰ পৰা মেনিঞ্জাইটিছ উতপত্তি হ’লে এই ঔষধ দীঘলীয়া সময় ধৰি ব্যৱহাৰ কৰিব লাগে।

মেৰুদণ্ড ৰোগৰ পৰা মেনিঞ্জাইটিছ হ’লে সাধাৰণতে এই ঔষধ ব্যৱহাৰ কৰা হয়। এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ মূৰৰ পিছফালে ভয়ংকৰ বিষ থাকে, মূৰ পিছফালে বেকা হৈ পৰে। শৰীৰৰ মাংস পেশীবোৰ ভয়ংকৰ ভাৱে স্পণ্ডিত হয়। ৰোগীয়ে প্ৰলাপ বকে, মাজে মাজে চিঞৰি উঠে।

এই ঔষধ ব্যৱহাৰ হোৱা ৰোগী সম্পূৰ্ণ অচেতন অৱস্থাত থাকে। গাৰুত মুৰটো ইফাল-সিফাল কৰে, কপালৰ মাংসপেশী কোচ খাই আহে। অজ্ঞান অৱস্থাত একে স্থিৰে চাই থাকে। মাজে মাজে হাত দাঙি শূন্যত কিবা ধৰাৰ দৰে খেপিয়াই, ৰোগীৰ আংশিক বা সম্পূৰ্ণ শৰীৰ জঠৰ হয়। ডিঙিৰ মাংসপেশী টান হৈ ৰোগীৰ মূৰ আৰু পিঠি বেকা হৈ যায়। অজ্ঞান অৱস্থাত হঠাত চিঞৰ মাৰি উঠে। প্ৰস্ৰাৱ প্ৰায় বন্ধ থকা আদি লক্ষণত এই ঔষধ ব্যৱহাৰ হয়।

সকলো ধৰণৰ মস্তিস্কৰ ৰোগ –চিম্পল মেনিঞ্জাইটিছ, টিউবাৰকিউলাৰ মেনিঞ্জাইটিছ আদি ৰোগত ৰোগীৰ মাংসপেশী, হাত-ভৰি আৰু সমগ্ৰ শৰীৰতে জোঁকাৰণি একেৰাহে হৈ থাকিলে এই ঔষধ ব্যৱহাৰ কৰা হয়।

চিম্পল মেনিঞ্জাইটিছ বা হাইড্ৰোকেফেলাছ ৰোগত বিশেষকৈ ল’ৰা-ছোৱালীৰ মূৰৰ হাড় যোৰা ফাঁক হৈ পৰে। ৰোগীৰ এটা চকু মুদ খাই থাকে। এটা চকুৰে কোনো বস্তু দেখা নাপয়, কপাল ফুলি উঠে। ৰোগী সম্পূৰ্ণ অচেতন অৱস্থাত থাকিলে এই ঔষধ ব্যৱহাৰ কৰিব পাৰি।

ডা: হৰিকান্ত দাস, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 10/7/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate