অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সন্ধিৰ বিষঃ

সন্ধিৰ বিষঃ

সন্ধিৰ বিষৰ ভিতৰত আঁঠুৰ বিষেই সচৰাচৰ হোৱা দেখা যায়। স্বাভাৱিক অৱস্থাত সন্ধিবোৰত উপাস্থি নামৰ এবিধ লেহুকা পদাৰ্থই দুডাল হাড়ৰ মূৰ দুটা কুচনৰ নিচিনাকৈ ঢাকি ৰখাৰ ফলত হাড়ৰ মূৰ দুটাই ঘহনি নাখায়। মুৰ্গীৰ ঠেং খাওঁতে মন কৰিছেনে ঠেংখনত থকা সন্ধি ৰবৰৰ নিচিনা বস্তুৱে ঢাকি ৰাখে। মানুহৰ সন্ধিবোৰো তেনেকুৱাই। সেই ৰবৰসদৃশ লেহুকা বস্তুটোৱেই হ’ল উপাস্থি বা কাৰ্টিলেজ। ই সন্ধিৰ ওপৰত পৰা প্ৰঘাত শুহি লয়। দীৰ্ঘদিনৰ ক্ষয়-উপক্ষয় বা আঘাতৰ ফলত অষ্টিঅ’আৰ্থ্ৰাইটিছৰ সৃষ্টি কৰে। এই ৰোগ উপাস্থিত আৰম্ভ হৈ হাড়লৈ বিস্তৃত হয়।

উপাস্খিৰ মেৰামতি লেহেম গতিত হয়, কিন্তু হাড়ৰ বৃদ্ধি সোনকালে হয়। ই হাড় দুডালৰ মাজত সৃষ্টি হোৱা ফাঁক পূৰায়। ফলত অৱস্থা গুৰুতৰ হয়। আঘাত আৰু ক্ষয়-উপক্ষয়ৰ উপৰি সন্ধিত এবিধ প্ৰদাহ সৃষ্টিকাৰী পাচক ৰসৰ সৃষ্টি হয়। এই পাচক ৰসে প্ৰদাহ সৃষ্টি কৰি উপাস্থি ধ্বংস কৰে। এই পৰিঘটনা বাৰম্বাৰ সৃষ্টি হোৱাৰ ফলত উপাস্থি আৰু হাড়ৰ ধ্বংস ত্বৰান্বিত হয়।

অষ্টিঅ’আৰ্থ্ৰাইটিছ প্ৰায় সকলোবোৰ সন্ধিতে হব পাৰে। ভাৰতীয়সকলৰ আঁঠু, ৰাজহাড়, সৰু গাঁঠি, কান্ধ আৰু উৰু সন্ধিত এই ৰোগ সচৰাচৰ হোৱা দেখা যায়। তদুপৰি হাত আৰু ভৰিৰ বুঢ়া আঙুলিতো এই ৰোগ হ’ব পাৰে। সাধাৰণতে ৫০ বছৰৰ ওপৰৰ লোকৰ এই ৰোগ হয় যদিও কমবয়সীয়া লোকৰ ক্ষেত্ৰতো হ’ব পাৰে। বিশেষকৈ যিসকলে গধুৰ বোজা কঢ়িয়ায়, তেওঁলোকৰ এই ৰোগ কম বয়সতে হোৱা দেখা যায়। আৰামৰ জীৱন-যাপন কৰা লোক, অধিক ওজনৰ ব্যক্তি আদিৰো অষ্টিঅ’আৰ্থ্ৰাইটিছ হ’ব পাৰে। শৰীৰৰ ওজন হ্ৰাস কৰিলে এই ৰোগৰ পৰা উপশম পোৱা যায়।

অষ্টিঅ’আৰ্থ্ৰাইটিছৰ ক্ষেত্ৰত জিনীয় কাৰণো থাকে। ভাৰতীয়সকলৰ ক্ষেত্ৰত অধিক অষ্টিঅ’আৰ্থ্ৰাইটিছৰ কাৰণ জিনীয় হ’ব পাৰে। ওখ গেৰোৱাৰ জোতা পিন্ধা ব্যক্তিৰ ক্ষেত্ৰতো অষ্টিঅ’আৰ্থ্ৰাইটিছৰ প্ৰাদুৰ্ভাৱ অধিক। খেলুৱৈসকলে সন্ধিত আঘাত পোৱাৰ সম্ভাৱনা অধিক। ইয়াৰ ফলতো এই ৰোগ হ’ব পাৰে।

অষ্টিঅ’আৰ্থ্ৰাইটিছ ৰোগৰ বাবে ফলপ্ৰসূ ঔষধি চিকিত্সা উপলব্ধ নহয়। অৱশ্যে কেতবোৰ ঔষধে লক্ষণসমূহৰ পৰা উপশম দিব পাৰে। সন্ধিৰ অষ্টিঅ’আৰ্থ্ৰাইটিছ, বিশেষকৈ আঁঠুৰ এই ৰোগ হ’লে বিষ সহেয কৰি হ’লেও খোজ কঢ়া উচিত। অন্যান্য ব্যায়ামো কৰিব লাগে। ব্যায়ামে সন্ধিৰ প্ৰদাহ ৰোধ কৰিব পাৰে। ফিজিঅ’ থেৰাপিষ্টৰ সহায় লৈ ব্যায়াম কৰিলে ৰোগৰ উপশমৰ সম্ভাৱনা অধিক। যদিও খোজকঢ়া উত্তম ব্যায়াম, এই ব্যায়ামে সন্ধিৰ সৈতে জড়িত মাংসপেশী সবল কৰিব নোৱাৰে। ছুইমিং পুলত ওপৰলৈ মুখ কৰি চাইকেল চলোৱাৰ নিচিনাকৈ ভৰি মাৰিলে মাংসপেশী সবল হ’ব পাৰে। চাইকেল চলোৱা এবিধ ভাল ব্যায়াম। মুঠতে সন্ধি সংলগ্ন মাংসপেশী সবল কৰিবলৈ চেষ্টা কৰা উচিত। খোজ কাঢ়োতে লাঠীৰ সহায় লোৱা প্ৰয়োজন, কিন্তু নী-কেপ ব্যৱহাৰ নকৰিব।

অষ্টিঅ’আৰ্থ্ৰাইটিছত দীৰ্ঘদিন ধৰি বিষনাশক ঔষধৰ ব্যৱহাৰ প্ৰয়োজন হ’ব পাৰে। ঔষধি চিকিত্সা, ব্যায়াম, ফিজিঅথেৰাপী আদিৰে উপশম নহ’লে কৃত্ৰিম আঁঠুৰ সহায় ল’বলগীয়া হ’ব পাৰে। এই চিকিত্সা কৰিলে সম্পূৰ্ণৰূপে আৰাম পোৱা যায় আৰু নতুন জীৱন পোৱাৰ নিচিনা হয়।

অষ্টিঅ’আৰ্থ্ৰাইটিছৰ ক্ষেত্ৰত কাণ্ড কোষ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত গৱেষণা কৰি থকা হৈছে। অদূৰ ভৱিষ্যতে কাণ্ড কোষৰ ব্যৱহাৰ কৰি অষ্টিঅ’আৰ্থ্ৰাইটিছ সম্পূৰ্ণৰূপে নিৰাময় কৰাৰ সম্ভাৱনা আছে।

লেখকঃ ডাঃ জীৱন দত্ত বৰুৱা

উত্সঃ অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 6/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate