অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সাধাৰণ ইনফ্লুৱেঞ্জা

ঋতু পৰিৱৰ্তনৰ ফলত বতৰ পৰিৱৰ্তিত হয় । বতৰ পৰিৱৰ্তনৰ লগে লগে তুলনামূলকভাৱে গ্ৰীষ্মকালত বেছিকৈ হোৱা এবিধ স্ংক্ৰামক ৰোগ হ’ল সাধাৰণ ইনফ্লুৱেঞ্জা বা ফ্লু । বহুতে ইয়াক চৰ্দি জ্বৰ অথবা পানীলগা জ্বৰ বুলিও কয় । যিকোনো বয়সৰ লোকৰ বছৰৰ যিকোনো সময়তে ফ্লু হ’ব পাৰে, তথাপি সাধাৰনতে শীতকাল শেষ হৈ গ্ৰীষ্মকাল আৰম্ভ কৰা মাৰ্চ মাহৰপৰা ইয়াৰ প্ৰকোপ বাঢ়ি অহা দেখা যায় । তুলনামূলকভাৱে ৰোগ প্ৰতিৰোধ ক্ষমতা কমকৈ থকা আৰু সহজতে ভাইৰাছৰ স্ংস্পৰ্শলৈ অহা বাবে কেচুৱা, শিশু আৰু বৃদ্ধসকলৰ ক্ষেত্ৰ্ত ফ্লু বেছিকৈ হোৱা দেখা যায় । অৱশ্যে কিছুমান উপায় মানি চলিলে ফ্লুৰ পৰা সহজে হাত সাৰি থাকিব পাৰি ।

ফ্লু কি আৰু কেনেকৈ হয়

ফ্লু এক স্ংক্ৰ্মণজনিত ৰোগ । নানাবিধ ভাইৰাছৰ স্ংক্ৰমণৰ ফলত ফ্লু হয় । বতৰৰ সঘন পৰিৱৰ্তন হৈ থকা, প্ৰদূষিত, লেতেৰা আৰূ ধূলি-বালি অধিক থকা ঠাইত ফ্লু ভাইৰাছ অধিক বৃদ্ধি হয় । এনেকুৱা ঠাইবোৰত এই ভাইৰাছবোৰ সহজে দ্ৰুত গতিত সোঁচৰে এনেকুৱা ঠাইত বসবাস কৰা ব্যক্তিৰ মাজত ফ্লু অধিক হোৱা দেখা যায় । পুষ্টিহীনতাত ভোগা আৰু কোনো ব্যক্তিৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা হ্ৰাস পালেই এই ফ্লু ভাইৰাছবোৰ ব্যক্তিজনক আক্ৰমণ কৰে আৰু ব্যক্তিজন ফ্লুত আক্ৰান্ত হয় । ফ্লু সৃষ্টি কৰা ভাইৰাছ এজনৰপৰা আনজনলৈ বিয়পে । ই অতি সোঁচাৰা । ফ্লু ভাইৰাছ সাধাৰণতে আক্ৰান্ত ব্যক্তিৰ কাহ আৰু হাঁচিৰ যোগেদি বিয়পি পৰে । ফ্লু ভইৰাছ থকা লোকৰ লেলাউটি, নাক আৰু ডিঙি আদিৰপৰা ওলোৱা বিজলুৱা পদাৰ্থৰ জৰিয়তে ই বিয়পে । এটা হাঁচিয়ে বতাহত সহস্ব্ৰ ফ্লু ভাইৰাছ মেলি দিয়ে । বতাহত বিয়পা এই ভাইৰাছে পৰিষ্কাৰ – পৰিচ্ছ্ন্নভাৱে নথকা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱা লোকক সহজতে আক্ৰমণ কৰে । ভিৰ এলেকাত ইয়াৰ স্ংক্ৰমণ অধিক হয় ।

ফ্লু আৰু ভেকচিন

সঘনাই ইনফ্লুৱেঞ্জা হৈ নানা জটিল সমস্যাৰ সন্মুখীন হ’ব পৰা ব্যক্তিসকলে এই ৰোগ প্ৰতিৰোধ কৰাৰ বাবে প্ৰতি বছ্ৰৰে গ্ৰীষ্মকাল অহাৰ আগে আগে আজিকালি বজাৰত উপলব্ধ হোৱা Inactivated ইনফ্লুৱেঞ্জা ভেকচিন অথবা Live attenuated ইনফ্লুৱেঞ্জা ভেকচিন ল’ব পাৰে । ২ৰপৰা ৮ ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতাত ৰাখিব লগা Inactivated ইনফ্লুৱেঞ্জা ভেকচিন ০.৫ মিলিলিটাৰ ডোজত বয়সীয়াল লোকক আৰু ০.২৫ মাত্ৰাত তিনি বছৰ তলৰ বয়সৰ শিশুক বেজী হিচাপে মাংসপেশীত দিয়া হয় । আন বেজীৰ দৰে বিষ হোৱা, জ্বৰ, মুৰৰ বিষ আদি পাৰ্শ্বক্ৰিয়া হ’ব পাৰে । ই এবিধ ট্ৰাইভেলেণ্ট ভেকচিন ইনফ্লুৱেঞ্জা ‘এ’ৰ দুটা আৰু ‘বি’ৰ এটা ছাবটাইপ থাকে । Live attenuated ইনফ্লুৱেঞ্জা ভেকচিন নেজেল স্প্ৰে হিচাপে ব্যৱহাৰ কৰা হয় । ভেকচিনে এশ শতাংশই ফ্লু প্ৰতিৰোধ নকৰে, মাত্ৰ ৰোগৰ আশংকাহে কমায় । হাৰ্ট আৰু শ্বাসতন্ত্ৰৰ ৰোগ থকা শিশু; HIV, হাপানি, ডায়েবেটিছ আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ কমোৱা অৱস্থা থকা ব্যক্তিসকলে এই ভেকচিন ল’ব পাৰে । শিশুসকলক ছয় মাহৰপৰা আঠ বছৰ বয়সৰ ভিতৰত দুটা ডোজ আৰু বয়সিয়ালসকলক এটা ডোজ প্ৰাইমেৰী ভেকচিন হিচাপে দিব লাগে । তাৰ পিছত প্ৰতি বছৰে গ্ৰীষ্মকাল অহাৰ আগে আগে এটা ডোজ ভেকচিন ল’ব লাগে ।

ফ্লুৰ পৰা হ’ব পৰা জটিলতা

ফ্লুৰ প্ৰকোপ অধিক হ’লে নানা জটিলতাই দেখা দিব পাৰে । ফ্লুৱে শিশুৰ মনস্ংযোগ ক্ষমতা হ্ৰাস কৰিব পাৰে । সঘনাই ফ্লুত আক্ৰান্ত শিশু তুলনামূলকভাৱে কম স্মাৰ্ট হয় । শ্ৰেণীৰ আন ছাত্ৰ – ছাত্ৰীৰ তুলনাত কামত মন্থৰ হয় । শৰীৰৰ সুস্থ নহয় বাবে শৰীৰৰ ৱৃদ্ধি বাধাগ্ৰস্ত আৰু জীৱন ধ্বংসমুখী হ’ব পাৰে । কণ্ঠস্বৰ দীৰ্ঘদিনলৈ পৰিৱৰ্তিত হৈ থকিব পাৰে । ফ্লু হোৱা ৰোগীয়ে চিকিৎসাত পলম কৰিলে ব্ৰ্ংকাইটিছ, লেৰিঞ্জাইটিছ, নিউমোনিয়া আদি হ’ব পাৰে । হাঁপানি থকা ব্যক্তিৰ ফ্লু হ’লে গুৰুতৰ অৱস্থাৰ সৃষ্টি কৰি ব্যক্তিক মৃত্যুৰ মিখলৈ ঠেলি দিব পাৰে ।

ফ্লু হ’লে কি কৰিব

  • চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে ।
  • আক্ৰান্ত ব্যক্তিয়ে পৰিয়ালৰ আন সুস্থ ব্যক্তিবোৰৰ পৰা নিলগত থাকিব লাগে । আন লোকৰ সৈতে সীমিত সম্পঅৰ্ক ৰাখি মানুহৰ ভিৰ থকা ঠাইঅপৰা পৰাপক্ষত আঁতৰি থাকি ঘৰতে থকিব লাগে ।
  • কহোতে বা হাঁচিয়াওতে নাক আৰু ৰুমাল বা টিছু পেপাৰেৰে ঢাকিব লাগে । এনে কৰাৰ ফলত ৰোগাক্ৰান্ত ব্যক্তিৰ ওচৰে পাজৰে থকা লোকসকল স্ংক্ৰমণৰপৰা ৰক্ষা পৰে ।
  • মাস্ক ব্যৱহাৰ কৰা উচিত ।
  • পৰ্যাপ্ত জিৰণি ল’ব লাগে আৰু ভালকৈ প্ৰতিদিনে অতিকমেও ৮ ঘণ্টামান টোপনি যাব লাগে।
  • প্ৰচুৰ পৰিমাণে কুহুমীয়া পানী, ডাবৰ পানী আৰু ফলৰ ৰস খাব লাগে ।
  • পনীয়া আহাৰ গ্ৰহণ কৰিব লাগে ।
  • যিহেতু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সাময়িকভাৱে হ্ৰাস পায়, গতিকে খোৱা-বোৱাত সতৰ্ক হ’ব লাগে । ফল-মূল, সেউজীয়া শাক-পাচলি আৰু পুষ্টিকৰ ভিটামিনযুক্ত আহাৰ খাব লাগে যাতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্বি পায় ।
  • খোৱা-বোৱাৰ আগতে হাত ধুই ল’ব লাগে ।
  • নিতৌ কুহুমীয়া পানীৰে গা ধুই পৰিষ্কাৰ হৈ থকিব লাগে ।
  • গৰম কাপোৰ ব্যৱহাৰ কৰিব লাগে ।
  • মুকলি ঠাইত ব্যায়াম, খেল-ধেমলি আদি কৰিব লাগে ।
  • বিচনা-পত্ৰ ৰ’দত শুকুৱাই ল’ব লাগে ।

ফ্লু হ’লে কি নকৰিব

  • পৰিয়ালৰ অইন সুস্থ ব্যক্তিৰ সৈতে মিলামিচা নকৰিব । একেলগে থকা-মেলা, একেতা পাত্ৰতে খোৱ-বোৱা নকৰিব।
  • আক্ৰান্ত শিশু স্কুললৈ পঠাব নালাগে । ৰোগাক্ৰান্ত ব্যক্তি স্কুল-কলেজ বা কাৰ্য্যালয়লৈ যাব নালাগে।
  • ঠাণ্ডা পানী আৰু ফ্ৰীজত ৰখা বস্ত নাখাব ।
  • শীত-তাপ নিয়ত্ৰিত আৰু বন্ধ কোঠাত সোমাই থাকিব নালাগে ।
  • এলাৰ্জী হোৱা খাদ্য্য খাব নালাগে ।
  • সুৰা আৰু জাংকফুড আদি খাব নালাগে ।
  • য’তে ত’তে থু, খেকাৰ আদি পেলাব নালাগে ।
  • সুস্থ ব্যক্তিৰ সৈতে হাত মিলোৱা, সাৱতি ধৰা,সামাজিক চুম্বন আৰু আন অভিনন্দনমূলক স্পৰ্শ আদি কৰিব নালাগে। কাৰণ ইয়াৰ দ্বাৰা আন ব্যক্তিৰ দেহলৈ ভাইৰাছ বিয়পিব পাৰে ।

