অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

লেৰিনজাইটিছ

লেৰিনজাইটিছ

ফাগুন-চ’ত মাহ অহাৰ লগে লগে বিহুৱা ডেকা-গাভৰুহঁতৰ গাত তত নাইকিয়া হয়| বিহু হুঁচৰি গাই স্ফূৰ্তি-তামাচা কৰাৰ পাছত বা কৰি থকাৰ সময়তে কেতিয়াবা যেন ডেকা-গাভৰুবোৰ কণ্ঠহাৰা হৈ পৰে অৰ্থাৎ ডিঙিয়েদি মাত নোলোৱা হয়| জোৰকৈ মাত উলিয়াবলৈ প্ৰয়াস কৰিলেও অস্ফুত কণ্ঠস্বৰত যেন শ্ৰুতিগোচৰ হয়| ইয়াৰ কাৰণ কি বাৰু? আমাৰ সকলোৰে ডিঙিত বাক্‌যন্ত্ৰ বা স্বৰযন্ত্ৰ নামৰ এটা অংগ আছে যাক ইংৰাজীত লেৰিংছ বা ভয়চ বক্স বোলে| এই বক্সৰ নিচেই সমীপতে ওচৰা-উচৰিকৈ দুখন পৰ্দা আছে যাক নেকি স্বৰযন্ত্ৰ বা ভোকেল কৰ্ড বোলে| আমি কোনোবাই কিবা কথা ক’ব খুজিলে বা মুখেদি কিবা শব্দৰ সৃষ্টি কৰিব খুজিলে মুখৰ গহ্বৰৰ ভিতৰত নিশ্বাসৰ জৰিয়তে ওলাই আহিবলগীয়া বায়ুৰ দ্বাৰা স্বৰযন্ত্ৰত কম্পনৰ সৃষ্টি কৰে আৰু ফলত আমাৰ ইচ্ছা অনুযায়ী শব্দৰ সৃষ্টি হয় বা কথা পতা সম্ভৱপৰ হয়| গতিকে কোনো কাৰণবশত: যদিহে স্বৰযন্ত্ৰৰ ক্ষয়ক্ষতি হয় বা প্ৰদাহৰ সৃষ্টি হয় তেনেহ’লে নিশাহত নিৰ্গত হোৱা বতাহে কোনো ধৰণৰ কম্পনৰ সৃষ্টি কৰিব নোৱাৰে আৰু ফলত কণ্ঠস্বৰ বিকৃত হয়| স্বৰযন্ত্ৰত সামান্য পৰিৱৰ্তন ঘটিলেও কণ্ঠস্বৰৰ বিকৃতি হ’ব পাৰে আৰু বহু সময়ত অস্ফুত হৈ পৰে| শৰীৰ তাত্ত্বিক দিশৰ পৰা চাবলৈ গ’লে স্বৰযন্ত্ৰ হৈছে এমুঠি পেশী আৰু কেতবোৰ তৰপেৰে গঠিত যোগ কলাৰ সমষ্টি| সমগ্ৰ স্বৰযন্ত্ৰটিৰ চৌদিশ এখন শ্লৈষ্মিক আৱৰণেৰে গঠিত যাক ইংৰাজীত কোৱা হয় মিউক’ছা ইয়াৰ অৰ্থ হৈছে মিউকাছ মেমব্ৰেন| পেশী, যোগকলা আৰু শ্লেষ্মা আৱৰণী স্বৰযন্ত্ৰৰ এই তিনিটা স্তৰৰ ভিতৰত যিকোনো এটাতেই কোনো ধৰণৰ পৰিৱৰ্তন ঘটিলে স্বৰযন্ত্ৰৰ যথাকাম্য কম্পন সৃষ্টিৰ ক্ষেত্ৰত বাধাগ্ৰস্থতা আহিব পাৰে| স্বৰযন্ত্ৰৰ পৰিৱৰ্তন নানাধৰণৰ হ’ব পাৰে| আমি যদিহে অস্বাভাৱিক শক্তি প্ৰয়োগ কৰি কথা-বতৰা পাতো বা চিঞৰ-বাখৰ ভালেমান পৰলৈ কৰো, তেনেহ’লে ক্ষয়ক্ষতি হ’ব পাৰে| শ্বাসতন্ত্ৰৰ উৰ্ধ্বাংশত কোনো বীজাণু বা ভাইৰাছজনিত সংক্ৰমণৰ সৃষ্টি হ’লে বা এলাৰ্জী ঘটিত বিক্ৰিয়াৰ ফলত প্ৰদাহৰ সৃষ্টি হ’ব পাৰে| আনকি শুকান বতাহৰ সংস্পৰ্শত অহা শ্লেষ্মা খিনি স্বৰযন্ত্ৰৰ দুটা অংশৰ মাজত জমা হৈ এনে হ’ব পাৰে| এই ঘটনাপ্ৰৱাহৰ শেষ পৰিণতি হৈছে লেৰিনজাইটিছ| ইয়াৰ অৰ্থ হৈছে Inflammation of Laryn অৰ্থাৎ স্বৰযন্ত্ৰৰ প্ৰদাহ| এই ৰোগ হ’লে কণ্ঠস্বৰ বিকৃত হৈ সময় বিশেষে স্তব্ধ হৈ যাব পাৰে| আনুষংগিকভাৱে জ্বৰ, অৱসাদগ্ৰস্থতা, কাহ আৰু ডিঙিৰ বিষ অনুভূত হ’ব পাৰে| এই ৰোগত আক্ৰান্ত হ’লে কথা-বতৰা পাতিব নালাগে| অন্তত: দুদিনৰ বাবে মুখেদি সম্পুৰ্ণভাৱে কথা পতা অনুচিত| ফুচফুচাই কথা পাতিলেও স্বৰযন্ত্ৰত আঘাত পৰে আৰু সেই হেতুকে এনেদৰে কথা পতা অনুচিত| মুখ একেবাৰে বন্ধ| বিশেষ অত্যাৱশ্যকীয় কথা কাৰোবাক ক’বলগীয়া হ’লে লিখি দিব লাগে| গল খেকাৰি মৰাও অনুচিত| অত্যধিক চিঞৰ-বাখৰ কৰা বাবে মাত ভাঙিলে বুজিব লাগিব যে স্বৰযন্ত্ৰৰ ৰক্ত সৰবৰাহকাৰী কোনো কৈশিক নলিকা ফাটিছে| এনে পৰিস্থিতি বিষনাশক দৰবৰুপে এস্পিৰিণ খোৱা অনুচিত| অন্যথা তেজ গোট মৰা প্ৰক্ৰিয়াটি পলম হয়| স্বৰযন্ত্ৰৰ একেবাৰে ওপৰত থকা শ্লেষ্মা আৱৰণখিনি ভিজি থকা উচিত| অন্যথা শ্লেষ্মাৰ ৰাসায়নিক গুণাগুণ বেছি আঠালেতীয়া হৈ পৰে আৰু দুটা অংশৰ মাজত আঠাৰ দৰে সংযোজকৰুপে কাম কৰে আৰু ইৰিটেশ্বন বা খছকছনিৰ সৃষ্টি কৰে| গতিকে লেৰিনজাইটিছ ৰোগ হ’লে স্বৰযন্ত্ৰ আৰ্দ্ৰ অৰ্থাৎ সেমেকা কৰি ৰখাৰ প্ৰয়োজনীয়তা আহি পৰে আৰু এই উদ্দেশ্য সাধনৰ বাবে হিউমিডিফায়াৰ ব্যৱহাৰ কৰা হয়| অৱশ্যে এই যন্ত্ৰটি অতি কমসংখ্যক মানুহৰ ঘৰত থাকে| গতিকে এটা বাতি বা কাপত উতলা গৰম পানী লৈ কেইমিনিটমানৰ বাবে মুখখন সেই পানীৰ নিচেই সমীপলৈ নি ভাপখিনি উশাহেদি ল’ব লাগে| দিনটোত অন্তত: দুবাৰ এনে কৰিব লাগে| নিতৌ ৮-১০ গিলাছ পানী খাব লাগে| এই সময়ত মাত্ৰাধিক পানী খাব লাগে| কুহুমীয়া গৰম পানীৰে কুলিকুলি কৰিব লাগে| ২৫০ মি: লি: কুহুমীয়া গৰম পানীত এচামুচ নিমখ গুলি নিতৌ ৩-৪ বাৰ কুলিকুলি কৰিব লাগে| মৌ মিহলি গৰম পানী বা নেমুৰ ৰস খাব পাৰি| শীতল পানীয়, আইচক্ৰীমকে ধৰি কোনো চেঁচা বস্তু খোৱা অনুচিত| নাকেদি উশাহ-নিশাহ ল’ব লাগে| এই কামফেৰাৰ জৰিয়তে স্বৰযন্ত্ৰ আৰ্দ্ৰ কৰি ৰাখিব পাৰি| নানা কাৰণবশত: কোনো ব্যক্তিৰ নাক দুটাৰ মাজত থকা বেৰখন বেকা হ’লে ( ডেভিয়েটেড নেজেল ছেপ্টাম- DNS) নিদ্ৰাৰত অৱস্থাত অসুখৰ উপস্থিতিৰ হেতুকে বাধ্যত পৰি মুখেদি উশাহ-নিশাহ ল’বলগীয়া হয় আৰু এনে পৰিস্থিতিত স্বৰযন্ত্ৰ শুকাই যায় আৰু চেঁচা বতাহৰ কবলত পৰে| ইয়াৰ ফলত কষ্টৰ মাত্ৰা বাঢ়িব পাৰে| এই সময়ত চখতো ধুমপান কৰা নিষেধ| কোনো ধুম্ৰপায়ী ব্যক্তিৰ ওচৰে-পাঁজৰে ৰোগীজন থকা অনুচিত| চিগাৰেটৰ ধোৱা হৈছে ডিঙি শুকাই যোৱাৰ এক অন্যতম কাৰক| কেতবোৰ দৰব সেৱনৰ হেতুকে ডিঙি একেবাৰে শুকাই যাব পাৰে| সেয়েহে কোনো দৰব ব্যৱহাৰৰ পুৰ্বে চিকিৎসকৰ পৰামৰ্শ বাধ্যতামুলক| লেৰিনজাইটিছ অস্বস্থিকৰ হ’লেও বেছি কষ্টদায়ক নহয়| অৱশ্যে কেতিয়াবা জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ’ব পাৰে| এনেধৰণৰ পৰিস্থিতিবোৰ হৈছে-

১) মাত ভঙাৰ পাছত ইমানেই বিষ হৈছে যে সেপ ঢুকিবলৈকে অসুবিধা হৈছে| স্বৰযন্ত্ৰৰ ওপৰৰ অংশৰ প্ৰদাহ হৈ শ্বাসপথ ৰুদ্ধ হ’লে এনে হয়|

২) কাহৰ সৈতে তেজ ওলালে বা উশাহ লোৱাৰ সময়ত শব্দ হ’লে দীঘলীয়া সময়ৰ বাবে ভয়চ ৰেষ্ট ল’ব লাগিব|

৩) দীঘলীয়া সময়ৰ বাবে লেৰিনজাইটিছ ৰোগ হ’লে ডিঙিত টিউমাৰৰ উপস্থিতিৰ বিষয়ে সন্দেহৰ অৱকাশ ৰৈ যায়| ৩-৫ দিনৰ ভিতৰত যদিহে লেৰিনজাইটিছ স্বাভাৱিক অৱস্থালৈ নাহে তেনেহ’লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ অপৰিহাৰ্য হৈ পৰে|

ডা: মিহিৰ কুমাৰ গোস্বামী

শেহতীয়া উন্নীতকৰণ: : 6/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate