অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হাঁপানী ৰোগঃ

এই ৰোগবিধ সৰ্বসাধাৰণৰ মাজত অপৰিচিত নহয়। আবাল-বৃদ্ধ-বণিতা আটাইয়ে এই ৰোগত আক্ৰান্ত হ’ব পাৰে।

বিৱৰণ

এই ৰোগবিধ সৰ্বসাধাৰণৰ মাজত অপৰিচিত নহয়। আবাল-বৃদ্ধ-বণিতা আটাইয়ে এই ৰোগত আক্ৰান্ত হ’ব পাৰে। ভুক্তভোগী মাত্ৰেই জানে, এই ৰোগ কিমান বিৰক্তিদায়ক। ৰোগীসকলে সঘনে শ্বাসকষ্টত ভোগে। প্ৰথমেই শ্বাসনলী সম্বন্ধে এটি সাধাৰণ আলোচনা কৰা ভাল হ’ব।

আমাৰ দেহৰ শ্বাসনলী গঠিত হৈছে কেতবোৰ কাৰ্টিলেজ বা কোমল হাড় আৰু আৱৰণি অথবা মেমব্ৰেনৰ দ্বাৰা। ইয়াক ট্ৰেকিয়া বুলিও জনা যায় আৰু ই দীঘলে ১০-১১ চেঃমিঃ হ’ব পাৰে। বক্ষগহ্বৰৰ মাজত ই ব্ৰংকাছ নামৰ দুটা অংশত বিভক্ত হৈ হাওঁফাওঁলৈ সোমাই গৈছে। সোঁ আৰু বাওঁ ব্ৰংকাছ দুটা হাওঁফাওঁত সোমাইছে। ব্ৰংকাছ দুটা হাওঁফাওঁৰ ভিতৰত অগণন শাখা-প্ৰশাখাত বিভক্ত হৈছে। ব্ৰংকাছৰ ক্ষুদ্ৰতম প্ৰশাখাক ক্লোম শাখা বোলা হয়। (ব্ৰংকি অ’ল)। ইয়াৰ ব্যাস মাথোঁ ০.২ মিঃমিঃ। ইহঁতে শ্বাসকাৰ্যত সহায় কৰে। ইহঁতে আকৌ এলভিঅ’লাৰ ডাক্ট নামেৰে প্ৰায় ১১ টা ভাগত বিভক্ত হয়। আমি নাকেদি গ্ৰহণ কৰা বায়ু এইদৰে ক্ৰমান্বয়ে হাওঁফাওঁলৈ গতি কৰে।

এতিয়া আমাৰ আলোচনাৰ বিষয়লৈ আহোঁ। নিশ্বাসৰ সময়ত কষ্ট হ’লে তাকে হাঁপানী বোলে। মস্তিষ্কৰ পৰা উত্পত্তি হোৱা ভেগাছ নামৰ এডাল স্নায়ুৱে শ্বাসনলী আৰু হাওঁফাওঁক চেতনা সৰবৰাহ কৰে। হাঁপানী ৰোগীসকলৰ ভেগাছ স্নায়ু কিবা কাৰণবশতঃ অত্যন্ত উত্তেজিত হ’লে কাহৰ উত্পত্তি হয়। ফলত বহু সময় কাহি থকাৰ পাছত ব্ৰংকাছৰ পৰা নিৰ্গত হোৱা লেলাউটি মুখেদি বাহিৰলৈ ওলাই আহে। সেয়েহে উশাহ লওঁতে খুব কষ্ট অনুভূত হয়। আনুষংগিকভাৱে বুকুখনত অস্বস্তি অনুভূত হয়। আঙুলিৰ পতাবোৰ বহু সময়ত নীলাভ বৰণৰ হয়।

হাঁপানী আক্ৰমণৰ সময়ত ব্ৰংকিঅ’লত অক্সিজেন গেছৰ অভাৱ ঘটে। তদুপৰি ব্ৰংকিঅ’লৰ শ্লেষ্মাৰ আৱৰণ ফুলি উঠাৰ বাবে বায়ু ভিতৰলৈ যাব নোৱাৰা হয় আৰু ফলত বায়ুকোষবোৰত বায়ুৰ পৰিমাণ টুটি যায়। আনকি বহু সময়ত অক্সিজেন প্ৰৱেশ কৰিবই নোৱাৰা হয়গৈ। কাৰ্বন-ডাই-অক্সাইডৰ আধিক্যৰ বাবে তেজৰ নলিকাবোৰত ইয়াৰ পৰিমাণ বাঢ়ি যায়। মগজুৰ শ্বাসকেন্দ্ৰও সাময়িকভাৱে অচল হৈ যাব পাৰে। ফলত ভীষণ শ্বাসকষ্ট অনুভূত হয়। ব্ৰংকিঅ’লৰ ধৰ্ম হৈছে উশাহ-নিশাহ লোৱাৰ সময়ত ক্ৰমান্বয়ে সংকোচন প্ৰসাৰণ ঘটোৱা। কিন্তু হাঁপানীৰ আক্ৰমণ ঘটিলে উভয়বিধ প্ৰক্ৰিয়াই ব্যাহত হয়।

শ্বাসকাৰ্যৰ সৈতে জড়িত আটাইবোৰ মাংসপেশীৰ সংকোচন ঘটা হেতুকে নিশ্বাসৰ সময়ত শ্বাসকষ্ট অনুভূত হয়। হাওঁফাওঁৰ ভিতৰত অত্যধিক চাপৰ সৃষ্টি হয়। ফলত সংকুচিত ব্ৰংকিঅ’লৰ মাজেদি জোৰকৈ অৱৰুদ্ধ বায়ু বাহিৰলৈ ওলাই যাবলৈ চেষ্টা কৰে।

হাঁপানী ৰোগৰ নানা কাৰণসমূহ

এই ৰোগ হ’ব পাৰে। বহু ক্ষেত্ৰত এই ৰোগ বংশগতভাৱে হোৱা দেখা যায়। প্ৰায়েই দেখা যায় যে ২৫ বছৰ বয়সৰ আগতে এই ৰোগৰ আক্ৰমণ আৰম্ভ হয়। নাৰীতকৈ পুৰুষৰ মাজত এই ৰোগৰ প্ৰাদুৰ্ভাৱ প্ৰায় দুগুণে বেছি। তদুপৰি কেতবোৰ খাদ্য ভক্ষণৰ ফলতো (ঘাইকৈ মাছ, মাংস, কণী, গাখীৰ আদি) কেতিয়াবা এই ৰোগ হ’ব পাৰে। ইয়াকে চিকিত্সা বিজ্ঞানত ‘হাইপাৰ চেনছিটিভিটি’ বোলে।

যিসকল ব্যক্তি বাতবিষ, হাওঁফাওঁৰ যক্ষ্মা বা ছিফিলিছ ৰোগত আক্ৰান্ত হয়, তেওঁলোকে হাঁপানী ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি পায় বুলি চিকিত্সকসকলে চলোৱা সমীক্ষাত প্ৰতিপন্ন হৈছে। জলবায়ু আৰু বাসস্থানো হৈছে এই ৰোগৰ দুটা গুৰুত্বপূৰ্ণ কাৰক। কিয়নো এনে বহুত ৰোগী আছে যিসকলে শুকান জলবায়ুযুক্ত ঠাইত থাকিলে এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা টুটি যায়। আনহাতে ইয়াৰ বিপৰীতধৰ্মী ব্যক্তিও আছে। এইসকল ব্যক্তি পৰস্পৰবিৰোধী স্থানত বসবাস কৰিবলৈ ধৰিলে হাঁপানীত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ি যায়।

নাকৰ ভিতৰত কোনা স্থানত জন্মগত অথবা অন্য কোনো কাৰণবশতঃ কিবা অসুখ হ’লে হাঁপানী ৰোগত আক্ৰান্ত হ’ব পাৰে। ৰুগ্ন টনছিলৰ ফলতো হাঁপানী ৰোগ হয়। ইউৰোপৰ ডাঃ ফ্ৰিমেন, ডাঃ কোক, ডাঃ ওৱাকাৰে দীৰ্ঘদিনজুৰি নিৰলস গৱেষণা চলাই এই সিদ্ধান্তত উপনীত হৈছিল যে হাঁপানী ৰোগীসকলৰ ভিতৰত শতকৰা ৫০ ভাগেই এলাৰ্জীৰ বাবেই ৰোগাক্ৰান্ত হয়। তেওঁলোকে পৰীক্ষা কৰি প্ৰমাণ পাইছে যে ধূলি-বালি, ফুলৰ ৰেণু বা আনকি ঘোঁৰা, মেকুৰী, শহাপহু, গিনিপিগ, কুকুৰ, বান্দৰ, হৰিণা আদিৰ গাৰ নোম নাকেদি সোমালে কেতবোৰ ব্যক্তিৰ হাঁপানী ৰোগ দেহত দেখা দিয়ে। আনকি বহুতৰে এইবোৰ বস্তু বা জন্তুৰ নাম শুনিলেই খজুৱতি আৰম্ভ হয়। আৰু কিছু সময়ৰ পাছতেই শ্বাসকষ্ট অনুভূত হয়। বহুতৰে আকৌ কেতবোৰ দৰব খালেও (ইপিকেকিউনা আদি) এই ৰোগ হ’ব পাৰে।

বহুদিন জুৰি পেটৰ ৰোগ থাকিলেও ৰোগ সৃষ্টিত অৰিহণা যোগাব পাৰে। যিসকল নাৰীৰ জলবায়ুৰ কোনো ৰোগ আছে, তেওঁলোকো এই ৰোগত ৰোগাক্ৰান্ত হোৱাৰ আশংকা বেছি। একজিমা নামৰ ছালৰ ৰোগাক্ৰান্ত ব্যক্তিসকল আৰু অতিশয় আৱেগপ্ৰৱণ ব্যক্তিসকলৰ স্নায়বিক দুৰ্বলতা থকা হেতুকে এই ৰোগ হোৱাৰ আশংকা বাঢ়ি যায়।

হাঁপানী ৰোগৰ শ্ৰেণী বিভাগসমূহ

ইয়াৰে এবিধ এনেধৰণৰ- (১) ব্ৰংকিয়েল এজমা, (২) কাৰ্ডিয়াক, (৩) ৰেনেল, (৪) এলাৰ্জীক এজমা, (৫) হে’ ফিভাৰ। ইয়াৰে প্ৰথমবিধৰ হাঁপানী ঘাইকৈ জাৰকালি হয়। এই সময়ত বহুতো মানুহ ব্ৰংকাইটিছ ৰোগত আক্ৰান্ত হয়। ইয়াৰ ফলত ব্ৰংকিয়েল এজমা হ’ব পাৰে। কলিজাৰ ৰোগৰ হেতুকে দ্বিতীয়বিধ হাঁপানী সৃষ্টি হয়। ৰাতি-বিয়লি ইয়াৰ আক্ৰমণ সঘনাই হোৱা দেখা যায়। আনবোৰ হাঁপানী ৰোগ যিকোনো সময়তে হ’ব পাৰে। এই ৰোগবিধৰ উপসৰ্গ আৰু চিকিত্সা সম্বন্ধে আলচ কৰা হ’ল।

হাঁপানী ৰোগৰ বিভিন্ন প্ৰভাৱ

হাঁপানীৰ আক্ৰমণ আৰম্ভ হ’লে শ্বাসকষ্টৰ বাবে ৰোগী অস্থিৰ হৈ উঠে আৰু বিছনাত শুই থাকিব নোৱাৰা হয়। সদায় পৰাপক্ষত খিৰিকীৰ কাষত বহি থাকে যাতে মুকলি বতাহ সেৱন কৰিবলৈ সক্ষম হয়। কেতিয়াবা বুকুত হেঁচা মাৰি ধৰে, কেতিয়াবা আকৌ দীঘলীয়াকৈ উশাহ ল’বলৈ চেষ্টা কৰে। চকুৱে-মুখে ফুটি উঠে এক ভীতিগ্ৰস্ত চাৱনি। ৰাতি বিয়লি হাঁপানী ৰোগীৰ উশাহ-নিশাহৰ শব্দ বহু দূৰৈৰ পৰাও শুনা যায়। ৰোগীয়ে বাৰে বাৰে মুখেদি উশাহ ল’বলৈ চেষ্টা কৰে। মুখখন শেঁতা পৰি যায়, ওঁঠ কলচীয়া হৈ পৰে। ক্ৰমান্বয়ে ৰোগীৰ ঘাম ওলাবলৈ ধৰে। এনেধৰণৰ অৱস্থা কেইবাঘণ্টাও জুৰি চলিব পাৰে। উপযুক্ত দৰব খালে ৰোগৰ তীব্ৰতাৰ উপশম ঘটে, অন্যথা ৰোগীৰ মৃত্যুও ঘটিব পাৰে। এই লেখকে নিজৰ চিকিৎসক জীৱনৰ অভিজ্ঞতাৰ পৰা পৰ্য্যবেক্ষণ কৰিছে যে সৰহভাগ ৰোগীৰেই মুখত এটি চিন্তাৰ চাপ অনবৰতে লাগি থাকে আৰু বহুতৰে কান্ধখন দুয়োপিনে বহি যায় আৰু বক্ষগহ্বৰৰ আকৃতিৰো পৰিৱৰ্তন ঘটে।

শ্বাসকষ্টৰ বাবেই এনেবোৰ উপসৰ্গ পৰিলক্ষিত হয়। এনেধৰণৰ দৈহিক পীড়া থকা স্বত্ত্বেও সৰহভাগ ৰোগীয়েই স্বাভাৱিকভাৱে কাম-কাজ কৰি থাকিব পাৰে। বিভিন্ন চিকিৎসা বিজ্ঞানীয়ে তেওঁলোকৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ পৰা এই কথা প্ৰতিপন্ন কৰিছে যে সংকটজনক অৱস্থাত পৰিলেও হাঁপানী ৰোগীৰ বিৰল ক্ষেত্ৰতহে মৃত্যু ঘটে। এওঁলোকৰ জীৱনী শক্তি অতি বেছি। অৱশ্যে সদায়েই এই কথা প্ৰযোজ্য নহয়।