ফ্লুৰ লক্ষণ

  • মূৰৰ বিষ, কঁপনি উঠা, জ্বৰ উঠা ইত্যাদি ।
  • ফ্লু হোৱা ব্যক্তিয়ে উশাহ-নিশাহ লোৱাত কষ্ট পায় ।
  • অনবৰতে নাকেৰে পানী অথবা শেঙুন ওলাই থাকে ।
  • নাক বন্ধ হৈ থাকে আৰু যথেষ্ট কষ্ট অনুভৱ হয় ।
  • ডিঙি শুকান শুকান লাগে । ডিঙিৰ ভিতৰভাগ খচখচাই থাকে আৰু ডিঙিৰ ভিতৰভাগ খজুৱতি লাগি থকা যেন লাগে ।
  • ডিঙিৰ ভিতৰভাগ ৰঙা পৰী ফুলি উঠে আৰু কেতিয়াবা ডিঙিৰ ভিতৰ ভাগত ৰঙচুৱা গুটি ওলায়।
  • ঢিক গিলিলেঅথবা কিবা খালে ডিঙি বিষায় । কেতিয়াবা আনকি একো নকৰিলেওডিঙি বিষাব পাৰে।
  • মাত বহি হৈ কণ্ঠস্বৰ সলনি হ’ব পাৰে ।
  • শুকান কাঁহ হ’ব পাৰে । ৰাতি শুৱাৰ সময়ত কাহ অধিক হোৱা দেখা যায় ।
  • চকু ৰঙা পৰা আৰু চকুৰে পানী ওলাব পাৰে ।
  • গা আৰু মূৰৰ বিষ হয় ।
  • ভোক কমি অহা আৰূ দুৰ্ব লতা অনুভৱ হয় ।
  • এলেহুৱা অনুভৱ হয় ।

ফ্লু নহ’বলৈ ল’ব লগা সাৱধানতা

ফ্লু হোৱাৰ পৰা হাত সাৰিবলৈ হ’লে লেতেৰা প্ৰদূষিত ঠাইত বাস কৰিব নালাগে । ধূলি-বালি আৰু প্ৰদূষিত ঠাইত ওলালে অথবা বাহন চলালে মাস্ক পৰিধান কৰিব লাগে । সাধাৰন সুস্থ্য অটুট ৰাখিব লাগে । শাৰীৰীকভাৱে সক্ৰিয় হৈ থাকিব লাগে । মানসিক হেঁচাৰপৰা আঁত্ৰি থাকিব লাগে । যথেষ্ট পৰিমাণে ফল-মূল, সেউজীয়া শাক-পাচলি আৰু পুষ্টিকৰ ভিটামিনযুক্ত আহাৰ খাদ্য গ্ৰহণ কৰিব লাগে । সঘনাই শৰীৰৰ উত্তাপ পৰিৱৰ্তন কৰিব নালাগে । গৰমৰ পৰা আহিয়েই তৎক্ষণাত ঠাণ্ডা পানীৰে স্নান কৰা অথবা শীত-তাপ নিয়ন্ত্ৰিত কোঠাত থকা উচিত নহয় । ফ্ৰীজৰ ঠাণ্ডা পানী উলিয়াই তৎক্ষণাউ সেৱণ কৰিব নালাগে । ফ্লু হোৱা ব্যক্তিৰপৰা আঁতৰি থাকিব লাগে ।

ফ্লুৰ চিকিৎসা

ফ্লু হ’লে লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে । ফ্লু ৰোগীক এণ্টি-এলাৰ্জিক ঔষধ, জ্বৰ কমাবলৈ পেৰাচিটানল টেবলেট আৰু খাবলৈ মাল্টি ভিটামিন দিয়া হয় । সাধাৰণতে ফ্লুত কোনো ধৰণৰ এন্টিবায়’টিক দিয়া নহয় । যদিহে ফ্লুৰ লগতে অন্য কিবা ইনফেকচন থাকে তেতিয়া এন্টিবায়’টিক দিয়া হয় । মেন্থলযুক্ত ষ্টিম ইনহেল কৰিলে ৰোগিয়ে আৰাম অনুভৱ কৰে । ফ্লু হোৱা ব্যক্তিৰ বাবে আটাইতকৈ প্ৰয়োজনিয় কথ হ’ল পৰ্যাপ্ত জিৰণি লোৱা; প্ৰচুৰ পানী আৰু ফল-মূলৰ ৰস খোৱা; ফল-নূল, শাক-পাচলি আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰা ।

লিখক: ডা: ধৰ্মকান্ত কুম্ভকাৰ

শেহতীয়া উন্নীতকৰণ: : 6/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate