মেদবহুলতাই মানুহক শাৰীৰিকভাৱে অসুস্থ কৰি তোলে। বহুতেই খাদ্য নিয়ন্ত্ৰণ বা ব্যায়াম আদি কৰি ওজন কমাই লয়। কিন্তু কাৰোবাৰ ক্ষেত্ৰত খাদ্য নিয়ন্ত্ৰণ আৰু ব্যায়ামতৰ উপৰি অতিৰিক্ত মেদ নিয়ন্ত্ৰণৰ বাবে কচমেটিক চাৰ্জাৰীৰ প্ৰয়োজন হয়। শৰীৰত অতিৰিক্ত মেদ বৰ্জনৰ বাবে কৰা কচমেটিক চাৰ্জাৰিক লিপ’চাকচন বুলি কোৱা হয়।
এই অপাৰেশ্বনৰ দ্বাৰা চিকিৎসকে মেদবহুল ব্যক্তিৰ পেট, উৰু, বাহু, ডিঙি আদিৰ পৰা অতিৰিক্ত মেদ বাহিৰলৈ উলিয়াই দিয়ে। এই অপাৰেশ্বনৰ যোগেদি চিকিৎসকে এজন ব্যক্তিৰ কোনো বিপদ নোহোৱাকৈ পাঁচ কেজি ওজন কমাব পাৰে। কিন্তু কিমান পৰিমাণত মেদ নিস্কাৰণ কৰিব সেইয়া চিকিৎসক আৰু ৰোগী দুয়ো মিলি সিদ্ধান্ত লয়। প্ৰয়োজনতকৈ অধিক মেদ নিস্কাৰণ কৰিলে ছালৰ উপৰিভাগ খহতা হৈ পৰিব পাৰে।
লিপ’চাকচন অপাৰেশ্বনৰ বাবে প্ৰস্তুত হোৱা ব্যক্তিজন সুস্থ আৰু নিৰোগী হোৱা বাঞ্চনীয়।
ৰোমৰ ডা: জিয়ৰজিয় ফিচ্ছাৰ নামৰ স্ত্ৰীৰোগ বিশেষজ্ঞজনক এই লিপ’চাকচন চাৰ্জাৰীৰ আৱিষ্কাৰক বুলি কোৱা হয়। তেখেতে ১৯৭৪ চনত এই চিকিৎসাৰ আৱিষ্কাৰ কৰে। ইয়াৰ আগতে ১৯২৬ চনতো এজন ফ্ৰেন্স চাৰ্জন চাৰ্লচ ডুজাৰিয়াৰে এই প্ৰথাৰে এগৰাকী মডেলক অপাৰেশ্বন কৰিছিল। কিন্তু দুৰ্ভাগ্যৰ কথা যে তেওঁৰ সেই প্ৰচেষ্টা সফল নহ’ল।
১৯৬০ চন মানৰ পৰাই ইউৰোপত এই চাৰ্জাৰীৰ প্ৰ্চলন হৈছিল। সমান্তৰালভাৱে আমেৰিকাতো এই চিকিৎসাৰ প্ৰচলন হ’বলৈ ধৰে।
প্ৰথমটো আধুনিক লিপ’চাকচন অপাৰেশ্বন সম্পাদন হয় ১৯৮২ চনত। এই অপাৰেশ্বনটো সম্পাদিত কৰে ফ্ৰেন্স চিকিৎসক Dr. Yves Gerad Illouz-এ। এওঁ অপাৰেশ্বন কৰা পদ্ধতিক পিছলৈ ‘Illouz Method’ বুলি জনাজাত হৈ পৰিল।
১৯৮৫ চনত -ৰ প্ৰৱৰ্তন কৰে। পিছলৈ ১৯৯০ চনত শেষত লিপ’চাকচনৰ লগত আল্ট্ৰ’ চাউণ্ডৰ ব্যৱহাৰ হয়। বৰ্তমান সময়ত এই অপাৰেশ্বনৰ লগত চিকিৎসকসকলে লেজাৰ টেকনিক্ৰো ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে।
লিপ’চাকচন চাৰ্জাৰীৰ আৰম্ভণিৰ পৰা আজিলৈকে হোৱা উন্নতিৰ পিছত বৰ্তমান এই অপাৰেশ্বনৰ পিছত ৰোগী সম্পূৰ্ণ সুস্থ হ’বলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়।
এই চাৰ্জাৰীৰ জনপ্ৰিয়তা বৰ্তমান আগতকৈ বহু বৃদ্ধি পাইছে। মহিলাৰ সাধাৰণতে পেট আৰু উৰুৰ পৰা মেদ নিষ্কাষণ কৰা হয়। পুৰুষৰ ক্ষেত্ৰত পেট আৰু তপিনাত ওচৰৰ পৰা অতিৰিক্ত মেদ চিকিৎসকে নিয়ন্ত্ৰণ কৰে।
সকলোৰে বাবে লিপ’চাকচন অপাৰেশ্বন কৰোৱাটো বিপদমুক্ত নহয়। লিপ’চাকচন শাৰীৰিক অনুশীলন ব খাদ্য নিয়ন্ত্ৰণৰ বিকল্প হিচাপে গ্ৰহণ কৰিব নালাগে। তথাপি কোনো লোকে এই অপাৰেশ্বনৰ বাবে ইচ্ছা কৰিলে তেওঁৰ বয়স ১৮ বছৰৰ ওপৰত হোৱাটো বাঞ্ছনীয়।
ডায়েবেটিছ, হৃদৰোগ আদিত ভোগা ৰোগীৰ বাবে এই অপাৰেশ্বন সাধাৰণতে সম্ভৱ নহয়।
লিপ’চাকচন অপাৰেশ্বন চিকিৎসকসকলে সাধাৰণতে কেনুলাৰ সহায়ত সম্পাদন কৰে। ইয়াৰ উপৰি আন কেতবোৰ পদ্ধতি, যেনে ড্ৰাই লিপ’চাকচন, ৱেট লিপ’চাকচন, ছুপাৰ ৱেট লিপ’চাকচন, টামি চেণ্ট লিপ’চাকচন, লেজাৰ এচিচটেড লিপ’চাকচন আদি বিভিন্ন ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰা হয়।
লিপ’চাকচন অপাৰেশ্বনৰ আগতেই চিকিৎসক আৰু ৰোগীয়ে শৰীৰৰ কোন অংশত অপাৰেশ্বন কৰা হ’ব এই বিষয়ে আৰু অপাৰেশ্বনৰ পিছত সম্ভাৱ্য ফলাফলৰ বিষয়ে আগতীয়াকৈ কথা পাতি ল’ব লাগে।
ৰোগীয়ে এখন অনুমতি পত্ৰত চহী কৰিবলগীয়া হয়। চিকিৎসকে ৰোগী থিক হৈ থকা অৱস্থাত অপাৰেশ্বন হ’ব লগা অংশখিনি চিনাক্ত কৰি লয়।
সাধাৰণতে এই অপাৰেশ্বন হোৱাৰ দিনাই ৰোগীয়ে খোজ কাঢ়িব পাৰে। আন কোনো বিশেষ অসুবিধা নহ’লে ৰোগীক সেই দিনাই ঘৰলৈ যাবলৈ দিয়া হয়।
অপাৰেশ্বন হৈ যোৱাৰ পিছত এজন ব্যক্তি দুদিনৰ পৰা দুসপ্তাহৰ ভিতৰত নিজৰ কৰ্মক্ষেত্ৰলৈ যাব লাগে। চাৰি সপ্তাহলৈ ৰোগীয়ে এক বিশেষ ধৰণৰ কাপোৰ পিন্ধাৰ প্ৰয়োজন হ’ব।
অপাৰেশ্বনৰ ছমাহত পিছতহে ৰোগীয়ে সম্পূৰ্ণ সুফল পায়। এই অপাৰেশ্বনৰ দ্বাৰা শৰীৰৰ অতিৰিক্ত মেদ সম্পূৰ্ণকৈ গ্ৰহণ নকৰে তেন্তে আকৌ মেদবহুল হৈ পৰাৰ সম্ভাৱনা থাকে।
এই অপাৰেশ্বনৰ পিছত বিশেষ কোনো পাৰ্শ্বক্ৰিয়া নাথাকে কিন্তু তথপি বিষ, দাগ বা সাময়িকভাৱে শৰীৰ ফুলি উঠিব পাৰে। কিন্তু এই সকলোবোৰ সমস্যা চিকিৎসাৰ যোগেদি আৰোগ কৰিব পৰা যায়।
ইয়াৰ উপৰি ৰোগীৰ গম্ভীৰ ধৰণৰ সমস্যা হ’ব পাৰে। এই সকলোবোৰ কথা চিকিৎসকে ৰোগীৰ লগত অপাৰেশ্বনৰ আগতে বিতংভাৱে আলোচনা কৰি ল’ব লাগে।
বৰ্তমান সময়ত ভাৰতৰ বহুকেইখন উন্নত মানৰ চিকিৎসালয়ত লিপ’চাকচন অপাৰেশ্বন কৰা হয়। অত্যাধিক শকত ব্যক্তিয়ে এই চিকিৎসাৰ যোগেদি সুফল পাব পাৰে।
লিখকঃ ৰাজীৱ কুমাৰ বৰা
শেহতীয়া উন্নীতকৰণ: : 10/7/2018