মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / সাধাৰণ ৰোগসমূহ / হিষ্টিৰীয়া (ডিছ’ছিয়েটিভ ডিজঅৰ্ডাৰ্‌ছ্‌)
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হিষ্টিৰীয়া (ডিছ’ছিয়েটিভ ডিজঅৰ্ডাৰ্‌ছ্‌)

লক্ষণ আৰু ৰোগৰ কাৰণৰ ফালৰপৰা চাবলৈ গ’লে হিষ্টিৰীয়া অত্যন্ত আগ্ৰহজনক আৰু আমোদজনক ৰোগ (‘ইণ্টাৰেষ্টিং’)।

লক্ষণ আৰু ৰোগৰ কাৰণৰ ফালৰপৰা চাবলৈ গ’লে হিষ্টিৰীয়া অত্যন্ত আগ্ৰহজনক আৰু আমোদজনক ৰোগ (‘ইণ্টাৰেষ্টিং’)। ঐতিহাসিকভাৱে হিষ্টিৰীয়া বুলি উল্লেখিত এই ৰোগক আধুনিক পদ্ধতিত নামাকৰণ কৰা হৈছে ডিছ’ছিয়েটিভ ডিছঅৰ্ডাৰ। এই ৰোগত কেবাপ্ৰকাৰৰো লক্ষণ হ’ব পাৰে। শ্বাসপ্ৰশ্বাসৰ কষ্টৰপৰা আৰম্ভ কৰি একেজন মানুহেই কেবাটাও ভিন্ন ব্যক্তিত্ব লাভ কৰালৈকৈ হ’ব পাৰে। এই ৰোগী সাধাৰণতে কিশোৰ আৰু প্ৰথম যৌৱনপ্ৰাপ্ত মহিলাৰ ক্ষেত্ৰত বেছিকৈ পোৱা যায় বাবে ‘হিপ’ক্ৰেটিছ’-এ ইয়াক জৰায়ুৰ (গ্ৰীক. অৰ্থঃ জৰায়ু)) লগত জড়িত বুলি সন্দেহ কৰি ‘হিষ্টিৰীয়া নুলি নামকৰণ কৰিছিল। পাছলৈ হিষ্টিৰীয়া নামটো গুচাই ডিছ’ছিয়েটিভ কৰা হয়। অৱশ্যে নাম সলনি কৰাৰ মূল কাৰণ হৈছে, হিষ্টিৰীয়া বুলিলে জনমানসত গঢ়ি উঠা প্ৰতিমূৰ্তি। হিষ্টিৰীয়া শব্দটো সাধাৰণ ভাৱে যিকোনো মানসিক হেঁচাৰ স্থিতিত ৰোগীয়ে জানি-বুজি সৃষ্টি কৰা অৱস্থা বুলি গঢ়ি উঠা ঋণাত্মক ধাৰণাটো আঁতৰ কৰিবলৈ নামটো সলনি কৰা হৈছে।

নিদানৰ সুবিধাৰ বাবে এই বিধ ৰোগক নিম্নোক্ত ভাগসমূহত ভাগ কৰা হৈছেঃ

ডিছ’ছিয়েটিভ স্মৃতিলোপঃ

ৰোগীয়ে স্মৃতি লোপ হোৱা বুলি উল্লেখ কৰে। এই ৰোগত হোৱা স্মৃতি লোপ সাধাৰণতে এটা বিশেষ সময়ৰ বাবে দেখা যায়। যেনে কিবা এটা ঘটনাৰ সময়খিনিৰ স্মৃতি ৰৈ নাযায়। যদিও তাৰ আগৰ আৰু পাছৰ স্মৃতি অক্ষুণ্ণ থাকে। আনকি স্মৃতি লোপ হোৱা বুলি কোৱা সময়খিনিৰো কিছুমান কথা মনত থাকে, কিন্তু কিছুমান পাহৰি যায়। বাচি বাচি কিছুমান ঘটনা পাহৰি যোৱা দেখা যায়।

ডিছ’ছিয়েটিভ ফিউগঃ

অতি ইণ্টাৰেষ্টিং ৰোগ। এই ৰোগত ভোগা সময়খিনিত ৰোগীয়ে নিজৰ পৰিচয় পাহৰি যায় আৰু অইন কোনো স্থানলৈ গৈ আন পৰিচয়েৰে জীৱন নিৰ্বাহ কৰে। এইখিনি সময়ত তেখেতে নিজৰ প্ৰকৃত পৰিচয় মনত পেলাব নোৱাৰে। আকৌ কেইমাহমান যোৱাৰ পাছতে ৰোগীয়ে হঠাত এদিন নিজৰ পূৰ্বৰ স্মৃতি ঘূৰাই পায়, আৰু সেইখিনি সময়ত লৈ থকা পৰিচয়ৰ কথা মনত পেলাব নোৱাৰে। স্মৃতি ঘূৰাই পোৱাৰ পাছত ৰোগীয়ে নিজেই প্ৰকৃত পৰিচয় দিয়ে। অইন পৰিচয় লৈ থকাৰ সময়খিনিকে ফিউগ অৱস্থা বুলি কোৱা হয়। ফিউগ অৱস্থাত থকা সময়ত ৰোগীয়ে নিজৰ ভুল পৰিচয় দিয়াৰ বাহিৰে আন কোনো অস্বাভাৱিক লক্ষণ নেদেখুৱায়।

ডিছ’ছিয়েটিভ ষ্টুপ’ৰঃ

ৰোগীৰ অংগ সঞ্চালন আৰু বাহ্যিক পৰিবেশৰ প্ৰতি প্ৰকাশ কৰা প্ৰতিক্ৰিয়া কমি আহে। এনে অৱস্থা ক’মা অৱস্থাৰে এটা কম গভীৰ ৰূপ। সেয়ে এই অৱস্থাক ডিছ’ছিয়েটিভ বোলাৰ আগেয়ে এনে অৱস্থা সৃষ্টি কৰিব পৰা আন ৰোগসমূহ নহয় বুলি নিশ্চিত কৰাটো জৰুৰী। সাধাৰণতে লক্ষণৰ আৰম্ভণিৰ আগে আগে কোনো তীব্ৰ মানসিক আঘাটৰ উল্লেখ পোৱা যায়।

ভূতে ধৰা অৱস্থাঃ

ৰোগীয়ে কিছু সময়ৰ বাবে নিজৰ প্ৰকৃত পৰিচয় হেৰুৱায় আৰু নিজকে অইন কোনোবা বুলি দাবি কৰে। প্ৰায়েই ৰোগীয়ে পৰিবেশৰ লগত সংযোগ স্থাপন কৰাতো অসুবিধা পায়। এনে অৱস্থা বহুতো ধৰ্মীয় অনুষ্ঠান আদিত দেখা যায়। কিন্তু ধৰ্মীয় আৰু সামাজিক পৰম্পৰাৰ অধীনত এনে হোৱাটোক বেমাৰ বুলি কোৱা নহয়। ডিছ’ছিয়েটিভ সঞ্চালন ৰোগঃ ৰোগীয়ে দেহৰ কোনো এটা অংগৰ সঞ্চালন ক্ষমতা নোহোৱা হৈ পৰা বুলি দাবি কৰে। হাত-ভৰি লৰচৰ কৰিব নোৱাৰা হোৱা, কথা ক’ব নোৱাৰা হোৱা ইত্যাদি যিকোনো ধৰণৰ অংগ সঞ্চালনৰ অসুবিধা হ’ব পাৰে।
ডিছ’ছিয়েটিভ মৃগীঃ মৃগী ৰোগৰ নিচিনা হঠাতে দেহত জোকাৰণি উঠে। অৱশ্যে প্ৰকৃত মৃগীৰ লগত ইয়াৰ কেবাটাও পাৰ্থক্য থাকে। যেনে, শৌচ-প্ৰসাৱ কাপোৰত নহয় (প্ৰকৃত মৃগীত হ’ব পাৰে), চকু সাধাৰাণতে বন্ধ হৈ যায় (প্ৰকৃত মৃগী ৰোগত চকু জোৰকৈ খোল খায়, আৰু মণিকেইটা ওপৰলৈ যায়), জিভাত কামোৰ খোৱা, পৰি গৈ দুখ পোৱা ইত্যাদি নহয়। মৃগীৰ আক্ৰমণ টোপনিৰ মাজতো হ’ব পাৰে যদিও ডিছ’ছিয়েটিভ মৃগী টোপনি গৈ থকা অৱস্থাত নহয়। মৃগীৰ আক্ৰমণ সাধাৰণতে কেইমিনিটমানৰ ভিতৰতে ঠিক হৈ যায়, কিন্তু ডিছ’ছিয়েটিভ মৃগী ৰোগীয়ে আক্ৰমণ ভাল হোৱাৰ পাছতে ষ্টুপ’ৰ অৱস্থা বা অন্যান্য ধৰণৰ লক্ষণ দেখুৱাই থাকে।

ডিছ’ছিয়েটিভ সংজ্ঞাহীনতাঃ

ৰোগীয়ে ইন্দ্ৰিয়ৰ শক্তি নোহোৱা হোৱা বুলি দাবি কৰে। যেনে, স্পৰ্শৰ অনুভূতি নোহোৱা হোৱা, দেখা নোপোৱা বুলি কোৱা, নুশুনা হোৱা ইত্যাদি। গোন্ধ আৰু স্বাদৰ বিষয়ে অৱশ্যে খুব কম ৰোগীয়েহে আপত্তি কৰে। মূলতঃ স্পৰ্শ আৰু দৰ্শনৰ অসুবিধাই সাধাৰণতে দেখা যায়।

মিশ্ৰিত ডিছ’ছিয়েটিভ ৰোগঃ

ওপৰত উল্লেখিত দুটা-তিনিটা লক্ষণ একেজন ৰোগীতে দেখা গ’লে তাক মিশ্ৰিত ডিছ’ছিয়ৈটিভ ৰোগ বোলা হয়।

অন্যান্য ডিছ’ছিয়েটিভ ৰোগঃ

১. গেন্সাৰৰ ছিন্ড্ৰ’ম (Ganser’s syndrome):

ৰোগীয়ে সোধা প্ৰশ্নৰ প্ৰায় শুদ্ধ (প্ৰকৃত উত্তৰৰ কাষেৰে যোৱা) উত্তৰ দিয়ে, কিন্তু কেতিয়াও সম্পূৰ্ণ শুদ্ধ উত্তৰ নিদিয়ে। যেনে, ৰঙা ৰঙৰ কাগজখন দেখুৱাই কি ৰঙ সুধিলে উত্তৰ দিয়ে ‘আন যিকোনো ৰঙ কিন্তু কেতিয়াও ৰঙা নোবোলে।’ জানি-বুজি মিছা কোৱাৰ লগত এই ৰোগৰ একমাত্ৰ পাৰ্থক্য হ’ল ইয়াত মিছা কোৱাৰ কোনো কাৰণ পোৱা নাযায়। আৰু মিছাটো ইচ্ছাকৃত নহয় আৰু বেবেৰিবাং কথাও নকয়। প্ৰশ্নটো ঠিকেই বুজিও পায়। যেনে, ওপৰৰ উদাহৰণটোত ৰোগীয়ে প্ৰশ্নটোৰ অৰ্থ ঠিকেই বুজে, কাৰণ উত্তৰ সদায় কিবা এটা ৰঙৰ নামেই হয়, কিন্তু সঠিক ৰঙটো নহয়। এই ৰোগ সাধাৰণতে জেলত থকা মানুহৰ লগত পোৱা যায়।

২. বহু ব্যক্তিত্বঃ

একেজন ব্যক্তিয়েই বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ব্যক্তিত্ব প্ৰদৰ্শন কৰে। প্ৰতিটো ব্যক্তিত্বৰ নিজা নাম থাকে আৰু ধৰণ-কৰণ বিলাক সাধাৰণতে সম্পূৰ্ণ বিপৰীত ধৰ্মী হয়। কেবাখনো চলচ্চিত্ৰত এই ৰোগক দেখু্ওৱা হৈছে। গৱেষণা মতে এই ৰোগত সাধাৰণতে দুটাতকৈ বেছি ব্যক্তিত্ব থাকে। গড়ে পাঁচটামানকৈ। কিন্তু তাৰে এটা দুটাহে শক্তিশালী হয়, বাকীকেইটাই খুব কমেইহে আত্মপ্ৰকাশ কৰে। প্ৰথমে আৱিষ্কাৰ হোৱাৰ সময়ত এই ৰোগ খুবকৈ দেখিবলৈ পোৱা গৈছিল যদিও পিছত ভালদৰে নিদানৰ নিয়ম প্ৰস্তুত কৰাত এই ৰোগ অতি দুৰ্লভ বুলি কোৱা হৈছে।

নাম উল্লেখিত সমূহৰ বাহিৰেও আৰু কেবাধৰণৰ ডিছ’ছিয়েটিভ ৰোগ দেখা পোৱা যায়। সাধাৰণতে যিবোৰ ক্ষণস্থায়ী (কেইদিনমান থকা) লক্ষণৰ কোনো দৈহিক বাখ্যা পোৱা নাযায়, তাকেই ডিছ’ছিয়েটিভ ৰোগ বুলি কোৱা হয়। ৰোগীয়ে বাস কৰা সমাজৰ ৰীতি-নীতি, পৰম্পৰা, পৰিবেশ আদিৰ ওপৰত ভিত্তি কৰি ওপৰোক্ত লক্ষণসমূহৰ বেলেগ বেলেগ প্ৰকাশভংগী দেখিবলৈ পোৱা যায়।

ৰোগৰ কাৰণঃ

ৰোগীৰ অব্যক্ত মানসিক হেঁচাৰ বাবেই এই ৰোগ হোৱা বুলি কোৱা হয়। ডিছ’ছিয়েটিভ ৰোগৰ ব্যাখ্যা ছিগমুণ্ড ফ্ৰয়েড-ৰ তত্বৰ আধাৰত বাখ্যা কৰিব পাৰি। অৱশ্যে ফ্ৰয়েডৰ ধাৰণাসমূহৰ কোনো বৈজ্ঞানিক প্ৰমাণ নাই। তথাপি এই তত্বৰ আধাৰতে চিকিৎসা কৰি সুফল পোৱা যায় বাবে ধাৰণাটো বৰ্তমানৰ বাবে লোৱা হৈছে। ডিছ’ছিয়েটিভ ৰোগৰ মগজু সংক্ৰান্তীয় বাখ্যা আগবঢ়োৱা হৈছে যদিও সেইখিনি বহুল ভাৱে মানি লোৱা হোৱা নাই আৰু তাৰে প্ৰতিবিধ ৰোগৰ বাখ্যা দিব নোৱাৰি।
ফ্ৰয়েডৰ তত্বৰ একেবাৰে সাধাৰণীকৰণ কৰি এনেকৈ ক’ব পাৰি যে কিছুমান মানসিক চাপৰ বাবে ৰোগীয়ে শাৰীৰিক লক্ষণ দেখুৱায়। এই শাৰীৰিক লক্ষণেই হৈছে ডিছ’ছিয়েটিভ ৰোগ। মানসিক চাপক শাৰীৰিক লক্ষণলৈ পৰিৱৰ্তন কৰিলে ৰোগীৰ দুটা সুবিধা হয় বুলি কোৱা হয়। ‘প্ৰাথমিক লাভ’, য’ত ৰোগীয়ে মানসিক চাপটো অনুভৱ কৰিব নোৱাৰা হয়; আৰু ‘মাধ্যমিক লাভ’, ৰোগীয়ে পৰিয়াল আৰু বন্ধু বৰ্গৰপৰা সহানুভূতি আৰু প্ৰয়োজনাধিক মৰম লাভ কৰে, যিটোৱে ৰোগীক মানসিক ভাৱে সকাহ দিয়ে। ইয়াৰে ‘মাধ্যমিক লাভ’ ৰোগীৰ বাবে ক্ষতিকাৰক হয়, কাৰণ এই লাভৰ বাবে ৰোগৰ লক্ষণসমূহ দীৰ্ঘকালীন আৰু বেছি নাটকীয় হৈ পৰে। ৰোগীৰ প্ৰতি দিয়া গুৰুত্ব সামান্য কমি গ’লেই আকৌ ৰোগৰ লক্ষণে দেখা দিয়ে।

নিদানঃ

যিকোনো ডিছ’ছিয়েটিভ ৰোগ সাধাৰণতে ‘বৰ্জন নিদান’ হ’ব পৰা সকলো শাৰীৰিক ৰোগ বাতিল কৰাৰ পাছতহে ডিছ’ছিয়েটিভ ৰোগ বুলি কোৱা উচিত। অৱশ্যে মানসিক অশান্তিৰ কাৰণসমূহ আগতেই জনা থাকিলে আৰু অত্যন্ত ‘টিপিকেল’ লক্ষণ থাকিলে প্ৰথমেও ৰোগ নিৰ্ণয় কৰিব পাৰি।
কেতিয়াবা আকৌ ৰোগীয়ে সঁচা-সঁচিকৈ ভূগা শাৰীৰিক ৰোগ এটাৰ লগতো ডিছ’ছিয়েটিভ ৰোগ সংপৃক্ত হৈ থাকিব পাৰে। যেনে, ৰোগীয়ে আন কিবা কাৰণত পেটৰ বিষত ভূগিছে, কিন্তু তাকে ৰোগীয়ে ডিছ’ছিয়েট কৰি সামান্য লক্ষণকে বহুত জটিল আৰু নাটকীয় (ৰোগীয়ে কম বিষকে বেছি বুলি কোৱা, সহ্য কৰিব পৰা লক্ষণতো চিঞৰ-বাখৰ কৰা, আলধৰা সকলক মুঠই আঁতৰি যাবলৈ নিদিয়া ইত্যাদি) কৰি তোলে।

মূলতঃ

মানসিক চাপ জনিত সমস্যা বাবে যিকোনো মানসিক চাপ নিৰ্মূল কৰিব পৰা ঔষধেই সহজে ৰোগ কমাই দিব পাৰে। কেতিয়াবা দীঘলীয়াকৈ ঔষধ ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা থাকে। ঔষধৰ বাহিৰেও ৰোগীৰ প্ৰতি কেনেকুৱা মনোভাৱ প্ৰদান কৰা হৈছে, সিও ৰোগৰ ব্যপ্তি আৰু নিৰ্মূলকৰণত প্ৰভাৱ পেলায়। ওপৰত উল্লেখ কৰা ‘মাধ্যমিক লাভ’ যিমান পাৰি কমাই আনিব লাগে। ৰোগীৰ চিঞৰ-বাখৰত মাত্ৰাধিক গুৰুত্ব আৰোপ নকৰা, ৰোগীক নিজে কাম কৰিবলৈ উৎসাহিত কৰা, আৰু যিমান পাৰি সেয়া কোনো শাৰীৰিক ৰোগ নহয় বুলি ধাৰণা দিয়াৰ চেষ্টা কৰা, এইখিনি প্ৰয়োজনীয় কাম। চিকিৎসালয়ত ভৰ্তি নকৰাকৈ চিকিৎসা কৰিব পাৰিলে ভাল। চিকিৎসালয়ত ভৰ্তি কৰাৰ লগে লগেই ৰোগীৰ মানসিকতাত আৰু দৃঢ় হৈ পৰে যে তেখেতৰ কিবা এটা বেমাৰ হৈছে, আৰু তাৰ আনুসাংগিক ভাৱে ‘মাধ্যমিক লাভ’ বাঢ়ি যাবলৈ আৰম্ভ কৰে। ইয়াৰোপৰি চিকিৎসালয়ৰ পৰিবেশৰ সলনিয়ে ৰোগীক সাময়িক সকাহ দিয়ে, কিন্তু ৰোগী আকৌ যেতিয়া আগৰ পৰিবেশলৈ ঘূৰি যায়, তেতিয়া আকৌ মানসিক চাপখিনি উভতি আহিব পাৰে। এনেকৈ ৰোগীৰ লক্ষণসমূহ বাৰে বাৰে অহা-যোৱা কৰি থকাৰ পৰিস্থিতি এটাৰ সৃষ্টি হয়।

সাধাৰণতে প্ৰথম এবাৰ-দুবাৰ ডিছ’ছিয়েটিভ ৰোগত ভোগা আৰু সোনকালে আৰোগ্য হোৱা ৰোগীক মনোচিকিৎসাৰ বাবে পঠিওৱা নহয়। বেছিভাগ ৰোগীকেই চিকিৎসাৰ সময়ত মানসিক চাপৰ বিষয়ে আলোচনা কৰিলে ৰোগীয়ে নিজেই বুজি পায় আৰু এবাৰ বুজি পালেই পাছলৈ এই ৰোগ নিজে নিজে কমি আহে। কিন্তু বাৰে বাৰে এই ৰোগত ভোগা ৰোগীয়ে মনোচিকিৎসা লোৱা উচিত। মনোচিকিৎসাৰ মাধ্যমত মূল মানসিক চাপবিধক বুজি সেই চাপ দূৰ কৰাৰ বাবে যত্ন কৰা হয়। দূৰ কৰিব নোৱাৰিলেও ৰোগীয়ে যাতে সেই চাপৰপৰা সৃষ্টি হোৱা লক্ষণসমূহ নিজে্ই নিয়ন্ত্ৰণ কৰিব পৰা হয় তাৰ বাবে মনোচিকিৎসাত কাম কৰা হয়। সাধাৰণতে এই ৰোগত সম্পূৰ্ণ আৰোগ্য লাভ কৰিব পাৰি। যদিও পাছলৈ কোনো মানসিক চাপ জনিত অৱস্থাত আকৌ লক্ষণসমূহ দেখা দিব পাৰে।

ৰোগীৰ পৰিয়ালৰ লোকে ল’বলগীয়া ভূমিকাঃ

এই ৰোগত চিকিৎসাৰ এটা মূখ্য অংশ ৰোগীৰ পৰিয়াল আৰু সমাজৰ মাজত সোমাই থাকে। সাধাৰণতে ৰোগীৰ লক্ষণসমূহ অতি নাটকীয় আৰু ভয়লগা বিধৰ হয় বাবে ৰোগীৰ পৰিয়াল ভীত হৈ পৰে আৰু ৰোগীৰ প্ৰতি অত্যধিক গুৰুত্ব আৰোপ কৰে। ই ‘মাধ্যমিক লাভ’ বঢ়াই দিয়ে আৰু সমগ্ৰ পৰিস্থিতিটো বেছি জটিল কৰি পেলায়। ৰোগীৰ পৰিয়ালৰ লগত এই বিষয়ে আলোচনা কৰাৰ পাছতো ৰোগীৰ বন্ধু-বান্ধৱ আৰু ৰোগীৰ গৃহত বাস নকৰা আত্মীয়-স্বজনসকলে ৰোগীৰ খবৰ লবলৈ আহি ‘মাধ্যমিক লাভ’ আৰু বঢ়াই থৈ যায়। শুনিবলৈ বেয়া হ’লেও এইটোও সঁচা যে এই ৰোগী সাধাৰণতে কম বয়সীয়া ছোৱালী হয় বাবে ‘গুণমূগ্ধ’ সকল বেছি আতুৰ হৈ পৰে আৰু মাক-দেউতাক, পৰিয়াল-পৰিজনতকৈও বেছি মৰম দেখুৱাবলৈ গৈ ৰোগীৰ ক্ষতি কৰে। হস্পিটেলত ভৰ্তি হৈ থকা এনে ৰোগীৰ ক্ষেত্ৰত পৰিয়ালৰ লগত চিধাই জড়িত নথকা সকলক ৰোগীৰ হাত-মূৰ পিটিকি থকা, বাৰে বাৰে ডাঙি মেলি অনা-নিয়া কৰি থকাৰ দৃশ্য অত্যন্ত সুলভ। তেওঁলোকক এনে কৰিবলৈ মানা কৰিলে ওলোটাই খং কৰাটোও সহজ দৃশ্য। কিন্তু এই ধৰণৰ কাৰবাৰে ৰোগীৰ মানসিক অৱস্থাক আৰু জটিল কৰি তোলে, কাৰণ এনে আদৰে ৰোগীক নিজৰ ৰোগ সম্বন্ধে সঠিক ভাৱে মূল্যায়ন কৰিবলৈ নিদিয়ে আৰু নিজৰ সমস্যা সমাধান কৰিবলৈ আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া কৰি তোলে। পাছলৈ যেতিয়া আনে সমাধান কৰিব নোৱাৰা সমস্যাত পৰে, তেতিয়া ৰোগীয়ে নিজাকৈ সিদ্ধান্ত ল’ব নোৱাৰে, বা সেই সিদ্ধান্ত অপূৰঠ হয়। অৱশ্যে এইখিনিৰ অৰ্থ এইটোও নহয় যে ৰোগীক মৰম কৰিবই নালাগে। ইয়াৰ অৰ্থ এইহে যে মৰমৰ স্বৰূপ সলনি হ’ব লাগে। প্ৰতিজন ব্যক্তিয়ে যাতে নিজৰ কামখিনি নিজে কৰিব পাৰে আৰু নিজৰ সিদ্ধান্ত নিজেই ল’ব পাৰে তাৰ বাবে মনক প্ৰস্তুত কৰি উলিওৱাটোহে মানসিক ৰোগ চিকিৎসাৰ মূল লক্ষ্য, ওপৰুৱাকৈ ৰোগীৰ হৈ কাম কৰি দিয়া, সিদ্ধান্ত লৈ দিয়াটো সুস্থ মানসকিতাৰ বিকাশৰ অন্তৰায়। সেয়ে ডিছ’ছিয়েটিভ ৰোগীসকলক যিমান পাৰি সাধাৰণ ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব লাগে। ‘সাধাৰণ ব্যৱহাৰ’ মানে এজন সুস্থ-সবল ব্যক্তিয়ে আন এজন সুস্থ-সবল ব্যক্তিক যেনেকৈ ব্যৱহাৰ কৰে সেইটো, তাতেই প্ৰকৃত মৰম আৰু সন্মান সোমাই থাকে।

আৰু এটা চিন্তনীয় কথা হ’ল যে সাধাৰণতে ৰোগীয়ে লাভ কৰা যৌনতা বিষয়ক সমস্যাই ডিছ’ছিয়েটিভ ৰোগৰ সৃষ্টি কৰা বুলি কোৱা হয়, অৱশ্যে এইটো এশ শতাংশই সঁচা নহয়। দুখ লগা ধৰণে এইটো গৱেষণা লব্ধ সত্য যে যৌৱন প্ৰাপ্ত হোৱালৈ ভাৰতৰ প্ৰতি দুজনী ছোৱালীৰ ভিতৰত এজনী কোনোবা বিধৰ যৌন উৎপীড়ণৰ চিকাৰ হয়। আৰু তাতকৈ ভয় লগা কথাটো হ’ল, এই যৌন উৎপীড়ন সাধাৰণতে বৃহৎ পৰিয়ালৰ ভিতৰতে হয়। সেই বাবেও এনে ৰোগৰ চিকিৎসাৰ সময়ত যিমান পাৰি কম মানুহে ৰোগীৰ আলপৈচান ধৰা যুগুত। কাৰণ ৰোগীৰ আল ধৰা সকলৰ মাজতে সেই ব্যক্তিজনৰ উপস্থিতি থাকিব পাৰে। ডাক্তৰৰ কাৰণে ডাঙৰ অসুবিধা আহে পৰে যে তেওঁলোকে এইখিনি কথা পৰিয়ালৰ লগত আলোচনা কৰিবলৈ অসুবিধা পায়। কাৰণ সকলো পৰিয়ালেই ভাৱে তেওঁলোকৰ সকলো ঠিকেই আছে, আৰু ডাক্তৰজনে ৰোগীৰ অৱস্থাৰ বাবে কোনো কাৰণ অবিহনেই পৰিয়ালক জগৰীয়া কৰিছে। এই ধৰণৰ কথাবিলাকৰ আলোচনাই পৰিয়ালৰে ভিতৰতে অবিশ্বাসৰ জন্ম দি কেতিয়াবা নতুন সমস্যাৰ সৃষ্টি কৰে। এই ধৰণৰ আলোচনা অত্যন্ত স্পৰ্শকাতৰ হয়, আৰু এবাৰ-দুবাৰৰ সমস্যাত সাধাৰণতে এৰাই চলা হয়।

লেখক: উদ্দীপ তালুকদাৰ

3.11764705882
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top