হাঁপানী ৰোগৰ অতি তীব্ৰ আক্ৰমণ ঘটিলে থিঅ’ফাইলিনযুক্ত বা ছালবুটাম’লযুক্ত বেজী দিব লাগে। নতুবা এইবোৰ দ্ৰব্যৰ বড়িও পোৱা যায়। এনে বেজী বা বড়ি গ্ৰহণ কৰিলে শ্বাসকষ্ট লাহে লাহে কমিবলৈ ধৰে। ৰোগৰ তীব্ৰতা বাঢ়ি গ’লে কোনো ধৰণৰ গোটা খাদ্য গ্ৰহণ কৰিব নালাগে। বেছি পৰিশ্ৰমযুক্ত বা উত্তেজনাপূৰ্ণ কোনো কাম কৰা উচিত নহয়। পৰাপক্ষত ধূলি-বালিৰ পৰিৱেশ পৰিহাৰ কৰাই ভাল। কল-কাৰখানাৰ ওচৰে-পাঁজৰে ৰোগী বাস কৰা উচিত নহয়। এলাৰ্জীৰ ফলত হাঁপানী ৰোগ হলে ‘এণ্টিহিষ্টামিনিক’ শ্ৰেণীৰ দৰব খাব লাগে।

হাঁপানী ৰোগৰ নানা চিকিৎসা

ইয়াৰ বাদেও হাঁপানী ৰোগৰ নানা দৰব আছে। চিকিৎসকৰ পৰামৰ্শমতে এনেবোৰ দৰব খাব লাগে। আমাৰ সমাজত জৰা-ফুকা আদিৰ দ্বাৰা এই ৰোগৰ পৰা পৰিত্ৰাণ লভাৰ চেষ্টা কৰা মানুহো বহুত আছে। পিছে এনেবোৰ অবৈজ্ঞানিক উপায়ৰ দ্বাৰা ৰোগীৰ অৱস্থা ভাল হকে ছাৰি বেয়াৰ পিনেহে ঢাল খায়। প্ৰতিহাল মাক-দেউতাকৰ কৰ্তব্য হোৱা উচিত- কোনো সন্তান এই ৰোগত আক্ৰান্ত হ’লে সুচিকিৎসাৰ ব্যৱস্থা কৰা।

এই ৰোগৰ অত্যাধুনিক চিকিৎসা পদ্ধতি হৈছে নেবুলাইজাৰৰ ব্যৱহাৰ। নেবুলাইজাৰ হৈছে বৈদ্যুতিক শক্তিৰ দ্বাৰা চালিত এনে এক যন্ত্ৰ, যিটো নেকি য’তে ত’তে লৈ ফুৰিব পাৰি অৰ্থাৎ প’ৰ্টেবল বুলিব পাৰি। এই যন্ত্ৰৰ ভিতৰত থকা এটা কোঠালিত বা কক্ষত ৰেস্পিউল সংস্থাপন কৰা হয়- যিটো নেকি শ্বাসনলী প্ৰসাৰক দৰবৰ এক তৰল সংমিশ্ৰণ। এই দৰবখিনি পোনপটীয়াভাৱে হাওঁফাওঁত প্ৰৱেশ কৰা হেতুকে অতি ক্ষীপ্ৰগতিত ইয়াৰ কাম-কাজ আৰম্ভ হয়। বৰ্তমান বহুলভাৱে ব্যৱহাৰ হোৱা অথচ নতুন এবিধ চিকিৎসা পদ্ধতি হৈছে ‘এম ডি আই’ যাৰ সম্পূৰ্ণ নাম হৈছে ‘মিটাৰ্ড ড’জ ইনহেলাৰ।‘ এই যন্ত্ৰবিধ হাততে লৈ ফুৰিব পাৰি আৰু যন্ত্ৰটিৰ ভিতৰত দৰববিধ গুড়ি পাউডাৰ বা সংমিশ্ৰণ বা গেছৰূপে সুমুৱাই দি প্ৰয়োগ কৰা হয়। এইখিনিতে মনত ৰাখিবলগীয়া কথাষাৰ হৈছে যে শুদ্ধ পদ্ধতিৰে যন্ত্ৰটি প্ৰয়োগ কৰিলেহে ৰোগীয়ে আশানুৰূপ সুফল লভিবলৈ সক্ষম হ’ব।

লেখক: ডাঃ মিহিৰ কুমাৰ গোস্বামী

উৎসঃ অসমীয়া খবৰ

3.08333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top